top of page

মূলঃ Moonlit Night

          - by DU FU, Chinese Poet

জোনাক নিশা

ৰশ্মিৰেখা গগৈ

 

 

দূৰণিৰ ফুঝুত মোৰ প্ৰিয়তমাই অকলশৰে চাই আছে

এই নিশাৰ জোন, আৰু সন্তানকেইটিৰ ভাৱনাত

মন মোৰ বিষাদ-গধুৰ, সিহঁতে নাজনে মই যে

চেংগানত আছো; তেনেই সৰু হৈ আছে সিহঁত।

তেওঁৰ মেঘ-কোমল চুলিটাৰি কুঁৱলীৰ সুগন্ধি পৰশত সেমেকি উঠিছে।

জোনৰ পোহৰত জিলিকি থকা বগা বাহু দুটিত জাৰৰ ভাৱ

খিৰিকীত আঁউজি আমি কেতিয়াকৈ অনুভৱ কৰিম

জোনাকে আমাৰ চকুলো শুকুৱাই নিয়া ?

 

Writers Address

Librarian, Mohendra Borah Library, Dibrugarh University, Dibrugarh

Phone

9854883752

Email

bottom of page