top of page

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

অনুপম বড়া

ধাৰাবাহিক উপন্যাস

কথাঃ হে কলা যৱনিকা

images (1).jfif

অৰণ্যানী কেৱল৷
গভীৰ৷ ঘনঘোৰ ডাঠ অৰণ্য ৷ কোনোবা জাকৰুৱা পখীৰ বুকুৰ মাজৰ পৰাই এমা-ডিমা এটি থপিয়াই নিবলৈ বুলি সাউৎকৈ চোঁ মাৰি নামি অহা শেনজনীৰ দৰে ক’ৰবাৰ শতছিন্ন ছয়াময়া পোহৰ কণা এটি দেখোঁ, মাটিৰ মোহত হাবাথুৰি খাই ওলমি আছেহি শুকান এটি মকৰা জালত৷
নিস্তব্ধ মৰণ ফন্দি সবৰ্ত্ৰ৷ হাঁড. কঁপোৱা জয়াল অনুভূতিৰ নৃত্যচপল উচ্ছাস!
  আলসুৱা বা-বতাহ এছাটিয়েও গা লৰাব নোৱৰা এই নিজম, গহীন অৰণ্যত শুনো কি তথাপি সেয়া – তৃষ্ণাতুৰ কোনো আঠমহীয়া শিশুৰ দুগ্ধপানৰ দুষ্টামী ছন্দহেন নিৰৱতাৰ সেই চপ্‌ চপ্‌ ধ্বনি ৷ নৈ-নিজৰাৰতো আৰু নহয় সেয়া কুলু কুলু ধ্বনি-প্ৰতিধ্বনি? হয়তো কোনো সৌভাগ্যৱতী নাৰীৰ বুকুৰ নিভৃততম্‌ কোণৰ পৰা নিঝৰি নিগৰি ভাহি আহিব খোজা মাতৃজীৱনৰ আগৰ অথবা¸ পিছৰ কোনোবা অবুজ ঢৌৰ অনলস নিমজ কঁপনি ৷ গাতে গা লগাই আকৌ শুনো কোনোবা বিগত যৌৱনাৰ আলফুলীয়া শত সপোনৰ অস্পষ্ট বিননি ! মোৰ খোজ আৰু যায় কি নাযায় আৰু যাবগৈ লাগে কত যোজন বাট, ক’ত সেই অৰণ্যপ্ৰান্ত!
কেতিয়াবাই উকালি পৰা কোনোবা শিশুৰ মুখৰ মাতৃদুগ্ধহেন চেঁচা কোমল এছাটি বতাহৰ আৱাহনী মুদ্ৰাত খোজৰ জঠৰতা ভাগে৷ মহাজীৱনৰ পুৱতি নিশা ভাঙি চকুৰ পতাত বিৰিঙি উঠিব খোজে কাঁচিয়লি সোণ এচেৰেঙা – অৰণ্য ভাঙি আগুৱাই যোৱাৰ দুঃসাহস যোগায়৷
আগুৱাই গৈছোঁ মাথো৷ অৰণ্য প্ৰান্তত সেইখন লুইত, সেইখন মোৰ চিনাকি পৃথিৱী– কামগিৰি পবৰ্ত সেইটো,  উমানন্দত দেখিছো কোনোবা হৰ-গৌৰী– অভিসাৰত উন্মাদ ! কৰ্মনাশা, উবৰ্শীকুণ্ডৰ গাতে ডেকা-গাভৰnৰ ঘাট সেইটো৷ ফাগুনৰ জুই জ্বলিছে তাত৷
   পাহাৰত জুই, আকাশত জুই, নৈ-নিজৰাত, কুলু কুলু ধ্বনি-প্ৰতিধ্বনিত – সকলোতে জুই৷ সেইফালে সৌটো নগা পাহাৰ, সৌখন দিখৌ৷ নাচি নাচি জিলিকি উঠা সৌটো মোৰ চিনাকি সোণ ডঁৰিকণা ঘাট ৷ ফাগুনৰ উতলা বতাহ! সেইটো ঘাটৰ সেইচটা শেলুৱৈয়া শিলত সেই এজনী গাভৰু ৷ ওপৰমুৱাকৈ শুই আছে তাই৷ কোন উলঙ্গ দলুহাংগনা সেয়া –মোৰ সোণ-ডঁৰিকণা??

