মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
কলা ইতিহাস
অধ্যয়নৰ প্ৰয়োজনীয়তা
ড॰ সুজিত ভৰালী
কলা ইতিহাস মানে সমগ্ৰ পৃথিৱীখনক সামৰি কৰা কলাৰ অধ্যয়ন, সু-প্ৰাচীন কালৰেপৰা বৰ্তমানলৈকে মানৱ ইতিহাস আৰু অভিজ্ঞতাৰ সকলো দিশ সামৰি কৰা অধ্যয়ন৷ ই কোনো বস্তু বিশেষ নহয়, ই আচলতে সমগ্ৰ পৃথিৱীখনৰ বুজাৰ আৰু পৃথিৱীৰ বিভিন্ন সমাজক বুজি পোৱাৰ উপযুক্ত আহিলা স্বৰূপ৷
[জৰ্জিঅ ভাছাৰী [Gioegio Vasari, ১৫১১-১৫৭৪] ক কলাৰ ইতিহাসৰ জনক বুলি কোৱা হয়৷ তদুপৰি তেওঁক কলাত্মক জীৱনী [Artistic Biography] ৰ আৱিষ্কাৰক বুলিও কোৱা হয়৷ কিয়নো ১৫৫০ চনত ইটালীৰ ফ্লৰেন্সৰপৰা প্ৰথম প্ৰকাশ পোৱা আৰু ১৫৬৮ চনত বদ্ধিৰ্ত সংস্কৰণত প্ৰকাশ পোৱা Lives of the Most Eminent Painters, Scuiptors and Architects নামৰ গ্ৰন্থখনেই সম্ভৱত এতিয়ালৈকে লিখা কলাৰ ইতিহাসৰ অটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপ, যাৰ ফলত আধুনিক অৰ্থত ভাছাৰী প্ৰথম কলা ইতিহাসবিদত পৰিণত হৈছিল৷ কলাৰ ইতিহাস অধ্যয়নকাৰী প্ৰত্যেকেই ভাছাৰীৰ অৱদান স্বীকাৰ কৰে৷]
কলা ইতিহাসৰ তাৎপৰ্য বহুমুখী৷ মূলতঃ কলা ইতিহাসে অতীতৰ বিষয়ে আমাক বুজাত সহায় কৰে, অতীতৰ প্ৰতি প্ৰীতি জগোৱা, অনুপ্ৰেৰণা ল’বৰ বাবে আমাক প্ৰেৰিত কৰে, সাংস্কৃতিকভাৱে আমাক সবল আৰু সক্ষম কৰি তোলে, বৰ্তমানৰ কলাৰ জগতখনত ইয়াৰ চাহিদা আৰু ভৱিষ্যৎ কলাৰ জগতখনত ইয়াৰ ভূমিকা কেনে হ’ব আদি অনেক দিশ কলাৰ ইতিহাসৰ তাৎপৰ্যই সামৰি লয়৷
কলাই প্ৰদান কৰা বিভিন্ন সম্পদসমূহৰ দ্বাৰা আমাৰ কেনেধৰণৰ উপকাৰ সাধন হয়? ই মূলতঃ আমাক অতীতৰ দাপোন হিচাপে সেই সমাজখনৰ স্বৰূপ জনাত সহায় কৰে, অতীত কলাৰ আধাৰত নতুন চিন্তাৰে নতুন কলা সৃষ্টিৰ অনুপ্ৰেৰণা প্ৰদান কৰে, পৃথিৱীখনৰ মাজত এক সু-সমন্বিত যোগসূত্ৰৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সংস্কৃতিৰ বতৰা দিয়াৰ মাজোদি সাংস্কৃতিকভাৱে চহকী কৰি তোলে, সমসাময়িক পৃথিৱীখনৰ কলাৰ উত্তৰাধিকাৰী হিচাপে অতীত কলাই ভৱিষ্যৎ কলাৰ ৰূপৰেখা তৈয়াৰ কৰাত সহায় কৰে৷
