মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
ওৰণিৰ আঁৰত হেৰাই যোৱা ‘লাপাতা লেডিজ্
ড॰ প্ৰদীপ বড়া
– ‘‘পঢ় কোনোবাই৷ ল’ৰা এটাই পঢ়৷’’
– ‘‘কি হ’ল? কোনেও নপঢ়? মুখেৰে একো নামাত যে?’’
পাঠটোত থকা মহিলাৰ মাহেকীয়া সম্পৰ্কীয় অংশটো পঢ়িবলৈ কোনো এজন ছাত্ৰয়েই ইচ্চা কৰা নাই৷ সকলোৰে মুখত এটা সংকোচৰ ভাব৷ ছোৱালীবোৰেও মুখ টিপি হাঁহিবলৈ লৈছে৷
– ‘‘যিদিনালৈকে তহঁতে মহিলাৰ পিৰিয়ডছ সম্পৰ্কে মুকলিকৈ সকলোৰে আগত পাতিব নোৱাৰিবি, তেতিয়ালৈকে নাৰী সবলীকৰণ সম্পৰ্কে কথা পাতি লাভ নহ’ব৷ তহঁত ল’ৰা-ছোৱালী সকলোকে কৈছোঁ৷’’
উচ্ছতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া পাঠ্যপুথিত এটা পাঠ আছে– ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’৷ লেখক ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে লেখাটোৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ এটা প্ৰয়াস কৰিছে৷ সেই পাঠটোতে অসমৰ মহিলাসকলে ‘মাহেকীয়া’ৰ সময়ত পালন কৰিব লগীয়া কিছুমান অহেতুক-অযুক্তিকৰ নিয়মৰ কথা কৈ ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক এইবোৰৰ আঁতৰি বৈজ্ঞানিকভাবে কথাবোৰ ফঁহিয়াই চাবলৈ আহ্বান জনাইছে৷ এই পাঠটো পঢ়ালেই ছাত্ৰ-ছাত্ৰীসকলক আন আন কথাৰ মাজতে আমাৰ সমাজত মহিলাসকলে পালন কৰি থাকিব লগা হোৱা কিছুমান অপ্ৰয়োজনীয় নিয়মৰ কথা ক’বলৈ সুবিধা পাওঁ, পুৰুষতান্ত্ৰিক সমাজত মহিলাৰ অৱস্থানৰ কথা ক’বলৈ সুযোগ পাওঁ, মহিলাৰ বাবে নিৰ্ধাৰিত অযুক্তিকৰ নীতি-নিয়মবোৰ মহিলাসকলেই কঠোৰভাৱে পালন কৰাৰ কথা ক’বলৈ সুবিধা পাওঁ৷ কেৱল এইক্ষেত্ৰতে নহয়, আমাৰ সমাজত মহিলাসকল আন অজস্ৰ সমস্যাৰে জৰ্জৰিত, অৱদমিত৷
এখন চলচ্ছিত্ৰ, নাম ‘লাপাতা লেডিজ্’৷ বৰ্তমান নেটফ্লিকস নামৰ অ.টি.টি প্লেটফৰ্মটোত উপলব্ধ৷ চলচ্ছিত্ৰখনত এটাও শ্লোগান নিদিয়াকৈয়ে নাৰী সবলীকৰণৰ এটা শক্তিশালী বাৰ্তা দিবলৈ সক্ষম হৈছে৷ এটা আমোদজনক কাহিনীৰ মাজেৰে পৰিচালক কিৰণ ৰাওয়ে এনে কিছুমান দিশ চলচ্ছিত্ৰখনত প্ৰকাশ কৰিছে যিয়ে আমাৰ প্ৰতিগৰাকী মহিলাৰ মাজত সোমাই থকা ক্ষোভক যেন প্ৰতিনিধিত্ব কৰিছে৷ এই ক্ষোভ সমাজৰ নীচ মানসিকতাৰ বিপক্ষে, পুৰুষতন্ত্ৰৰ শোষণাত্মক চিন্তাৰ বিপক্ষে, আনকি এই ক্ষোভ অতি পুৰুষত্বক প্ৰতিনিধিত্ব কৰা বলীউডৰ চলচ্ছিত্ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে৷
