top of page
লক্ষীনন্দন বৰগোহাঞি

উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত

গলবস্ত্ৰৰ অন্বেষণ

সংক্ষিপ্তসাৰ 
  অসম তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰে নিজস্ব সমাজ ব্যৱস্থা, সংস্কৃতিক পৰম্পৰা আছে যি অঞ্চলটোক বৈচিত্ৰ্যপূৰ্ণ কৰি ৰাখিছে৷ জাতি-জনগোষ্ঠীবিলাকৰ সমাজ, সংস্কৃতিক চহকী কৰাত পৰম্পৰাগত বস্ত্ৰৰাজীৰ গুৰুত্ব অপৰিসীম৷  প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলন আছে কিছু নিজস্ব বস্ত্ৰৰ৷ তাৰে এবিধ হৈছে গলবস্ত্ৰ৷

বীজ শব্দঃ গলবস্ত্ৰ, পাঁৰি, গাঁৰি, শেল, দাঁতি, সূতা, ফুল, নক্সা


প্ৰস্তাৱনাঃ
    গলবস্ত্ৰৰ বস্ত্ৰ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ আৰু বিশেষ সাংস্কৃতিক পৰিচয় আছে৷ গলবস্ত্ৰখন আমাৰ স্বাভিমান৷ বৈচিত্ৰপূৰ্ণ অসম তথা উত্তৰ-পূৱ ভাৰতৰ জাতি-জনগোষ্ঠীবিলাকৰ পৰিচয় বহন কৰা এখনি অতি আদৰৰ বস্ত্ৰ হৈছে গলবস্ত্ৰ৷ এই গলবস্ত্ৰখন গামোচা বা নিজা নিজা ভাষিক নামেৰে পৰিচিত৷ উত্তৰ-পূৱ ভাৰত ভূখণ্ডত বসবাস কৰা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰে স্বকীয় গলবস্ত্ৰ প্ৰত্যক্ষ কৰা যায়৷ এই গলবস্ত্ৰবোৰে জাতিটোৰ কিছুমান বৈশিষ্ট, ইতিহাস তথা পৰম্পৰাক কঢ়িয়াই থাকে৷ এই গৱেষণা পত্ৰৰ যোগেদি উত্তৰ-পূৱ ভাৰতৰ জাতি-জনগোষ্ঠীবিলাকৰ গলবস্ত্ৰবোৰৰ পৰিচয় তথা অনুষংগিক তথ্যাদি সংগ্ৰহ কৰি তাক সুসংবদ্ধ ৰূপত লিপিবদ্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
অধ্যয়নৰ গুৰুত্ব আৰু উদ্দেশ্যঃ
    উত্তৰ-পূৱ ভাৰতত ব্যৱহূত গলবস্ত্ৰৰ বিষয়ত শৃংশলাবদ্ধ ৰূপত গৱেষণা কৰাটো এক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি এই গৱেষণা পত্ৰখন প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ গৱেষণা পত্ৰখনৰ উদ্দেশ্যসমূহ এনেধৰণৰ–
ৰ] উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰৰ অন্বেষণ কৰা৷
২] গলবস্ত্ৰবিলাকৰ সামগ্ৰিক পৰিচয় প্ৰস্তুত কৰা৷
৩] গলবস্ত্ৰৰ প্ৰতি অহা ভাবুকি বা সমস্যাসমূহ তুলি ধৰা আৰু সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা৷
অধ্যয়ন পদ্ধতিঃ
    এই গৱেষণ পত্ৰখন প্ৰস্তুত কৰিবলৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি অভিজ্ঞ লোকসকলৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে আৰু বিষয়ৰ লগত সম্পৰ্ক থকা কিতাপ, আলোচনী, গুগুল সন্ধান আদিৰ সহায় লোৱা হৈছে৷
অধ্যয়নৰ পৰিসৰঃ
    ‘উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰৰ অন্বেষণ’ শীৰ্ষক গৱেষণ পত্ৰখনৰ পৰিসৰৰৰ লগত সংগতি ৰাখি উত্তৰ-পূৱ ভাৰতৰ প্ৰেক্ষাপটত বিষয়টো অধ্যয়ন কৰা হৈছে৷ গলবস্ত্ৰবিলাকৰ ইতিহাস, প্ৰৱাদ, বিৱৰ্তন, ব্যৱহাৰ, পৰিমাপ, নক্সা বা ফুলৰ বিৱৰণ আদিৰ লগতে গলবস্ত্ৰলৈ অহা ভাবুকি বা সমস্যাসমূহ অধ্যয়নৰ অন্তৰ্ভূক্ত কৰা হৈছে৷
মূল বিষয়ৰ আলোচনাঃ
    উত্তৰ-পূৱ ভাৰতৰ বৰ্ণিল বস্ত্ৰ সংস্কৃতিৰ এখনি প্ৰধান বস্ত্ৰ হৈছে গলবস্ত্ৰ৷ যিহেতু এই অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰ অবাস ভূমি৷ উত্তৰ-পূৱ ভাৰতত দুশ [২০০] ৰো অধিক জনগোষ্ঠীয়ে বাস কৰে৷ প্ৰায়  প্ৰতিটো জনগোষ্ঠীৰ মাজতে পৰম্পৰাগতভাবে এখনকৈ বা ততোধিক গলবস্ত্ৰৰ প্ৰচলন আছে৷ গৱেষণা পত্ৰৰ সীমাবদ্ধতাৰ বাবে ইয়াত উত্তৰ-পূৱ ভাৰতৰ পোন্ধৰ [১৫] টা জনগোষ্ঠীৰ মাজত প্ৰচলিত বা ব্যৱহূত গলবস্ত্ৰৰ বিষয়েহে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে৷

gamusa

১] অসমীয়া সমাজৰ ‘গামোচা বা ‘অসমীয়া গামোচা’ বা ‘গামচা’স বা ‘দুহেইটাঃ  সাধাৰণ অৰ্থত গা মচা কাৰ্য্যত ব্যৱহৃত বস্ত্ৰখনক গামোচা বোলা হয়৷ আজি সৰ্বত্ৰে বহুল ব্যৱহাৰ কৰা গামোচাখন আহোম সাম্ৰাজ্যৰ দিনৰে পৰা প্ৰচলিত আছিল৷ এইখন বস্ত্ৰৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ লিখিত কোনো ইতিহাস নাই৷ এডৱাৰ্ড গেইটৰ ‘A History Assam’ ত গামোচাৰ উল্লেখ থকালৈ চাই বহু বছৰৰ আগৰে পৰা অসমীয়া মাজত প্ৰচলিত আছিল বুলি প্ৰমাণিত হয়৷ অসমীয়া গামোচাখন আয়তাকাৰ৷ দীঘ প্ৰায় ২ ফুট ৪ ইঞ্চিৰ পৰা ১ ফুট আৰু প্ৰস্থ প্ৰায় ১ ফুট ৭ ইঞ্চিৰ পৰা ১ ফুট ১০ ইঞ্চি৷ অসমীয়া গামোচাত পকোৱা সুতা, বগলী সুতা, আশী সুতা ব্যৱহাৰ হয়৷ বৰ্তমান বাণিজ্যিক ভিত্তিত প্ৰচলিত গামোচাত আন কিছুমান সূতাও ব্যৱহাৰ কৰা দেখা যায়৷ গামোচাৰ মূল পৃষ্ঠৰ ৰং বগা৷ গামোচাখনৰ এমুৰে ফুল আৰু এমুৰে আঁচু দি গাঁৰি বোৱা হয়৷ যোৰ বা শেল [দাঁতি]ৰ ৰং ৰঙা৷ ফুলৰ ৰঙো ৰঙা৷ ৰঙা ৰংটো সৌন্দৰ্য্য আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে ব্যৱহূত হৈছে৷ গামোচাৰ ফুল হিচাপে পৰিচিত ফুলবোৰ লতা আৰু ফুলৰ চানেকীৰে  বচা হয়৷ অসমৰ প্ৰকৃতিৰ পৰা সংগৃহিত ফুলেই মূলত গামোচাখনত বচা হয়৷ ফুল তিনিকণিয়া, বহুকাঠি [এশ কাঠি বা দুশকাঠিৰ ফুল]ৰ থাকে৷ অসমীয়া গামোচা বিভিন্ন কামত ব্যৱহূত হয়৷ মূলত গা মচা শব্দৰ পৰা অহা হলেও গামোচা অসমীয়া সমাজত মান্য বস্ত্ৰ৷ সকাম নিকাম, নামঘৰত ভকতে ডিঙিত ওলোমাই ৰাখে৷ নামঘৰত সেৱা বা জ্যেষ্ঠ্যজনক সেৱা কৰোতে আগ মাটিত পাৰি আশিৰ্বাদ লোৱা হয়৷ কোনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবেও ব্যবহাৰ কৰা হয়৷ বিহু মাৰোতে মূৰত মাৰি লোৱা কাৰ্য্যতো বয়ৱহাৰ কৰে৷ ইয়াক বিহুৱান বুলিও কোৱা হয়৷ গামোচা অসমীয়া সমাজ জীৱনৰ সন্মানীয়া আৰু স্নেহৰ উপহাৰ হিচাপেও ব্যৱহাৰ হয়৷ জ্যেষ্ঠজনক স-সন্মানেৰে যিদৰে উপহাৰ দিয়া হয়, প্ৰথম আলহী, ন জোঁৱাই আহিলে উপহাৰ দিয়া হয়৷ বিহুত আলহী-অতিথিক উপহাৰ দিয়া হয়৷ ঘৰলৈ অহা হুচৰিত গামোচা দি সেৱা লোৱা হয়৷ উজনি অসমৰ গছতলৰ বিহুত বিহু নমোৱা আৰু বিহু উৰোৱা দুয়োটা কাম গছত গামোচা বান্ধি কৰা হয়৷ অন্য কিছু ঠাইত বিহু-হুচৰী সামৰোতে গছত গমোচা মেৰাই থৈ অহা হয়৷ উজনি অসমত বিবাহ উপযুক্ত ছোৱালীয়ে দিয়া গামোচা ডেকাজনে গ্ৰহণ কৰিলে সেই বিয়াত ডেকাৰ মন আছে বুলি ভবা হয়৷ গামোচা উলোতাই দি বিবাহত মন নাই বুলি জনোৱা পৰম্পৰাও আছে৷ গোপনে গামোচা যাচি গাভৰুৱে প্ৰেম নিবেদন কৰাৰ পৰম্পৰা আছিল৷ গামোচা মান্য বস্ত্ৰ বাবে গামোচাই ভৰি মচা কাৰ্য্য কৰা নহয়৷ গামোচাখন বিভিন্ন উৎসৱ, অনুষ্ঠান আদিত জ্যেষ্ঠ-কণিষ্ঠ সকলোৱে ডিঙিত ওলোমাই পিন্ধে৷

