মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
প্ৰান্তে প্ৰান্তে পেখম
বিশ্ব-ভাৰতী শান্তি নিকেতন
মধুমিতা বৰুৱা শইকীয়া
নান্দনিক সৌন্দৰ্য মণ্ডিত এটি ধ্ৰুপদী এলেকা। বিশালকায় গছগছনি আৰু চৌদিশে ফুল লতিকাৰ হালি-জালিৰে পৰিবেষ্টিত বিশ্বগুৰু ৰবীন্দ্ৰনাথৰ আত্মাৰ স্পন্দন বিশ্বভাৰতী শান্তিনিকেতন।
এখন আশ্ৰমসদৃশ সাৰস্বত কেন্দ্ৰ। আত্মাৰ জুৰণিৰে নিৰিবিলি নিজানত গঢ়ি উঠা প্ৰশান্তিৰ নিলয়। কবিগুৰু ৰবীন্দ্ৰনাথৰ ধমনী আৰু অলিন্দ । গৌৰৱময় ইতিহাসৰে উপবিষ্ট হৈ থকা এক জ্ঞান অন্বেষণৰ উপাসনা থলী।গীত,সুৰ,তাল মান ৰাগৰ মন্দিৰ। বাইছটা ভাষাৰ অধ্যয়ন কেন্দ্ৰ আৰু এটা সাংস্কৃতিক আন্দোলন। বৌদ্ধিক সাংস্কৃতিক আৰু বিদ্যায়নিক গতিৰ বাস্তৱ ৰূপায়নৰ এটা সফল সপোন।
ইমানবোৰ পাতনি দোহাৰিও আচলতে শান্তিনিকেতনৰ ধাৰাভাষ্যক যথাযথ ভাৱে বৰ্ণনা কৰাৰ অক্ষমতাৰ ওচৰত নতজানুহৈ ভাবিছো ক'ৰপৰা আৰম্ভ কৰো ?
খোৱাই নদীৰ পাৰৰ কথা ক'মনে? সোনাজৰী হাটৰ ৰোমান্টিকতাৰ কথা ক'ম? নে বিশাল সেউজ প্ৰান্তত লাগি থকা কলাসুলভতাৰ কথা ক'ম? নে কঙকালী তলাৰ বৰাগী বাউলৰ দোতাৰাৰ কথা ক'ম? নে বিশ্বভাৰতীৰ সবিশেষ বৰ্ণনা দিম?
সচাকৈয়ে কবলৈ গলে সাধাৰণতে আমাৰ ভ্ৰমণৰ মূল আকৰ্ষণেই হৈছে কাহানীও নোযোৱা ঠাইলৈ গৈ জুমি চাবলৈ বিচৰা এখন ঠাইৰ জীৱন আৰু মানুহৰ ৰূপৰেখা,জুতি ল'বলৈ বিচৰা নতুন স্বাদৰ খাদ্য আৰু ঠাইখনৰ অলি গলিয়ে গৈ একাত্ম হৈ যোৱাৰ ইচ্ছাহে।
তাৰপাছতহে আহে ভ্ৰমনৰ আনুষ্ঠানিক কথাবোৰ।মানে ঠাইখনৰ ভৌগোলিক, সামাজিক, অৰ্থনৈতিক আদি দিশবোৰৰ ওপৰত অৱলোকন।
প্ৰিয় পাঠক উক্ত লেখাটো ভ্ৰমণ বৃত্তান্ততকৈ ভ্ৰমণৰ ইটো সিটো অভিজ্ঞতা বুলিলেহে আচলতে লেখাটোৰ প্ৰতি ন্যায় কৰা হ'ব। কাৰণ আমি দুয়ো স্বামী স্ত্ৰীয়ে শান্তিনিকেতনৰ চৌপাশে এপাক ঘূৰি এক কলাত্মক অনুভৱৰেহে অধিক সিক্ত হৈছিলো।কেনে এক আশ্ৰম সুদৃশ্য এলেকাই বুকুত সামৰি ৰাখিছে বিশ্বকবিৰ প্ৰজ্ঞাৰে পালিত সপোনটোক।
.....বিশ্ব ভাৰতী শান্তিনিকেতন অৱস্থিত বোলপুৰ পাওঁতে দুপৰীয়া এঘাৰ বাজিছিল।হাতত মাত্ৰ দুটা দিন।তাৰপাছতে আমাৰ ভ্ৰমণসুচীয়ে সামৰি ৰাখিছিল তাৰাপীঠ দৰ্শনৰ দুটা দিন।
এতেকে পলম নকৰি ঐতিহ্যমণ্ডিত বিশ্বভাৰতী শান্তি নিকেতনৰ বুলি ৰাওনা হৈছিলো। সেইদিনা বন্ধৰ দিন আছিল যদিও দৰ্শনাৰ্থীৰ সমাগম আছিল। নিজে নিজকে সুধিছিলো... এইখনেই তেনে মোৰ হেঁপাহৰ সপোনটোৰ জীৱন্ত দিঠক??
