top of page

ভাৰতীয় নাটকৰ পিতামহ

হবীব তনবীৰ

 মানিক আহমেদ

Habib Tanvir

 বৰ্তমান জীৱনৰ সোণালী সৌধ ৰচনা কৰি ভাৰতীয় আধুনিক নাট্য জগতত প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰা এটি নাট্য ব্যক্তিত্ব  যাৰ খ্যাতি দেশৰ সীমা চেৰাই আন্তৰ্জাতিক পৰ্যায়লৈকে প্ৰসাৰ লাভ কৰিছিল। সমগ্ৰ জীৱন নাট্য কৰ্মত ব্ৰতী হৈ দেশৰ নাট্য জগতখনক বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে অভিনয়, পৰিচালনা, ৰচনা, সংগীত আদি না না দিশেৰে নিৰৱিচ্ছিন্ন ভাৱে একোটা ভাৰতীয় নাট্য সৃষ্টি কৰি দেশৰ  নাট্য জগতখনক এক সুকীয়া স্থান অধিকাৰ কৰা পুৰুষ জন হ'ল - ভাৰতীয় আধুনিক নাটকৰ পিতামহ হবীব তনবীৰ। 

             ভাৰতীয় আধুনিক নাটকৰ পিতামহ হবীব তনবীৰৰ জন্ম ১ নৱেম্বৰ ১৯২৮ চনত মধ্য প্ৰদেশৰ ৰামপুৰত। তনবীৰৰ দেউতাক পেচুৱাৰা(পাকিস্তানৰ) আৰু মাক ৰামপুৰৰ (ভাৰতীয়) আছিল।

      ইয়াৰ পৰা আৰম্ভ হৈছিল তনবীৰৰ জীৱনৰ দণ্ড। যিহেতু তনবীৰৰ দেউতাকে ইছলাম ধৰ্মক মনে প্ৰাণে বিশ্বাস কৰিছিল। সেইবাবে নাটক , সংগীত বা নৃত্য ধৰ্মৰ বিৰুদ্ধে হোৱাৰ বাবে তেওঁ সেইবিলাক কৰাত তনবীৰক বাধা দিছিল। কিন্তু তনবীৰৰ মাকৰ ঘৰখন একেবাৰে বেলেগ। তেওঁৰ এজন মামাক শাস্ত্ৰীয় সংগীতৰ গুৰু। আন এজন মামাক বিখ্যাত শায়েৰ।সেইবাবে তেওঁ ভাবিছিল ইছলাম ধৰ্ম আৰু জ্ঞানৰ মাজত সংগীত কেতিয়াও বাধা হ'ব নোৱাৰে। তনবীৰৰ মাকৰ সংগীত, নাটকৰ প্ৰতি সমৰ্থন আছিল। তেওঁৰ ডাঙৰ ককায়েক ৰামপুৰৰ কালিবাৰীৰ নাটকত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। দেউতাকৰ বিৰোধিতা সত্বেও মাকৰ সমৰ্থনত নাটক কৰিব পাৰিছিল। আশ্বৰ্য্যৰ কথা তনবীৰে যেতিয়া স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ দেউতাকে কোনো ধৰণৰ আপত্তি কৰা নাছিল। এই তনবীৰে নিজৰ লিখা 'এ লাইফ ইন থিয়েটাৰত' এই বিষয়ে সবিশেষ লিখিছে।

