মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
মুম্বাইৰ আকাশৰ ৰং...
উজ্জ্বল দিপ্লু গগৈ
অলপদিনৰ আগতে কথা প্ৰসংগত ভ্ৰাতৃস্থানীয় বন্ধু এজনে দুটা প্ৰশ্ন কৰিছিল, "মুম্বাইত সেউজীয়া গছ-গছনি আছেনে?", "মুম্বাইৰ সকলোবোৰ মানুহেই খুব ব্যস্ত বা প্ৰেক্টিকেল নেকি?"
মুম্বাই! চকু দুটা খন্তেকৰ বাবে জপাই দিলেই মানসপটত ভাহি যায় গগনচুম্বী অট্টালিকা, লানি নিছিগা গাড়ী, লোকেল ট্ৰেইনৰ চলাচল, হিচাপ কৰি শেষ কৰিব নোৱৰা মানুহৰ গতিশীল ব্যস্ততা আৰু অৱশ্যেই সাগৰখন৷ প্ৰতিমুহূৰ্ততে ছন্দ সলনি হোৱা এখন জনাৰণ্য, যি পঢ়াই জীৱনটো যাপন কৰাৰ কঠোৰ পাঠ, যিয়ে শিকাই জীৱন উপভোগ কৰিব পৰাৰ ভিন ভিন পদ্ধতি৷ অসমৰপৰা চাকৰিসূত্ৰে বদলি হৈ মুম্বাইৰ বাসিন্দা হোৱাৰ পাছত অসমৰ প্ৰায়ভাগ চিনাকি মানুহেই ফোনতেই হওক বা চ'চিয়েল মিডিয়াতেই হওক বা কেতিয়াবা লগ পালে সোধে মুম্বাইৰ কথা৷ সকলোৰে প্ৰশ্নবোৰ প্ৰায় একেধৰণৰ; 'মুম্বাইত গেটৱে অৱ্ ইণ্ডিয়া আৰু এলিফেণ্টাৰ বাহিৰে ফুৰিবলৈ আৰু কি কি ঠাই আছে?', 'কেইদিনমান থকাকৈ মুম্বাইলৈ কোনটো মাহত যোৱা ভাল?', মুম্বাইত কেতিয়াবা বলীউডৰ কোনোবা অভিনেতা-অভিনেত্ৰীক দেখা পাইছোঁনে ইত্যাদিবোৰ৷ হঠাৎ সেইদিনা এই অগতানুগতিক প্ৰশ্ন দুটা শুনি মই খন্তেক থমকি ৰ'লোঁ৷ কিবা এটা উত্তৰ দি দিয়াটো বিশেষ টান কথা নাছিল, কিন্তু মই ক'ৰবাত স্তব্ধ হৈ ৰ'লোঁ! মোৰ চকুৰ সন্মুখত হঠাৎ অগা-ডেৱা কৰিবলৈ ধৰিলে কিছুদিন আগতে সন্মুখীন হোৱা সৰু অভিজ্ঞতা এটাই৷
মুম্বাইত মাজে মাজে চাইক্লিং কৰোঁ৷ পশ্চিম মুম্বাইত মই থকা ঠাইডোখৰৰ ওচৰে-পাজৰে চাইক্লিং কৰিবলৈ বিশেষ উল্লেখনীয় ঠাই নাই যদিও ৰাতিপুৱাৰ ভাগত চাইকেলখন লৈ মই পিতপিতাই ফুৰোঁ বৰিভেলী, মালাড, গ'ৰেগাওঁ, আন্ধেৰী ইত্যাদি ঠাইবোৰৰ অলিয়ে-গলিয়ে৷ উদ্দেশ্যে এটাই ৰাস্তাবোৰ চিনাকি হোৱা৷ কিছুদিন পূৰ্বে এদিন ৰাতি টোপনি যোৱাৰ আগতে ঠিক কৰিলোঁ যে পাছদিনা ৰাতিপুৱা ওচৰৰে আৰে কল'নী নামৰ ঠাইখনলৈ চাইক্লিং কৰি যাম৷ ভবামতেই ৰাতিপুৱা শুই উঠি চাইকেলখন সাজু কৰিলোঁ৷ হেলমেটটো পিন্ধি লৈ পানীৰ বটলটো আৰু সৰু হাতবেগটো চাইকেলখনত ওলোমাই ল'লোঁ৷ মই থকা ঠাইখনৰপৰা আৰে ক'লনীলৈ বেছি দূৰ নহয় যদিও ঠাইখনৰ ভিতৰি ভিতৰি থকা লুঙলুঙীয়া ৰাস্তাবোৰেৰে ঘূৰি ফুৰিবলৈ যথেষ্ট