আমি জাকৰোৱা পৰিয়ালৰ সন্তান। তাৰমাজতে বুকুত সাঁচি থৈছিলো বিশ্বভাৰতীত পঢ়াৰ হেপাহ। অৱধাৰিত ভাৱে সপোনৰ পোখা মেলিব নাপালে। এদিন কথাৰ মাজত সপোনটোৰ গম লৈছিল শ্ৰীমানে। অপূৰ্ণ সপোনটোৰ তিলমান হ'লেও পূৰণৰ বাবেই অৱশেষত বিশ্বভাৰতীৰ আগত মোক থিয় কৰাই দিছিল তেওঁ। অলপ আনমনাহৈ পৰিলেও যিখিনি পাৰো মহা ঋষিৰ দৰ্শন বিদ্যা মন্দিৰ দৰ্শন কৰো বুলি উঠি লৈছিলো এখন বেটাৰী ৰিক্সাত।
ভিতৰত সোমাবলৈ কিছু আনুষ্ঠানিক কথা মানিব লাগে। আটাইতকৈ ভাল লগা কথা আছিল আমি উঠা বেটাৰী ৰিক্সাখনৰ চালকজন আছিল স্হানীয় এজন শিক্ষিত ল'ৰা, বিশ্বভাৰতীৰ এজন ছাত্ৰ আছিল।
ল'ৰা জনৰ নম্ৰব্যৱহাৰ আৰু মাৰ্জিত কথা-বতৰাৰ পৰা উমান পাইছিলো বিশ্বভাৰতীৰ শিক্ষা আৰু সংস্কৃতিৰ শিপাডাল তেওঁৰ ভিতৰত প্ৰোথিত হৈ আছিল।
আগতেই উল্লেখ কৰা হৈছে যে শান্তিনিকেতন হৈছে সাংস্কৃতিক , বৌদ্ধিক চিন্তা আৰু কাৰ্যক্ৰমৰ এক সক্ৰিয়
কেন্দ্ৰ। ভাৰতৰেই নহয় বিশ্ববিখ্যাত এখন বিশ্ববিদ্যালয়।
সোমাই যোৱাৰ লগে লগে প্ৰত্যক্ষ কৰিছিলো অপৰূপ শ্যামলিমা দৃষ্টিনন্দন এক বিস্তৃত এলেকা।
পুৰণি চানেকীয়া বিশাল অট্টালিকাৰবোৰৰ গুৰু গম্ভীৰ স্বৰূপ,এলেকা যোৰা মুকলি ঠাইত যেন প্ৰতিফলিত হৈছিল এক গৌৰৱোজ্জল অতীত আৰু বৰ্তমানৰ এখন নান্দনিক চিত্ৰ।যিফালে চাওঁ সেইফালেই কলাসুলভতা, সুকুমাৰ সাধনাৰ থলীবোৰ। আমি ভাৰতীয়বোৰ আচলতে অতি সৌভাগ্যৱান আৰু গৌৰৱান্বিত আমাৰ মেটমৰা সাংগীতিক তথা সাংস্কৃতিক বৈভৱৰে ।বাৰে বাৰেএনে অনুভৱে আমাক একপ্ৰকাৰ নিৰ্বাক কৰি পেলাইছিল।যেন বিশ্বভাৰতীৰ বৰ পেৰাত সোমাই আছে এক অবিনশ্বৰ জ্ঞানৰ জ্যোতি কণা।
অসমৰ পৰা নিচেই ওচৰৰ এই জ্ঞান মন্দিৰৰ ৰূপৰেখাক সেইদিনাহে যেন ভালদৰে উপলদ্ধি কৰিছিলো।
সেইদিনা যিহেতু বন্ধবাৰ আছিল বেটাৰী ৰিক্সা চলোৱা ল'ৰাজনে মিঠা বাংলা ভাষাৰে আমাক চৌপাশৰ মনোমোহা ঠাইবোৰৰ বিষয়ে সবিশেষ বুজায় কৈ গৈছিল। মন্ত্ৰমুগ্ধ হৈ মাথো শুনি গৈছিলো। সামৰি লৈছিলো এসোপা সাংস্কৃতিক বৈভৱৰে ভৰা এখন ঐতিহ্যমণ্ডিত ঠাইৰ বুৰঞ্জী কথা।
আমি বহুতো ঠাই চাবলৈ সময় পোৱা নাছিলো যদিও তাৰ ভিতৰত কলা ভৱন, সংগীত ভৱন,চাটিমতলা,অমৰ কুটীৰ, বিদ্যা ভৱন, শিক্ষা ভৱন আদিলৈ গৈছিলো। বোলপুৰ তেতিয়া ব্যস্তহৈ পৰিছিল। বিশ্বভাৰতীৰ ভিতৰচোৱাত আমাৰ দৰে আৰু দৰ্শনাৰ্থীৰ সমাগম