২] কৈৱৰ্ত জনগোষ্ঠীৰ ‘ফুলাম গামোচা’

 

 

 

 

 

 

 

 

 


    কৈৱৰ্তসকল অসমৰ এটা প্ৰধান আদিম জাতি৷ অসমৰ প্ৰায়বোৰ ঠাইৰে কৈৱৰ্ত লোকসকলৰ মাজত কম-বেছি পৰিমাণে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যৰ এখন ৰঙা ফুলৰ গামোচাৰ প্ৰচলন হৈ আহিছে৷ সত্তৰ দশকৰ পৰা গামোচাখনৰ প্ৰচলন কিছু সীমিত হৈ পৰিল যদিও ঠাই বিশেষে জনগোষ্ঠীটোৰ মাজত ইয়াৰ প্ৰচলন হৈ আছে৷
    কৈৱৰ্ত সমাজত এই গামোচাখন শংকৰদেৱৰ সময়ৰ পৰাই প্ৰচলন হৈ আহিছে বুলি কোৱা হয়৷ শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ ঘৰত চাৰিগৰাকী কৈৱৰ্ত তিৰোতা [মাধৈ, মালতী, গুটিমালী আৰু চন্দৰী] আছিল আৰু তেওঁলোকে কাপোৰ বৈ-ধুই দিছিল৷ উজনিৰ কৈৱৰ্ত তাঁতীসকলে ৰজাঘৰীয়া কাপোৰ বৈ দিছিল৷ শংকৰদেৱে ‘চিহ্নযাত্ৰা’ কৰিবলৈ ওলাওতে আই চন্দৰীয়ে ভকতৰ তিনিবস্ত্ৰ– চুৰীয়া, চেলেং আৰু গামোচা উপহাৰ হিচাপে দিছিল৷ তাতে এইখন গামোচাও আছিল বুলি কয়৷ কোৱা যায়– এই ফুলাম গামোচাখন কৈৱৰ্ত শিপিনীসকলে তেতিয়াৰ পৰাই তৈয়াৰ কৰি আহিছে৷ উল্লেখ্য যে স্বকীয় বৈশিষ্ট্যৰ এই গামোচাখন কৈৱৰ্তসকলৰ ‘ফুলাম গামোচা’ হিচাপে পৰিচয় কৰাই দিয়া আমাৰ চকুত পৰা নাই৷ অৱশ্যে অসমীয়া সমাজৰ গামোচাখনেই তেওঁলোকৰ অৱদান বুলি জনগোষ্ঠীটোৰ ব্যক্তিবিশেষে মত পোষণ কৰে৷ চুতীয়া, দেউৰীসকলেও অসমীয়া সমাজৰ গামোচাখন তেওঁলোকৰ অৱদান বুলি কিছু যুক্তিৰে কৈ আহিছে৷
    কৈৱৰ্তসকলৰ ‘ফুলাম গামোচা’খন আয়তাকাৰ৷ ইয়াৰ দীঘ প্ৰায় ৪৭ ৰ পৰা ৫৭ ইঞ্চি আৰু প্ৰস্থ ১২ ৰ পৰা ১৭ ইঞ্চিমান হয়৷ গামোচাখনৰ পৃষ্ঠভাগ হাজাৰ পকোৱা সূতা, পাত সূতাৰে বোৱা হয় আৰু ফুল পকোৱা সূতা, জিৰ’ প্লাই সূতাৰে তোলা হয়৷ কৈৱৰ্তসকলৰ ফুলাম গামোচাখনৰ মূল পৃষ্ঠভাগৰ ৰং বগা, ঈষৎ সোণালী-বগা৷ ফুল ৰঙা বা ৰঙচুৱা৷ পূৰ্বতে ৰঙা ফুল তুলিবলৈ ‘আঁচুকৰি’ [Morinda Agustifolia] নামৰ এবিধ গছৰ বাকলি বা পাত ঠেতালি তাৰ পৰা ওলোৱা ৰঙচুৱা [হেঙুল-হাইতাল জাতীয়] ৰঙত ডুবোৱা সূতা ব্যৱহাৰ কৰিছিল৷ গামোচাখনৰ দুই মূৰে ফুল দিয়া হয় আৰু যোৰ বা শেলো ফুলাম কৰি বোৱা হয়৷ ফুলাম যোৰ বা শেল গামোচাখনৰ মাজলৈকে থাকে বাবে গোটেই গামোচাখন ফুলময় বা ফুলাম হৈ পৰে৷ গামোচাখনৰ দুই মূৰে ৬ ৰ পৰা ১২ ছেণ্টিমিটাৰমান বহলকৈ ফুল তোলা হয়৷ কিছুমান গামোচাৰ ফুলৰ দুই কাষে কাষৰিও দিয়া দেখা যায়৷ গামোচাখনত বিভিন্ন চানেকি [ঘাই]ৰ ফুল তোলা হয়৷ গামোচাখনৰ একোটা শেল ১৪ ৰ পৰা ২১ ছেণ্টিমিটাৰমান বহল৷ শেল [যোৰ]ৰ মাজ অংশত দুইৰ পৰা তিনিশাৰী বুটা বাছি তাত কাষৰি হিচাপে ঢেকীয়া পাত আদি দিয়া হয়৷ গামোচাখনৰ দুই মূৰে দুই ইঞ্চিমানকৈ ঠাইত ফুল বা শেল নিদি তিনিডালমান ফুলৰ সৈতে একে ৰঙৰ আঁচ দিয়া হয়৷ অতি সন্মানৰ এই গামোচাখন ডিঙি, কান্ধত ওলোমাই লোৱা হয় আৰু মূৰত পাগুৰি হিচাপে মৰা হয়৷ ডিঙি বা কান্ধত ওলোমাই লওতে অৱশ্যে কঁকাল বা আঠুলৈকে বৈ পৰাত বাধা নাই৷ কিন্তু কান্ধৰ পৰা তলত বা কঁকাল আদিত পোণপটীয়াকৈ পিন্ধা বা মৰা নহয়৷ কৈৱৰ্তসকলৰ ফুলাম গামোচা বিহু, ঘৰলৈ অহা অতি সন্মানীয় আলহী-অতিথিক উপহাৰ হিচাপে যচাৰ লগতে উৎসৱ পাৰ্বন,ধৰ্মীয়

kaibarta gamusa

কাম, মাংগলিক কাম আদিত ব্যৱহাৰ কৰা হয়৷ ভাওনাত পৰম্পৰাগত ভাবে সুত্ৰধাৰীয়ে দীঘল আৰু ডাঙৰকৈ বোৱা এই গামোচাখনকে কান্ধত লয়৷

৩] কোচ [কোচা] ৰাভা জনগোষ্ঠীৰ ‘কাম্বাংসা’

 

 

 

 

 

 

 

 

 

 

 

 

 