     তাইৰ বুকুতো জুই৷

   আকাশলৈ ঢাপলি মেলা তাইৰ উন্মুক্ত- স্ফীত স্তন যুগলত উদ্ভান্ত ফাগুন ৷ ফাগুনৰ হেন্দোলনি৷ সেইখন নদীৰ সেইটো পাৰে সেইজাক উদ্ভান্ত উলঙ্গ ডেকা৷ কাম কাতৰে স্ফীতোদৰা ৷ তাইৰ বুকুৰ সসাগৰা উত্তাল জোৱাৰত জঁপিয়াই পৰিবলৈকে নৈৰ কোবাল সোঁতকো নেওচি কেনে উদ্বাউল হৈ উঠিছে! নাতিদূৰৈত সেইটো অকলশৰীয়া নিচলা ডেকা৷ ভৰিয়ে পানী খেলি বতাহত উটি অহা ফাগুনৰ পাহি বুটলি আত্মহাৰা ৷ তাইৰ অলক্ষিতে আছে অতপৰে ৷

শেলুৱৈয়া শিলচটাত সৰস যৌৱন উঠলি উঠিছে৷ ফেৰফেৰীয়া নিৰ্জু কোমল এছাটি বতাহে তাইৰ কিচ্কিচীয়া ক’লা চুলিটাৰি কোনোবা ধুবুৰীলৈ উৰাই নিয়াৰ উপক্ৰম কৰিছে৷ অলক্ষিতে ৷ তাই উদাস৷ তাই আনমনা৷ বনফুলৰ বিচিত্ৰ-বিমিশ্ৰ সুঘ্ৰাণ সোহাই সোহাই পান কৰিছে তাই৷ ডেকেৰুৱা তেজৰ সঘন তাঁতবাতিত গুৰু গোঁসাই নমনা ছন্দ, উজানৰ মাছৰ দৰে দেও পাৰি পাৰি নাচিছে দেহৰ প্ৰতিটো স্নায়ু৷ সজোৰে, বুকুৰ সবৰ্শক্তিৰে সৰস স্তন যুগল পিতিকি মোহাৰি নিঃশেষ কৰি পেলোৱাৰ বৃথা চেষ্টাৰে উন্মাদ হৈ উঠিছে তাই৷ শেলুৱৈয়া শিলচটাত ছাটি ফুটি উঠিছে তাইৰ সবৰ্দেহ৷ আৰু হঠাৎ, হঠাৎ যেন সৰোবৰৰ ফটিক নিৰ্মল জলধাৰা দেখি লৱৰি যোৱা তৃষ্ণাতুৰ কোনো ফুটুকী হৰিণীৰ দৰে অতপৰে অলক্ষিতে থকা নিছলা সেই সুঠাম বুকুখনলৈ বুলি তাই বাউলীজনী হৈ দৌৰিছে৷ দল্‌দোপ হেন্দোলদোপ সৰস স্তন যুগলে গোটেই আকাশজুৰি সিঁচি নিছে ফাগুনৰ শত ৰং, কামনাৰ শত শ্ৰাৱণ! সাঁতুৰি নাদুৰি কোনোমতে এইপাৰ হোৱা সেইজাক উদ্ভান্ত-উলঙ্গ ডেকাই তাইক অনুসৰণ কৰি ডেডাউৰিয়াই আহিছে৷ কি কৈছে সিহঁতজাকে তাইক, কি কৈছে সিঁহতজাকক তাই? কাম কাতৰে অস্পষ্ট স্বৰ৷ তাই মাথো দৌৰিছে৷ বাউলীজনী হৈ দৌৰিছে কেৱল৷ অকলশৰীয়া সেই নিছলা ডেকাটিৰ সুঠাম বুকুখনি সজোৰে সাৱটি ধৰিছেগৈ তাই – And you are the son of my own mother, and I forgot you !!
  প্ৰাণৰ মাথো আৱাহন ৷ ভমকাই জ্বলি উঠিছে ফাগুনৰ লেলিহান শিখা ৷ অঙ্গই অঙ্গই কি বিদ্যুৎ সঞ্চালন, কি আধিভৌতিক শিহৰণ সঁচাকৈ এয়া, সবৰ্শক্তিৰে, সবৰ্শক্তিৰে, সবৰ্শক্তিৰে...!!
   কিন্তু কিমাধিকম্‌ !!
  সেইজাক – দীঘল দীঘল নোমেৰে সবৰ্শৰীৰ ঢকা সেইজাক – সেইজাক কি মেমথ? তাইৰ বুকুৰ সসাগৰা যৌৱনৰ উত্তাল জোৱাৰত জঁপিয়াই পৰিবলৈকে কি সিঁহতজাক...? কি বিপৰ্যয়, কি বিপৰ্যয় সঁচাকৈ এয়া! কিংকৰ্তব্যবিমূঢ. হৈ তাইৰ অঙ্গ বন্ধনৰ পৰা সজোৰে অঙ্গমুক্ত কৰি জঁপিয়াই দিছোঁ খৰস্ৰোতা নৈখনত৷