আছিল যদিও ভিৰভাৰ তেনেকৈ নাছিল।
বিশ্বভাৰতীৰ বিশাল চৌহদৰ ঐতিহাসিক অঞ্চলটো সম্পূৰ্ণকৈ ঘূৰি অথবা যথাযোগ্যভাৱে তথ্য সম্বলিত বৰ্ণনা দিয়াৰ বাবে অমুকীৰ হাতত নাছিল পৰ্যাপ্ত সময়, সামৰ্থ্য আৰু সাহস। বিশ্বভাৰতীৰ স্বকীয় স্বৰূপ আৰু গভীৰতাক আমাৰ কলমে ফুটাই তুলিবলৈ অক্ষম।
তথাপিও উৎসাহী তথা প্ৰৱল বুদ্ধিমত্তাৰ অধিকাৰী লৰাজনে বিশ্বভাৰতীৰ উল্লেখযোগ্য ঠাইবোৰ দেখুৱাইছিল।
শান্তিনিকেতন এখন সাংস্কৃতিক আৰু বৌদ্ধিক কেন্দ্ৰ। গোটেই অঞ্চলটোতে বিৰাজ কৰা ধ্যানমগ্নতা আৰু সুপ্ৰাচীন পৰশে সামৰি থকা এক অবিনশ্বৰ অস্তিত্বৰ থলী।
তাৰে ভিতৰত বিদ্যা ভৱন,অমৰকুটীৰ, সংগীত ভৱনে মনটো আলোকিত কৰিছিল। চেগবুজি আমি তাত থকা অমৰ্ত্য সেনৰ বাসভৱনতো এপাক মাৰিছিলো। অৱশ্যে ভিতৰলৈ যোৱাতো সম্ভৱ নাছিল। বিশাল চৌহদটোক কিবা এটা এৰাপলীয়া স্মৃতিৰ স্মাৰক যেনহে লাগিছিল।
দুপৰীয়াৰ ৰ'দঘাই সময়খিনিক বৃক্ষৰ ছায়া ঘন পৰশৰে আমাক দিছিল বিমল আনন্দ।
চাটিমতলাৰ বাকৰিত আমি ভালেমান সময় লৈছিলো।কি গুৰু গম্ভীৰ আৱহাৱা আছিল চাটিমতলাৰ চৌপাশৰ ঠাইখিনিত। মনটো প্ৰশান্ত হৈ পৰিছিল।এইচাটিমতলাৰ সপ্তপৰ্ণ গছৰ তলতেই বিশ্বগুৰুৱে বোলে জিৰণি লৈছিল।
আৰু এটি অতীৱ সুন্দৰ ভৱন দেখিছিলো এটি দৃষ্টিনন্দন প্ৰাৰ্থনা গৃহ। বেলজিয়ামৰ গ্লাচৰ সুক্ষ্ম কলা-কৌশলৰে সজা গ্লাচ হাউচ অৰ্থাৎ কাচঘৰ।চালে চাইয়েই থাকিম যেন।
মুঠতে থপিয়াই ধপলিয়াই ছেগা-চোৰোকাকৈ ভুৰুকাত হাতী ভৰোৱাদি বিশ্বভাৰতীশান্তি নিকেতনৰ যৎসামান্য হে বিৱৰণ দিলো।
তাৰপৰা প্ৰস্থান কৰি অভিজ্ঞ তথা বুদ্ধিদীপ্ত চালকৰ লগত নানা বিষয়ে আলাপ আলোচনা কৰি কৰি হাবিতলীয়া সেউজীয়াৰ মাজত অৰ্থহীনভাৱে আমাৰ ৰিক্সা চলিবলৈ ধৰিলে। প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ মাজেদি যেতিয়া পাৰহৈ গৈছিলো ,ডালপাতৰ জলঙাৰে সোমাই আহিছিল দুপৰৰ ৰ'দালি।তাৰ লগতে শব্দহীনভাৱে মুখৰ হৈ উঠিছিল নিজানৰ ভাষা। অপৰূপ প্ৰশান্তিৰে ভৰি উঠিছিল তনমন।
হঠাতে দেখিলোঁ দুজনমান গৱেষক ছাত্ৰ(আমাৰ চালকৰ চিনাকি)ই আপোনমনে ফুৰ্মুতি দলিয়াই আম পাৰি আছে।
