মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
অসমীয়া কাব্য সাহিত্যত
মাজুলীৰ ক্ষুদ্ৰ কাব্য পত্ৰিকা আৰু সম্পাদিত কাব্য সংকলনৰ ইতিহাস
ৰজনীকান্ত বৰদলৈ
এক বৰণীয় অনুভৱ।সুখ অথবা দুখৰ বাহক কবিতা।অমল মাটিৰ প্ৰেম,মানুহৰ গান,শোষণ-বঞ্ছনা,স্বপ্ন-দুঃস্বপ্নৰ জীয়া স্মৃতি সামৰি,বিদ্ৰোহৰ অগনি-নিনাদিত সুৰ,প্ৰাণ প্ৰাচুৰ্যৰে ভৰা পথাৰৰ সিৰলুত গজি উঠা এমুঠি কবিতা।
মাজুলীৰ ক্ষুদ্ৰ কাব্যপত্ৰিকা আৰু সম্পাদিত কাব্য সংকলনৰ বিষয়ে লিপিবদ্ধ কৰাৰ আগতে মাজুলীত যিসকল অগ্ৰজ কবিয়ে কাব্য চৰ্চাৰ এটি ভেটি গঢ়ি থৈ গৈছিল সেই কবি সকলৰ বিষয়ে কিছু কথা উনুকিয়াই যাব লাগিব।মণিকাঞ্চন সংযোগ কালৰে পৰা মাজুলীৰ কাব্য পৰম্পৰাত সত্ৰ সমূহত ভক্তি সাহিত্য আৰু ছন্দোবদ্ধ কবিতাৰ চৰ্চাৰে এটি শীতল জুৰি বৈ আছিল বুলি জনা যায় যদিও সংৰক্ষণৰ অভাৱত সমলবোৰ ক'ত কেনেকৈ সিঁচৰতি হৈ পৰি থাকিল তাৰ তথ্য-প্ৰমাণ আমাৰ হাতত নাই।বিপৰীতে এনে সন্ধিক্ষণতে মাজুলীৰ ভিতৰুৱা অঞ্চলৰ বৰগঞা গাঁৱত জন্মগ্ৰহণ কৰা মিছিং জনজাতিৰ অন্যতম ধ্বজাবাহী,কবি-সাহিত্যিক,নাট্যকাৰ তৰুণ চন্দ্ৰ পামেগামদেৱে আধুনিক অসমীয়া কবিতাৰ পথাৰখনত খোজ পেলাই সোণালী অধ্যায়ৰ পাতনি মেলিছিল বুলি ক'ব পাৰি।মাজুলীৰ গৌৰৱবাহী এইগৰাকী পুৰুধা ব্যক্তিয়ে তেখেতৰ সাহিত্য প্ৰতিভাৰে উজলি উঠি পাছলৈ অসম সাহিত্য সভাৰ উপ-সভাপতিৰ আসন অলংকৃত কৰিছিল।বিংশ শতিকাৰ মাজভাগত মাজুলীৰ জীৱন-যাতনাৰ মাজতো অদম্য ইচ্ছা শক্তিৰে কাব্য সাহিত্যৰ সেউজীয়া বাটেৰে আহি নৈদ্বীপ মাজুলীৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে বৌদ্ধিক কচৰতেৰে এটি নতুন যুগৰ সূচনা কৰিছিল।কবিতাৰ ৰূপ-ৰস আস্বাদন লাভ কৰা ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৃজন আৰু মননৰ মাজত কবিতাই ঘৰ সাজিছিল।যাৰ ফলশ্ৰুতিত ১৯৪৯চনত মাজুলী ছাত্ৰ সন্মিলনে যশশ্ৰী কথাশিল্পী হোমেন বৰগোহাঞিদেৱে নামকৰণ কৰা ' *নতুন দিগন্ত'* নামৰ মুখপত্ৰখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰিছিল। 'নতুন দিগন্ত'ৰ সোণালী পাতত প্ৰতিশ্ৰুতি সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলে কাব্য প্ৰতিভা বিকাশৰ এটি সুযোগ লাভ কৰিছিল।