    প্ৰধানত মেঘালয়ৰ গাৰো পাহাৰ আৰু অসমৰ নামনি অঞ্চলত কোচ-ৰাভা বা কোচা-ৰাভাসকল বসবাস কৰে৷ তেওঁলোকৰ মাজত কাম্বাংসাৰ প্ৰচলন আছে৷ ৰঙীণ আৰু সহজে চকুত লগা কাম্বাংসা গলবস্ত্ৰ বা গামোচা সদৃশ বস্ত্ৰ৷ কোচ-ৰাভা বা কোচা-ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত কাম্বাংসা আয়তাকাৰৰ হয়৷ ইয়াৰ দীঘ ৭৮ ইঞ্চিৰ পৰা ৯৮ ইঞ্চি আৰু প্ৰস্থ ১২ ইঞ্চিৰ পৰা ১৮ ইঞ্চি৷ কাশ্মিৰী সূতাৰে তৈয়াৰ কৰা হয়৷ কাম্বাংসাৰ মূল পৃষ্ঠৰ ৰং হিচাপে ৰঙা ৰংটো বেছিকৈ ব্যৱহূত হয়৷ ৰঙাৰ বাহিৰেও অন্য ৰঙৰো পৃষ্ঠ থাকে৷ ফুলৰ ৰং বাৰেবৰণীয়া৷ এখন কাম্বাংসাতে পৃষ্ঠ, ফুল, শেল বা পাৰি আদি মিলাই  ৭-৮ টা বা তাতকৈ কম নতুবা বেছি সংখ্যক ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ কাম্বাংসাৰ বিভিন্ন অংশক  ফাঞ্চেক [বহল ফুল অংশ], মুকচা [মাজে মাজে দিয়া গাঁৰি], মৌকুৰ [পাৰি], কৌদিচা [পাৰিৰ ফুল বা নক্সা] আৰু পৌৰু [যোৰ বা শেল] বুলি জনা যায়৷ ফুল বা চিত্ৰ হিচাপে কাম্বাংসাত হৗতিনি যুগ [হাতীৰ চিত্ৰ], কদম মুগ [কদম ফুল], লৌকাৰ যুগ [লাউ গুটিৰ চিত্ৰ], মায়কাৰ ডাওঙি যুগ [ধানৰ ফুলৰ চিত্ৰ], বাৰ্ণাও পাৰ যুগ [বেঙেনা ফুলৰ চিত্ৰ] আদি থাকে৷ উৎসৱ পাৰ্বনৰ বাহিৰেও অন্য সময়তোঅকাম্বাংসা গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ কোচ-ৰাভা বা কোচা-ৰাভা জনগোষ্ঠী সমাজত কাম্বাংসা  ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যচা হয়৷ তাৰোপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰা দেখা যায়৷ বিচিত্ৰ ৰঙৰ সমাহাৰ থকা গামোচাখন দেখিলে কোচ-ৰাভা বা কোচা-ৰাভাসকলৰ বৰ্নাঢ্য জীৱনৰ ধাৰণা ¸ এটা লাভ কৰিব পাৰি৷ কাম্বাংসাৰ মাধ্যমেদি¸ জনগোষ্ঠীটো বসবাস কৰা ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰো আভাস পাব পাৰি৷
৪] টাইফাকে জনগোষ্ঠীৰ ফা কং খ’ বা ফা ম্যাত তা

   টাইফাকে বা ফাকে জনগোষ্ঠীৰ মাজত ফা কং খ’ বা ফা ম্যাত তাৰ প্ৰচলন আছে৷ বৰ্তমান টাইফাকে সমাজত প্ৰচলন হৈ থকা ফা কং খ’ বা ফা ম্যাত তাৰ প্ৰচলন তুলনামূলকভাবে  নতুন বুলি জনা যায়৷ সম্ভৱত পয়ত্ৰিশ-চল্লিশ বছৰৰ পূৰ্বে ফা কং খ’ বা ফা ম্যাত তাৰ প্ৰচলন আৰম্ভ হৈছিল৷ অৱশ্যে ইয়াৰ চানেকি বা নক্সা বহু পুৰণি আৰু পৰম্পৰাগত৷ টাইফাকেসকলৰ আটাইতকৈ আদৰৰ তথা সন্মানীয় বস্ত্ৰ নাংৱাতপজুং [কইনাই বিয়াৰ সময়ত লোৱা চাদৰ] আৰু ফা প’ জুং [দৰা বা পুৰুষে পৰিধান কৰা কাপোৰ]ৰ আৰ্হিৰ পৰা  ফা কং খ’ বা ফা ম্যাত তাৰ আৰ্হি লোৱা হৈছে৷ ফা কং খ’ৰ অৰ্থ– ডিঙিত লোৱা বস্ত্ৰ৷ ফা- কাপোৰ, কং- লোৱা, খ’- ডিঙি৷ ফা ম্যাত তাৰ অৰ্থ– সন্মানীয় বস্ত্ৰ৷ ফা- কাপোৰযবস্ত্ৰ, ম্যাত তা- শুভকাৰক৷ ফা কং খ’ বা ফা ম্যাত তা শুভ কামত ব্যক্তি বিশেষক সন্মান জনোৱা বস্ত্ৰ হিচাপেও পৰিগণিত হৈ আহিছে৷ আয়তাকাৰ ফা কং খ’ বা ফা ম্যাত তাৰ সাধাৰণতে  দীঘ চ্ছ্ৰ ৰ পৰা প্ত ফুট আৰু প্ৰস্থ ৰ ফুট ৬ ইঞ্চি৷ ফা কং খ’ বা ফা ম্যাত তা মুঠ ছয়টা ৰঙৰ কপাহী সূতা ব্যৱহাৰ কৰি বোৱা হয়৷ এই ছয়টা ৰং ব্যৱহাৰ কৰাটো পৰম্পৰাগত৷ ফা কং খ’ বা ফা ম্যাত তাৰ দুই মূৰে থকা ফুলৰ ৰং বগা, সোণালী আদি ৰঙৰ হয়৷ ফা কং খ’ বা ফা ম্যাত তাত দুই মূৰে ফুল থকাৰ লগতে গোটেই বস্ত্ৰখনতে নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত বুটা বচাৰ দৰে সৰু ফুল তোলা হয়৷ বুটাৰ দৰে সৰু ফুলবিধ টাই সংস্কৃতিৰ বয়ন শিল্পৰ অন্যতম বৈশিষ্ট্য৷ ফা কং খ’ বা ফা ম্যাত তা গলবস্ত্ৰ হিচাপে ব্যৱহাৰ হয়৷ ডেকা-গাভৰুসকলৰ মাজত ফা কং খ’ যথেষ্ট জনপ্ৰিয়৷ টাইফাকে জনগোষ্ঠীৰ লোকসকলে উৎসৱ বা সন্মানজনক স্থানত ব্যাপকভাবে ব্যৱহাৰ কৰে৷ অতিথিক উপহাৰ, সভাত বিশিষ্ট সন্মানীয় ব্যক্তিক সম্বৰ্ধনা বা আদৰণি জনাবলৈ ব্যৱহাৰ কৰে৷
 

karbi
sema
aau
nakte

৫] চেমা নগা জনগোষ্ঠীৰ ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’

 

 

 

 

 

 

 

 

 


   

 

 

 

   উজনি অসমৰ একেবাৰে পূৱ প্ৰান্তৰৰ অৰুণাচল-অসম সীমান্তৰ লেখাপানীৰ অন্তৰ্গত ছয়খন গাঁৱত চেমা নগা জনগোষ্ঠীৰ লোকসকল বাস কৰে৷ টিৰাপ সীমান্তৰ পাহাৰপুৰ আৰু তাৰ দাঁতিকাষৰীয়া গাঁওকেইখনৰ চেমা নগা জনগোষ্ঠীয় লোকসকলে গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অহা গামোচা সদৃশ বস্ত্ৰখন হৈছে ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’৷ ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ চেমা নগা জনগোষ্ঠীৰ অতি আদৰ আৰু সন্মানৰ বস্ত্ৰ৷ ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ দীঘলকৈ বোৱা হয়৷ অৰ্থাৎ প্ৰস্থ কম আৰু দীঘ বেছি৷ চেমা নগা জনগোষ্ঠীৰ ‘আপা-আছু-ফি’ ক’লা আৰু ৰঙা সূতাৰে বোৱা হয়৷ ‘আৱি-কীই-ফি’ ক’লা, বগা আৰু ৰঙা ৰঙৰ সূতাৰে বোৱা হয়৷ ‘আৱি-কীই-ফি’ গাঁৱৰ মুখীয়ালসকলেহে গাত লয় আৰু য’তে ত’তে ব্যৱহাৰ কৰা নহয়৷
    ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’  বৰ্তমান থাইলেণ্ড সূতা আৰু ডলী সূতাৰে বোৱা হয়৷ আৰু ব্যক্তিৰ মৰ্যাদা অনুসৰি ইয়াক ব্যৱহাৰ কৰে৷ ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ দীঘলে প্ৰায় তিনিহাত এবেগেত, স্কেল হিচাপত ৬৬ ৰ পৰা ৬৮ ইঞ্চি৷ প্ৰস্থ বা বহলে প্ৰায় এবেগেত, স্কেল হিচাপত প্ৰায় ৪ ইঞ্চি৷ ‘আপা-আছু-ফি’ৰ মূল পৃষ্ঠৰ ৰং ক’লা৷ ফুল ৰঙা, বগা সূতাৰে তোলা হয়৷ দুইকাষে চাৰিডালকৈ ৰঙা সূতাৰ শেল বা যোৰ থাকে৷ বগা বা হালধীয়া আঁচুৰে দুইমূৰে এডলীয়াকৈ  গাঁৰি দিয়াও দেখা যায়৷ ফুলৰ নক্সাত কড়ি গুটিৰ ছবি থাকে৷ মাজৰ চাৰি ঠাই মানত বগা সূতাৰ বুটা দিয়া দেখা যায়৷ চেমা নগা জনগোষ্ঠীৰ কেৱল পুৰুষসকলে গলবস্ত্ৰ হিচাপে ‘আপা-আছু-ফি’ পৰিধান কৰে৷ ‘আৱি-কীই-ফি’ৰ মূল পৃষ্ঠৰ ৰং বগা৷ বগা অংশত তিনিডাল শেল বা যোৰ থাকে৷ পাৰি সদৃশ ক’লা অংশতো তিনি-চাৰিডাল শেল থাকে৷ বগা অংশত আঠটা গাঁৰি দিয়াৰ লগতে ক’লা অংশৰ নিৰ্দিষ্ট ব্যৱধানত বগা সূতাৰে কড়ি গুটিৰ বুটা তোলা হয়৷
    জ্যেষ্ঠ, গুৰু স্থানীয়, সন্মানীয় ব্যক্তিক ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ সন্মানৰ চিন স্বৰূপে আগবঢ়োৱা হয়৷ জাতীয় উৎসৱ আদিত ব্যৱহাৰ কৰাৰ লগতে আলহী অতিথিক ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ৰে আদৰণি জনোৱা হয়৷ সভা-সমিতিলৈ নিমন্ত্ৰণ জনাই অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈও ব্যৱহাৰ কৰা হয়৷ ‘আপা-আছু-ফি’ আৰু ‘আৱি-কীই-ফি’ চেমা নগাৰ সাংস্কৃতিক পৰিচয়ৰ গুৰুত্বপূৰ্ণ অংশ৷

