top of page
মাজুলীৰ মৃৎশিল্প সমস্যা আৰু সম্ভাৱনা

  ড0 সত্যজিৎ দাস

    সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ

                             

                                   
 

 
মানুহৰ মনৰ সুন্দৰ ভাৱৰ সুকুমাৰ কলাই শিল্প৷ জীৱন ধাৰণৰ লগত শিল্প সংস্কৃতি ওতঃপ্ৰোত ভাৱে জড়িত৷ কোনো এটা জাতিৰ পৰিচয় তাৰ সংস্কৃতিৰ স্বৰূপহে পোৱা যায়৷ লোক জীৱনৰ সুকুমাৰ কলা প্ৰীতিৰ পৰিচয় ফুটি উঠে লোক শিল্পত৷ প্ৰাচীন লোকশিল্পৰ ক্ষেত্ৰত এক উল্লেখযোগ্য শিল্প হ’ল মৃৎশিল্প৷ মাটিৰ পৰা নিৰ্মিত কলাসন্মত আৰু ব্যৱহাৰ্য সামগ্ৰীয়েই মৃৎশিল্প৷
  প্ৰাচীন সভ্যতাই প্ৰথম মৃৎশিল্পৰ যোগেদিয়েই সভ্যতাৰ পৰিচয় বহন কৰিছে৷ মানৱ জাতিয়ে  খাদ্যৰ ব্যৱহাৰ, সংৰক্ষণ, ধমীৰ্য় সামাজিক নীতি-নিয়ম পালনৰ জৰিয়তে মৃৎশিল্পৰ উন্নতি সাধন কৰিছিল৷ বুৰঞ্জীত হৰপ্পা সংস্কৃতিৰ বিভিন্ন ভাস্কৰ্য, মাটিৰ পাত্ৰ, ধাতুৰ গহণা, পোৰামাটিৰ শিল্পৰ ব্যৱহাৰৰ কথা পাওঁ৷ তদুপৰি পুৰাণৰ মতে আদি পুৰুষ বিষ্ণুৰ বাহুৰ পৰা ‘নৰহৰি’ কুমাৰ সৃষ্টি হৈছিল৷ বিষ্ণুৰ চক্ৰ ‘চাক’ আৰু নোমেৰে সূতা কৰি মহাদেৱ শিৱৰ বিবাহৰ ‘ঘট পল্লৱ’ এই নৰহৰি কুমাৰে নিমাৰ্ণ  কৰিছিল৷ উল্লেখযোগ্য যে, এই ঘটৰ বাবে বিষ্ণুৰ নাভীৰ পৰা যৎকিঞ্চিত মাটি সংগ্ৰহ কৰা হৈছিল৷ ইয়ে প্ৰমাণ কৰে যে মৃৎশিল্প সৃষ্টিৰ আদি পৰাই প্ৰচলিত৷
  এৰ্ডৱাট গেইটৰ ‘ ট্ট History ত্থন্দ্ৰ Assam ’ ৰ মতে  ১২শ শতিকাৰ  শেষ ভাগত অসমলৈ মৃৎ শিল্পীসকল আহিছিল৷ চাওলুং চুকাফাই বৰকুমাৰ নামেৰে এজন লোকক অসমলৈ আনিছিল৷ ইয়াৰ পৰা জনা যায় কুমাৰ সকল ইণ্ডো আলপাইন জনগোষ্ঠীৰ লোক৷ বাণভট্ৰৰ ‘হৰ্ষচৰিত’ত উল্লেখ আছে যে কুমাৰ ভাস্কৰ বৰ্মনে তেওঁৰ মিত্ৰ ৰজা হৰ্ষবৰ্ধনলৈ পঠিওৱা বিভিন্ন উপহাৰৰ ভিতৰত মাটিৰ পাত্ৰও পঠাইছিল৷ শদিয়াৰ তামেশ্বৰী মন্দিৰৰ ওচৰত পোৱা মাটিৰ পুতলা, গছ-গছনিৰ চিত্ৰ আদিয়ে অসমৰ সেই সময়ৰ কুমাৰ লোকসকলৰ এটা পৰিচয় বহন কৰিছে৷
  আহোম স্বৰ্গদেউ অন্যান্য বৃত্তিক দায়িত্ব দিয়াৰ দৰে কুমাৰ সকলকো পাঁচোটা ভাগত ভাগ কৰি কামৰ দায়িত্ব অপৰ্ণ কৰিছিল৷ সেইবোৰ এনেধৰণৰ,
                                      [ক]  ৰজাঘৰীয়া কুমাৰ [ ৰজাৰ ঘৰুৱা কামত জড়িত ]
                                       [খ]  সত্ৰীয়া কুমাৰ       [ মহৎ ব্যক্তিৰ কামৰ লগত জড়িত]
                                       [গ] বিলতীয়া কুমাৰ    [   সত্ৰ কামৰ লগত জড়িত]
                                       [ঘ]  দেৱলীয়া কুমাৰ   [দেৱালয় কাম-কাজৰ লগত জড়িত]
                                        [ঙ]  ৰাজহুৱা নদীয়াল  [  প্ৰজাৰ লগত জড়িত ]  
 