২০২৩ চনৰ বলীউডৰ এখন জনপ্ৰিয় চলচ্ছিত্ৰ ‘এনিমেল’, য’ত অতি পুৰুষত্বক অতি মাত্ৰাত পৰিৱেশিত কৰা আমি দেখা পালোঁ৷ এনিমেল চলচ্ছিত্ৰখনত নাৰী মৰ্যাদা, নাৰী অধিকাৰ বা একন সমাজত থকা নাৰীৰ ভূমিকাক একেবাৰে পুতৌজনকভাৱে নস্যাৎ কৰা হৈছে৷ ‘লাপাতা লেডিজ্’ চলচ্ছিত্ৰখনে ‘এনিমেল’ৰ বিপৰীত দিশত অৱস্থান কৰি যেন সজোৰে প্ৰতিবাদ কৰি উঠিছে৷ দৰ্শকক, সমাজৰ নাৰী-পুৰুষ সকলোকে যেন বুজাই দিব বিচাৰিছে যে এখন সমাজত একোগৰাকী নাৰীৰ ভূমিকা পুৰুষতকৈ কোনোগুণেই কম হ’ব নোৱাৰে৷ বৰঞ্চ বহুসময়ত ইয়াৰ
উলটাটোহে যেন হয়৷ সেয়ে ছায়া কদম অভিনীত ‘মঞ্জু মাই’ চৰিত্ৰটোৱে কৈছে যে নাৰীয়ে শস্য উৎপাদনো কৰিব পাৰে, ৰান্ধি-বাঢ়ি খাবও পাৰে; সন্তান জন্মও দিব পাৰে, তুলি-তালি ডাঙৰ-দীঘলো কৰিব পাৰে; ভালকৈ ভাবি চালে দেখা যায় যে এগৰাকী মহিলাক পুৰুষৰ বৰ বিশেষ প্ৰয়োজন নাথাকে৷ কিন্তু এই কথাটো নাৰীয়ে অনুভৱ নকৰাকৈ থাকে৷ যিদিনাই এই কথাটো মহিলাসকলে অনুভৱ কৰিব পাৰিব, সেইদিনাই অতি পুৰুষত্বৰ বিনাশ ঘটিব৷ চলচ্ছিত্ৰখনত এগৰাকী ন-কইনা ‘ফুল কুমাৰী’ সলনি হয়৷ সলনি মানে, ন-কইনাক লৈ ৰে’লেৰে আহি থকা দৰা ‘দীপক কুমাৰে’ একে সাজৰ আন এগৰাকী ন-কইনা ‘জয়া’ৰ সৈতে ফুল কুমাৰী বুলি ভুল কৰি লৈ আহিলে৷ কাৰণ দুয়োগৰাকী ন-কইনাই একে সাজ পিন্ধি আছিল, একে ধৰণেই দীঘলকৈ ওৰণি টানি নিজৰ মুখখন ঢাকি ৰাখিছিল৷ সেয়ে সলনি হ’ল৷ আচৰিত যেন লাগিলেও এই কথা সঁচা হ’ব পাৰে৷ স্বকীয়তা নাথাকিলে, ওৰণিৰে নিজৰ পৰিচয় ঢাকি ৰাখিলে, আনৰ চিন্তাৰে পৰিচালিত হ’লে এজন মানুহ হেৰাই যাব পাৰে, এনেকৈয়ে৷ চলচ্ছিত্ৰখনত ‘ফুল কুমাৰী’ হেৰাই যোৱাৰ বাবে অৱশ্যে ফুল কুমাৰী, জয়া বা আন আন চৰিত্ৰকেইটাই নিজক বিচাৰি পালে৷ ফুলৰ সলনি অহা ‘জয়া [পুষ্পা]’ই দীপক কুমাৰৰ ঘৰখনৰ মহিলাসকলৰ চকু মুকলি কৰাত অৰিহণা যোগালে৷ দৰ্শক হিচাপে আমাৰ সকলোকে ধাৰণা সলনি কৰাৰ সুযোগ দিলে৷ এয়ে চলচ্ছিত্ৰৰ শক্তি৷ ‘লাপাতা লেডিজ্’ চলচ্ছিত্ৰখনৰ মূল কাহিনী বিপ্লৱ গোস্বামীৰ৷ কোনোধৰণৰ শ্লোগান অবিহনেই চলচ্ছিত্ৰখনত নাৰীৰ শোষণ-নিষ্পেষণৰ বিৰুদ্ধে একোটা শক্তিশালী বাৰ্তা দিবলৈ সক্ষম হৈছে কাহিনীকাৰ তথা পৰিচালক৷ চলচ্ছিত্ৰখনত উপস্থাপন কৰা প্ৰতিটো চৰিত্ৰই যেন আমাৰ চৌপাশে¸ থকা চৰিত্ৰসমূহেই৷ আমাৰ সমাজত যিকোনো অংশলৈ সচেতনভাৱে মন কৰিলেই