৬] নক্তে বো-লিত বা নক্তে জনগোষ্ঠীৰ গামোচা 

 

 

 

 

 

 

 

 

 

 

 

    উজনি অসমৰ একেবাৰে পূৱ প্ৰান্তৰৰ দিহিং কিনাৰ নক্তে গাঁৱত বসবাস কৰা নক্তে জনগোষ্ঠীৰ লোকসকলে গলবস্ত্ৰ বা গামোচাৰ দৰে ব্যৱহাৰ কৰা বস্ত্ৰখন নক্তে বো-লিত হিচাপে পৰিচিত৷ অৱশ্যে বস্ত্ৰখন গাঁওখনত বৰ্তমান সুলভ নহয়৷  নক্তেসকল মূলত নাগালেণ্ড, অৰুণাচলৰ বাসিন্দা যদিও উজনি অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰৰ অধীন দিহিং কিনাৰ নক্তে গাঁৱত নক্তে জনগোষ্ঠীৰ কিছু লোকে ইতিহাসৰ কোনো এক সময়ৰ পৰা বাস কৰি আহিছে৷ অসমৰ অসমীয়া সমাজৰ লগত এটা পৰ্য্যায়লৈকে বিলীন হৈ যোৱা দিহিং কিনাৰ নক্তে গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ কিছু সামাজিক-সাংস্কৃতিক বৈশিষ্ট কম বেছি পৰিমাণে ধৰি ৰাখিছে৷ দিহিং কিনাৰ নক্তে গাঁৱৰ উদ্যমি যুৱক  ৱাংনং কুংখৌৰ উদ্যোগত ২০০৯ চনৰ জানুৱাৰী মাহত নক্তে বো-লিত গাঁওখনত প্ৰথমবাৰৰ বাবে বৈ উলিওৱা হয়৷  ৰঙীণ আৰু সহজে চকুত লগা নক্তে বো-লিত আয়তাকাৰৰ হয়৷ ইয়াৰ দীঘ প্ৰায় ৭৩ ইঞ্চি¸ আৰু প্ৰস্থ ১১ ইঞ্চি৷ নক্তে বো-লিত সাধাৰণ সূতা আৰু কাশ্মিৰী পাট সূতাৰে তৈয়াৰ কৰা হয়৷ নক্তে বো-লিতৰ মূল পৃষ্ঠত মুগা, ক’লা আৰু মাখন ৰং ব্যৱহাৰ হয়৷

ফুলৰ ৰং ৰঙা, বগা, সেউজীয়া আৰু ক’লা৷ একেখন নক্তে বো-লিততে পৃষ্ঠ, ফুল, শেল বা পাৰি আদি মিলাই প্ত-৬ টা বা তাতকৈ কম নতুবা বেছি সংখ্যক ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ নক্তে বো-লিতত ফুল হিচাপে যাঠি, দা, ৰাজ ধনেশ চৰাইৰ পাখি, নক্তে টুপী আদিৰ চিত্ৰ তোলা হয়৷ উৎসৱ পাৰ্বনৰ বাহিৰেও অন্য সময়তোঅনক্তে বো-লিত গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ নক্তে বো-লিত জনগোষ্ঠী সমাজত  নক্তে বো-লিত  ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যচা হয়৷ তাৰোপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰে৷ বিচিত্ৰ ৰঙৰ সমাহাৰ থকা নক্তে বো-লিত দেখিলে নক্তেসকলৰ বৰ্নাঢ্য জীৱনৰ ধাৰণা এটা লাভ কৰিব পাৰি৷ নক্তে বো-লিতৰ মাধ্যমেদি¸ জনগোষ্ঠীটো বসবাস কৰা ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সংস্কৃতিৰো আভাস পাব পাৰি৷৭]

গাল’ জনগোষ্ঠীৰ হেৰকক

    অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা তথা ধেমাজি জিলাৰ সীমান্তৱৰ্তী এলেকাৰ গাল’ জনগোষ্ঠীৰ মাজত হেৰককৰ প্ৰচলন আছে৷ গাল’ জনজাতিৰ লোকসকলে বিভিন্ন উৎসৱ পাৰ্ৱনত সন্মানসূচক ভাৱে গলবস্ত্ৰ হিচাপে পৰিধান কৰে৷ হেৰকক মূলত জনগোষ্ঠীটোৰ পুৰুষসকলে ব্যৱহাৰ কৰে৷ হেৰককৰ দীঘ প্ৰায় পাঁচ ফুট আৰু প্ৰস্থ প্ৰায় এক ফুট৷ হেৰকক ঊন সূতাৰে বৈ উলিওৱা হয়৷ গাল’ জনগোষ্ঠীৰ প্ৰায় প্ৰতিঘৰ মানুহতে একোখন তাঁতশ¸াল থাকে আৰু সেই শালতে মহিলাসকলে হেৰকক আৰু অন্য বস্ত্ৰাদি বৈ উলিয়ায়৷ হেৰককৰ পৃষ্ঠভাগৰ ৰং মূলত মাখন বৰণীয়া৷ বস্ত্ৰখনৰ পাৰিৰ ৰং আকাশী নীলা, পাৰিৰ মাজে মাজে দিয়া পুলিৰ ৰং মুগা বৰণীয়া৷ নীলা আৰু মুগা বৰণীয়া আঁচু দি গাঁৰি বোৱা হয়৷ গাল’ জনগোষ্ঠীৰ হেৰককখন আয়তাকাৰৰ৷ গৃহলৈ অহা অতিথি, সন্মানীয় লোকক সন্মান জনাবলৈ উপহাৰ হিচাপে যচা হয়৷

৮] মিছিমি জনগোষ্ঠীৰ আকাইক আহঃ

 

 

 

 

 

 

 

 

 

 

 

 

   

 

 

 

  মিছিমি [মিজু মিছিমি] আৰু দিগাৰু মিছিমি জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰ বা গামোচা সদৃশ বস্ত্ৰখন হৈছে ‘আকাইক আহ’৷ প্ৰধানত অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং ভেলী, লৱাৰ দিবাং ভেলী, লোহিত, আনজাও আদি জিলা আৰু অসমৰ শদিয়া-অৰুণাচল সীমান্ত অঞ্চলত বাস কৰা মিছিমি জনগোষ্ঠীৰ লোকসকলৰ মাজত ‘আকাইক আহ’ৰ প্ৰচলন আছে৷ ৰঙীণ আৰু সহজে চকুত লগা ‘আকাইক আহ’ গলবস্ত্ৰ বা গামোচা সদৃশ বস্ত্ৰ৷ ‘আকাইক আহ’ আয়তাকাৰৰ হয়৷ সৰু আকাৰৰ ‘আকাইক আহ’ৰ দীঘ প্ৰায় ৪৮ ইঞ্চি আৰু প্ৰস্থ ৬ ৰ পৰা জ্জ ইঞ্চি৷ ডাঙৰ আকাৰৰ ‘আকাইক আহ’ৰ দীঘ প্ৰায় ৪৮ ইঞ্চি আৰু প্ৰস্থ ২৪ ইঞ্চি৷ ‘আকাইক আহ’ বানা, জিলিকা খুম, গাহ, টু প্লাই আদি সূতাৰে তৈয়াৰ কৰা হয়৷ ‘আকাইক আহ’ৰ মূল পৃষ্ঠ ৰঙা, গোলপীয়া আৰু  ক’লা ৰঙৰ হয়৷ এখন ‘আকাইক আহ’ত পৃষ্ঠ, ফুল, শেল বা পাৰি আদি মিলাই চাৰি-পাঁচটামান ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ ‘আকাইক আহ’ জনগোষ্ঠীটোৰ লোকসকলে সাংস্কৃতিক অনুষ্ঠান, উৎসৱ পাৰ্বনত বিশেষভাৱে ব্যৱহাৰ কৰে৷ পুৰুষসকলে মাফলাৰ বা গলবস্ত্ৰ, আলোৱান বা উৰা কাপোৰ হিচাপে আৰু মহিলাসকলে সাধাৰণতে বাওঁ বা সোঁ কান্ধত ওলোমাই বা বাওঁ কান্ধৰ পৰা ককালৰ সোঁফালেদি সন্মুখলৈ বোৱাই আনি গাঁঠি বা পিন মাৰি লয়৷ ‘আকাইক আহ’ ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যচা হয়৷ তাৰোপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰা দেখা যায়৷ বিচিত্ৰ ৰঙৰ সমাহাৰ থকা গলবস্ত্ৰখন দেখিলে মিছিমিসকলৰ বৰ্নাঢ্য জীৱনৰ ধাৰণা ¸এটা লাভ কৰিব পাৰি৷ পৰম্পৰাগত পৰিধানৰ অবিচ্ছেদ্য বস্ত্ৰ ‘আকাইক আহ’ৰ মাধ্যমেদি¸ জনগোষ্ঠীটো বসবাস কৰা ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সংস্কৃতিৰা আভাস পাব পাৰি৷