        সৰু কালৰ পৰাই নাটকৰ প্ৰতি আসক্তি থকা স্বত্বেও শুক্ৰবাৰৰ ' জুম্মা' আৰু ঈদৰ নামাজ পঢ়াৰ বাহিৰে আন নামাজ পঢ়াত তেওঁ ব্যস্ত নাছিল। কেৱল লুকাই লুকাই নাটক চোৱাৰ হেঁপাহ আছিল। তেওঁৰ ককায়েকে অভিনয় কৰা পাৰ্চী নাটক 'মহাব্বত কে ফুল' বহুবাৰ চাইছিল। তনবীৰৰ প্ৰথম নাটক 'কিংজন' হৱাৰ্ট আৰু প্ৰিন্স অৰ্থাৰ  নাটকত প্ৰিন্স অৰ্থাৰ চৰিত্ৰত স্কুলৰ পৰা ঠাকুৰ পেয়াৰেলাল পুৰস্কাৰ অৰ্জন কৰিছিল, দ্বিতীয় নাটক আছিল 'দুৰৰ যতীন উৰ্ফ পালিশ বাংলা' এই নাটকৰ নিৰ্দেশনা আছিল ড্ৰিল মাষ্টাৰ মূহিউদ্দিনৰ। তেখেতেই তেওঁৰ নাটকৰ প্ৰথম গুৰু। স্কুলীয়া জীৱন শেষ কৰি নাগপুৰৰ সেই সময়ৰ বিখ্যাত কলেজ 'মাৰিস'ত তেওঁ নামভৰ্তি কৰে আৰু তাৰ পৰাই বি,এ, ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। তনবীৰৰ  দেউতাকৰ ইচ্ছা আছিল যে তনবীৰে আই, চি, এছ, পৰীক্ষা দি কোনো প্ৰশাসনিক বিষয়া হওঁক। কিন্তু তনবীৰে 'মাৰিস'  কলেজত সাংস্কৃতিক গতি বিধি, কৰ্মত আৰু বেছিকৈ আগবাঢ়িল। সেই সময়তে তেওঁ ইংলিছ আৰু উৰ্দু সাহিত্য অধ্যয়ন কৰে আৰু  ইংলিছ বোলছবি চাবলৈ লয়। বিদেশী চিনেমা, গল্প, অভিনয় আৰু কাৰিকৰী কৌশল দেখি তেওঁ বিদেশী চিনেমাৰ প্ৰেমত পৰে।

বি, এ, পৰীক্ষাত উতীৰ্ণ হোৱাৰ পাছত এম, এ, ফাইনেল পৰীক্ষা দিয়াৰ ইচ্ছা তেওঁৰ নাছিল। সেয়ে নৌ সেনাৰ পৰীক্ষা দিবৰ বাবে বোম্বাইলৈ যাত্ৰা আৰম্ভ কৰে। বোম্বাইত জীৱন আৰম্ভ হয় সংগ্ৰামৰ মাজেৰে। উৰ্দু শিক্ষা, অভিনয় দক্ষতা আছিল যদিও বোম্বাইৰ বাস্তৱিক বাস্তৱ ক্ষেত্ৰখনত ধন উপাৰ্জনৰ কোনো সুবিধা নাছিল। তেনে অৱস্থাতো তনবীৰে চিনেমা চোৱা বাদ দিয়া নাছিল। বোম্বেৰ মেট্ৰো চিনেমা হলত 'পিকচাৰ অফ দাৰীয়ম গ্ৰে' নামৰ চিনেমা চাই এখন হোটেলত  তেওঁ বন্ধুসকলৰ সৈতে চাহ খাই চিনেমাখনৰ সমালোচনাৰ বিষয়ে আড্ডাত লিপ্ত হয়। হঠাৎ এজন ভদ্ৰলোকে তেওঁৰ সমালোচনাৰ কথা শুনি তেওঁৰ ওচৰলৈ গৈ তনবীৰক প্ৰশ্ন কৰিলে,   'মই আপোনাৰ কথা বহু সময় শুনি আছোঁ আপোনাৰ চিনেমাৰ প্ৰতি অতি আগ্ৰহ আছে। আপুনি চিনেমাত অভিনয় কৰিবনে ?'  এই কথা শুনি তনবীৰ বিনা মেঘে বজ্ৰপাত পৰা মানুহৰ দৰে হ'ল আৰু লগে লগে সন্মতি পিৰদান কৰিলে। সেই চিনেমাখনত তেওঁ নায়কৰ ভূমিকাত অভনয় কৰিলে। কিন্তু দুখৰ বিষয় চিনেমাখন কেতিয়াও মুক্তি নাপালে। এই চিনেমাখনৰ পৰাই তেওঁ 'সোহি  হাউচ' ছবি ঘৰৰ মালিক মহম্মদ তাহিৰ লগত পৰিচিত হয়।