কলাই আমাক অতীতৰ দাপোন হিচাপে অতীতৰ সমাজখনৰ স্বৰূপ দাঙি ধৰাত সহায় কৰে৷ তদুপৰি কলাই ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি ক্ষেত্ৰৰ অনুসন্ধানতো এক শক্তিশালী সঁজুলি হিচাপে কাম কৰে৷ লাস্কাউক্স [Lascaux]ৰ প্ৰাগৈতিহাসিক গুহা চিত্ৰৰপৰা ইউৰোপৰ গথিক কেথেড্ৰেললৈকে কলাই মানৱ সমাজৰ বিভিন্ন স্তৰৰ উত্তৰণ আৰু বিৱৰ্তনৰ এক প্ৰামাণিক অভিলেখ হিচাপে কাম কৰি আছে৷ এইবোৰৰ শৈল্পিক গাঁথনি, শৈলী, কলা-কৌশল আৰু বিষয়বস্তুৰ অধ্যয়নৰ মাজেদি আমি অতীত সমাজৰ ৰাজনৈতিক গাঁথনি, ধৰ্মীয় আচৰণ আৰু সামাজিক শ্ৰেণীবিন্যাসৰ স্বৰূপ উপলব্ধি কৰিব পাৰোঁ৷
কলাই শক্তিশালী সামাজিক ভাষ্য হিচাপে কাম কৰে৷ চিত্ৰ একোখন, স্থাপত্য এটা বা ভাস্কৰ্য এটাৰ মাজেদি কলাকাৰজনে ব্যক্তি হৈয়ো সমাজৰ ভাষ্যকাৰৰ ৰূপত বিভিন্ন স্পৰ্শকাতৰ বিষয় দাঙি ধৰে৷ নিজৰ শিল্পকৰ্মৰ মাজেদি সমাজত ঘটি থকা তেনে ঘটনাৰ তীব্ৰ সমালোচনা আগবঢ়ায়৷ পৰৱৰ্তীকালত তেনে শিল্পকৰ্ম পৰ্যৱেক্ষণ- অধ্যয়নৰ দ্বাৰা আমি সেই সামাজিক আৰু ৰাজনৈতিক দৃশ্যপটৰ বিষয়ে সূক্ষ্মভাৱে বুজিব পাৰোঁ৷ কলাৰ অধ্যয়নৰ মাজেদি আমি বিভিন্ন সময়ৰ কলাৰ সৃষ্টিত হোৱা প্ৰযুক্তিগত উদ্ভাৱন, পৰিৱৰ্তনৰ স্বৰূপ উপলব্ধি কৰিব পাৰোঁ৷ ইটালীৰ নৱন্যাসে [Renaissance] সমসাময়িক আৰু পৰৱৰ্তীকালৰ মানুহৰ দৃষ্টিভংগীগত দিশটোৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ সমান্তৰালভাৱে শিল্পকলাৰ জগতখনকো প্ৰভাৱিত কৰিছিল৷ ঠিক তেনেদৰে ঊনবিংশ শতিকাত ফটোগ্ৰাফীৰ আৱিস্কাৰৰ পিছত শিল্পকলাৰ সৃষ্টিত প্ৰয়োগ হ’বলগীয়া তাত্ত্বিক আৰু কলা-কৌশলৰ দিশত পৰিৱৰ্তনে দেখা দিছিল, যাৰ ফলস্বৰূপে অভিব্যক্তিবাদ [Impressionism]ৰ দৰে নব্য শৈল্পিক তত্ত্বৰ জন্ম হৈছিল৷ কলা ইতিহাস কেৱল অতীতৰ এক সক্ৰিয় অধ্যয়নেই নহয়, ই সমসাময়িক শিল্পীসকলৰ বাবে অনুপ্ৰেৰণা লোৱাৰ বাবে এক উৰ্বৰ ভূমি হিচাপেও কাম কৰে৷ সমসাময়িক শিল্পী এজনে সদায় অতীতৰ শিল্পীসকলে কৰি যোৱা শিল্পকৰ্মৰ কলা-কৌশল আৰু শৈলীক অনুসৰণ কৰে বা পুনৰ উপস্থাপনৰ প্ৰচেষ্টা কৰে৷ কেতিয়াবা ই একোটা আন্দোলনৰো ৰূপ ল’ব পাৰে৷ মহান শিল্পী পাব্লো পিকাচোৱে অংকন কৰা চিত্ৰকৰ্মৰ প্ৰভাৱ যেতিয়া আফ্ৰিকান আৰু আইবেৰিয়ান [Iberian] মুখা শিল্পৰ ওপৰত পৰিছিল, তেতিয়াহে কিউবিষ্ট [Cubist] বোলা শিল্প আন্দোলনটো গঢ় লৈছিল৷ অতীতৰ শিল্পগুৰুসকলে নিজৰ শিল্প সৃষ্টিত প্ৰয়োগ কৰা কলা-কৌশল আৰু সা-সঁজুলিৰ বিষয়ে কৰা সূক্ষ্ম অধ্যয়নৰ ফলত পিছৰ শিল্পীসকলে নিজৰ সময়ৰ শিল্প চৰ্চাৰ পদ্ধতি আৰু কলা-কৌশলৰ ক্ষেত্ৰত