আধুনিক মাজুলীৰ কাব্যচৰ্চাৰ উজ্বল জ্যোতি 'নতুন দিগন্ত'ত হোমেন বৰগোহাঞি, ডম্বেশ্বৰ নাথ,প্ৰয়াত ললিত চন্দ্ৰ শৰ্মা বৰুৱা, ভূৱন ঠাকুৰ আৰু মিনাৰাম বৰাই কবিতা লিখিছিল।সুখকৰ কথাটো হৈছে প্ৰয়াত বেণুধৰ শৰ্মাদেৱৰ 'তৰুণ অসম' আৰু 'জেউতি'ৰ পাতত আত্মপ্ৰকাশ কৰি 'আৱাহন' 'জয়ন্তী' আদিত প্ৰতিভাৰ মূৰ্ত প্ৰকাশ ঘটোৱা প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামদেৱে মাজুলীক প্ৰতিনিধিত্ব কৰি সাম্প্ৰতিক অসমীয়া কবিতাৰ নিমজ বাট এটি কাটি থৈ গৈছিল।
কাব্যচৰ্চাৰ উৰ্বৰ ক্ষেত্ৰখনত আন্তৰিকতাৰে লাগি থাকি বিভিন্ন সময়ত কাব্যানুৰাগী সকলৰ প্ৰচেষ্টাত মাজুলীৰ পৰা বৰ্তমানলৈকে ভালেকেইখন কাব্যালোচনী আৰু সম্পাদিত কাব্যগ্ৰন্থ প্ৰকাশ পাই আহিছে যদিও অৰ্থ আৰু কৰ্মীৰ অভাৱত গৰিষ্ঠ সংখ্যক কাব্যালোচনীয়েই বেছি দিন টিকি নাথাকিল।সত্তৰ দশকৰ পৰা নব্বৈ দশকৰ কালচোৱাত মাজুলীত কাব্য চৰ্চাৰ এটি সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে ১৯৮৮ চনত গঠিত 'মাজুলী কবি মঞ্চ'ই বিশেষ ভুমিকা পালন কৰিছিল।১৯৮৯ চনত 'মাজুলী কবি মঞ্চ'ৰ পৰা গোপাল চন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত আনন্দ দত্ত,ৰাম গোস্বামী, দিলীপ কুমাৰ ফুকন,সত্যপ্ৰসাদ বৰা,কিশোৰী মোহন পাল,বৰ্ণালী বৰা,দুৰ্গেশ্বৰ শইকীয়াকে আদি কৰি মাজুলীৰ ভালেকেইজন কবিৰ কবিতা আৰু মাজুলীৰ বাহিৰৰ কবি সকলৰো কবিতা সন্নিৱিষ্ট কৰি 'কণ্ঠহাৰ' সংকলনটি প্ৰকাশ কৰিছিল।
*মাজুলীৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ কাব্যালোচনীঃ*
(ক) অংকুৰণঃ মাজুলী কবি মঞ্চৰ দ্বাৰা বিশিষ্ট সমাজকৰ্মী প্ৰয়াত তীখৰ শইকীয়াৰ স্মৃতিত মাজুলীৰ সন্তান জনাৰ্দন মহন্তই ছপা খৰছ বহন কৰাত গোপালচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাৰে ১৯৯০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা দুমহীয়া কাব্যালোচনী 'অংকুৰণে' জন্ম লাভ কৰে।অসমৰ প্ৰতিষ্ঠিত কবি সকলৰ কবিতা প্ৰকাশ হোৱাৰ লগতে মাজুলীৰ নতুন কবি সৃষ্টিত অৰিহণা যোগোৱা কাব্যালোচনীখনে বেজবৰুৱাৰ সম্পাদনাত গতি লাভ কৰি তিনিটা বছৰ অতিক্ৰম কৰিছিল যদিও পৰৱৰ্তী সময়ত প্ৰয়াত পদ্মবিকাশ নাথৰ সম্পাদনাত 'অংকুৰণ'ৰ দুটামান সংখ্যা প্ৰকাশৰ পাছতেই কাব্যালোচনীখন স্থায়ী ৰূপত নাথাকিল।