আৰু ক’ত মই, অজন্তা-ইলোৰাৰ সেই নিৰাপদ গুহাত?? মই ঢলি পৰিছোঁ মজিয়াত ৷ টেবুলৰ ওপৰত চিত্‌ভোলোঙা খাই পৰি আছে গোলকটো ৷ আধা মেলা আধা জপা অৱস্থাৰে মজিয়াত উবুৰি খাই সেইখন From Volga to Ganga. 

  মজিয়াৰ পৰা উঠিলো৷ মূৰত যন্ত্ৰণা ৷ হাতফুৰাই চালো আঙুলিত তেজ ৷ চকুত টোপনি নাই এতিয়াও ৷ চকুৰ পতায়েদি বটা নিগনি দৌৰাদি সাউৎকৈ সৰি ধুমকৈ ফুটিল মজিয়াত দুটোপাল উষ্ণ আৱেগ ৷ ৰ’দ ঘাই জীৱনত কি এনে চেঁচুকীয়া বিড.ম্বনা! চকুহাল মুদি দিলো– ব্ৰহ্মাণ্ডৰ সমস্ত ৰশ্মিকণা আহি চকুত এথোপা পাতিলেহি ৷ ৰশ্মিকণাত সেই এজনী দলুহাংগনাৰ উলঙ্গ নৃত্য –তুমি পাৰিবা, তুমিয়েইতো সেই পৃথিৱীৰ একমাত্ৰ জীৱন্ত সন্তান ! তুমি পাৰিবই লাগিব! গোলকটোত থৰ লাগিলো৷ নাড়ী-ভুৰু ছিঙি উজাই আহিব খুজিল এটা দীঘল হুমুনিয়াহ – মোৰ পক্ষে এখন মহাজৈৱনিক উপন্যাস ! এয়া কি সঁচাকৈ সম্ভৱ? কিবা এক শিহৰণত বন্ধ খিৰিকিখন খুলিলোগৈ ৷ প্ৰচণ্ড চাপেৰে হেন্দোলনি দি থকা দুৰ্দান্ত এপৃথিৱী পোহৰে পুনৰ মোক মজিয়াত থেকেচি থোৱাৰ উপক্ৰম কৰিলে৷ খিৰিকি জপাই থলো ৷ কি দুৰ্দান্ত এই পোহৰ ! গোলকটো তুলি ধৰিব খুজিও থমকি ৰ’লো ৷
  তাহানি খনিকৰ দেদাই কৈছিল, পঢ়া-টেবুলত বহাই ৰাখিবা পৃথিৱীখন৷ গোলকৰ দৰে ঘূৰাবা – গোলকৰ দৰে ঘূৰাবা পৃথিৱী, গোলকৰ দৰে খৰকৈ, খুউব¸ খৰকৈ, আৰু খৰকৈ, আৰু খৰকৈ!!