     ১৯৪৫ চনৰ কথা তনবীৰৰ লগত বোম্বাই সাংস্কৃতিক জগতখনৰ পৰিচয় বাঢ়ি আহিছিল। এনে সময়ত অল ইণ্ডিয়া ৰেডিঅ'ৰ ডিৰেক্টৰ, মিঃ হেদ এ-বুখাৰীৰ লগত পৰিচিত হয়। সেই শৈশৱতে লেখক, শীয়েৰ, অভিনেতা, নাট্য সমালোচক আদি নতুন নতুন অনুষ্ঠানত ভাগ লয়। লগে লগে চিনেমাৰ পৰ্যালোচক হিচাপেও। কলমৰ জোৰ আৰু প্ৰতিভাৰ সুবাসে অলপ দিনৰ ভিতৰত হবীব তনবীৰ খ্যাতিৰ জখলাত বগাবলৈ ধৰিলে। সেই সময়ৰ ফিল্ম ইণ্ডিয়া ৰ সম্পাদক বাবু ৰাও প্যাটেলদেৱে হবীব তনবীৰক চিনিয়ৰ এছিটেন্ট এডিটৰ হিচাপে নিয়োগ কৰে আৰু সেই সময়ৰ পৰা তেও পৰ্যালোচনা আৰু অভিনয়ও কৰিবলৈ লয়। ফুটপাথ, লোকমান্য তিলক, নাজ, বিতে দিন দিয়া জ্বলে ছাৰী ৰাত, আকাশ আদিত হবীব তনবীৰে অভিনয় কৰে। 

    ফিল্ম জগতৰ লগত পৰিচিত হৈয়ো তেওঁ সন্তুষ্টি পোৱা নাছিল। আন কিবা এটা কৰাৰ কথা ভাৱি চিন্তিত হৈছিল তেওঁ। তাৰপিছত তেওঁ ইপ্টা (IPTA)ত জইন কৰে আৰু অভিনয় কৰিবলৈ লয়। ভাৰতীয় গণনাট্য সংঘ (IPTA) ত তেওঁৰ ৰচিত দ্বিতীয়খন নাটক, 'দকন কী এক ৰাত'ৰ নিৰ্দেশনা প্ৰদান কৰিছিল সম্ভৱত স্বনামধন্য বলৰাজ সাহিনীদেৱৰ। বলৰাজ সাহিনীদেৱে হবীব তনবীৰ অভিনয়ৰ প্ৰশংসা কৰিছিল। এই নাটকৰ অভিজ্ঞতা সম্পৰ্কে তনবীৰদেৱে এইদৰে ব্যক্ত কৰিছিল-'ৰাতি দুই বজা পৰ্যন্ত আখৰা। মই এজন বৃদ্ধৰ চৰিত্ৰত অভিনয় কৰিছিলো। মোৰ অভিনয়ত বলৰাজবাবু সন্তুষ্ট হোৱা নাছিল। সেয়ে এদিন আখৰাত বলৰাজবাবুৱে খুব জোৰেৰে মোৰ গালত এটা চৰ মাৰিলে আৰু ক'লে, এতিয়া ডাইলগ কোৱা। চৰ খাই মোৰ কান্দোন ওলাল আৰু কন্দা ভাৱেৰে মই ডাইলগ ক'লো। ডায়লগ শেষ হোৱাৰ পিছত বলৰাজবাবুৱে মোক গবা মাৰি সাৱটি ধৰি ক'লে, মই জানি বুজিয়ে তোমাক চৰ মাৰিছো।

Habib Tanvir

এতিয়া তুমি সঠিকভাৱে কান্দিছা, মই তোমাক খঙত চৰ মৰা নাই, জানি বুজিহে মাৰিছো। কাৰণ তোমাৰ এটা প্ৰত্যক্ষ অভিজ্ঞতাৰ প্ৰয়োজন আছিল। মই তোমাক সেই অভিজ্ঞতা দিব বিচাৰিছিলো। কাৰণ মই স্তানিস্লাভাস্কিৰ ইমশনাগ মেমৰি তত্ত্ব বিশ্বাস নকৰো। আজি মোৰ ওচৰত আন কোনো বিকল্প নাছিল।' 