(খ) শঙ্খধ্বনিঃ সদৌ অসম কবি সন্মিলনৰ তদানীন্তন প্ৰধান সম্পাদক থানেশ্বৰ গোস্বামীৰ নেতৃত্বত সদৌ অসম কবি সন্মিলনৰ সংবিধানৰ আধাৰত ১৯৯১ চনত 'লুইতপৰীয়া কবিগোষ্ঠী'য়ে জন্ম লাভ কৰে।সমান্তৰালকৈ গোস্বামীদেৱ আৰু গোপালচন্দ্ৰ বেজবৰুৱাৰ তত্বাৱধানত মাজুলীৰ বনগাওঁ অঞ্চলৰ পৰা এখন কাব্যালোচনী প্ৰকাশৰ পৰিকল্পনাৰ অন্তত ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা লুইত পৰীয়া কবিগোষ্ঠীৰ দুমহীয়া কাব্যালোচনী 'শঙ্খধ্বনি' মাজুলীৰ দুগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কবি ডালিমী নাথ আৰু বৰ্ণালী বৰাৰ যুটীয়া সম্পাদনাত প্ৰকাশ হয়। ১৯৯৭ চনত সদৌ অসম কবি সন্মিলনৰ এটি কেন্দ্ৰীয় কাৰ্যসূচীত জ্যোতিষ কুমাৰ তামুলী আৰু ৰজনীকান্ত বৰদলৈৰ যুটীয়া সম্পাদনাত 'শঙ্খধ্বনি'ৰ এটা সংখ্যা প্ৰকাশ হোৱাৰ পাছতে কবিগোষ্ঠীটোৰ নিষ্ক্ৰিয় ভুমিকাৰ বাবে কাব্যালোচনীখনৰ প্ৰকাশ বন্ধ হৈ পৰে।
(৩) পাপৰিঃ মাজুলীৰ এগৰাকী অন্যতম মহিলা কবি অমিয়া দেৱী বৰঠাকুৰৰ সম্পাদনাত ১৯৯৪ চনত বলিন শইকীয়াৰ তত্বাৱধানত নামনি মাজুলীৰ ভিতৰুৱা অঞ্চল কৰ্দৈগুৰিৰ 'অৰুণোদয় সাহিত্য গোষ্ঠী'ৰ পৰা অধুনালুপ্ত দুমহীয়া কাব্যালোচনী 'পাপৰি' প্ৰকাশ হৈছিল।
(৪) সংকেতঃ মাজুলীত কাব্য আন্দোলনৰ এটি ভেটি গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা গোপালচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত ১৯৯৪ চনত বনগাওঁৰ সংকেত প্ৰকাশনৰ পৰা দুমহীয়া কাব্যালোচনী 'সংকেত' প্ৰকাশ পাইছিল।আলোচনীখনে বেছিদিন প্ৰকাশৰ মুখ নেদেখিলে যদিও কাব্যালোচনীখনে মাজুলীত কাব্যচৰ্চাৰ এটি নতুন মাত্ৰাৰ সংযোজন ঘটায়।
(৫) অনুভৱ মাজুলী আৰু আমিঃ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ নিৰ্ণায়ক অৰিহণা আগবঢ়োৱা মাজুলীৰ অন্যতম গড়মূৰ শাখা সাহিত্য সভাই কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰি কবিতাক জনমূখী কৰাৰ চেষ্টাত ব্ৰতী হৈ থাকি ১৯৯৫ চনৰ বাৰ্ষিক অধিবেশনত বীৰেণ ডেকা আৰু ধ্ৰুৱজ্যোতি পায়েঙৰ সম্পাদনাৰে সমগ্ৰ মাজুলীৰ কবিসকলৰ কবিতা সন্নিৱিষ্টৰে বাৰ্ষিক কাব্যালোচনী 'অনুভৱ মাজুলী আৰু আমি' প্ৰকাশ কৰিছিল।