                                     ২
সভ্যতা-অতিসভ্যতাৰ ঊদ্ধৰ্ত এটা অসামাজিক অথবা এটা অস্বাভাৱিক প্ৰাণীৰ বাবে জীৱন এটা নগ্ন আপেক্ষিক শব্দমাত্ৰ৷ সমাজ-জীৱন মিউজীয়ামৰ বস্তু৷ আমাৰ বাবেতো বহুসময়ত গীতাৰ সিদ্ধম্‌ পুৰুষো সেই এটা মাথো অধিবাস্তৱ বীজগণিতৰ  x !
  তথাকথিত সমাজ-ব্যৱস্থাত মৰাক মাৰি খোৱাৰ জবৰদস্তিৰ আৱৰ্তত যেতিয়া এটা মৰ্যাদাপূৰ্ণ মৃতু্যৰ প্ৰতি থকা জীৱনৰ একমুখিতা শ্বাসৰুদ্ধ হয় তেতিয়াই অৱশ্যে জীৱনে ‘ফ্ৰী-ভাৰ্চ’ বিচাৰি হাবাথুৰি খায়৷ জীৱন ক্ৰমশঃ এন্ধাৰৰ পৰা অন্ধকাৰলৈ সোমাই যাবলে’ বাধ্য৷ কোনোবা অনুপস্থিত-উপস্থিতিৰ সৈতেই বা জীৱনৰ কি ৰঙীণ বিলাস! ৰাতিৰ প্ৰাত্যহিকতাই ভাঙি আনে জীৱনৰ জটিল বয়ান৷ অথচ, জানেইতো চক্ৰবৎ সময়, নিৰ্মম বাস্তৱতা সবৰ্ত্ৰ– লেট্ৰিনৰ একান্ত সময়খিনিতো চাওক সেয়া কি নিৰ্মম আঘাত! কোনোবা জখমী কবিৰ হালধিবতা ৰাতিৰ দৰে মাথো বুজি ল’ব খোজো, এই কেৱল আপেক্ষিক, চক্ৰবৎ নিৰ্মম বাস্তৱতাই তেনে জীৱনৰ সবৰ্শেষ সফল নিষ্কৰ্ষ– জীৱনৰ বহু আকাংক্ষিত এক অনাকাংক্ষিত সোণৰ সোলেং!
  জীৱন-জগতক যিমান পৰিমাণে জানো তাতোধিক গপত গঙ্গাটোপ আমাৰ অন্ধলা ‘মই’টোৰ বাবেই হয়তো আমি এক নিৰপেক্ষ অৱস্থানৰ পৰা ভালেমান আঁতৰত৷ হয়তো সেয়ে, অপেক্ষাকৃতভাৱে জীৱনৰ সঁচাখিনিকে অধিক স্পষ্ট আৰু অধিক প্ৰভাৱশালীৰূপত উপস্থাপন কৰিবলৈ যাওঁতেই বহুসময়ত সঁচা-মিছাৰ বাহুল্যৰ বোজাত তাৰ স্বাভাৱিক সত্য আৰু সৌন্দৰ্যখিনি কলঙ্কিত হয়৷ হ’বই দিয়ক৷ জীৱন-জগতৰ অনেক অভিজ্ঞতা-অনুভূতি আঙুলিৰ ফাঁকে সৰকি যায় নিতে৷ হাতৰ মুঠিত নৰয়৷ যি দুই-এটা কেনেবাকে’ ৰয়গৈও বাকী তাৰো বাচ-বিচাৰ নকৰাকৈয়ে সত্য আৰn সুন্দৰৰ নামত আমাৰ আৱেগসৰ্ৱস্ব লীলা-খেলা৷ আৱেগোচ্চ৩সিত নিচুকনিৰ কোবাল সোঁতত আমি উটি যাওঁ – আমাক উটুৱাই নিয়ে৷ আৰু উটুৱাই নিব নোৱাৰিলেই আক’ চাওক কেনে ওখহা-ওফোন্দা – ইও এক শিল্পনে? শিল্পৰ নামত বলিয়ালি, আধাকেচেলুৱা কোনোবা অশিল্পীৰ শিল্পচেষ্টা ক’ৰবাৰ!