   ৰাজনৈতিক মতানৈক্যত তনবীৰে ভাৰতীয় গণনাট্যৰ পৰা গুছি আহিলেও কিন্তু বম্বেত নাটক কৰি থাকে। সেই সময়ত তেওঁলৈ ফ্লিমৰ বাবে বহুতো নিমন্ত্ৰণ আহে যদিও তেওঁ বম্বে এৰি দিল্লীলৈ গুচি যায়। সেয়া পঞ্চাশ দশকৰ আৰম্ভণিৰ কথা তেখেতৰ দিল্লী সম্পৰ্কে বাস্তৱ অভিজ্ঞতা নাছিল। কি কৰিব, কি নকৰিব আদি প্ৰশ্ন তেওঁৰ মনলৈ আহিছিল। লাহে লাহে তেওঁ স্পষ্ট হ'ল যে, ভাৰতীয় ৰঙ্গমঞ্চ দুভাগ হৈছে। এফালে অভিজাত সম্প্ৰদায়। যি বৃটিছ সংস্কৃতিত শিক্ষিত আৰু তেওঁলোকে লোক সংস্কৃতিক হেয় জ্ঞান কৰে। আনফালে আনটো ভাগে বৃটিছ সংস্কৃতিৰ সকলো বিনা বিচাৰে প্ৰতিবাদ কৰিব পাৰে। এনে সময়তে তনবীৰে যি পথ গ্ৰহণ কৰিছিল সেই সম্পৰ্কে তেওঁ ব্যক্ত কৰিছিল এইদৰে, 'বিশ্ব সংস্কৃতি গ্ৰহণ কৰাৰ আগতে আমাৰ নিজৰ সংস্কৃতিৰ বিষয়ে জনাটো অতিকে প্ৰয়োজন। ই বিদেশী সংস্কৃতি ত্যাগ কৰাৰ কথা কোৱা নাই কিন্তু তাক গ্ৰহণ কৰাৰ আগত নিজা সংস্কৃতিৰ সমস্ত বিকল্প লোৱাৰ স্বাধীনতা থকা উচিত। এইবাবে দেশীয় পৰম্পৰা সম্পৰ্কে জ্ঞান থকা দৰকাৰ। এটা অতি দুখৰ কথা যে আমাৰ সংস্কৃতি সমৃদ্ধ হৈয়ো সেই সংস্কৃতিৰ লগত জড়িত শিল্পীসকলে দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰিবলৈ অসমৰ্থ।'

তনবীৰে অন্তৰত বহুত বেদনা অনুভৱ কৰিছিল। বুজি পাইছিল ভাৰতীয় থিয়েটাৰৰ ভৱিষ্যৎ কি ? সেয়ে তেওঁ ভৱিষ্যত থিয়েটাৰ সম্পৰ্কে স্পষ্ট ধাৰণা লৈ দিল্লীৰ মিচেছ এলিজাবেথ স্কুলৰ শিশু ছাত্ৰ-ছাত্ৰীসকলক কাম আৰম্ভ কৰিলে। সেই শিশুসকলক তনবীৰে আমাৰ লোক সংস্কৃতিৰ বিষয়ে জানিবলৈ দিয়ে আৰু সাধু, গল্প আদি শুনায়। শিশুসকলে ভালপোৱা গল্পবোৰৰ নিজেই নাট্যৰূপ দি তনবীৰে শিশুসকলক নাটক কৰোৱায়। শিশুসকলৰ বাবে লিখা তেখেতৰ প্ৰথমখন নাটক হ'ল, 'বাচ্চে কা নগৰ'। শিশুসকলক নাটক শিকাওতে তেওঁ অনুভৱ কৰিছিল যে আমি যদি শিশুসকলক সঠিকভাৱে নাটক শিকাব পাৰোঁ তেতিয়া সেই শিশুসকলে ভৱিষ্যতে ভাৰতীয় ৰঙ্গমঞ্চক আগুৱাই নিব পাৰিব। সেয়ে তেওঁ শিশুসকলৰ বাবে প্ৰায় সাতখন নাটক লিখি মঞ্চৰূপ দিছিল। ইমানতে তেওঁ শান্ত নহ'ল। ১৯৫৫ চনত নজীৰ আকৰবাদীৰ কিছু কবিতা লৈ জামিয়া-মিলিয়াৰ কিছু ছাত্ৰ আৰু ওচৰৰ এখলা গাঁৱৰ কিছু গ্ৰামীণলোকক লৈ তেওঁ এখন ৰূপক প্ৰস্তুত কৰিছিল। এই ৰূপকখনি সমাদৃত হৈছিল। পিছলৈ এই ৰূপকখনিকে তনবীৰে 'আগ্ৰা বাজাৰ' নামে নাট্যৰূপ দিয়ে। এই নাটকখনে ভাৰতৰ বাহিৰে বিদেশতো জনসমাদৃত হয়। সেই সময়তে তনবীৰে লণ্ডনৰ স্কুল অৱ ড্ৰামাটিক আৰ্ট (ৰাড্ডা)ৰ ৰাডাৰ হৈ যোৱাৰ কাৰণ হ'ল তেওঁ আধুনিক নাটকৰ তত্ত্ব আৰু কাৰিকৰী শিক্ষা অৰ্জন কৰি ভাৰতীয় নাট্যশৈলী উন্নত কৰা। সেই সময়তে ভাৰতবৰ্ষত নাটক প্ৰশিক্ষণৰ কোনো ডাঙৰ সংস্থা নাছিল। ব্যক্তিগত প্ৰচেষ্টাৰে মঃ ইব্ৰাহিম আলকাজীয়ে বম্বেত এখন প্ৰশিক্ষণ কেন্দ্ৰ চলাইছিল।