আমৰ চৌখিন তথা আড্ডাবাজ পৰিব্ৰাজক আমাৰ শ্ৰীমানে ৰিক্সা ৰখায় ছাত্ৰ কেইজনৰ লগত মেল উলিয়াই ল'লে। তিলমানো বিৰক্ত নোহোৱাৰ স্বত্তেও মোৰ মনে তেতিয়া ধাপলি মেলিছিল কংকালী তলাৰ বাকৰিলৈ। অৱশ্যে কথাৰ ভাগ নললেও আমৰ ভাগ লৈ সুমিষ্ট সোৱাদকণ বিশ্ববিদ্যালয়খনৰ স্মৃতি হিচাবে গোটাই থ'লো মনগহণত।
কংকালীতলা দেৱীৰ মন্দিৰ।একাৱন্নখন শক্তিপীঠৰ এখন।বোলপুৰৰ পৰা অলপমান ভিতৰত। আমাৰ বেপাৰী ৰিক্সাই বেগ ল'লে কংকালীতলাৰ ফালে। বাৰিষাত শ্যামল ৰূপ ধৰা পথৰ দুয়োকাষে থকা বিস্তৃত পথাৰৰ মাজেদি যেতিয়া ৰিক্সাখন চলিছিল কিমান ভাল লাগিছিল বুজাব নোৱাৰি। ভ্ৰমণৰ মাদকতা এইবোৰৰ মাজতহে বেছি বিচাৰি পাওঁ। বাকী কংকালী তলাৰ পৰিবেশ গহীন , ভক্তিভাৱ অনুৰণিত হোৱা অনান্য ধৰ্মীয় ঠাইৰ দৰেই আছিল।কেউফালে দেৱীৰ কৃপা বিচাৰি অহা মানুহৰ সমাগম,ফুল চাকি আৰু মালাৰে ভৰা দোকানৰ লানিৰ ভিৰত আমিও চামিল হৈছিলো।মাৰ আশীৰ্বাদ কাক নালাগে।
পাছে মোৰ ব্যক্তিগত অসুবিধা এটাৰ বাবে (পিন্ধা কাপোৰ কানি নিলগাই থোৱা হোৱা নাছিল।মন পৰিস্কাৰ আছিল যদিও তেনেকৈ দেৱীৰ দূৱাৰত থিয় হ'বলৈ মন যোৱা নাছিল। আধুনিক হ'লেও কিছুমান কথাত কেতিয়াবা পিছুৱাই যোৱাৰ প্ৰৱনতা আছে ।হয়তো মোৰ নেতিবাচকতাৰ মনোভাৱ। উপায় নাই) মই মূল মন্দিৰৰ বাকৰিলৈ নগলো। এওঁ আগবাঢ়ি গ'ল।
তেনেতে আধাবাটতে এজন বাউল লগ পায়, তেওঁ উভতি আহি ক'লে.. বাউল গীতৰ বাবে পাগল হৈ আছা নহয়।এয়া শুনি থাকা হেঁপাহ পলুৱাই....। তাৰপাছত তেওঁ মন্দিৰলৈ বাট পোনালে।
মই যেন হাততে সৰগ বিচাৰি পালো। প্ৰকাণ্ড চৌহদত বিৰাজমান হৈ আছিল একো জোপা ডাঙৰ ডাঙৰ গছ। অদূৰত খোৱাই নদীৰ তীৰ। এজোপা বৰ গছৰ তলত বহি দুজন বাউলৰ লগত পৃথিৱী পাহৰি জনাই নজনাই গালো বাউল গীত। উস্ কি অমৃত ক্ষণ আছিল সেইটো। বৈৰাগীৰ বীণৰ তালে তালে মূৰ লৰাই লৰাই আপোন পাহৰা হোৱাৰ সুখকণ এতিয়াও মোৰ স্মৃতিৰ মোহনাত।
আবেলি উভতি আহি অৱশ্যে নিদ্ৰাৰ কোলাত সৰ্মপন কৰিছিলো। তাৰ পাছদিনা আমাৰ হাতত আছিল শেষৰটো দিন।
সোণালী হাটৰ সোনালী সপোনটোৱে মোক ৰাতি শুবলৈ নিদিলে। অপেক্ষাৰ মধুৰতাই যেন আমাৰ ভ্ৰমণটোক অৰ্থপূৰ্ণ কৰি তুলিছিল।
সোণাজৰী হাট!