  হয়তো এয়াই আমাৰ স্বভাৱৰো শেষ কথা৷ সপোন-দিঠকৰ ছয়াময়া আওকণীয়া অন্ধ-অভিজ্ঞতা৷ এতেকে স্বভাৱ-বিৰোধী কথাৰেতো ক’ব নোৱাৰি হে’ পাঠক উপস্থিতি, জীৱন সঁচাকৈয়ে কোনোবা আধাকেচেলুৱা অশিল্পীৰ শিল্পচেষ্টাৰ বাদেনো কি!
  অথচ  ভিন্সিৰ ম’নালিজাজনীৰ হাঁহিটো...! তাইৰ হাঁহিটোৰ ৰহস্য ক’ত থাপিম – টেবুলত চিত্‌ ভোলোঙা খাই পৰি থকা মোৰ এই গোলকটোতে? নে ইKI×াৰষ্টেলাৰৰ সেই পেৰেলেল গ্ৰহৰ কোনোবা দলুহাংগনাজনীৰ কথাই সঁচা – পৃথিৱী ধ্বংস হৈ যোৱাটোৱেই তেনে অধিক সঁচা?
চকুত টোপনি নাই এতিয়াও৷

 

                         [৩] 
  ম’নালিজা ৷ সেই এক কটাক্ষময়ী নাৰীৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ আৰু এটা নিগনি পোৱালিৰ কথা৷
আনৰ বাৰীয়ে বাৰীয়ে বনপিঠা-বৰলৰ বাহ বিচাৰি পিত্‌ পিতাই ফুৰা দিনৰে কথা সেয়া৷ এদিন শাওণমহীয়া প্ৰখৰ ৰ’দৰ এটা দুপৰীয়া৷ চেনাই নাছিল সিদিনা, নাছিল লিজা ৷ মই অকলে৷ হাতত শুকান জেওৰা খুঁটি এটা লৈ তেনেকৈয়ে আৰ বাৰীয়ে তাৰ বাৰীয়ে পিত্‌ পিতাই ফৰিছোঁ৷ চকুত পৰিল, বৰদে’তাহঁতৰ ভঁৰালৰ গাঁধৈত এলান্ধুকলীয়া এটা কাঠৰ আধাভগা চন্দুক ৷