(৬) চেতনাঃ উজনি মাজুলীত সাহিত্য চৰ্চাৰ ভেটি সুদৃঢ় কৰি ৰাখিবলৈ অসমৰ সাহিত্য জগতত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা কুলেন্দ্ৰ নাথ ডেকা,প্ৰয়াত চেঙাৰাম মৰাং,বন-বিহঙ্গৰ কবি প্ৰয়াত ৰমেশ চন্দ্ৰ পাতিৰ,সঞ্জীৱ দত্ত,প্ৰবীণ দত্ত,গোবিন কুমাৰ খাউণ্ড,ৰজনীকান্ত বৰদলৈ,জয়ন্ত হাজৰিকা আদিৰ সৎ প্ৰচেষ্টাৰে সমগ্ৰ উজনি মাজুলীৰ অঞ্চলটোক সামৰি ছমহীয়াআটীত ২০০০চনত গঠিত 'চেতনা সাহিত্য গোষ্ঠীয়ে অঞ্চলটোত সাহিত্য চৰ্চাৰ এটি সুন্দৰ বাতাবৰণ গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল।যাৰ ফলশ্ৰুতিত কবিতা -কাব্যানুষ্ঠান আৰু কবিতা সম্পৰ্কীয় দিশবোৰ আঁজুৰি আনি সাহিত্যগোষ্ঠীটোৰ পৰা ২০০২-২০০৩ চনলৈ সঞ্জীৱ দত্তৰ সম্পাদনাৰে বাৰ্ষিক মুখপত্ৰ 'চেতনা' প্ৰকাশ কৰা হৈছিল।'চেতনা'ৰ গৌৰৱ মুখপত্ৰখনত প্ৰকাশ পোৱা দুগৰাকীমান নতুন মুখৰ কবিয়ে সম্প্ৰতি অসমৰ কাব্যক্ষেত্ৰলৈ ধাৰাবাহিকতা ৰক্ষা কৰি উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে।
(৭) মাজুলীত কবিতাঃ ২০০৩চনৰ ২৯ মাৰ্চ।মাজুলীৰ বাবে এটি চিৰস্মৰণীয় দিন।উজনি মাজুলীৰ অতিকৈ পিছপৰা ঠাই পানীখাটি গাওঁ আৰু মৰিসূঁতি গাঁৱৰ দুই তৰুণ জয়ন্ত হাজৰিকা আৰু ৰজনীকান্ত বৰদলৈয়ে ছাত্ৰাৱস্থাৰ পৰাই কবিতা লিখিবলৈ লৈ কবিতাক মনে-প্ৰাণে ভালপোৱাৰ তাগিদাত দুয়ো অসমৰ অৰঙে-দৰঙে ঘূৰি ফুৰিছিল।কবিতাক তুলি-তালি লালন কৰিবলৈ শিকিছিল।অসমৰ প্ৰায় সংখ্যক কাকত আলোচনীত দুয়োজনেৰে কবিতা প্ৰকাশ পোৱাৰ সমান্তৰালকৈ একে সময়তে তেওঁলোকে পাহি-পৰী প্ৰকাশ নামেৰে এটি প্ৰকাশন খুলি ২০০৩ চনৰ ২৯ মাৰ্চ তাৰিখৰ পৰা জয়ন্ত হাজৰিকাক সম্পাদক হিচাপে লৈ ৰজনীকান্ত বৰদলৈৰ সহযোগী সম্পাদনা আৰু জ্যোতিষ কুমাৰ তামুলীৰ ব্যৱস্থাপনাৰে মাজুলীৰ কাব্য সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মাহেকীয়াকৈ প্ৰকাশ পাইছিল দ্বি-ভাষিক- 'মাজুলীত কবিতা' কাব্যালোচনী।কাব্যালোচনীখন প্ৰকাশৰ দিন ধৰি দুয়োগৰাকী যুৱকে আশাসুধীয়া প্ৰচেষ্টাৰে বহু দুখ কষ্ট শিৰ পাতি লৈ আলোচনীখন অসমৰ প্ৰায় সকলো জিলালৈ নিজেই লৈ গৈ কবিতানুৰাগীৰ হাতত মাহেকীয়া সংখ্যাটো তুলি দি অসমত এটি সুস্থ কাব্য আন্দোলনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল।নতুনৰ আত্মপ্ৰকাশৰ প্ৰধান ভেটিস্বৰূপ কাব্যালোচনীখনত অসমৰ বহু প্ৰতিষ্ঠিত কবিৰ কবিতায়ো ভিৰ কৰিছিলহি।