সময় লাগে৷ ঠাইখনৰ দুটা বিশেষত্ব আছে, প্ৰথমটো হ'ল ঠাইখন সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ, যাৰবাবে বহুলোকে আৰেক মুম্বাইৰ হাওঁফাওঁ বুলিও ক'ব খোজে৷ দ্বিতীয় কাৰণটো হ'ল ঠাইখন গাখীৰ তথা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত৷ ঠাইখনে কেৱল সুবিশাল মুম্বাইতেই নহয়, আনকি কাষৰীয়া ঠাইবোৰলৈয়ো গাখীৰৰ যোগান ধৰে।
চাইকেলৰ পেডেলত হেঁচা দিলোঁ৷ ঘৰৰ ওচৰতে থকা পশ্চিম দ্ৰুতবেগী মহামাৰ্গেৰে কিছুদূৰ গৈ আৰে মেট্ৰো ষ্টেচনৰ বিপৰীত দিশে থকা ৰাস্তাটোৰে আৰে কল'নীলৈ বুলি সোমাই গ'লোঁ। ৰাতিপুৱাৰ সময় আছিল বাবে বনাঞ্চলখনৰ মাজেৰে যোৱা পথটোত বৰ এটা ভীৰ নাছিল৷ অৱশ্যে পুৱাভাগত দৌৰি ভালপোৱা বা জ'গিং কৰা মানুহেৰে পথটো আৰু তাৰ উপপথবোৰ ভৰি আছিল৷ দুই-এখন অট'ৰিক্সা আৰু বাছে মোক পাছ পেলাই গৈছিল৷ বাছবোৰলৈ মন কৰাত দেখা পালোঁ থিয় হৈ যোৱাকৈ মানুহৰ ভীৰ নাই যদিও প্ৰায় প্ৰতিখন আসন যাত্রীৰে পূৰ হৈ আছিল। কিন্তু কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছতে দেখা পালোঁ বাছ ষ্টপেজ এটাত বাছৰ বাবে অপেক্ষা কৰি থকা মানুহৰ শাৰী এটা। মুম্বাইৰ এইটো কথাতেই মই সদায় আচৰিত হওঁ৷ ইয়াত ভীৰবিলাক এক কথাত ক'বলৈ গ'লে 'Unpredictable'৷ ট্ৰেইনেই হওক বা ৰাজপথেই হওক কেতিয়া কোন মুহূৰ্তত, কি কাৰণত ভীৰ লাগি যায় কোনেও পূৰ্বানুমান কৰিব নোৱাৰে৷ বাছৰ বাবে শাৰী পাতি থকা মানুহবোৰলৈ চাই চাই পাৰ হৈ যাওঁতে কিছুদিনৰ আগতে বন্ধু এজনে সন্মুখীন হোৱা ঘটনা এটা মনত পৰিল৷ সেইদিনা আছিল অফিচৰ বন্ধবাৰ৷ বন্ধুজনক তেখেতৰ বিভাগৰপৰা চেন্নাইলৈ পঠিয়াছিল কিবা এটা বিভাগীয় জৰুৰী কামৰ বাবে৷ বন্ধুৱেও এদিন আগতে চেন্নাইলৈ গৈ ইফালে-সিফালে ফুৰাৰ মানসেৰে অফিচৰ খৰচেৰে টিকেট কৰাই লৈছিল৷ আমি থকা ঠাইৰপৰা ভিলে পাৰ্লেস্থিত বিমানবন্দৰৰ টাৰ্মিনেল-দুইলৈ দূৰত্ব পাঁচ কিলোমিটাৰমান হোৱা হেতুকে বন্ধুজনে আৰামত ঘৰৰপৰা ওলাইছিল পুৱা আঠ বজাৰ আগে আগে যাতে চেন্নাইলৈ থকা দহ বজাৰ ফ্লাইটখন ধৰিবগৈ পাৰে৷ কিন্তু বিধিৰ বিপাক, সেইদিনা ৰাতিপুৱাতে ৰাস্তাত ইমানেই বেছি ট্ৰেফিক জাম হ'ল যে বন্ধুজন গৈ সময়ত বিমান বন্দৰত উপস্থিত হ'বগৈ নোৱাৰিলে৷ ফলত, তেওঁ যাবলগীয়া হ'ল সন্ধিয়াৰ আন এখন ফ্লাইটত ,সম্পূৰ্ণ নিজৰ পকেটৰ ধন টিকেটৰ নামত বলিদান দি৷ তাৰ এই কাহিনীটোৱে আমাৰ বন্ধুমহলত হাঁহিৰ খোৰাক যোগাইছিল যদিও আৱৰণ এখনৰ তলত সেয়া আমাৰ বাবেও এটা শিক্ষা আছিল, "মুম্বাইৰ ভীৰ Unpredictable৷"