কি আছে তাত, ককাইটিহঁতে সৰুতে ওমলা কিবা এসোপা! কিবা নহয় কিবা এটা তাত ওলাবই ওলাব, আন নহ’লেও এটা বৰলৰ বাহ৷ জেওৰা খুঁটিটোকে সাৰথি কৰি চন্দুকটোৰ পিনে আগুৱাই গৈছোঁহে মাথো, তেনেতে হঠাৎ মোৰ সবৰ্শৰীৰ কঁপাই ফৰ্‌ফৰাই ওলাই লৰ ধৰিছে সেই এজনী ধুন্দুলী ফেঁটি৷ গাৰ নোম ডাল ডাল হৈ থিয় দিলে, উশাহবোৰ ঘন ঘন হৈ পৰিল, অলপতহে আজি! খুঁটিটো খামুচি দীঘলকৈ উশাহ এটা টানি ল’লো, কি বিচাৰিছিলে তাত বাৰু তাই? আধা ভগা সাঁফৰখন সাউৎকৈ উদিয়াই ততালিকে এখোজ পিছুৱাই আহি ডিঙি মেলি মেলি চালো৷ নাই৷ উঁয়ে খাই এফাল প্ৰায়ে নষ্ট কৰা মলিয়ন এজাপ কিতাপ মাথো৷ এইবোৰ আক’ কোনে পঢি.ছিলে, ককাইটিহঁতেতো ইছ্‌কুল-চিচ্‌কুল পঢি.ছিল বুলিতো শুনা নাই আজিকোপতি! বৰদে’তাটোৱেওতো... নাই, ভাবি একো পাৰ পাব নোৱাৰিলো৷ সেয়ে সেই ভাৱনা সিমানতে এৰি কিতাপজাপ খুচৰি চালোঁ৷ তেনেই পচা, চুবই নোৱাৰি৷ বিপদৰ বৰ বিশেষ আশংকা নেদেখি খুঁটিটো একাষৰীয়া কৰি হাতেৰে ভাল ভালবোৰ বাচি পেলাইছোঁ৷ কিন্তু হঠাৎ হাতখন এছাৰ্‌ মাৰি বুকুৰ মাজলৈ কোঁচাই সাউৎকৈ থিয় হলো – কিবা এটা আছে তাত৷ খুঁটিটো পুনৰ খামুচি লৈ থিৰ চকুৰে চালোঁ – কুটা-কুটি কাগজখিনিৰ মাজত কিবা এটা আছে৷ কালজনীৰে পোৱালি নহয়তো! ভয়ে ভয়ে কাগজখিনি খুচৰি চাই দেখোঁ, সদ্যজাত ৰঙচুৱা কোমল এটি নিগনি পোৱালি৷ গাত নোমেই গজা নাই দেহি!
বৰলৰ বাহত জুই দিব পৰা মোৰ কাঠচিতীয়া কণমানি অন্তৰখনি নিগনি পোৱালিটিৰ প্ৰতি এগাল অনুকম্পাৰে ওপচি পৰিল৷ ছেঃ মাকজনী বাৰু পলাই সাৰিলনে? সিদিনা নৈৰ ঘাটত খনিকৰ দেদায়ে কৈছিল, নিগনিবোৰ হেনো বৰ চতুৰ, মানুহত থাকি ভালেমান সজাগ – বিপদ আপদৰ গোন্ধ্‌ লৈ লৈয়ে হেনো জীয়াই থাকে৷ তেনেহ’লেতো মাকজনী পলাই সাৰিব লাগে৷ কুটা-কুটি কাগজখিনিৰ মাজত কুচি মুচি সোমাই থকাৰ বাবেই ছাগে কণমানিটো... আৰে’ এয়া কি, তাৰ দেহত দেখোন ঘাঁ! খুটিটোৰ খোঁচ লাগিয়েই নে?? কি কৰা যায় এতিয়া! আৰু তাক লৈ গৈনো মই কি ডাক্তৰী শুশ্ৰুষাটো কৰিবগৈ পাৰিম৷ ভোকে লঘোণে একাকাৰ হৈ ছাগে অলপতে তাৰ প্ৰাণ বায়ু.... তাৰ কেল্‌ঢোপ কেল্‌ঢোপ কৰি থকা মুখখনি দেখি মোৰ কণমানি অন্তৰখনি হাহাকাৰ কৰি উঠিল৷ ভাবিলো, কালজনীৰ মুখৰ পৰা যদি মাকজনী পলাই সাৰিছে, তেন্তে তাই পোৱালিটো বিচাৰি আহিবই আহিব৷

