মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
কুশল দত্তৰ কবিতা
কেঁচা পাতৰ কঁপনি
...ইমান জীৱন্ত
যেন শৃংগাৰৰত
নৰ-নাৰী এহালৰ ভাস্কৰ্য্য
ৰৈ ৰৈ যি বতাহত কঁপিছে
পানী-যুঁৱলিৰ
পুলি উৰি-আমজোপাৰ
ৰঙা-কোমল কুঁহিপাত এটা
পুলিটোৰ গুৰিটো যিটোত
নৈখনৰ এইপাৰৰ একোণৰপৰা
সেই অপাৰ্থিৱ দৃশ্যটো দেখি
তাৰেপৰাই নৈৰ মাজলৈ
ধুন্দুলি-ফেটী সাপ এটাৰ দৰে
আগ বাঢ়ি গৈছে এডাল শিপা
অলপ পাছত
যিডাল শিপাত উজুটি খাই
চিলনী-সাঁতোৰ দি উজাই অহা
জুৰুলি-গাভৰু¸জনী মূৰ্চ্ছা যাব
অলপ পাছত
উৰি-আম পুলিটোৰ গুৰিত গৈ
যি ভাস্কৰ্য্য হ’ব ভাস্কৰ্য্য
খুঁটিলৈ ঘূৰা ম’হজাকৰ শিঙৰ ফাঁকেৰে
বেলিটো বুৰ নোযোৱালৈকে
সৰিয়হৰ পথাৰখনৰ দাঁতিৰে
নল-খাগৰি-বিৰিণা-উলূৱনিৰ জাৰণিডৰাৰ
মাজেৰে সুৰুকীয়া চকুৰ চাৱনিৰে
পুলি উৰি-আমজোপাৰ
ৰঙা-কোমল কুঁহিপাতএটা
নৈখনৰ সিপাৰত যিটো পাত দেখি
আলি-দোমোজাৰ জাৰণিডৰাৰ বাটটোত
ক্ৰমে থৰ হৈ গৈছে
জাপ খাব ধৰা দুটা চকুৰ পতা
ৰৈ ৰৈ যি বতাহত কঁপি থাকিব
ম’হজাকৰ ডিঙিৰ ঘণ্টাৰ ধবনি
নৈঃশব্দত মাৰ নোযোৱালৈকে
***
Writers Address
GUWAHATI, ASSAM, India
Indian poet, essayist, journalist, photographer, editor writing in the Assamese language
Phone
9435047053