দ্বি-ভাষিক 'মাজুলীত কবিতা'ই কাব্যিক ক্ষেত্ৰত অনুকুল বাতাবৰণ সৃষ্টিৰে মাজুলীৰ কবি সৰ্বশ্ৰী দিলীপ কুমাৰ ফুকন,গোপাল বেজবৰুৱা, ৰাজীৱ বৰা,বসন্ত হাজৰিকা,ৰঞ্জিৎ কুমাৰ ভূঞা,সত্য প্ৰসাদ বৰা, কাজল দত্ত,জ্যোতিষ কুমাৰ তামুলী,ড০দেৱজিৎ শইকীয়া,ডেনী গাম,বিপুল ৰেগন,অনন্ত কুমাৰ নাথ,কুলেন্দ্ৰ ডেকা,ডিম্বেশ্বৰ ভূঞা,দুৰ্গেশ্বৰ শইকীয়া,ৰবীন মুদৈ,চিত্ৰৰঞ্জন বৰুৱা,জয়ন্ত হাজৰিকা,ৰজনীকান্ত বৰদলৈ,ৰাজু ৰেগন,গোবিন কুমাৰ খাউণ্ড,ৰেণুমালা দত্ত,ইলা শৰ্মা বৰঠাকুৰ,মাধৱী দাস,বৰ্ণালী বৰা ভূঞা, নিবেদিতা গগৈ বৰদলৈ আদি কবিসকলক একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছিল।২০০৮ চনলৈকৈ ধাৰাবাহিকতা ৰক্ষা কৰি 'মাজুলীত কবিতা'ই কাব্যালোচনীৰ বৈশিষ্ট্য পালন কৰি আহিছিল যদিও পৰৱৰ্তীকালত কাব্যালোচনীখন পূৰ্ণাঙ্গ আলোচনীলৈ উন্নিত হৈ জয়ন্ত হাজৰিকাৰ সম্পাদনাৰে বৰ্তমানেও প্ৰকাশ হৈ থকা কথাই আমাক আনন্দ দিয়ে।ধাৰাবাহিকতা ৰক্ষা কৰি মাজুলীৰ পৰা প্ৰকাশিত দীৰ্ঘ সময়ৰ কাব্যালোচনী হিচাপে অসমৰ ইতিহাসৰ পাতত দ্বি-ভাষিক 'মাজুলীত কবিতা'ৰ নাম নিঃসন্দেহে লিপিৱদ্ধ হৈ ৰ'ব।
(৮) নিয়ৰঃ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টিসংঘৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত ২৯ছেপ্টেম্বৰ২০০৯ চনত মাজুলীৰ প্ৰায় তিনিকুৰি কবিৰ নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰি ধ্ৰুৱজ্যোতি পায়েং আৰু বিবেক দত্তৰ সম্পাদনাৰে 'নিয়ৰ' কাব্যালোচনী প্ৰকাশ কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰিছিল।
(৯) পলসঃ ত্ৰিহৃদয় গোষ্ঠীৰ পৰা ২০১১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা পাপু বৰাৰ সম্পাদনাৰে দুমহীয়া কাব্যালোচনী 'পলস'ৰ জন্ম হয়।'পলস'ৰ কেইটামান সংখ্যা প্ৰকাশৰ পাছত কাব্যালোচনীখনৰ প্ৰকাশ বন্ধহৈ আছিল যদিও বৰ্তমানলৈকে মাজে মাজে কাব্যালোচনীখনে প্ৰকাশৰ মুখ দেখি আহিছে।সম্পাদক পাপু বৰাৰ একান্ত ইচ্ছাতেই এই কাম সম্ভৱ হৈ আহিছে।
(১০) নেওঠনীঃ মাজুলী মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী উদ্যমী ছাত্র বিশ্বজিৎ খাউণ্ড আৰু ভাস্কৰ বৰাৰ যুটীয়া সম্পাদনাত অগতানুগতিকভাৱে ২০১২ৰ পৰা২০১৪লৈকে হাতে লিখা কাব্যালোচনী 'নেওঠনী প্ৰকাশ হৈছিল।কাব্যালোচনীখনৰ মূল্য আছিল এক পইচা।