নতুনত্বৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে৷ কলাকাৰ একোজন নিজে কলাৰ ইতিহাস অধ্যয়নত জড়িত হ’লে নিজৰ শিল্পকৰ্মক এক স্থান-কালৰ সীমা অতিক্ৰমী অনন্ত শিল্প চিন্তাৰ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষমতা লাভ কৰে৷ যদি একোজন শিল্পীয়ে অতীতৰ শিল্পকৰ্মৰ প্ৰতি গুৰুত্ব দিয়ে, উপযুক্ত সঁহাৰি দিয়ে, তেন্তে তেওঁ সমসাময়িক শিল্পত দেখা পোৱা ৰক্ষণশীল, সীমাবদ্ধ আৰু পৰম্পৰাগত চিন্তাক প্ৰত্যাহ৩ান জনাই নতুন চিন্তাৰ প্ৰত্যাৰোপণৰ বাট মুকলি কৰিব পাৰে৷
কলাৰ ইতিহাস অধ্যয়ন বা পৰ্যৱেক্ষণ শিল্পী একোজনৰ বাবে অমল অনুপ্ৰেৰণাৰ উৎসত পৰিণত হ’ব পাৰে৷ ফলস্বৰূপে তেনে শিল্পীয়ে পৰম্পৰাৰ বেৰা ভাঙি ওলাই অহা অভিনৱ শিল্প সৃষ্টি কৰিবলৈ সক্ষম হয়৷ কলাৰ ইতিহাসে সমগ্ৰ বিশ্বব্যাপী বিভিন্ন শৈল্পিক অভিব্যক্তিৰ মাজেদি মূলতঃ সাংস্কৃতিক স্বাক্ষৰতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন সংস্কৃতি অধ্যয়নৰ মাজেদি আমি সেই সেই সংস্কৃতিৰ মাজত চৰ্চিত হোৱা, ৰক্ষিত হোৱা বিশ্ব স্থানীয় দৃষ্টিভংগী, মূল্যবোধ আৰু পৰম্পৰাৰ বিষয়ে জানিব পাৰোঁ৷ জাপানী কাঠ খোদাই [Woodblock Print] শিল্পৰ জীৱন্ত ৰং আৰু জটিল আৰ্হিসমূহ সূক্ষ্মভাৱে লক্ষ্য কৰিলে তেওঁলোকৰ শিল্পকলাৰ নান্দনিকতা আৰু শিল্পৰ মাজেদি কাহিনী কোৱাৰ এটি অনবদ্য কলা চকুত পৰে৷ মেছোমেক সভ্যতাৰ শক্তিশালী ভাস্কৰ্যসমূহ বিশ্লেষণ কৰিবলৈ গ’লে তেওঁলোকৰ জটিল সামাজিক গাঁথনি আৰু আধ্যাত্মিক বিশ্বাসৰ বহুতো দিশ জনা যায়৷
কলাৰ ইতিহাসে ভিন্ন সাংস্কৃতিক সম্পদ কেনেদৰে সময়ে সময়ে এটো সিটোৰ দ্বাৰা প্ৰভাৱিত হয় বা ইটো সিটোৰ মাজত আদান প্ৰদান হয় তাক দেখুৱাই দিয়ে৷ ৰোমান ভাস্কৰ্যৰ বিকাশত হেলিনিষ্টিক কলাৰ প্ৰভাৱ এনে পাৰস্পৰিক সাংস্কৃতিক বিনিময়ৰ উপযুক্ত উদাহৰণ৷ ইস্তানবুলৰ হাগিয়া চফিয়াৰ স্থাপত্য কলাত একেসময়তে ইছলামিক আৰু বাইজেKI×াইন শিল্পকলাৰ শৈলীগত সংমিশ্ৰণে কলাত্মক পৰম্পৰা এটা কেনেদৰে সংমিশ্ৰিত ৰূপত বিকশিত হ’ব পাৰে তাৰ নিদৰ্শন দাঙি ধৰে৷ কলাত্মক অভিব্যক্তিৰ আন্তঃসংযোগক বুজি পাবলৈ কৰা চেষ্টাৰ মাজেদি আমি আমাৰ ৰসাস্বাদনৰ দৃষ্টিভংগীক বিশ্বস্থানীয় কৰি তুলিব পাৰো৷ লগতে ভিন্ন ৰূপত বিকাশ হোৱা মানুহৰ সৃষ্টিশীলতাৰ ভিন্ন ৰূপসমূহৰ মোল বুজি পাব পাৰোঁ৷