Drama part of Habib Tanvir

তনবীৰে ভাৱিছিল বিদেশত নাট্য শিক্ষা অৰ্জন কৰি ভাৰতীয় নাটকৰ পৰম্পৰা আধুনিক কৰা বিদেশৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰত পৃথিৱীৰ প্ৰায়বোৰ দেশৰ ছাত্ৰ-ছাত্ৰী আহে। তাত ব্ৰিটিছৰ দৰে ইংৰাজী ভাষা ক'ব লাগিছিল যাক কোৱা হয় বাইন্স ইংলিশ। সেইবাবে তেওঁ তাত ইংৰাজী ভালকৈ শিকিবলগীয়া হৈছিল। তাৰপিছত তেওঁ উইক থিয়েটাৰত নাটকৰ মুখা আৰু মঞ্চ সজ্জা আৰু নাট্য প্ৰস্তুতিৰ বিষয়ে শিক্ষা গ্ৰহণ কৰে। তাৰপিছত একবছৰ ব্ৰিটিছ ড্ৰামালীগত নাট্য লিখন শিক্ষা গ্ৰহণ কৰে। তেওঁ ইউৰোপৰ নাটক প্ৰস্তুতি সম্পৰ্কে অধিক জ্ঞান অৰ্জন কৰাৰ কথা ভাৱিছিল। সেইবাবে তেওঁ লণ্ডনৰ পৰা পেৰিছৰ যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। কিন্তু সেই সময়ত তেওঁৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে আঙুৰ বাগানত আঙুৰ বোটলাৰ কামত সোমাইছিল আৰু তাৰ পৰা যিখিনি পাৰিশ্ৰমিক পাইছিল সেইখিনিৰে নাটক চাইছিল। মদ্ৰিদ, বাৰ্চিলোনা আৰু স্পেইন আদিত ঘূৰি ফুৰি তেওঁলোকৰ নাটক শিকিলে। আৰ্থিক নাটনিৰ বাবে তনবীৰে সেই সময়ত ৰেডিঅ'ত নাটক লিখা, ৰাতি নাইট ক্লাৱত ছতিশগড়ী লোকগীত গোৱা আদি কাম কৰিছিল। 