কথাটো মনতে পাগুলিয়াই গৈ থাকোতে সন্মুখত মূল পথটোৰপৰা সোঁফালে সোমাই যোৱা সৰু উপপথ এটা দেখা পালোঁ৷ পিতনি এখন দুভাগ কৰি ৰাস্তাটো নিৰ্মাণ কৰা হৈছে।৷ ক'বলৈ গ'লে অসমত যদি এনেকুৱা এটা ৰাস্তা দেখা পালোহেঁতেন তেন্তে হয়তো মোৰ মনলৈ এবাৰো নাহিলহেঁতেন যে সেই ৰাস্তাটোৰে এপাক গৈ চাব পাৰি! কিন্তু চৌপাশে থকা প্ৰকাণ্ড অট্টালিকা আৰু গাড়ী-মটৰবোৰে যোৱা দুবছৰত চকুৰ দৃষ্টিৰ সন্মুখত গুঠা ধূলিয়ৰি জালখন ভেদি সোমাই অহা সেই চিকুণ পুৱাটিৰ সেউজীয়া ৰঙৰ আকৰত মই স্তব্ধ হৈ পৰিছিলোঁ! হয়তো কোনোবাখিনিত স্পৰ্শিতও! চাইকেলখনৰ হেন্দেলডাল উপপথটোৰফালে ঘূৰাই ল'লোঁ৷ মূলপথটো পকী যদিও উপপথটো কেঁচা আছিল। সম্ভৱত মুম্বাইৰ অতিব্যস্ত মানুহৰ আহ-যাহ সেইফালে বৰ বিশেষ নাই বাবে ৰাস্তাটোও তেনেদৰে গুৰুত্বহীন হৈ পৰি আছিল৷ চাইকেলখনেও বুজি উঠিছিল বহুদিনৰ মূৰত ৰাস্তাৰ পৰশ সলনি হৈছে৷ ওখোৰা-মোখোৰাকৈ পৰি থকা মজলীয়া আকৃতিৰ শিল আৰু সৰু সৰু পাথৰবোৰৰ ওপৰেৰে পাৰ হৈ যাওঁতে চাইকেলখনে কেৰমেৰাই উঠিছিল৷ জনশূন্য ৰাস্তাটোত এনেয়ে টিলিঙাটো বজাই নিস্তব্ধ ৰাস্তাটো সৰৱ কৰিবৰ মন গ'ল৷ বুঢ়া আঙুলিটোৰে টিলিঙাটোত হেঁচা দিলোঁ৷ টিৰিৰিং টিৰিৰিং শব্দৰে ৰাস্তাটোৰ সেই অংশটো মুখৰিত হৈ উঠিল৷
উপপথটোৰে সোমোৱাৰ আগে আগে সেউজীয়া আৱৰণখনৰ সৈতে আৰু এটি দৃশ্যই মোৰ দৃষ্টি পলকতে কাঢ়ি নিছিল। সেয়া আছিল উপপথটোৰ মধ্যাংশলৈ দুয়োকাষে থকা দুজোপা কৃষ্ণচূড়া৷ সৰু কেঁকুৰি এটাৰ দুয়োটা দাঁতিতে আকাশলৈ জুই বৰণ চটিয়াই ৰাঙলী হৈ ফুলি আছিল গছ দুজোপা৷ গছ দুজোপালৈ চাই চাই আগবাঢ়ি গৈ থাকোঁতে মনলৈ খুহুতীয়া কথা এটা আহিল; যদিহে ছবি অঁকা প্ৰতিযোগিতা এখনৰ বিষয়বস্তু গছ হয় আৰু কোনোবা প্ৰতিযোগীয়ে যদি এনেকুৱা দুজোপা চঞ্চলা কৃষ্ণচূড়াৰ ছবি আঁকে তেন্তে তেওঁ নিৰ্ঘাত পুৰস্কাৰ পোৱাৰপৰা বঞ্চিত হ'ব৷ কাৰণ গছৰ ৰং বুলি ক'লে মনলৈ ভাহি অহা প্ৰথমটো ৰঙেই হৈছে সেউজীয়া, কিন্তু এই দুজোপাৰ ৰং যে সেউজীয়াৰপৰা শতযোজন দূৰৈত! গছ এজোপাৰ গাতে চাইকেলখন আওজালোঁ৷ কেৰ্কেটুৱা কেইটামানে দৌৰা-দৌৰি কৰি আছিল, মই