(১১) পেখমঃ মাজুলী মহাবিদ্যালয় কাব্যগোষ্ঠীয়ে ২০১৪ চনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া আৰু অধ্যাপক ড০ দেৱজিৎ শইকীয়াৰ তত্বাৱধানত ক্ষুদ্ৰ ৰূপত মাহেকীয়া কাব্যালোচনী ভাস্কৰ বৰা আৰু বিশ্বজিৎ খাউণ্ডৰ যুটীয়া সম্পাদনাৰে 'পেখম'ৰ চাৰিটা সংখ্যা প্ৰকাশ কৰিছিল।আলোচনীখনত মহাবিদ্যালয়ৰ কাব্যানুৰাগী ছাত্ৰ-ছাত্ৰী সকলৰ কবিতাৰ উপৰিও অসমৰ প্ৰতিষ্ঠিত কবি প্ৰনৱ কুমাৰ বৰ্মণ, নীলিম কুমাৰ,হিমাংশু প্ৰসাদ দাস আদিৰ কবিতা সন্নিৱিষ্ট হৈছিল।
(১২) কাব্য পদক্ষেপঃ উজনি মাজুলীৰ সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান 'পদক্ষেপে বিভিন্ন সময়ত অঞ্চলটোত ব্যতিক্ৰম ভাৱে অভিনৱ অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ মাজত সমাদৃত হৈছে।অনুষ্ঠানটিৰ এনে জনমুখী কাৰ্যৰ অন্যতম নিদৰ্শন স্বৰূপে ঞণন চনৰ অক্টোবৰ মাহত প্ৰতিষ্ঠিত নিবন্ধকাৰ,কবি কুলেন্দ্ৰ নাথ ডেকাৰ সম্পাদনাৰে কবিতাৰ এটি বাতানুকুল পৰিৱেশ সৃষ্টিৰ মানসেৰে 'কাব্য পদক্ষেপ' বাৰ্ষিক কাব্যালোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ কৰিছিল।
মাজুলীৰ পৰা প্ৰকাশিত সম্পাদিত কাব্য সংকলনঃ*
(ক) কণ্ঠহাৰঃ ১৯৮৯ চনত মাজুলী কবিমঞ্চৰ প্ৰথম বাৰ্ষিক অধিবেশনত গোপালচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা কাব্য সংকলনটোত দিলীপ কুমাৰ ফুকন,পুনাৰাম নাথ,ৰাম গোস্বামী,গোপালচন্দ্ৰ বেজবৰুৱা,আনন্দ দত্ত,বৰ্ণালী বৰাকে ধৰি মুঠ একৈশগৰাকী কবিৰ কবিতা সন্নিৱিষ্ট হৈছিল।
(খ) সেউজীঃ প্ৰকাশকাল- ১৯৯৩ চন, সম্পাদক -নিৰণ শইকীয়া।
(গ) অঞ্জলিঃ প্ৰকাশকাল- ১৯৯৪ চন, সম্পাদক -গুণমনি নাথ।
(ঘ) সহযাত্ৰীঃ প্ৰকাশ কাল-১৯৯৫ চন,সম্পাদক-প্ৰফুল্ল খাটনিয়াৰ।
মাজুলীত সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গড়মূৰ শাখা সাহিত্য সভাই পূৰ্বৰে পৰা এটি নিৰ্ণায়ক ভুমিকা পালন কৰি অআহিছিল।কবিতাক জনমুখী কৰাৰ প্ৰচেষ্টাত ব্ৰতী শাখাই বিভিন্ন সময়ত অনুষ্ঠিত কৰি অহা কবি সন্মিলন সমূহে ইয়াৰ ইঙ্গিত বহন কৰে।শাখাটোৰ কৰ্মীসকলৰ আন্তৰিক উপৰোল্লেখিত তিনিখন সম্পাদিত কাব্য সংকলন সুন্দৰকৈ প্ৰকাশ পাইছিল।