নামটোৱে ৰোমান্টিক নহয়নে?
আমি ভ্ৰমণলৈ ওলাওতেই বহুতে কৈছিল সোণাজৰী হাটৰ কথা। নিজেও শুনি আছিলো জীৱনৰ সঞ্জীৱনী অনা এখন মুকলি ঠাইৰ বেহাৰ কথা। কোনো আড়ম্বৰ নথকা অথচ মুকলি আকাশৰ তলত প্ৰাকৃতিক পৰিৱেশত বহা এখন হাট। বিভিন্ন পৰিব্ৰাজক আৰু স্হানীয় ক্ৰেতাৰ এখন গ্ৰামীণ বজাৰ। বোলপুৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু।যেন জীৱনৰ হাট। বিভিন্ন মাত কথা আৰু বিভিন্ন ঠাইৰ মানুহৰ মিচিল।খোৱাই নদীৰ পাৰৰ মনোমোহা হাটখন এখন মাত আৰু মিচিলৰ হাট।সোণাজৰীৰ অন্যতম আকৰ্ষণ বাউল গীতৰ বুকুত বজা বীণ আৰু কন্ঠৰ প্ৰতিধ্বনি।
প্ৰিয় পাঠক আমি যোৱাৰ দিনা সোণাজৰী বন্ধ আছিল।আমি শুক্ৰবাৰে গৈছিলো। কিন্তু হাটৰ দিন শনিবাৰহে বহে। পাছদিনা শণিবাৰে আমাৰ উভটি যোৱাৰ দিন আছিল।এই কথাটোৱে কিন্তু বৰ হতাশ কৰিছিল আমাক।পাছে শুক্ৰবাৰৰ ফৰকাল আবেলিপৰটোত সোণাজৰীৰ হাটৰ চৌপাশে আবেলিৰ বতাহ খাবলৈ মানুহৰ সমাগম আছিল।
খেৰৰে সজা সাধাৰণ ঘৰৰ তলত জীৱনে তেতিয়া উমলিছিল। মাটিৰ গিলাচত চাহ, সাধাৰণ মিঠাই,মিঠা মিঠা বাংলাৰ বুকুভৰা কথোপকথনবোৰ ওফৰি ফুৰিছিল।হাবিতলীয়া ডাঙৰ ডাঙৰ গছে ছায়া দি ৰাখিছিল বাটৰুৱাক।তাৰ ফাকে ফাঁকে জিলিকি আছিল বিদায়ী বেলিৰ ৰহণ। এওঁ বাংলা কথা-বতৰাৰ জোলোঙা মেলিছিল অচিন চিনাকি বাটৰুৱাৰ স'তে। বাংলা কব নাজানো। এতেকে অলপ আঁতৰত অকলে অকলে বহি উদযাপন কৰিছিলো এক সুখৰ বিয়লি। ৰেডিঅ'ৰ শব্দ, মোবাইলৰ ৰিং টনবোৰত কোমল সুৰৰে ওপঙি ফুৰিছিল বাউল গীতৰ মুৰ্চনা। এখন সপ্তম স্বৰ্গলৈ গতি কৰিছিল মন বিহংগ।
বোলপুৰৰ চৌপাশে, বিশ্বভাৰতীৰ পথে প্ৰান্তে যেন এখন কলাসুলভ অনন্য পৃথিৱীয়ে পোহাৰ মেলি আছে সুন্দৰতা আৰু জ্ঞানৰ জ্যোতিকণাৰ।
সচাকৈয়ে এই সাৰ্থক ভ্ৰমণ স্মৃতি আজীৱন মনগহণত খোদিত হৈ থাকিব।