সেইখিনিতে ৰোৱাগৈ দেখি আটাইকেইটাই ঠাইতে মূৰ পোলোকা মাৰিলে৷ কোনোবাটো বগালে গছৰ ওপৰলৈ, কোনোবা দুটামানে গছজোপাৰ আঁৰ ল'লে আৰু আন কোনোবা দুটামানে আগলৈ দৌৰ দি ওচৰৰ বেলেগ এজোপা গছত উঠিলগৈ৷ ঠিক তেনেকুৱাতে কুলি চৰাইৰ মাত শুনা পালোঁ। কেনেবাকৈ চৰাইটো দেখো নেকি বুলি গছ দুজোপাৰ ওপৰলৈ চাবলৈ ধৰিলোঁ৷ সম্ভৱত মই অহাৰ আগৰেপৰা কুলি চৰাইটোৱে মাতি আছিল, কিন্তু অপ্ৰত্যাশিত আগন্তুকক দেখা পাই কিছুসময় সি তভক মাৰি ৰৈছিল। কুলিৰ মাতৰ সমান্তৰালকৈ কাউৰীৰ কোলাহল আৰু অন্য অচিন চৰাইৰ কিচিৰ-মিচিৰ মাতবোৰ কাণত পৰিছিলহি৷ কথা এটা মন কৰিলোঁ, ৰাস্তাটোৰ কাষতে থকা সৰু-বৰ প্ৰতিজোপা গছতে চৰাইবোৰে বাহ সাজিছিল৷ প্ৰকৃতিয়ে অকৃপন হাতেৰে সজাই তোলা পৰিৱেশটো উপভোগ কৰি ক্ষন্তেক সময়ৰ বাবে মোৰ অনুভৱ হ'ল মই যেন অসমৰ কোনোবা গাওঁ এখনৰ চুক এটাতহে থিয় হৈ চৌপাশৰ ৰেহ-ৰূপ চাই আছোঁ!
লাহেকৈ তাৰপৰা যাবলৈ বুলি চাইকেলখন ৰাস্তাটোলৈ আনিলোঁ৷ পেডেলত হেঁচা দি আগবাঢ়ি যোৱাৰ পাছতহে মন কৰিলোঁ কাষৰ পিতনি দুখনত দুজনমান মানুহে হাতত কাঁচি লৈ দলঘাঁহ কাটি আছে৷ মানুহকেইজনক দেখিহে মোৰ মনলৈ আহিল মই আৰে কল'নীৰ মাজত আছোঁ; মানুহকেইজনে পোহনীয়া গৰু-ম'হৰ বাবে ঘাঁহ যোগাৰ কৰি আছে৷ আৰেৰ সৈতে বিশুদ্ধ গাখীৰৰ যোগসূত্ৰটো মই সেই মুহূৰ্ততে আৱিস্কাৰ কৰিলোঁ৷ পিতনিত গজি উঠা সেই সেউজীয়া সতেজ ঘাঁহ গৰু-ম'হক খুৱালে গাখীৰো বিশুদ্ধই পোৱা যাব৷ উপপথটো শেষ হৈ আন এটা মুখ্য পথত উঠিবৰ হৈছিল৷ ঠিক তেনেকুৱাতে হাবি চিকুণাই ঘেৰা দি ৰুই থোৱা গছপুলি কিছুমান দেখা পালোঁ৷ মাৰাঠী ভাষাত লিখা সৰু চাইনবৰ্ড এখনো সন্মুখৰ বাটটোতে আঁৰি থোৱা আছিল৷ সামান্য ভাষাজ্ঞানেৰে বুজি পালোঁ যে ঠাইখনত বনবিভাগে গছপুলিবোৰ ৰোপন কৰিছে। গছপুলিবোৰৰ মাজে মাজে কেইজনমান মানুহক খোজ কাঢ়ি আহি থকাও দেখা পালোঁ৷ প্ৰতিজনৰ হাতত একোটাকৈ পানীৰ জাৰকিন অথবা সৰু বাল্টি একোটা৷ মানুহকেইজনৰ দায়িত্ববোধ দেখি ভাল লাগি গ'ল, কমচেকম এই গৰমত গছপুলিকেইটাৰ কথা চিন্তা কৰি পানী দিবলৈতো আহিছে! মুখ্যপথটোত উঠাৰ পাছত কিছুদূৰ আগুৱাই গৈছোঁহে, ঠিক তেনেতে ৰাস্তাৰ দাঁতিতে থকা পুল এটাত হাতত তেনেকুৱা বাল্টি এটা লৈ বহি থকা মানুহ এজনক দেখি মোৰ মনত খন্তেক পূৰ্বে জন্ম লোৱা ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈ খং এটাহে উঠি আহিল৷ তেওঁলোক আচলতে গছপুলিবোৰত পানী দিবলৈ অহা মানুহ নাছিল, বৰঞ্চ তেওঁলোক আছিল সৰ্বভাৰতীয় 'প্ৰতিপুৱা মুক্ত নিষ্কাশন সংঘ'ৰ সদস্য৷