marari
senga

৯] বানাই জনগোষ্ঠীৰ গামপা বা ফুল গামোচাঃ   

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  বানাই জনগোষ্ঠীৰ লোকসকল মূলত গোৱালপাৰা, ধেমাজি, নলবাৰী আৰু মেঘালয়ৰ তুৰা অঞ্চলত বাস কৰি আহিছে৷ কৃষি নিৰ্ভৰশীল, বিভিন্ন ক্ষেত্ৰত বৰ্তমানেও অনগ্ৰসৰ কম জনসংখ্যাৰ এই জনগোষ্ঠীটোৰ কিছু সাদৃশ্য হাজং আৰু কোঁচ ৰাভাসকলৰ লগত আছে বুলি কিছুলোকে কয়৷ দুই এঠাইতþ বড়ো আৰু কোঁচ ৰাভাসকলৰ সৈতে দুই এটা বানাই পৰিয়াল বিলীন হৈ আছে বুলিও কোৱা শুনা যায়৷ বানাই জনগোষ্ঠীৰ পুৰুষসকলৰ মাজত গামপা বা ফুল গামোচাৰ প্ৰচলন আছে৷ অৰ্থাৎ বানাই জনগোষ্ঠীৰ পুৰুষসকলে গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰখন গামপা বা ফুল গামোচা নামেৰে পৰিচিত৷ পুৰুষসকলে কান্ধ আৰু ডিঙিত লোৱাৰ লগতে মূৰত পাগুৰি হিচাপেও মাৰে৷ জনগোষ্ঠীটোৰ লোকসকল বাস কৰা অঞ্চলবোৰৰ পুৰুষসকলৰ মাজত গামপা বা ফুল গামোচা কম বেছি পৰিমাণে প্ৰচলন আছে৷ ফুল গামোচা নামটোৰ পৰা গামোচাখনত ফুল থাকিব বুলি ভবা হয় যদিও প্ৰকৃততে গামোচাখনত ফুল নাথাকে৷ কেৱল অন্য দুই এটা ৰঙৰ সূতাৰে পাৰি আৰু শেলহে থাকে৷ আনহাতে ফুল গামোচাই সৰু গামোচাক সূচায় বুলি জনগোষ্ঠীটোৰ লোকসকলে কয়৷ আয়তাকাৰ ফুল গামোচাৰ দীঘ প্ৰায় ৭২ ইঞ্চি আৰু প্ৰস্থ ১৭ ইঞ্চি৷ গামপা বা ফুল গামোচা তৈয়াৰ কৰিবলৈ এৰী, মূগা, পাট আৰু থাইলেণ্ড সূতা ব্যৱহাৰ কৰা হয়৷ ফুল গামোচাৰ মূল পৃষ্ঠৰ ৰং নীলা৷ পাৰি আৰু শেলৰ ৰং সেউজীয়া, ঈষৎ হালধীয়া, ৰূপালী৷ ঘৰলৈ অহা অতিথি পুৰুষক উপহাৰ হিচাপে আৰু সভা আদিলৈ আমন্ত্ৰণ কৰি অনা সন্মানীয় অতিথি পুৰুষক গামপা বা ফুল গামোচাৰে সন্মান জনোৱা হয়৷ পুৰুষসকলে গামপা বা ফুল গামোচা যিকোনো শুভ কৰ্ম, সাংস্কৃতিক অনুষ্ঠান আদিত মান্য বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও গা মচা, মুখ মচা আদি কামতো ব্যৱহাৰ কৰে৷ গামপা বা ফুল গামোচাৰ প্ৰচলন বা ব্যৱহাৰ বানাই জনগোষ্ঠীৰ জ্যেষ্ঠ পুৰুষসকলৰ মাজত বেছিকৈ দেখা যায়৷১০]

মদাহি জনগোষ্ঠীৰ আল’নঃ   

 

 

 

 

 

 

 

 

 

 

 

 

 

   আল’ন মদাহি জনগোষ্ঠীৰ মাজত প্ৰচলন থকা এখন মান্য বস্ত্ৰ৷ জনসংখ্যাত কম মদাহি জনগোষ্ঠীৰ লোকসকল অসমৰ উত্তৰাঞ্চলৰ কেইখনমান জিলাত বাস কৰি আহিছে৷ কিছু অনগ্ৰসৰ আৰু অসমৰ কম সংখ্যক লোকেহে জনা জনগোষ্ঠীটোৱে আত্ম পৰিচয় আৰু প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলাই আহিছে৷ মদাহি জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিত আল’ন-এ গুৰুত্বপূৰ্ণ স্থান পাই আহিছে৷ অতীজত  মদাহি জনগোষ্ঠীৰ মহিলাসকলে স্থানীয় হাবি বা অৰণ্যত উপলব্ধ কপাহ সংগ্ৰহ কৰিছিল আৰু বনৰীয়া গছৰ ছাল, গুটিৰ পৰা ৰং তৈয়াৰ কৰি নিজৰ ব্যৱহাৰৰ বাবে বস্ত্ৰ প্ৰস্তুত কৰিছিল৷ বৰ্তমান বজাৰত উপলব্ধ সূতাৰে আল’নকে ধৰি পৰম্পৰাগত বস্ত্ৰ তৈয়াৰ কৰে৷ আল’ন আয়তাকাৰৰ হয়৷ ইয়াৰ দীঘ প্ৰায় ৬০ ইঞ্চিৰ পৰা ৭২ ইঞ্চি আৰু প্ৰস্থ ১২ ইঞ্চিৰ পৰা ১৮ ইঞ্চি৷ কেঁচা সূতা আৰু পলিয়েষ্টাৰ সূতাৰে আল’ন তৈয়াৰ কৰা হয়৷ আল’নৰ মূল পৃষ্ঠৰ ৰং ৰঙা৷ ফুল আৰু পাৰিৰ ৰং হালধীয়া৷ সাধাৰণতে আল’নৰ এমূৰে ফুল আৰু এমূৰে গাৰি থাকে৷ ফুল বা চিত্ৰ হিচাপে আল’নত গছৰ পাত, জাপি, চৰাই, ফুল আদিৰ নক্সা থাকে৷ মদাহি জনগোষ্ঠীৰ লোকসকলে উৎসৱ পাৰ্বনৰ বাহিৰেও অন্য সময়তোঅআল’ন গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ আল’ন  ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যচা হয়৷ তাৰোপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰা দেখা যায়৷ জনগোষ্ঠীটোৰ লোকসকলে মূৰত পাগুৰি হিচাপেও আল’ন পৰিধান কৰে৷ আল’নৰ মাধ্যমেদি¸ জনগোষ্ঠীটোৰ স্বকীয় পৰিচয় প্ৰকাশ পায়৷

১১] টাংখুল আৰু মেইটেই জনগোষ্ঠীৰ ‘লেইৰুম   

 

 

 

 

 

 

মণিপুৰৰ টাংখুল আৰু মেইটেই জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰ বা গামোচা সদৃশ এখন বস্ত্ৰ হৈছে ‘লেইৰুম’৷ ‘লেইৰুম’ বিশেষকৈ টাংখুল আৰু মেইটেই সকলৰ মাজত প্ৰচলিত গলবস্ত্ৰ৷ কিছু বছৰ আগলৈকে এই বস্ত্ৰখন কেৱল ডাঙৰ আকাৰত ‘লেইৰুম ফী’ হিচাপে তৈয়াৰ কৰা হৈছিল আৰু শ্বল, গাত মেৰিয়াই পিন্ধা বস্ত্ৰ হিচাপে প্ৰচলন আছিল৷ টাংখুল আৰু মেইটেই সকল বিশেষ দিনত মিলিত হ’লে পৰষ্পৰে পৰষ্পৰক উপহাৰ দিয়াৰ পৰম্পৰা আছে৷  ‘লেইৰুম ফী’ খুই টম্পক ৰজাৰ দিনৰ পৰাই প্ৰচলন হৈ আহিছে বুলি পোৱা যায়৷ কিছু বছৰ আগৰ পৰা সৰু আকাৰত ‘লেইৰুম’ হিচাপে তৈয়াৰ কৰি গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পৰম্পৰাৰো সূচনা হ’ল৷ এখন আদৰ আৰু সন্মানৰ বস্ত্ৰ ‘লেইৰুম’ আয়তাকাৰ৷ গলবস্ত্ৰ হিচাপে বয়ৱহূত ‘লেইৰুম’ দীঘলে চাৰিহাত, স্কেল হিচাপত প্ৰায়  প্ৰায়  ৭০-৭২ ইঞ্চি আৰু প্ৰস্থ বা বহলে এবেগেততকৈ অলপ বেছি, স্কেল হিচাপত প্ৰায় জ্ঝ-১০ ইঞ্চি৷ ‘লেইৰুম’ পৰম্পৰাগত ভাৱে কপাহী সূতাৰে তৈয়াৰ কৰা হৈছিল৷ বৰ্তমান ঊণ সূতাৰ লগতে অন্যান্য সূতাও ব্যৱহাৰ কৰে৷ ‘লেইৰুম’ কেইবাটাও ৰঙত বোৱা হয়৷ মূল পৃষ্ঠৰ ৰং বগা, ক’লা আৰু ৰঙা৷ পাৰি ব’বলৈ ক’লাৰ লগতে দাঁতিত ব্যৱহাৰ কৰা ৰঙৰ সূতা ব্যৱহাৰ কৰা হয়৷ পাৰিৰ দাঁতিভাগ ৰঙা, সেউজীয়া, হালধীয়া, নীলা আদি ৰঙত বোৱা দেখা যায়৷ ফুলৰ ক’লা, ৰঙা, বগা আদি ৰঙৰ৷ ফুলৰ নক্সাত মণিপুৰী সংস্কৃতি প্ৰতিফলিত হয়৷ দুই মূৰে জ্জ্বড্ডডালমান সূতাৰে গাৰি দিয়া হয়৷ ৰঙা আৰু বগা এই দুবিধ সূতা মিহলি কৰিয়ে সাধাৰণতে গাৰি বোৱা হয়৷ ‘লেইৰুম’ কেইবাটাও ৰঙত বোৱা হয় যদিও ক’লা আৰু বগা ৰঙৰ সূতা প্ৰতিবিধতে পাৰি অথবা গাৰিত দিয়া দেখা যায়৷      ‘লেইৰুম’ সাধাৰণতে¸ গলত পিন্ধে৷ মণিপুৰী লোকসকলে শুভ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদিত পৰিধান কৰে৷ সভা-সমিতিত অতিথিক সন্মান জনায়৷ ঘৰলৈ অহা অতিথিক শ্ৰদ্ধা, স্নেহ জনাবৰ বাবেও উপহাৰ হিচাপে যাচে৷ ‘লেইৰুম ফী’ মণিপুৰী টাংখুল আৰু মেইটেই জনজাতিৰ পৰম্পৰা আৰু সাংস্কৃতিক ইতিহাসৰ গুৰুত্বপূৰ্ণ বস্ত্ৰ৷১২]