(ঙ) জোনাকৰ এমুঠি শইচঃ জোনাকী ছমহীয়াআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত বিদ্যালৰ আদৰ্শ শিক্ষক,কবি,নিৱন্ধকাৰ কুলেন্দ্ৰ নাথ ডেকাই বিদ্যালয়খনত সাহিত্য চৰ্চাৰ এটি বাতানুকুল পৰিৱেশ গঢ়ি তোলাৰ ফলশ্ৰুতিতে ডেকাদেৱৰ আন্তৰিক ইচ্ছাৰে গাঁঠিৰ ধন খৰছ কৰি ২০০১চনত কৃষ্ণ কমল দত্ত আৰু ৰজনীকান্ত বৰদলৈৰ যুটীয়া সম্পাদনাৰে শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ ডেৰকুৰি কবিতা সন্নিৱিষ্ট কৰি 'জোনাকৰ এমুঠি শইচ' নামৰ কাব্য সংকলনটি প্ৰকাশ কৰিছিল।
(চ) লুইতপৰীয়া কবিৰ এলবামঃ মাজুলীৰ ন-পুৰণি কবিসকলৰ কাব্য প্ৰতিভাক পাঠক সমাজৰ মাজলৈ উলিয়াই অনাৰ প্ৰচেষ্টাৰে কবি দেৱজিৎ শইকীয়া আৰু অতুল মুক্তিয়াৰে যৌথ উদ্যোগ গ্ৰহণ কৰি দুয়োৰে সম্পাদনাত ২০০৩ চনত মাজুলীৰ ৩৩ গৰাকী কবিৰ কবিতা আৰু পৰিচয় সম্বলিত কৰি কবি সকলে নিজেই ছপা খৰছ বহন কৰাৰ পাছত ধৰ্মপ্ৰকাশ যন্ত্ৰ,আউনীআটী সত্ৰ,মাজুলীৰ পৰা ৯২ পৃষ্ঠাৰ কাব্য সংকলনটি প্ৰকাশ কৰা হৈছিল।সংকলনটোৰ মূল্য আছিল ৫০.০০(পঞ্চাশ)টকা।
(ছ) সেউজ দ্বীপত জীৱনৰ কল্লোলঃ মাজুলীৰ কেইগৰাকীমান উদীয়মান আৰু বৰ্ষীয়ান ব্যক্তিৰ একক প্ৰচেষ্টাৰে মাজুলীৰ পৰা প্ৰকাশিত 'মাজুলীত কবিতা' কাব্যালোচনীৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ সম্পাদনা আৰু ৰজনীকান্ত বৰদলৈৰ সম্পাদনা সহযোগিতাৰে মাজুলীত কবিতাত পূৰ্বে প্ৰকাশিত অসমৰ মুঠ ৬৬ গৰাকী নবীন-প্ৰবীণ কবিৰ নিৰ্বাচিত কবিতাৰ সংকলন 'সেউজ দ্বীপত জীৱনৰ কল্লোল' প্ৰকাশ কৰা হৈছিল।২০০৪ চনত পাহি-পৰী প্ৰকাশনৰ পৰা চিত্ৰৰঞ্জণ বৰুৱাৰ পকাবন্ধা সুন্দৰ বেটুপাতেৰে সজোৱা ৭২ পৃষ্ঠাৰ কাব্য সংকলনটোৰ মূল্য আছিল ৩৫.০০(পয়ত্ৰিশ)টকা।
(জ) বলুকাৰ ৰংঃ মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলত 'বঢ়াৰ পো ক্ষেত্ৰ'ত মাজুলীৰ সাহিত্য-সংস্কৃতিৰ বিকাশত উৎসৰ্গিত অনুষ্ঠান 'শাৰদী'য়ে ২০০৮ চনৰ ১৩ ডিচেম্বৰত অনুষ্ঠিত কৰা এটি কাব্য সন্ধ্যাত উজলি উঠা মাজুলীৰ তিনিকুৰি ন-পুৰণি কবিৰ স্ব-নিৰ্বাচিত কবিতা সংগ্ৰহ আৰু কবি সকলৰ আৰ্থিক সহযোগিতাৰে ২০০৯ চনৰ এপ্ৰিল মাহত কবি বৰ্ণালী বৰাৰ সম্পাদনাত 'শাৰদী'য়ে চিত্ৰশিল্পী ৰবীন বৰুৱাৰ সুন্দৰ বেটুপাতেৰে সজোৱা ৫০.০০(পঞ্চাশ)টকা মূল্যৰ ১২০ পৃষ্ঠাৰ পকাবন্ধা কাব্য সংকলনটি প্ৰকাশ কৰে।