ৰাতিপুৱাৰ ৰ'দটো কোমল যেন লাগিছিল যদিও লাহে লাহে চোকটো বাঢ়ি আহিছিল৷ বিশেষকৈ সেইদিনা আৰ্দ্ৰতা বহুত বেছি আছিল৷ গুপগুপীয়া গৰম এটা ভিতৰি উঠি আহিছিল৷ শৰীৰটোক যে পানীৰ প্ৰয়োজন হৈছে তাৰেই ইংগিত শুকাই যোৱা ডিঙিটোৱে বাৰে বাৰে দিবলৈ আৰম্ভ কৰিছিল৷ চাইকেলৰ হল্ডাৰৰপৰা পানীৰ বটলটো উলিয়াই আনি পানী অলপ পি লৈ পেডেলত হেঁচা দি আগবাঢ়ি গ'লোঁ ৷ কিছুদূৰ যোৱাৰ পাছতে মন্দিৰ এটা পাইছিলোঁগৈ, নামটো গাঁওদেৱী মন্দিৰ৷ সচৰাচৰ মন্দিৰ বুলিলে থকা ভীৰ এটা তাত পৰিলক্ষিত নহ'ল৷ চিমেণ্ট-ইটাৰ সৰু বেৰ এখনেৰে ঘেৰি থোৱা মন্দিৰৰ চৌহদটো স্থানীয় লোকসকলে বৰ আটোমটোকাৰিকৈ ৰাখিছে৷ মন্দিৰটোৰ তোৰণখনত উল্লেখ থকা গাঁওদেৱী প্ৰগতি মণ্ডল নামটোৰপৰা অনুমান কৰিলোঁ যে মন্দিৰটো চাগে' কাষতে লাগি থকা গাঁওখনৰ সংঘটোৱে স্থাপন কৰিছে৷ যি কি নহওক মোৰ চাইকেলখনেও গাওঁখনৰ মাজৰ ৰাস্তাটোৰে গতি ল'লে৷ গাওঁখনৰ সন্মুখতে দুগ্ধজাত সামগ্ৰী উৎপাদন কৰা সৰু উদ্যোগ এটা আছিল৷ অলপ আঁতৰত কৃষি আৰু বনবিভাগৰ চৰকাৰী কাৰ্যালয়ো দেখা পাইছিলোঁ৷ কিন্তু ঠাইখনৰ সবাতোকৈ আকৰ্ষণীয় বিষয়টো আছিল তাত থকা গৰু-ম'হৰ খুঁটিবোৰ আৰু প্ৰকাণ্ড গোহালিবোৰ৷ পশুপালনৰ ব্যৱস্থা যে সম্পূৰ্ণ বিভাগীয় নিৰ্দেশনামতে পৰিচালিত হৈছে সেয়া সহজে অনুমেয়।
প্ৰতিটো গৰুৰ বাবে নিৰ্দিষ্ট একোটা স্থান দেখা পালোঁ। তদুপৰি খোৱাৰ সময়ত যাতে এটাই আনটোক অসুবিধা দিব নোৱাৰে তাৰবাবে পৃথক পৃথককৈ সকলোৰে বাবে খাদ্য ঠাহ কৰি ৰখাও দেখা পালোঁ৷ আকাৰত বৃহৎ গৰুবোৰৰ কিছুমানৰ বাবে ম'হ- মাখিৰ কামোৰ নাখাবলৈ বিশালাকাৰ আঁঠুৱা কিছুমানো তৰি থোৱা আছিল৷ আগবাঢ়ি গৈ ঘৰবোৰলৈ লক্ষ্য কৰি দেখিলোঁ কিছুসংখ্যক পকীঘৰৰ উপৰিও গাওঁখনত কেইবাটাও কেঁচাঘৰ আছে। দুই-এটা কেঁচাঘৰৰ বেৰবোৰ গোবৰ মিহলি মাটিৰে মহিলা দুগৰাকীমানে লেপি আছিল আৰু আন দুগৰাকীমানে গোবৰবোৰ চপৰা কৰি শুকাবলৈ বুলি মেলি গৈছিল৷ বতাহত উৰি অহা গোবৰ মাটিৰ গোন্ধটোৱে চাঁৎকৈ মোৰ মনটোক ডুমডুমাৰ চামডাং চাহ বাগিচাত এৰি থৈ অহা শৈশৱটোলৈ উৰুৱাই লৈ গ'ল! সেই একেই গোবৰ মাটিৰ গোন্ধ, একেই পৰিৱেশ!