terracotta

মাজুলীৰ কুমাৰ সকল সত্ৰীয়া আৰু ৰাজহুৱা কুমাৰৰ অন্তৰ্ভূক্ত৷   ৰাজপত্ৰিত সত্ৰসমূহৰ মলা, চৰু, চাকি আদি যোগান ধৰিবৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছিল আৰু বৰ্তমানেও তেওঁলোকে নিজস্বতা বতাৰ্ই য’তে ইচ্চা ত’তেই এই মৃত শিল্পৰ ব্যৱসায় কৰিছিল৷মাজুলীৰ কুমাৰ সকলৰ ইতিহাস বিচাৰ কৰিলে গুৰু চৰিতত উল্লেখ কৰা মতে,  কপিলী মুখৰ পৰা কুমাৰ অনাই   টিৰ খোল গিI.লন্ত  শংকৰ গোঁসাই শালমৰা হৈতে মুচিয়াৰক অনাইলা ৷ অথাৰ্ৎ কপিলী মুখৰ কুমাৰৰ দ্বাৰা শংকৰ গোঁসাইয়ে খোল গI.াইছিল আৰু মাজুলীৰ শালমৰাৰ কুমাৰৰ দ্বাৰা ডবা নিমাৰ্ণ কৰিছিল৷ গতিকে মাজুলীৰ কুমাৰ সকল যে , প্ৰাক্‌ শংকৰী যুগৰ পৰা মাজুলীত বসবাস কৰি আহিছে তাক ঠাৱৰ কৰিব পাৰি৷ এনেধৰণেৰে বুৰঞ্জী পাতত মাজুলীত মৃৎ শিল্পৰ বিভিন্ন প্ৰামাণিক তথ্য আছে৷ কিন্তু ইমান এটা ইতিহাস বিজড়িত লোকশিল্প লাহে-লাহে মৃতু্যৰ গৰাহত পৰিছে৷সমস্যা ঃ        ভূমি সংকোচন , বানপানী , গৰাখহনীয়াই এই  শিল্পটিৰ প্ৰতি ভাবুকি আনিছে৷ মৃৎ শিল্পৰ বাবে প্ৰায় মাটি সাধাৰণতে নদীৰ কাষৰ পৰা সংগ্ৰহ কৰা হয়৷ কিন্তু বৰ্তমানে মাজুলীৰ অন্যান্য অঞ্চলৰ লগতে শালমৰা অঞ্চলত প্ৰবল গৰাখহনীয়াৰ বাবে সচেতন মহলে মাটি খন্দাৰ ক্ষেত্ৰত নিষেধাজ্ঞ দিছে,   শিল্পীসকলে শ্ৰমৰ বিপৰীতে উচিত মূল্য নাপায় আৰু স্বাৱলম্বী হ’ব পৰা নাই৷ নৱপ্ৰজন্ময়ো সেইবাবে এই শিল্প চচাৰ্ৰ প্ৰতি অনীহা হৈ আহিছে৷জৈৱ বৈচিত্ৰ্যলৈ অহা পৰিৱৰ্তন৷ বৰ্তমানে মাজুলীৰ অঞ্চলত আগৰ দৰে গৰু-ম’হ পোহ-পাল নকৰে বা গাখীৰৰ উৎপাদন কমি আহিছে৷ যাৰ বাবে কলহ, টেকেলীৰো চাহিদা কমি আহিছে৷ গোলকীকৰণৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে গোলকীকৰণৰ ফলত বাণিজি্যকীকৰণৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ দেশৰ বজাৰ ব্যৱস্থাত মুক্ত বাণিজ্যই প্ৰভাৱ বিস্তাৰ কৰাৰ লগে-লগে থলুৱা উদে্যাগবোৰে এই বহল ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰা নাই৷ বিশেষকৈ মাজুলীৰ অনুন্নত পৰিৱহণ ব্যৱস্থাৰ ফলত মাজুলীৰ মৃৎশিল্পই মুক্ত বাণিজ্যৰ লগত ফেৰ মাৰিবলৈ সক্ষম হোৱা নাই৷মাজুলীৰ মৃৎশিল্প সংৰক্ষণৰ বাবে বিজ্ঞান সন্মত সংগ্ৰহালয়ত ব্যৱস্থা হোৱা নাই৷ সম্ভাৱনা ঃ  পৰ্যটকৰ বাবে পচন্দৰ ঠাই মাজুলী৷ পৰ্যটন উদে্যাগৰ লগতে বিজ্ঞানসন্মত  সংগ্ৰহালয়ৰ ব্যৱস্থা কৰি পৰ্যটকৰ আকৰ্ষণ কৰাৰ যথেষ্ট থল আছে৷মৃৎ শিল্পী সকলক উৎসাহিত কৰিবলৈ শিল্পী পেঞ্চন, এককালীন সাহাৰ্য আদিকে  বঁটা প্ৰদান কৰি শিল্পটিৰ আকৰ্ষণ কৰাৰ লগতে নতুন প্ৰজন্মক আকৰ্ষণ কৰি স্বাৱলম্বণৰ এক নতুন পথৰ আশা কৰিব পাৰো৷ প্ৰধান মন্ত্ৰীৰ আৰ্থ-আত্ম ভাৰতৰ যি শ্ল’গান - Vocal for local and make India .  মই ভাৱো থলুৱা উদে্যাগ তথা স্বাৱলম্বনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ লগতে পৰ্যটক উদে্যাগ বিকাশৰো যথেষ্ট সম্ভাৱনা আছে মাজুলীৰ মৃৎ শিল্পত৷ আশা কৰিছোঁ এনেধৰণৰ বিদ্যায়তনিক আলোচনাৰ জৰিয়তে মাজুলীৰ মৃৎ শিল্পক সকলোৰে আগত চিনাকী কৰাই দিয়াৰ লগতে এই শিল্পক জীয়াই ৰখাৰ নতুন চিন্তা-চচাৰ্ও হ’ব৷

 

bottom of page