যদি নাহে?
এঃ আহিব৷
আমাৰ ল’ৰামতীয়া চিন্তা-চেতনাত তেতিয়া খনিকৰ দেদাইৰ অবাধ ৰাজত্ব৷ যিকোনো পৰিস্থিতিতে, যিকোনো সময়তে খনিকৰ দেদাইৰ অনুপস্থিত উপস্থিতি আমি মানি চলো৷ আৰু এতিয়াও যেন খনিকৰ দেদাই আহি মোৰ কাণে কাণে ডবিয়াই গ’লহি – কিতাপজাপ লোৱা আক’, কি ভেবা লাগি চাই আছানো!  কিতাপজাপ লোৱা সৰুজান, কিতাপজাপ লোৱা! যি হওক, খনিকৰ দেদাইৰ আদেশ অমান্য কৰিব নোৱাৰি৷ মলিয়ন গেঞ্জিটো খুলি ভাল ভালবোৰ বাচি তাতে ভৰাই একোঁচ কৰি ততাতৈয়াকৈ নৈৰ ঘাটলৈ বুলি দৌৰ দিলো৷ বুজি পোৱা ভাল লগাবোৰ ততালিকে পঢি. পেলাম, বুজি নোপোৱা বেয়া লগাবোৰেৰে নাও সাজিম৷ কণমানি নিগনিটোৰ আসন্ন মৃতু্যৰ প্ৰতি ওপজা অন্তৰৰ হেজাৰ বেদনা উপশম ঘটাই এখন এখনকৈ এৰি দিম নৈৰ বাঢ.নী সোঁতত!
আৰু সেই তেতিয়াই, নৈৰ ঘাটৰ সেইচটা শেলুৱৈয়া শিলতে ম’নালিজাৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ৷ অৰ্থাৎ, সেইচটা শিলতে বহি পঢি.ছিলো বিখ্যাত শিল্পী লিঅ’নাৰ্ড’ ডা ভিন্সিৰ প্ৰখ্যাত ম’নালিজা ছবিখনৰ বিষয়ে সেই বিশেষ টোকাটো৷ বোলে, ম’নালিছাৰ হাঁহিটোনো কিয় ইমান ৰহস্যাচ্চন্ন? হেনো, তাইৰ চকুৰ কোণত সেই অকণ পাতল হালধীয়া ৰং৷
কিবা বুজিছিলোনে? হয়তো একোৱেই বুজা নাছিলো তেতিয়া৷
আৰে, বুজিবলৈনো কি আছে বন্ধ³, ম’নালিজাৰ হাঁহিটোতো আৰু অদৃষ্টপূবৰ্ কিবা নহয়৷ আনকি লিঅ’নাড’ৰ মৌলিক সৃষ্টিও নহয় বুলিহে শুনিছোঁ৷ গ্ৰীচৰ প্ৰাচীন দেৱীসকলৰ মুখতো এনেধৰণৰ বিভ্ৰান্তিকৰ অভিব্যক্তিৰেই ইঙ্গিত পোৱা যায়৷ ভিন্সিৰ গুৰু ভেৰোচ্ছিওৰ ভাস্কৰ্যত বা তৎকালীন অন্য শিল্পীসকলৰ ছবিতো এইধৰণৰ অভিব্যক্তি দেখিবলৈ পাবা৷
হ’ব পাৰে, ম’নালিজাৰ হাঁহিটো কিন্তু আজিও অনন্ত অনুমানৰ বিষয় হৈয়ে আছে৷ কোনোৰ মতে সেই অনুমানো কিন্তু বেচ ৰহস্যময় আৰু অপাৰ্থিব৷
নাই নাই, মানুহৰ মুখ অঁকাৰ সময়ত সকলো শিল্পীয়ে অৱচেতনভাৱে বিশেষ এক ধৰণৰ অভিব্যক্তি ফুটাই নিজস্বধৰণৰ মুখ এখন তৈয়াৰ কৰি লয়৷ ভিন্সিও ব্যতিক্ৰম নহয়৷ ব্যক্তিগত কাৰণতেই হাস্যময় মুখ আঁকিবলৈভাল পাইছিল তেওঁ৷ ম’নালিজাৰ লগত জডি.ত ৰহস্যময়তা জন্ম হৈছে মডেল হিচাপে লোৱা মাদাম লিজাক কেন্দ্ৰ কৰি প্ৰচলিত ৰোমািKI×ক গুজব আৰু শিল্পীৰ উদ্দেশ্য সম্পৰ্কে হোৱা ভ্ৰান্ত ধাৰণাৰ পৰাই৷ কিন্তু লিঅ’নাডৰ্’ স্বয়ং এক মহিমাময় চৰিত্ৰ৷ শিল্পৰ ইতিহাস খুচৰিলে এনেধৰণৰ আন এজন শিল্পী বিচাৰি পোৱা নাযাব, যি নিজৰ উপাদানসমূহ নিজৰ আয়ত্তৰ ভিতৰত ৰাখিব পাৰে৷ বিষয় অথবা সংসাৰ তেওঁৰ আজ্ঞাবাহী, মানৱসমাজ তথা বহিঃ প্ৰকৃতি একোৱে তেওঁৰ আত্মসংযম ভেদ কৰি আৱেগৰ দাসতপৰিণত কৰিব নোৱাৰিছিল৷ যাৱতীয় সৃষ্টিৰ ৰূপদক্ষৰ দৰে দিব্য ধৈৰ্য্যৰে বিষয়-বাসনাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছিল তেওঁ৷ কোনো নাৰীয়েই তেওঁক প্ৰলুব্ধ কৰিব পৰা নাছিল, মনত কামনা বাসনা জগাব পৰা নাছিল৷ মডেল মাডাম লিজাৰ প্ৰতি ভিন্সিৰ কোনো ৰোমাণ্টিক আকৰ্ষণ নাছিল৷ আত্মপ্ৰতিকৃতি অঁকাবৰ বাবে ভিন্সিৰ ষ্টুডিঅ’লৈ তাই মাত্ৰ এবাৰেই আহিছিল৷ যি প্ৰতিকৃতিৰ ওপৰত তেওঁ সমস্ত প্ৰতিভা উজাৰি দিছিল, সেই প্ৰতিকৃতিৰ মডেল মাদাম লিজায়ো কিন্তু তেওঁক অনুপ্ৰাণিত কৰিব পৰা নাছিল৷