মনটো কুৰুকি কুৰুকি অতীতৰ বুকুলৈ সোমাই গুচি গৈছিল৷ হঠাৎ সৰু শিল এটাত চাইকেলখনৰ চকা এটা উঠাত সচকিত হৈ হেন্দেলডাল অলপ ঘূৰাই দিলোঁ৷ নপৰিলোঁ যদিও চাইকেলখনৰ চেইনডাল আচম্বিতে খৰৰৰৰৰকৈ শব্দ এটা কৰি পৰি থাকিল৷ ৰাস্তাটোৰে দুই-এখন সৰু গাড়ী আৰু বাইক অহা-যোৱা কৰি আছিল৷ চেইনডাল তুলিবলৈ বুলি চাইকেলখন ৰাস্তাটোৰ কাষলৈ নিলোঁ৷ হেলমেট পৰিহিত অগতানুগতিক সাজ-পাৰৰ আগন্তুকক দেখি চোতালত খেলি থকা সৰু ল'ৰা-ছোৱালী দুটামান দৌৰ মাৰি আহি কিছু দূৰৈৰপৰা মোক নিৰীক্ষণ কৰিবলৈ ধৰিলে৷ চাইকেলখনৰ ফ্ৰেমটোৰ মাজেৰে তাহাঁতকেইটালৈ চালোঁ৷ গোটেইকেইটাই মোৰ আৰু চাইকেলখনৰফালে লক্ষ্য কৰি এটাই আনটোক 'এক্সপাৰ্ট অ'পিনিয়ন' দিয়াত ব্যস্ত আছিল৷ ভ্ৰূ দুটা উঠাই তাহাঁতৰফালে চাই 'কি হ'ল বাৰু কচোন' ধৰণৰ চাৱনি এটা দিলোঁ৷ গ্ৰুপটোত থকা সৰু ছোৱালী দুজনীয়ে নিজৰ
নিজৰ ফ্ৰককেইটাৰ দুয়োফালে টানি ধৰি কঁকালটো এবাৰ সোঁফালে,আনবাৰ বাওঁফালে ঘূৰাই ষোল্লদন্তীয়া হাঁহি মাৰি ভিতৰলৈ 'মাম্মী মাম্মী'কৈ চিঞৰি দৌৰ দিলে৷ ল'ৰাকেইটা অৱশ্যে লাজুক নাছিল৷ কি কৰোঁ নকৰোঁ ধৰণৰ পৰিস্থিতি এটাত পৰিল যদিও তাহাঁত তেনেকৈয়ে তাতেই ৰৈ থাকিল৷
ইতিমধ্যে মোৰো চেইনডাল তোলাৰ কামটো সম্পূৰ্ণ হৈছিল৷ হাতৰ তলুৱাত লগা চেইন অইলৰ দাগবোৰ মচিবলৈ হাতখন ঘাঁহনিতে ঘঁহি দিলোঁ৷ ঠিক তেনেতে এটা ল'ৰাই 'এক মিনিট ৰুকিয়ে' বুলি মোলৈ লক্ষ্য কৰি চিঞৰ এটা মাৰি ভিতৰলৈ দৌৰ দিলে৷ কিয় তেনেকৈ ক'লে একো বুজিব নোৱাৰি মই হাতৰ তলুৱাখন ঘাঁহনিতে ঘঁহি থাকিলোঁ৷ তেনেতে ল'ৰাটোৱে ভিতৰৰপৰা মলিয়ন কাপোৰ এখন হাতত লৈ মোৰফালে দৌৰি আহিল৷ তাৰ 'এক মিনিট ৰুকিয়ে'ৰ অৰ্থটো মই তেতিয়াহে বুজি পালোঁ, সি হাত মচিবলৈ বুলি মোলৈ কাপোৰ আনিবলৈ গৈছিল৷ কাপোৰখনেৰে হাতখন মচি থাকোতে অকণমানি তিনিটাই মোৰ ওচৰতে থিয় হৈ চাইকেলখন পিতিকি-মোহাৰি চাই ইটো-সিটো কথা সুধিবলৈ ধৰিলে৷ ময়ো তাহাঁতে সন্তুষ্ট হোৱাৰ জোখাৰে পাৰ্যমানে উত্তৰবোৰ দি গ'লোঁ৷ "চাইকেলখন কিমান স্পীডত যাব পাৰে", ''গিয়েৰ কেইটা আছে", "মই কিমান কিলোমিটাৰ চলাই পাইছোঁ", ইত্যাদি প্ৰশ্নবোৰ ল'ৰাকেইটাই বৰ উৎসুকতাৰে সুধি গৈছিল।