 

তাই আহোম জনগোষ্ঠীৰ ‘ফা চিত 

 

 

 

 

 

 

 

 

 

   ‘ফা চিত’ তাই আহোম জনগোষ্ঠীৰ মাজত গলবস্ত্ৰ বা গামোচা হিচাপে প্ৰচলিত৷ অসমৰ এটা প্ৰধান জনগোষ্ঠী তাই আহোমসকলে অতীজৰে পৰা পৰম্পৰাগত সাজ-পাৰ ব্যৱহাৰ কৰি আহিছে৷ পৰম্পৰাগতভাবে তাই আহোমসকলে মুগাৰ সাজ-পাৰেই ঘাইকৈ পৰিধান কৰে৷

tribe
tribal
mafla
senga

অসমলৈ আহি তাই আহোমসকলে বৃহত্তৰ অসমীয়া সমাজ, সংস্কৃতিৰ লগত বিলীন হওতে দিয়া লোৱাৰ নীতি গ্ৰহণ কৰে৷ সময়ৰ লগে লগে তাই আহোমসকৰ পৰম্পৰা তথা সমাজ-সংস্কৃতিয়ে বহুলাংশে অসমীয়া ৰূপ লয়৷ তাই আহোম জনগোষ্ঠীয়ে অন্যান্য পৰম্পৰাৰ লগতে পৰম্পৰাগত সাজ-পাৰৰ লগত গলবস্ত্ৰ হিচাপে ‘ফা চিত’ পৰিধান কৰে৷ আয়তাকাৰ ‘ফা চিত’ৰ দীঘ প্ৰায় ৪৯ ইঞ্চিৰ পৰা ৬৭ ইঞ্চি আৰু প্ৰস্থ প্ৰায় ১৬ ইঞ্চিৰ পৰা ১৮ ইঞ্চি৷ ‘ফা চিত’ত মুগা বা টচ মুগা বা মুগাৰঙী সূতা ব্যৱহাৰ কৰে৷ গামোচাৰ মূল পৃষ্ঠৰ  ৰং মুগা বা মুগা বৰণীয়া৷ সাধাৰণতে ‘ফা চিত’ত ফুল দিয়াৰ পৰিৱৰ্তে দুয়ো মূৰে দুইৰ পৰা আঢ়ৈ ইঞ্চি মান জোখত ৰঙা আঁচুৰ গাঁৰি দিয়ে৷ ৰঙাৰ ওপৰিও হালধীয়া, সেউজীয়া সূতাৰেও দুই মূৰে গাঁৰি দিয়ে৷ ‘ফা চিত’ত শেল বা পাৰি নাথাকে৷ পুতল, প্ৰস্থ বা দাঁতিৰ পৰা দাঁতিলৈ মাজ অংশৰ ১০ ইঞ্চিমান দূৰে দূৰে চাৰি ঠাইমানত সোণালী সূতা বা ৰুলেক্স দিয়ে৷ কোনোখনত ৩ ৰ পৰা ৪ ইঞ্চিমান দূৰে দূৰে কেইবাঠাইতো ৰঙা, হালধীয়া, সেউজীয়া আঁচু দিয়ে৷ কোনোখনত দীঘে দীঘে ডেৰ বা দুই ইঞ্চি ব্যৱধানত আঠ ঠাইমানত সোণালী সূতা বা ৰুলেক্স দিয়াও দেখা যায়৷ সাধাৰণতে ‘ফা চিত’ত ২ টাৰ পৰা প্ত টা মানলৈকে ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ মে-ডাম-মে-ফী, বিহু, আহোমসকলৰ অন্যান্য উৎসৱ পাৰ্বনৰ বাহিৰেও অন্য সময়তোঅ‘ফা চিত’ গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যচাৰ লগতেৰ¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰা দেখা যায়৷

  ১৩] আও নগা জনগোষ্ঠীৰ ‘মাংকটেপ্‌চু’

 

 

 

 

 

 

 

  ‘মাংকটেপ্‌চু’ আও নগা জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰ৷ ঘাইকৈ আও-নগা জনগোষ্ঠীৰ লোকসকল নগালেণ্ডৰ মোকক্‌চোং জিলাত বাস কৰে৷ উজনিঅসমতো দুই এটা পৰিয়ালে বসবাস কৰি আছে৷ অতীজৰে পৰা চুংকটেপ্‌চু আও নগা জনগোষ্ঠীৰ মাজত ব্যৱহূত হৈ আহিছে৷ চুংকটেপ্‌চু আৰু মাংকটেপ্‌চু দেখাত একে৷ আকাৰত পাৰ্থক্য থকা চুংকটেপ্‌চু শ্বল হিচাপে ব্যৱহাৰ কৰে আৰn মাংকটেপ্‌চু গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ পৰম্পৰাগত ভাৱে চুংকটেপ্‌চু পূৰ্বপুৰুষৰ দিনত যিসকল আও  নগা যোাদ্ধাই  শSn যোদ্ধাৰ শিৰশ্চেদ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে অথবা সমাজত প্ৰতিপত্তি থকা ব্যক্তিয়ে শৰীৰৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰিছিল৷ চুংকটেপ্‌চু আৰু মাংকটেপ্‌চু দুয়োখনেই আয়তাকাৰৰ৷ চুংকটেপ্‌চুৰ দীঘ প্ৰায় জ্জ ফুট আনহাতে মাংকটেপ্‌চুৰ দীঘ প্ৰায় ৬.৬ ফুট৷ চুংকটেপ্‌চুৰ প্ৰস্থ প্ৰায় চ্ছ্ৰ ৰ পৰা প্ত ফুট আৰু মাংকটেপ্‌চুৰ প্ৰস্থ প্ৰায় ১১ ৰ পৰা ১২ ইঞ্চি৷ ঊল সূতাৰে চুংকটেপ্‌চু আৰু মাংকটেপ্‌চু বোৱা হয়৷ চুংকটেপ্‌চু আৰু মাংকটেপ্‌চুৰ মূল পৃষ্ঠৰ ৰং ৰঙা, ক’লা আৰু মাজ অংশত বগা৷ চুংকটেপ্‌চু আৰু মাংকটেপ্‌চু দেখাত খুবেই সাধাৰণ যদিও বস্ত্ৰ দুখনৰ প্ৰতিটো নক্সা আৰু ৰঙে এক গভীৰ অৰ্থ আৰু গুৰুত্ব বহন কৰে৷ চুংকটেপ্‌চু আৰু মাংকটেপ্‌চুত থকা নক্সাবিলাকে যোদ্ধাৰ খ্যাতিক সূচায়৷ মাজৰ বগা  অংশত হাতেৰে কৰা নক্সাই সাহস আৰু বীৰত্বক প্ৰতিনিধিত্ব কৰে৷ নক্সাবিলাকত নৰমূণ্ড, ঢাল, যাঠি, দা, সিংহ, বাঘ, মেথুন, হাতী, হৰ্ণবিল, কুকুৰা, সূৰ্য্য, চন্দ্ৰ, তৰা, নগাসকলৰ পুৰণি মুদ্ৰা আদি থাকে৷ চুংকটেপ্‌চু গা গৰম কৰি ৰাখিবলৈ ব্যৱহাৰ কৰাৰ লগতে উৎসৱ পাৰ্বন, জনগোষ্ঠীয় অনুষ্ঠানত অলংকাৰিক সাজ হিচাপে ব্যৱহাৰ হয়৷ পুৰুষসকলে চুংকটেপ্‌চু শৰীৰৰ উপৰিভাগত প্ৰায় ককাললৈকে ঢাক খোৱাকৈ পিন্ধে৷ মাংকটেপ্‌চু মান্যবস্ত্ৰ হিচাপে আধুনিক সমাজৰ পৰম্পৰাগত সাজ হিচাপে ডিঙি বা গলত পৰিধান কৰা হয়৷ মাংকটেপ্‌চু আও নগাসকলে উৎসৱ-পাৰ্বনত পৰিধান কৰাৰ উপৰিও অন্য সময়তো পৰিধান কৰে৷bit১৪] 

টাই খামটি জনগোষ্ঠীৰ ‘ফা মাই’   

 

 

 

 

 

 

 

 

 

 

 

 

 

 