(ঝ)বানে ধোৱা মাজুলীৰ এমুঠি কবিতাঃ ২০১০ চনত বীৰেণ বৰুৱা আৰু দেৱজিৎ শইকীয়াৰ যুটীয়া সম্পাদনাৰে নৈ দ্বীপ মাজুলীৰ তিনিকুৰি কবিৰ নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰি ডিব্ৰুগড়ৰ কৌস্তভ প্ৰকাশনৰ পৰা সুন্দৰ বেটুপাতেৰে সজোৱা 'বানে ধোৱা মাজুলীৰ এমুঠি কবিতা' শীৰ্ষক কাব্যসংকলনটি প্ৰকাশ কৰিছিল।
(ঞ) খহনীয়াই কথা কয়ঃ নদীৰ আত্মাত মানুহ জীয়াই থাকে।প্ৰাচীন সভ্যতা-সংস্কৃতি নদীৰ বুকুতে গঢ়ি উঠে।নদীয়ে ভাঙে,নদীয়ে গঢ়ে।নদীৰ পাৰত জন্মৰ পৰাই বসতি কৰি অহা মাজুলী বেঙেনাআটী অঞ্চলৰ কেইগৰাকীমান উদ্যমী যুৱকৰ একক প্ৰচেষ্টাত ক্ৰমে গড়াখহনীয়াই সংকোচিত কৰি অনা মাজুলীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে মাত মাতি যোৱাৰ সংকল্পৰে 'খহনীয়াই কথা কয়' নামৰ এটি অনুষ্ঠানৰ গঢ় দি সাহিত্য-সংস্কৃতিৰ মাজেদি আন্দোলনৰ বাট কাটি ২০১১ চনত ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়াগ্ৰস্ত চুমৈমাৰীত কবি সন্মিলনৰ আয়োজন কৰি সেই অনুষ্ঠানতে পাপু কুমাৰ ঙাটে আৰু ননীগোপাল দত্তৰ যুটীয়া সম্পাদনাৰে 'খহনীয়াই কথা কয়' শীৰ্ষক কাব্যসংকলনটি প্ৰকাশ কৰিছিল।অসমৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক, কবি ড০ৰীতা চৌধুৰীয়ে উন্মোচন কৰা সংকলনটিত মুঠ ৪৪গৰাকী কবিৰ কবিতা প্ৰকাশ পাইছিল।
মাজুলী জিলাত কাব্য সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বৰ্তমানলৈকে বিভিন্ন বাধা অতিক্ৰমী কাব্যানুৰাগী সকলে আদৰ্শগত চিন্তাধাৰাৰে
আগবাঢ়ি বাৰখন কাব্যালোচনী আৰু দহখন সম্পাদিত কাব্য সংকলন প্ৰকাশেৰে অসমীয়া কাব্য সাহিত্যৰ পথাৰত দকৈ খোপনি ৰাখিছে।পৰিতাপৰ কথা মাজুলীৰ পৰা এনেদৰে প্ৰকাশ পাই অহা ভালেকেইখন কাব্যালোচনীয়েই অধুনালুপ্ত।বিপৰীতে দ্বি-ভাষিক 'মাজুলীত কবিতা'ৰ দৰে যুগ সৃষ্টিকাৰী কাব্যালোচনীৰ প্ৰকাশৰ সুবাদে অসমীয়া কাব্য সাহিত্যত মাজুলীৰ নাম চিৰকাল জিলিকাই ৰাখিব।
*বিশেষ দ্ৰষ্টব্যঃ* নিৱন্ধটিত কেৱল মাজুলী জিলাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ কাব্য পত্ৰিকা আৰু সম্পাদিত কাব্য সংকলন সমূহকহে সামৰি লোৱা হৈছে।
নিৱন্ধটি প্ৰস্তুত কৰোঁতে মাজুলীৰ চুকে-কোণে আমাৰ অজানিতে ৰৈ যোৱা কোনো তথ্যাদিৰ বাবে সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ।
Address
Gopalpur Gaon, Garmur Satra, Majuli, Assam-785104
Phone
8638003978
0000