মোৰ উত্তৰ পোৱাৰ পাছত তাহাঁতকেইটা মোৰ লগত যথেষ্ট মুকলি হৈ পৰিল৷ এটাই এবাৰ টিলিঙাটোকে বজাই চালে৷ আন এটাই এপাক চলাবলৈ দিম নেকি সুধিলে৷ ল'ৰাকেইটালৈ চালোঁ, আটাইকেইটা সমবয়সৰ, ন-দহবছৰমান বয়সৰ হ'ব৷ সিহঁতৰ নামকেইটা সুধিলোঁ। উত্তৰত দুটাই সিহঁত দুটাৰ নাম বাবলু বুলি ক'লে আৰু আনটোৱে গিৰীশ বুলি ক'লে৷ ধেমালিৰ সুৰতেই সুধিলোঁ, "এতিয়া যদি কোনোবাই বাবলু বুলি চিঞৰি মাতে তেন্তে কোনটোৱে মাত দিবি?"
উত্তৰটো চাগে' বহুতকে দি দি তাহাঁতো অভ্যস্ত হৈ পৰিছিল, তপৰাই ক'লে, "ভাঈয়া, ক'ঈ অগৰ পাচ চ্যে বোলায়েগা তহ হামক' মালুম হ্যী চলতা হ্যে কিচকৌ বোলায়া হ্যে; লেকিন দূৰ চ্যে ক'ঈ বোলায়েগা তহ হাম দ'ন'কৌ পুকাৰনে কা আৱাজ অলগ হ্যোতা হ্যে৷"
মই সুধিলোঁ, "কেইচ্যে?''
খিকখিককৈ হাঁহি এটাই কৈ উঠিল, "অগৰ মুঝে বোলায়েগা তহ আৱাজ থৌড়ী লম্বী হৌগী, বাআআআআআআবববববববলুউউউউ; ঔৰ ইচকৌ বোলায়েগা তহ আৱাজ হৌগী থৌড়ী ধীমি, যেইচে ক্যী বাআআআআবলু৷"
আচৰিত হৈ সুধিলোঁ, "এইচা ক্যীউ?"
গিৰীশ নামৰ ল'ৰাটোৱে এইবাৰ মাত দিলে, "ভাঈয়া, য়্যে বাবলু থৌড়া শানত্ জ্যেইচা হ্যে, ঔৰ য়্যে বাবলু ইচকা পূৰা ওল্টা হ্যে৷"
মই উৰহী গছৰ ওৰটো পালোঁ৷ কোন কাৰ পিতৃ-মাতৃ তাৰ ভিত্তিত নতুবা কামৰ ভিত্তিত বা চুক বা চুবুৰীৰ ভিত্তিত এখন গাঁৱৰ একে নামৰ ল'ৰা-ছোৱালীবোৰক ভিন ভিন ধৰণে মাত দিয়া শুনা পাইছিলোঁ৷ কিন্তু উৎপাতৰ মাত্ৰাৰ ভিত্তিত নাম মতাৰ এই পদ্ধতিটো জীৱনত প্ৰথমবাৰৰ বাবে তাতেই গম পালোঁ৷
ঠাইখন দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বসতিস্থল আছিল৷ মানুহবোৰৰ ঘৰ-দুৱাৰ, পিন্ধন-উৰণ আৰু হাৱ-ভাৱবোৰে সেয়াই সূচাইছিল৷ দুই বাবলু আৰু গিৰীশৰো পিন্ধি থকা কাপোৰ-কানিৰ কোনা গত নাছিল৷ তিনিওটাৰে ভিতৰত অকল শান্ত বাবলুৰ পিন্ধনতহে স্পৰ্টিং আৰু হাফ পেণ্ট আছিল৷ বাকী দুয়োটাই অকল মাত্ৰ হাফ্ পেণ্ট একোটাহে পিন্ধি আছিল৷ চেণ্ডেল পিন্ধাৰ যে অভ্যাস তাহাঁতৰ নাই সেয়া সিহঁতৰ শুদা মলিয়ন ভৰিকেইটাই প্ৰতিফলিত কৰিছিল৷ তিনিওকে স্কুলৰ কথা সুধিলোঁ৷ যাওঁ বুলি তিনিও মূৰ দুপিয়ালে৷ ক্লাচ থ্ৰীৰ ছাত্ৰ হেনো তিনিও৷ ধেমালি কৰিয়েই সুধিলোঁ, "তহঁতি এনেকৈ খেলি দৌৰি ফুৰিলে কিতাপ পঢ়িবলৈ সময় পাৱ জানো!"