         ইউৰোপ ভ্ৰমণৰ পিছত তনবীৰে প্ৰাগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'ডাকঘৰ' নাটকখন চাইছিল। বাৰ্লিন ঘূৰি আহি তনবীৰে ভাৱিছিল যদি ভাৰতীয় নাটকৰ উন্নতি কৰিবলগীয়া হয় তেন্তে বিদেশী নাটক নকল কৰাটো মুৰ্খামি হ'ব। সেয়ে তেওঁ বেগম কুশদিয়া জ্যায়াদিৰ লগ হৈ হিন্দুস্থানী থিয়েটাৰৰ গ্ৰুপ খুলে । হিন্দুস্থানী থিয়েটাৰত হবীবৰ প্ৰথম নিবেদন আছিল শুদ্ৰকৰ 'মুচ্ছকৰ্টিক' । এনে সময়তে ৰামপুৰত থকা তেওঁৰ পৰিয়ালৰ লোকক দেখা কৰিবলৈ যাওঁতে ছত্তিশগড়ৰ লোক কলা 'নাচা' চাই তেওঁ মুগ্ধ হয় আৰু সেই শৈলীত তেওঁ নাটক কৰাৰ কথা ভাৱিলে কাৰণ ইয়াৰ অভিনয় পদ্ধতি সহজ, স্বতঃস্ফুত প্ৰাণ শক্তিৰে ভৰপুৰ। এই কথা ভাৱি তেওঁ পাঁচজন অভিনেতা ঠিক কৰিলে। তেওঁলোক ক্ৰমে, মদন লাল, ঠাকুৰ ৰাম, ভুলবাৰাম, বাবুৰাম আৰু জগমোহন। তনবীৰে নিৰ্বাচিত অভিনেতা কেইজনক দিল্লীলৈ মাতিলে আৰু লগতে ছতিশগড়ী সংগীতৰ প্ৰতিভু লালুৰামকো তেওঁ দিল্লীলৈ আমন্ত্ৰণ জনালে। এই ছয়গৰাকী শিল্পীক দেখি বেগম জ্যায়াৰ্দিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, 'নাটকৰ নায়ক-নায়িকা দেখিবলৈ সুন্দৰ হ'ব লাগে। এই ক'লা ক'লা ভূতৰ নিচিনা কি মানুহ আনিলা!' তনবীৰৰ আত্মবিশ্বাস কিন্তু ভঙা নাছিল। তেওঁ অতি সাৱধানতাৰে নায়ক-নায়িকা নিৰ্বাচন কৰিছিল। বসন্তসেনাৰ অভিনয়ত ভাৰত নাট্যমৰ শিল্পী ৰেখা ৰেবড়ী, চাৰুদত্তৰ অভিনয়ত দিল্লীৰ বিখ্যাত অভিনেতা শ্যাম বাহাদুৰে আৰু হবীব তনবীৰে নিজে সূত্ৰধাৰৰূপে অভিনয় কৰিছিল। শুদ্ৰকৰ নাটকত যি কবিতা আছিল তাক তনবীৰে নিজে গীতেৰে সজালে। নাটকৰ আখৰা চলিছিল ন মাহ পৰ্যন্ত। নাটক মঞ্চস্থ হোৱাৰ পিছত দুই ধৰণৰ সমালোচনা হৈছিল। এই সমালোচনাক হবীবে নিজৰ ভাষাত এইদৰে কৈছিল- 

'   আচল কথা ক'বলে গ'লে শাস্ত্ৰীয় নাট্যশৈলী সম্বন্ধে কাৰো কোনো জ্ঞান নাই। যিকোনো শৈলীত নাটক কৰে। সংস্কৃত নাটক পঢ়া বা বুজা এক ধৰণৰ আৰু ইয়াৰ মঞ্চস্থ এক ধৰণৰ। মই ডঃ ৰাঘবনক সন্মান নকৰোঁ। তেওঁ লিখা সংস্কৃত নাটকৰ কিতাপ নপঢ়াকে সংস্কৃত নাটক কৰা নহয়। কিন্তু আমি যেতিয়া তেওঁৰ মুচ্ছকটিকা চাওঁ তেতিয়া বৰ হতাশ হও। সংস্কৃতৰ পণ্ডিত বা সংস্কৃত শব্দক ইমান ভাল পোৱাৰ পিছতো সংস্কৃত শব্দ নাটকত প্ৰয়োগ কৰা নাই, এই বাস্তৱ সত্যটো কিন্তু কোনোৱে মানি লোৱা নাই। গতিকে সংস্কৃত নাট্য শৈলীৰ নাম মোৰ মুখত কেৱল মাত্ৰ প্ৰতীকী হৈ হে আছে। আজি আমি যি দেখিছো সি হাজাৰ হাজাৰ বছৰৰ আগৰ খিনিয়েই। ই এটা মস্ত ভ্ৰমহে। সংস্কৃতি সকলো সময়তে ডায়নামিক। ই অত্যন্ত জৰুৰী যে সংস্কৃত নাটক সহজে বুজাৰ দিন আহি পৰিছে।'