দেখা পোৱা যায় ঘৰখনৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া একোগৰাকী নাৰী, ঘৰখনৰ পুৰুষকেইজনৰ পচন্দৰ বাবে নিজৰ পচন্দ জলাঞ্জলি দিয়া একোগৰাকী নাৰী, পুৰুষৰ ইচ্চা-অনিচ্চা বা পুৰুষৰ আগ্ৰহ-অনাগ্ৰহত নিজৰ ভাল লগা-বেয়া লগাবোৰ বিসৰ্জন দিয়া একোগৰাকী নাৰী৷ সেয়া আমাৰ-আপোনাৰ মা হ’ব পাৰে, হ’ব পাৰে ভনী, খুৰী-মাহী৷ নিজৰ মানুহজনৰ নামটোও উচ্ছাৰণ কৰাৰ পৰা বঞ্চিত কৰি ৰখা নাৰীয়ে প্ৰতিবাদ কৰাৰ জানো সাহস ৰাখিব! সেয়ে চলচ্ছিত্ৰখনত কোৱা হৈছে যে পুৰুষৰ সমানে যদি নাৰী আগবাঢ়িব লাগে তেনে নিজৰ মানুহজনৰ নামটো উচ্ছাৰণ কৰাৰ পৰা প্ৰথমে আৰম্ভ কৰিব লাগিব, নিজৰ পচন্দৰ খাদ্য ৰান্ধি খাব লাগিব, মাত মাতিব লাগিব, ওৰণি গুচাই সমুখলৈ চাব পাৰিব লাগিব৷ চলচ্ছিত্ৰখনত নাৰী অৱদমনৰ বাবে কিন্তু কেৱল পুৰুষকে জগৰীয়া কৰা হোৱা নাই৷ এইক্ষেত্ৰত নাৰীকো একে দৃষ্টিভংগীৰেই সমালোচনা কৰিছে৷ সেয়ে কোৱা হৈছে, বিয়াৰ পাছত এখন ঘৰলৈ এগৰাকী নাৰীৰ কাষলৈ এজনী বোৱাৰী আহে, এজনী বৌ আহে, জা আহে কিন্তু এগৰাকী বান্ধৱী আহিব নোৱাৰে কিয়? যেতিয়াই বিয়াৰ পাছত দুগৰাকী মহিলা বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খাব পাৰিব তেতিয়া কোনো শক্তিয়ে নাৰীক অৱদমিত কৰি ৰাখিব নোৱাৰিব৷ চলচ্ছিত্ৰ-ভাষাৰ দিশৰ পৰা ‘লাপাতা লেডিজ্’ এখন উপভোগ্য তথা প্ৰভাৱশালী চলচ্ছিত্ৰ৷ এটা শক্তিশালী বিষয়বস্তুৰ সমানে জঠৰতা বিহীনভাৱে চিত্ৰনাট্য নিৰ্মাণ কৰিছে স্নেহা ডেছায়ে৷ চলচ্ছিত্ৰখনৰ এটা অতি শক্তিশালী দিশ হ’ল ইয়াৰ সংলাপসমূহ৷ সংলাপ ৰচনা স্নেহা ডেছাই আৰু দিব্যেন্দু শৰ্মাৰ৷ একোটা শক্তিশালী আৰু হৃদয়স্পৰ্শী সংলাপে বিষয়বস্তুক শক্তিশালী ৰূপত প্ৰকাশ কৰিব পাৰিছে, প্ৰতিটো মুহূৰ্ততে দৰ্শকক চলচ্ছিত্ৰখনৰ সৈতে সংপৃক্ত কৰি ৰাখিব পাৰিছে৷ ৰাম সমপথৰ সংগীত চলচ্ছিত্ৰখনৰ আন এটা শক্তিশালী দিশ৷ নীতাস্নি গোৱেল, প্ৰতিভা ৰত্না, স্পৰ্শ শ্ৰীবাস্তৱ, ৰবি কিষাণ, ছায়া কদম, দুৰ্গেশ কুমাৰ, গীতা আগৰৱালা আদি নবীন-প্ৰবীণ অভিনয় শিল্পীৰ সাৱলীল অভিনয় চলচ্ছিত্ৰখনৰ আন এটা উল্লেখযোগ্য দিশ৷ ‘লাপাতা লেডিজ্’ চলচ্ছিত্ৰখনে সমাজৰ এটা সত্যক দৰ্শকৰ সমুখত তুলি ধৰিছে৷ যি সত্যত আছে ওৰণিৰ তলত হেৰাই যোৱা কিছুমান মানুহ, যিসকলৰ ওৰণি আঁতৰাই পোলোৱাত প্ৰতিগৰাকী নাৰী- প্ৰতিগৰাকী পুৰুষে সহযোগ কৰিব লাগিব৷