টাই খামটি [খামতি] জনগোষ্ঠীৰ মাজত প্ৰচলিত গলবস্ত্ৰখন ‘ফা মাই’ নামেৰে পৰিচিত৷ টাই খামটি বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰ-পূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল৷ নামচাই জিলাৰ টেঙাপানী অঞ্চলত টাই খামটিসকলৰ বসতি দেখা যায়৷ খামটিসকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে৷ তেওঁলোকৰ নিজা লিপি আছে যি শান লিপিৰ পৰা উদ্ভৱ হোৱা৷ তেওঁলোকৰ মাতৃভাষা খামটি৷ খামটি ভাষাত ‘ফা’ মানে কাপোৰ আৰু ‘মাই’ মানে মেৰিয়াই লোৱা অৰ্থাৎ মেৰিয়াই ল’ব পৰা কাপোৰ [ডিঙিত অথবা কান্ধৰ তলেদি সৰকাই]৷ টাই খামটি জনগোষ্ঠীৰ লোকসকল প্ৰধানত অসমৰ লখিমপুৰ জিলাৰ বৰগাঁও, টিপলিং আদি ঠাইত বসবাস কৰি আহিছে৷ টাই খামটি জনগোষ্ঠীৰ ‘ফা মাই’ আয়তাকাৰৰ হয়৷ ইয়াৰ দীঘ প্ৰায় ৮০ ইঞ্চি [২০০ ছেণ্টিমিটাৰ] আৰু প্ৰস্থ প্ৰায় ৩২ ইঞ্চি [৮০ ছেণ্টিমিটাৰ]৷ পকোৱা সূতাৰে টাই খামটি জনগোষ্ঠীৰ ‘ফা মাই’ বোৱা হয়৷ ‘ফা মাই’ৰ দুই মূৰে ফুলৰ শেল থাকে৷ দুই মূৰে গুণা গঁঠা হয়৷ ‘ফা মাই’ৰ মূল পৃষ্ঠ বগা৷ পুৰুষে ব্যৱহাৰ কৰা ‘ফা মাই’ৰ পৃষ্ঠত ফুল নাথাকে, নাৰী বা মহিলাই ব্যৱহাৰ কৰা ‘ফা মাই’ পৃষ্ঠত ফুল বা বুটা বচা থাকে৷ এই ফুল বা বুটা সাধাৰণতে মুগা ৰঙৰ হয়৷ মহিলাই ব্যৱহাৰ কৰা ‘ফা মাই’ ত ফুল হিচাপে নাহৰ ফুল বা অন্য গছৰ ফুল নক্সা হিচাপে দিয়া হয়৷ মূলত ‘ফা মাই’ পুৰুষ আৰু মহিলাসকলে বাও কান্ধৰ পৰা সন্মুখলৈ এহাত বা এমুঠন ওলোমাই লৈ পিঠিত পাক মাৰি সোঁ বাউসীৰ তলেদি আনি বুকুৰ ওপৰেদি পুনৰ বাও কান্ধৰ ওপৰেদি নি পিঠিলৈ ওলোমাই লয়৷ ‘ফা মাই’ পুৰুষ মহিলা উভয়ে পৰিধান কৰে৷ ‘ফা মাই’ ডিঙি বা গলত পৰিধান কৰাৰ ওপৰিও মূৰত পাগুৰি হিচাপে বন্ধাও দেখা যায়৷ টাই খামটি জনগোষ্ঠীৰ ‘ফা মাই’ত পৃষ্ঠ, ফুল, শেল মিলাই দুটা ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ টাই খামটি জনগোষ্ঠীৰ ‘পয়চাংকেন’ বা বুদ্ধ মূৰ্ত্তি স্নান কৰোৱা উৎসৱ, মাঘী পূৰ্ণিমাত মেজি জ্বলাই পালন কৰা ‘মাইকুচুমফাই’, ভান্তে সকলৰ শেষ বিদায় জবালৈ ৰথ সাজি পালন কৰা ‘পয়লেং’ আদি ধৰ্মীয় উৎসৱত সন্মানৰ বা অতি মান্য বস্ত্ৰ হিচাপে পৰিধান কৰে৷ টাই খামটি জনগোষ্ঠীৰ লোকসকলে উৎসৱ পাৰ্বনৰ বাহিৰেও অন্য সময়ত ‘ফা মাই’ কমকৈ পৰিধান কৰে৷ জনগোষ্ঠীটোৰ লোকসকলে ‘ফা মাই’ ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যাচে৷ তদুপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈও ব্যৱহাৰ কৰা দেখা যায়৷ শেহতীয়াকৈ গলবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ‘ফা মাই’ চুটি আৰু ঠেক আকাৰতো বোৱা দেখা গৈছে৷ সৰু আকাৰৰ এই ‘ফা মাই’খনত মাজ অংশৰ ছয় ঠাই মানত দাঁতিৰ পৰা দাঁতিলৈ ডেৰ বেগেতমান দূৰে দূৰে দুইৰ পৰা চাৰি ছেণ্টিমিটাৰমান বহলকৈ মুগা ৰঙী সূতাৰে শেল দিয়া দেখা যায়৷ কিশোৰী বা যুৱতীসকলে পাট বা মুগা সুতাৰেও নিজৰ ৰুচি আৰু সুবিধা অনুসৰি চুটি আৰু ঠেককৈ চুৰ্ণীৰ জোখত ‘ফা মাই পট্‌’ বৈ লয়৷

naga
phake

১৫] ৱানচু জনগোষ্ঠীৰ ‘পাক্‌’ য ‘ডিন্‌পাক্‌’

   

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

অতীজত ৱান্‌চোসকলে গলত সন্মানৰ প্ৰতীক ‘লিক্‌’ [ৰঙ বিৰঙৰ মণিৰে চেপেটা আৰু বহলকৈ গঁঠা এডাল মালা]হে পৰিধান কৰিছিল৷ এই ‘লিক্‌’ ৰজা আৰু শত্ৰুৰ মুণ্ড চিকাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা লোকসকলে পৰিধান কৰিছিল৷ অসমীয়া সমাজত প্ৰচলিত গামোচাক অনুসৰণ কৰি পৰৱৰ্তী সময়তহে ৱান্‌চোসকলে ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ নামেৰে গলবস্ত্ৰখন তেওঁলোকৰ জনগোষ্ঠীটোৰ মাজত প্ৰচলন কৰে৷ ৱান্‌চো হ’ল টিৰাপ সীমান্তত বাস কৰা অৰুণাচল প্ৰদেশৰ এটা জনগোষ্ঠী৷ মূলত লংডিং, চাংলাং জিলাত ৱান্‌চোসকলৰ বসতি দেখা যায়৷ ৱান্‌চোসকলে বৰ্তমান খ্ৰীষ্টান ধৰ্ম পালন কৰে৷ উল্লেখ্য যে আবিভক্ত টিৰাপ আৰু বৰ্তমানৰ লংডিঙক ব্ৰহ্মদেশ [ম্যানমাৰ], নাগালেণ্ড আৰু অসমে স্পৰ্শ কৰি আছে৷ ৱান্‌চোসকলৰ মাতৃভাষা ৱান্‌চো৷ দেৱনাগৰি লিপিত লিখিত ৱান্‌চো ভাষাত ‘ডিন্‌’ মানে ডিঙি আৰু ‘পাক্‌’ মানে মেৰিয়াই লোৱা কাপোৰ৷ ৱান্‌চো জনগোষ্ঠীৰ কিছু লোকৰ মতে টিৰাপত বাস কৰা নক্টে, নাগালেণ্ডৰ মনত বাস কৰা কন্যাকসকল পূৰ্বতে একে গোষ্ঠীয় আছিল৷ মূলত একে জনগোষ্ঠীয় বুলি কোৱা অসমৰ জয়পুৰ অঞ্চলতো এখন নক্টে গাঁও অতীজৰে পৰা আছে৷ ৱান্‌চো জনগোষ্ঠীৰ ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ আয়তাকাৰৰ হয়৷ ইয়াৰ দীঘ প্ৰায় ৬৪ ৰ পৰা ৬০ ইঞ্চি আৰু প্ৰস্থ প্ৰায় ৬ ৰ পৰা জ্জ্ব ইঞ্চি৷ কপাহী সূতাৰে ৱান্‌চো জনগোষ্ঠীৰ ‘  