'ক্যিউ ন্যেহী ক্যিউ নেহী' বুলি তিনিওটাই মোক মুখ পাতি ধৰিলে৷
ইতিমধ্যে মোৰো উভতিবৰ হৈছিল৷ কিন্তু তাহাঁতকেইটাৰ অনৰ্গল কথাৰ পাকত কিছুদূৰলৈকে চাইকেলখন ঠেলি ঠেলিয়েই আগবাঢ়ি যোৱাৰ কথা ভাবিলোঁ৷ তাহাঁতক দৈনন্দিন ৰুটিনখনৰ কথা সুধিছিলোঁ, পৰম উৎসাহেৰে তিনিওটাই ওপৰা-ওপৰিকৈ কৈ গ'ল৷ ৰাতিপুৱা শুই উঠাৰ পাছত তাঁহাতৰ প্ৰথম কাম পাক এটা মাৰি গৰুবোৰ চাই অহা৷ তাৰপাছত দানাৰ বাবে দেউতাকহঁতে যোগাৰ কৰা ঘাঁহবোৰ আনি প্ৰতিটো গৰুৰ বাবে ভাগে ভাগে চিজিল কৰা৷ প্ৰায় একেসময়তে গাখীৰ খীৰোৱাও হয়৷ তাহাঁতে গাখীৰ খীৰোৱা পাত্ৰবোৰ অনা-নিয়া কৰাত সহায় কৰে৷ তাৰপাছত? তাৰপাছত তাহাঁতকেইটা যায় ওচৰতে থকা চৰকাৰী স্কুলখনলৈ ৷ দুপৰীয়া ঘূৰি আহি গৰুবোৰৰ গা ব্ৰাচ কৰি পলিচ কৰাত ডাঙৰসকলক সহায় কৰে৷ সন্ধিয়া কিতাপৰ মেজত বহে মাকহঁতে ৰন্ধা-বঢ়া শেষ কৰালৈকে৷ তেনেকৈয়ে তাঁহাতৰ দৈনন্দিন ৰুটিনখন চলি থাকে৷
সৰু দোকান এখন খোলা আছিল। তিনিওকে কল্ড ড্ৰিংকচৰ বটল আৰু পটেট' চিপচৰ পেকেট কিনি দিলোঁ৷ মোকো তাতে বিদায় দি সিহঁত অহা-বাটেৰে ঘূৰি লৰ দিলে৷ চাইকেলৰ পেডেলৰ তালে তালে ময়ো ঘৰমুৱা হ'লোঁ। মনৰ মাজত কথা কিছুমানে খকা-খুন্দা লগাইছিল৷ আৰে কল'নীৰ মাজৰপৰা দেখি আছিলোঁ দূৰৈৰপৰাই জিলিকি থকা মুম্বাইৰ গগনচুম্বী অট্টালিকাবোৰ। লাহে লাহে লুকাই পৰিছিল কল'নীৰ গছ-গছনিবোৰৰ মাজত থকা সৰু সৰু ঘৰবোৰ৷ হয়তো আজিকালি তেনেকুৱাই হৈছে সকলোতে৷ মানুহৰ আকাশচুম্বী গৌৰৱ আৰু অহংকাৰবোৰৰ আঁৰত লুকাই যায় বাবলুহঁতৰ আন্তৰিকতাপূৰ্ণ সৰু সৰু হেঁপাহবোৰ৷ কেতিয়াবা ভাবোঁ জীৱনত আমি কিহৰ বাবে দৌৰাদৌৰি কৰোঁ? উত্তৰটো শূন্য বুলি জানো, তথাপিও ভাবিবলৈ বাধ্য আমি কি বিচাৰি দৌৰি ফুৰোঁ? কিহৰ কাৰণে জটিলতাৰ প্ৰাচীৰ নিজৰ মাজতে গঢ়ি তোলোঁ! য'ত নাই কোনো সেউজীয়া বা আকাশ ৰঙীন কৰি তোলা ৰংবোৰ!
Phone
7002576410