কলা ইতিহাসৰ প্ৰভাৱ আনুষ্ঠানিক আৰু সংগ্ৰহালয়ত থকা শিল্পকলাৰপৰা পোৱা শিক্ষাতকৈ বহু বিস্তৃত৷ আজিৰ কলাৰ জগতখনক সক্ৰিয়তাৰে আগুৱাই যোৱাত আৰু ভৱিষ্যতৰ বাবে এক সু-চিন্তিত পৰিকাঠামো তৈয়াৰ কৰাত ই সৰ্বতোপ্ৰকাৰে সহায় কৰে৷ বিশেষকৈ পেচাদাৰী কলাকাৰসকল, কলাৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল, কলা সংগ্ৰাহক, মূল্যায়কসকলে প্ৰথমে যদি পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন কলাৰ ইতিহাসৰ বিস্তৃত অধ্যয়ন নকৰে, তেন্তে তেওঁলোকৰ পেচাদাৰীত্বত প্ৰভাৱ পৰাতো নিশ্চিত৷ বিভিন্ন শিল্প আন্দোলন, কলা সম্পদৰ স্বত্বৰ্ সম্পৰ্কীয় তথ্যই তেনে পেচাদাৰী লোকসকলক পেচাগত দিশত বিভিন্ন শিল্পবস্তুৰ মূল্য আৰু বিশ্বাসযোগ্যতা তথা প্ৰামাণিকতাৰ বিষয়ে অৱগত হোৱাত সহায় কৰে আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে৷ কলাৰ ইতিহাসে বিভিন্ন কলা সম্পদৰ সংৰক্ষণ যোগ্যতা, প্ৰয়োজনীয়তাৰ ভিত্তি আৰু ভেঁটি নিমাৰ্ণ কৰে৷ কলা সম্পদ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে অতীতৰ শিল্পীসকলে অৱলম্বন হিচাপে লোৱা বিভিন্ন কাৰ্যকৰী পদ্ধতি, তাৰ বাবে প্ৰয়োগ কৰা কলা কৌশলৰ অধ্যয়নৰ যোগেদি বৰ্তমান আৰু ভৱিষ্যতৰ বাবে কলা সম্পদ সংৰক্ষণৰ উপযুক্ত কলা কৌশল নিৰ্মাণ কৰিব পাৰে৷ ৰাজহুৱা সংগ্ৰহালয় আৰু প্ৰদৰ্শনীসমূহে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰু কলাৰ সৈতে যাতে সাধাৰণ জনতাৰ এটি সু-সম্পৰ্ক গঢ় লৈ উঠে তাৰ বাবে কলাৰ ইতিহাসক সদায় সক্ৰিয়তাৰে ব্যৱহাৰ কৰে৷ আনহাতে যিকোনো কলা শিক্ষাত কলাৰ ইতিহাসে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ কলা শিক্ষাৰ ছাত্ৰ-ছাত্ৰীক বিভিন্ন সময়ৰ শিল্পৰ বিষয়ে তাত্ত্বিক জ্ঞান দিয়াৰ লগতে চাক্ষুষ জ্ঞানো দিয়া হয়, যাতে তেওঁলোকৰ সৃজনীশীলতা, উদ্ভাৱনীমূলক চিন্তাৰ উত্তৰণ ঘটাৰ লগতে চাক্ষুষ স্বাক্ষৰতা বৃদ্ধি হয়৷ কলা মানেই আচলতে অনুপ্ৰেৰণাৰ দ্বাৰা সৃষ্ট এক বৌদ্ধিক সম্পদ৷ আচলতে সকলো সমসাময়িক কলাই তাৰ অতীত ইতিহাসৰ পৰা পোৱা অনুপ্ৰেৰণাৰ দ্বাৰা পুষ্ট৷ সকলো শিল্পীয়েই পূৰ্বসুৰীসকলৰ শৈলী, দৰ্শন, গতিবিধি আদিৰ পুনৰাবৃত্তি কৰে, পুৰণিৰ ভিত্তিত নতুন শিল্পৰ উদ্ভাৱন কৰে৷ ক্ৰমবৰ্ধমান আন্তঃসংযোগশীল পৃথিৱীত আন্তঃসাংস্কৃতিক বুজাবুজিৰ ক্ষেত্ৰত কলা ইতিহাসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ বিভিন্ন সংস্কৃতিৰ শৈল্পিক অভিব্যক্তি অধ্যয়ন কৰি আমি তেওঁলোকৰ বিশ্ব দৃষ্টিভংগী, মূল্যবোধ আৰু ঐতিহাসিক কথনৰ বিষয়ে অৱগত হ’ব পাৰোঁ৷ যাৰ জৰিয়তে তেনে সংস্কৃতিৰ লগত আন্তঃসংযোগ ৰক্ষা কৰা সহজ হৈ পৰে৷