পাক্‌’ বা ‘ডিন্‌পাক্‌’ বোৱা হয়৷ ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ৰ দুই মূৰে নক্সাযুক্ত শেল থাকে৷ এই নক্সাযুক্ত শেল পৰম্পৰাগত লিক্‌ [মালা]ৰ পৰাই ‘পাক’ বা ‘ডিনপাক’লৈ অনা হৈছে৷ দুই মূৰে গুণা গঁঠা হয়৷ ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ৰ মূল পৃষ্ঠ প্ৰধানত নীলা৷ অন্য ৰঙৰ পৃষ্ঠৰেও ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ তৈয়াৰ কৰা হয়৷ পৃষ্ঠত ডাঙৰকৈ ৱান্‌চোসকলৰ পৰম্পৰাগত মুকুটৰ নক্সা তোলা হয় আৰু এই নক্সা তোলা ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ৰ দুইকাষে পাৰি দিয়া হয়৷ অৱশ্যে বগা পৃষ্ঠৰে ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ তৈয়াৰ কৰা নহয়৷ ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ ত ফুল হিচাপে ৱান্‌চোসকলৰ নিজা জনগোষ্ঠীয় নক্সা থাকে৷ ৱান্‌চো জনগোষ্ঠীৰ ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ৰ পৃষ্ঠ, নক্সা, শেল, পাৰি মিলাই ছয়টা ৰঙৰ সূতা ব্যৱহাৰ কৰা দেখা যায়৷ ৱান্‌চো জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে উৎসৱ পাৰ্বন আদিত ‘লিক্‌’ আৰু ‘পাক্‌’ বা ‘ডিন্‌পাক্‌’ পৰিধান কৰে৷ উল্লেখ্য যে ‘লিক্‌’ৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰা মালাৰ ৰং আৰু দীঘৰ পাৰ্থক্য আছে৷ মহিলাই ব্যৱহাৰ কৰা ‘লিক্‌’ পুৰুষে ব্যৱহাৰ কৰা ‘লিক্‌’তকৈ চুটি৷ তাৰোপৰি মহিলাই ব্যৱহাৰ কৰা ‘লিক্‌’ত ৰঙা মণি অধিক থাকে আৰু ৰঙৰ সংখ্যা, নক্সা আদিৰ পৰিমাণ বেছি৷ জনগোষ্ঠীটোৰ লোকসকলে ‘লিক্‌’, ‘পাক’ বা ‘ডিনপাক’ ঘৰলৈ অহা আলহী-অতিথিক মৰম শ্ৰদ্ধাৰ চিন হিচাপে উপহাৰ যাচে৷ তদুপৰি¸ সভা-অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিক সম্বৰ্ধনা জনাবলৈও ব্যৱহাৰ কৰা দেখা যায়৷ অন্যান্য জনগোষ্ঠীৰ অতি আদৰৰ গলবস্ত্ৰৰ দৰে ৱান্‌চোসকলে পৰম্পৰাগত ভাবে ব্যৱহাৰ কৰি অহা সৌৗন্দৰ্য, আদৰ আৰু সন্মানৰ প্ৰতীক ‘লিক্‌’ৰ ব্যৱহাৰ ‘পাক’ বা ‘ডিনপাক’তকৈ বেছি দেখা যায়৷

গলবস্ত্ৰৰ প্ৰতি অহা ভাবুকি বা সমস্যাঃ    গলবস্ত্ৰৰ প্ৰতি অহা ভাবুকি বা সমস্যাসমূহ সংক্ষেপে এনেধৰণৰ–১] শিপিনীৰ অভাৱ ঃ পৰম্পৰাগত ফুলৰ সৈতে গলবস্ত্ৰ তৈয়াৰ কৰিব জনা শিপিনী কোনো কোনো জনগোষ্ঠীৰ মাজত একেবাৰে কমি আহিছে৷২] গলবস্ত্ৰৰ নকল ঃ কিছুমান জনগোষ্ঠীৰ গলবস্ত্ৰৰ জনপ্ৰিয়তাৰ বাবে অসম তথা উত্তৰ-পূৱ ভাৰতৰ বাহিৰৰ উদ্যোগত ইবিলাক তৈয়াৰ কৰি কম দামত উপলব্ধ কৰোৱা হৈছে৷ গ্ৰাহকেও এনেধৰণে নকল ৰূপত তৈয়াৰী গলবস্ত্ৰ কম দামত কিনিবলৈ আগ্ৰহী হোৱা বাবে থলুৱা ভাবে নিৰ্মিত গলবস্ত্ৰলৈ ই প্ৰচণ্ড ভাবুকি স্বৰূপ হৈ পৰিল৷৩] থলুৱা ভাবে প্ৰস্তুত কৰা গলবস্ত্ৰৰ মূল্য বেছি বাবে গ্ৰাহক সীমিত ঃ থলুৱা সূতা, পৰম্পৰাগত নক্সাৰ সৈতে তৈয়াৰ কৰা গলবস্ত্ৰ এখনত শিপিনী এগৰাকীৰ যথেষ্ট শ্ৰম আৰু খৰচ যুক্ত হৈ থাকে৷ ফলস্বৰূপে এনে এখন গলবস্ত্ৰ অধিক দামত ক্ৰয় কৰিবলৈ গ্ৰাহক কম থাকে৷ এনে পৰিস্থিতিত গলবস্ত্ৰ তৈয়াৰ কৰিবলৈ শিপিনীসকলৰ উৎসাহ কমি আহে৷

পৰামৰ্শঃ    আলোচিত সমস্যাসমূহ সমাধান কৰিবলৈ হলে থলুৱা শিপিনীসকলে উৎসাহজনক মূল্য পোৱাৰ পৰিবেশ এটা লাগিব৷ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সচেতনতাৰ সৃষ্টি কৰি বজাৰত যাতে নকল গলবস্ত্ৰ বিক্ৰী কৰিব নোৱাৰে তাত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব৷ গলবস্ত্ৰবিলাকৰ জি আই টেগ লবলৈ জনগোষ্ঠীবিলাক আগবাঢ়ি যাব লাগিব৷ চৰকাৰে বজাৰৰ পৰা নকল গলবস্ত্ৰ নাইকীয়া কৰিবলৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু থলুৱা শিপিনীসকলক স্থানীয় আৰn গোলকীয় এখন বজাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব¸৷

সামৰণিঃ

    উত্তৰ-পূৱ ভাৰতত বসবাস কৰা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীয়ে একোখন স্বকীয় গলবস্ত্ৰ ন্ব্যৱহাৰ কৰে৷ বিভিন্ন আকাৰ, ৰং, নক্সাৰে তৈয়াৰী প্ৰতিখন গলবস্ত্ৰৰে সৌন্দৰ্য্য অতুলনীয়৷ একেসময়তে এই গলবস্ত্ৰবিলাকৰ সৈতে সাঙুৰ খাই আছে জাতি-জনগোষ্ঠীবিলাকৰ লোকাচাৰ৷ উত্তৰ-পূৱ ভাৰতৰ গলবস্ত্ৰবিলাকৰ সমুদায় তথ্য সামৰি এখন ‘গলবস্ত্ৰ-কোষ’ প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ কৰ্ম হ’ব বুলি আমি বিবেচনা কৰো৷

তথ্য দিয়া ব্যক্তিৰ নাম তালিকাঃ

ড॰ জ্যকৃষ্ণ মহন্ত [চাবুৱা], ড॰ জুনু মহন্ত [চাবুৱা], পুণ্য বৰুৱা বৰগোহাঞি [শিৱসাগৰ], সুতৰাম দাস [কাৰ্বি অংলং], মৃদুলা দাস [চাবুৱা], প্ৰাঞ্জল দাস [চিলাপথাৰ], ৰূপালী দত্ত দাস [ৰহমৰীয়া], গোবিন্দ বৈশ্য [কোকৰাঝাৰ], পৃথ্বিৰাজ ৰাভা [গুৱাহাটী], পেইম থি গোহাঁই [নাহৰকটীয়া], বুলন কুমাৰ শইকীয়া [নাহৰকটীয়া], জোনালী চেমা [পাহাৰপুৰ, টিৰাপ গেট], ড॰ ৰুণজুণ শইকীয়া, [মাৰ্ঘেৰিটা],  ছবি-তথ্যাদিৰে সহায় কৰা  ৱাংনং  কুংখৌ [দিহিং কিনাৰ নক্তে গাঁও, জয়পুৰ], বৈদ্যব্ৰাইট বুঢ়াগোহাঁই [ধেমাজি], ইতেমচো মালো [হায়ুলিয়াং], প্ৰসন্ন কুমাৰ কোঁচ [হায়ুলিয়াং], বাদাং টায়াং [তেজু], অৰুণ বৰুৱা [শদিয়া], বলীন দেউৰী [লেখক, আৰক্ষী অধীক্ষক], জিতেন বানাই [হিমলু পাহাৰ বানাই গাঁও, পশ্চিম কাৰ্বি আংলং], টংক কোঁৱৰ [প্ৰাক্তন শিক্ষক, পশ্চিম কাৰ্বি আংলং], যজ্ঞেশ্বৰ বানাই [নলবাৰী বানাই গাঁও, ধেমাজি], বিজয় মদাহি [সভাপতি, মদাহি ছাত্ৰ সন্থা], বাবুল মদাহি [আসাম টক্‌চ, গুৱাহাটী], দীপা বৰুৱা [নগাঁও, বিজয় চন্দ্ৰ সিংহ [গুৱাহাটী], ড॰ তপতী সিংহ, ড॰ ৰণজিত সিংহ [ডিব্ৰুগড়], নিৰোদ গোহাঁই [মৰাণ], বিতোপন গগৈ [গোলাঘাট], হেমন্ত গগৈ [গোলাঘাট], মাৰ্‌তোচি জমিৰ [উংমা বস্তি, মোকক্‌চোং, নাগালেণ্ড], ইমলেম্বা জমিৰ [মোকক্‌চোং, নাগালেণ্ড], বিতোপন বৰুৱা [শিৱসাগৰ], তানছেং খাংকেউ [সহকাৰী অধ্যাপক, ইংৰাজী বিভাগ, মাধৱদেৱ বিশ্ববিদ্যালয়], পেইম থি গোহাঁই, বুলন কুমাৰ শইকীয়া [নাহৰকটীয়া], নাং হাছিনা নামচোম, অসমীয়া ৱিকিপিডিয়া, তাছিনা নামচোম [মানফাইছেং, নামচাই, অৰুণাচল প্ৰদেশ] , পাঞ্জাম ৱাংচা [জেদ পি এম, কানুবাৰী, লংডিং, অৰুণাচল প্ৰদেশ], লেমফো ৱাঙেন [কানুবাৰী, লংডিং, অৰুণাচল প্ৰদেশ], বিজয় গগৈ [সাপেখাতি], RASMECCট্ৰ কৰ্তৃপক্ষ [ডিব্ৰুগড়

tribe of Arunachala

Writers Address

Associate Professor & HOD

Deptt. of Political Science

D.D.R College, Chabua

Dibrugarh, Assam

India, PIN- 786184

Phone

7002931764

Email

bottom of page