         নাটকৰ অভিনয় পদ্ধতিত এটা ডাঙৰ পাৰ্থক্য ৰৈ গৈছিল। লোক শিল্পীৰ সহজাত অভিনয় প্ৰতিভা চহৰৰ শিল্পীৰ নাছিল। কিন্তু অন্তৰ্দ্বন্দ্ব বা চৰিত্ৰৰ সুক্ষ্ম ৰূপ যিদৰে চহৰৰ অভিনেতাই তুলি ধৰিছিল সেইদৰে লোক শিল্পীয়ে পৰা নাছিল।        

Drama of Habib Tanvir

বেগম জ্যায়াদি আৰু তনবীৰৰ মাজত মনোমালিন্য হোৱাৰ পিছত তনবীৰ হিন্দুস্থানী থিয়েটাৰৰ পৰা ওলাই আহিছিল। তাৰ পৰা ওলোৱাৰ পিছত তনবীৰ ফুটপাতত থকাৰ দৰে অৱস্থা হৈ পৰিছিল। সেই বিপৰ্য্যয় সময়ত তেওঁৰ সংগী আছিল মোনিকা মিশ্ৰ। মোনিকা মিশ্ৰ আৰু ছত্তিশগড়ৰ ন জন শিল্পীক লৈ দিল্লীৰ জনপথত গেৰেজ এটাতে তেওঁলোকে নতুন নাটক 'সাত পইচা' আৰম্ভ কৰিলে। এই একাংকিকা নাটকখন প্ৰথমে এম, টি, এত মঞ্চস্থ কৰিলে। তাৰপিছত কৰ্ণাট প্লেচৰ ডাঙৰ পাৰ্কত (এতিয়াৰ পালীকা বজাৰ)। কিছুদিনৰ পিছত মোনিকা মিশ্ৰৰ প্ৰস্তাৱক্ৰমে এই নাট্য দলটিৰ নাম ৰখা হ'ল, 'নয়া থিয়েটাৰ'। এই নাম আজিও চলিত হৈ আছে। 

১৯৬৮ চনত গালিৱ শতাব্দী সমিটিয়ে তনবীৰক মিৰ্জা গালিবৰ ওপৰত নাটক ৰচনা কৰাৰপ্ৰস্তাৱ দিলে। গালিবৰ শায়েৰ আৰু জীৱন দৰ্শনৰ ওপৰত তনবীৰে প্ৰস্তুত কৰিলে নাটক, 'মিৰ্জা গালিব'। মিৰ্জা গালিব নিবেদনৰ আগদিনা নাটকৰ মুখ্য নায়ক দল ত্যাগ কৰি গুচি গ'ল। তেতিয়া পুনৰ এক সংকটৰ সন্মুখীন হ'ল তনবীৰ। কোনোৱে এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ মান্তি নহ'ল। অৱশেষত সেই চৰিত্ৰটো তনবীৰে নিজে অভিনয় কৰে। এই নাটকৰ অভিজ্ঞতাৰ পৰাই তনবীৰে বহু অভিজ্ঞতা অৰ্জন কৰে। ইয়াৰ পিছত অতি চৰ্চিত নাটক, 'চৰণ দাস চোৰ'ৰ সফলতা হ'ল তনবীৰৰ জীৱনৰ মাষ্টাৰপিচ। ১৯৭৩ চনত হবীব তনবীৰে ৰচনা কৰিলে, 'গাঁৱ কা নাম শশুৰাল, মেৰা নাম দামাদ'। এই নাটকত প্ৰায় এশজন কলা-কুশলীয়ে অংশগ্ৰহণ কৰে। 