কলাৰ ইতিহাসে সদায় ভিন্ন সংস্কৃতিৰ মাজত যোগসূত্ৰ ৰক্ষা কৰাৰ চেষ্টা কৰে৷ ভিন্ন সংস্কৃতিৰ শৈল্পিক বৈচিত্ৰ্যৰ প্ৰতি এক সহানুভূতিশীল আৰু প্ৰশংসাসূচক মনোভাৱ গঢ় লোৱাত সহায় কৰে৷ সমগ্ৰ পৃথিৱীৰ কলাৰ ইতিহাসত দেখা পোৱা প্ৰভাৱ আৰু আদান-প্ৰদানে মূলতঃ বিশ্বব্যাপী মানৱ সৃজনশীলতাৰ আন্তঃসম্পৰ্ককে সূচায়৷ অতীতৰ কলা সংৰক্ষণত সংৰক্ষকসকলে কৰা ভুলৰ বিষয়ে জ্ঞান অৰ্জনৰ বাবেও কলাৰ ইতিহাস অধ্যয়ন কৰা প্ৰয়োজন৷ যাতে ভুলৰ পৰা পোৱা শিক্ষাৰ আধাৰত অধিক বিজ্ঞানসন্মত সংৰক্ষণ ব্যৱস্থা এটা গঢ় দিব পৰা যায়৷ বিভিন্ন শিল্পকৰ্মৰ নিৰ্মাণ সম্পৰ্কীয় ঐতিহাসিক তথ্যবোৰ জনাৰ পিছত দায়িত্বশীলভাৱে নতুন প্ৰযুক্তি উদ্ভাৱনৰ প্ৰচেষ্টা কৰিব পাৰে, যাতে বৰ্তি থকা সাংস্কৃতিক সম্পদখিনিৰ দীৰ্ঘম্যাদীত্ব নিশ্চিত হয়৷ মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহৰ উপযুক্ত সংৰক্ষণৰ অভাৱত ইতিমধ্যে বহুতো পুথি নষ্ট হৈছে৷ কিন্তু শেহতীয়াকৈ National Manuscript Missionৰ বিজ্ঞানসন্মত সংৰক্ষণ প্ৰচেষ্টাই বাকী থকা পুথিখিনিৰ দীৰ্ঘস্থায়িত্ব নিশ্চিত কৰিছে৷ এই সচিত্ৰ পুথিখিনিৰ সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়ে কৰা পুংখানুপুংখ অধ্যয়নৰ বাবহে সেয়া সম্ভৱ হৈছে৷
শেষত ক’ব পাৰি যে কলা ইতিহাস কেৱল অতীতৰ অভিলেখ নহয়৷ ই এটা সদা গতিশীল আৰু জীৱন্ত শক্তি, যি আমাৰ মাজত বুজাবুজি সৃষ্টিত অৰিহনা যোগায়৷ কলাৰ ইতিহাস অধ্যয়ন কৰি আমি নানা সংস্কৃতিৰ মাজত দেখা পোৱা অনন্য সৃজনশক্তিক প্ৰশংসা কৰিবলৈ শিকো, তেওঁলোকক ভিন্ন ধৰণে, নতুন ধৰণেৰে সমালোচনা কৰাৰ দক্ষতা, দৃষ্টিভংগী লাভ কৰোঁ৷ সময় আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সাংস্কৃতিক ঐতিহ্যখিনিক পিছৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিবলৈ চলি থকা প্ৰচেষ্টাৰ বিষয়েও কলাৰ ইতিহাসে তেওঁলোকক জানিবলৈ দিব৷
Writers Address
Assistant Professor, Dept. of Assamese, Moran College, Charaideu, Assam
Phone
9854560185