 হবীব তনবীৰৰ 'চৰণ দাস চোৰ' নাটকখন বহুবাৰ পৰীক্ষা নিৰীক্ষাৰ মাজেৰে নাটকখন বহুবাৰ সালসলনি কৰা হৈছিল। তেখেতে বুজি পাইছিল যে লোক শিল্পীসকলক অভিনয়ৰ বিশেষ নিৰ্দেশনা দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ সহজাত অভিনয় প্ৰতিভা হ'ল চাবিকাঠী। গতিকে এই চাবিকাঠী ব্যৱহাৰ কৰিয়েই তেওঁলেকক নাটক কৰোৱাব লাগিব। সেই সহজাত শিল্পীসকলৰ চাল-চলন, ভংগিমা আদিক অনুসৰণ কৰি তনবীৰে নিৰ্দেশনা আৰম্ভ কৰিলে। চাওতে চাওতে 'চৰণ দাস চোৰ'ৰ নাটকৰ সংলাপ জীৱন্ত হ'ব ধৰিলে। এই নাটকে তনবীৰক ব্যাপকভাৱে প্ৰভাৱিত কৰিলে। নাটক সম্বন্ধে তেওঁৰ ধাৰণা সলনি কৰি পেলালে। যদিও তনবীৰে 'চৰণ দাস চোৰ' নাটকখনি বিজয় দান দেখাৰ কাহিনীৰ আধাৰত লিখিছিল পিছলৈ ইয়াৰ ক্লাইমেক্স বদলাই দিলে। মূল কাহিনী কিছু সলনি কৰি চোৰৰ মৃত্যুতেই নাটকৰ সৰ্বাধিক ড্ৰামেটিক ম'মেন্ট, সেইবাবে চোৰক সত্যৰ অবতাৰ ৰূপত প্ৰতিস্থা কৰি নাটকখন শেষ কৰে। 'চৰণ দাস চোৰ' নাটকখন ডিলাইভ এটি সৰু কৰ্মশালা অনুষ্ঠিত কৰি মঞ্চস্থ কৰে। ইয়াৰ শ্ৰোতা-দৰ্শকৰ একাংশ আছিল সতনামী সম্প্ৰদায়ৰ। এই সম্প্ৰদায়ৰ মূল মন্ত্ৰ আছিল , সত্যই ঈশ্বৰ। সতনামী লোকসকলৰ ভূয়সী প্ৰশংসা আৰু অনুৰোধ মৰ্মে তনবীৰে 'অমৰদাস চোৰ' নামেৰে ৰচনা কৰা নাটকখনৰ নামটো পৰবৰ্তী সময়ত ৰাখিছিল, 'চৰণ দাস চোৰ' বুলি। ছত্তীশগড়ৰ প্ৰতিভাবান লোকশিল্পীসকলক লৈ সতনামী গীত, নৃত্যক দিল্লীৰ কামনী ৰংগমঞ্চত তিনিটাকৈ প্ৰদৰ্শনী প্ৰদৰ্শন কৰে। সমালোচক, দৰ্শকসকলে মুক্তকণ্ঠে এই নাটকৰ ভূয়সী প্ৰশংসা কৰিলে। ১৯৭৪ চনত ত্ৰিবেণী ৰঙ্গমঞ্চত এই নাটকৰ  ১৩ টাকৈ প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়।

      পিটাৰক্ৰক ভাৰতলৈ আহি নাটক চাই বিদেশত হবীব তনবীৰৰ প্ৰশংসা কৰে। ইংলেণ্ডৰ এডিনবৰাত  'ফ্ৰিনজ ফেষ্টিভেল অফ ইণ্ডিয়া'ত 'চৰণ দাস চোৰ' প্ৰদৰ্শিত হয় ১৯৮২ চনত। এই সমাৰোহত 'চৰণ দাস চোৰ'ক শ্ৰেষ্ঠ নাটক হিচাপে পুৰস্কৃত কৰা হয়। ই এক ঐতিহাসিক ঘটনা। হবীব তনবীৰ হ'ল ভাৰতীয় থিয়েটাৰৰ মহীৰূহ।

Writers Address

Guwahati

Phone

9101061235

Email

bottom of page