কিন্তু প্ৰিয় পাঠক,  পুৰণা শিল্পগাঁথাৰ পৰা জনা যায় যে, মডেলটিৰ এক বিচিত্ৰ আৰু অপাৰ্থিব মোহিনী মায়া আছিল, পুৰাকথাৰ সেই স্ফীংছৰ দৰেই মাডাম লিজাই নিজৰ মোহিনী হাঁহিৰে ভিন্সিৰ দৰে শিল্পীৰ আত্মাকো বশ কৰিছিল৷ হয়তো সেয়ে দুৰ্ভেদ্য ৰহস্যময়তাৰ আৱৰণেৰে ঢকা সেই এক নাৰী অৱয়ব নিৰ্মাণ কৰিবলৈ তেওঁ বাধ্য হৈছিল৷
কি তেনে সেই ৰহস্য?
  নাজানো, আজি পঁচিছ বছৰেতো তাকেই বিচাৰি হাবাথুৰি খাই ফুৰিছো ৷  অনুমানৰ ভিতৰত হয়তো মাডাম লিজা আছিল প্ৰেগনেণ্ট !
প্ৰেগনেণ্ট ? ইন্দ্ৰিয়াতীতভাৱে শ্লেষাত্মক হ’লেও কিন্তু ছবিখনে অনন্ত কামনাৰহে ইঙ্গিত দিয়ে৷
তথাপি... নাই নাই নাই, সেই টোকাটোৰ কথাই সঁচা৷ তাইৰ চকুৰ কোণত বিৰিঙি উঠা পাতল হালধীয়া ৰংকণেই অধিক সঁচা৷ সেই চটা শৈলুৱৈয়া শিলতে, সেই তেতিয়াই মোৰ মনৰ কোনোবা কোণত, জানিত-অজানিতভাৱে হয়তো সেই তেতিয়াই মোৰ কৰ্ণপটহত ধ্বনিত-প্ৰতিধ্বনিত হৈছিল – সেয়াই সৰুজান, সেয়াইতো পৃথিৱীৰ শেষ সৌন্দৰ্যটো! তুমি নুবুজিবা, তুমি নুবুজিবা এতিয়াই – তুমি নুবুজিবা৷
আৰু সেই নিগনি পোৱালিটো– চৰম অনি(য়তাত বন্দী আসন্ন মৃতু্যপথৰ মাতৃহাৰা সেই নিঃসঙ্গ নিগনিটি?
হয়তো সেই এটা মৰ্যাদাপূৰ্ণ মৃতু্যৰ প্ৰতীক্ষাত আজিও কোনোবা কোণত সেঁপ ঢুকি আছে– পৃথিৱীৰ শেষ ভাস্কৰ্যটো৷
আজিও– আজিৰ এই ধাতৱ পৃথিৱীতো? ধাতৱ পৃথিৱীৰ এই বন্ধ্যা সভ্যতাত সৃজনশীলতাৰ মিছা অপব্যয় মাথো তোমাৰ এয়া৷
এৰা!

                                        ৪
      সভ্যতাৰ ইতিহাসতো চাওক, গণিকাৰো আছে এক সুপ্ৰাচীন ইতিহাস ৷ আছে সামাজিক চেতনা অনুক্ৰমে অনুমিত যৌন-বিলাস বিভাৱনা ৷ লাগে সেয়া কৃষিকেন্দ্ৰিক পৰম্পৰা সিদ্ধিৰ দোহাইয়ে হওক কিম্বা সন্তান বৃদ্ধিৰ পবিত্ৰ অজুহাতেই হওক ৷ অতিসম্প্ৰতি, এই ব্যাপাৰটোৱেই এতিয়া ক্ৰমশঃ মূৰ সলাই গ্লেমাৰসবৰ্স্ব এক উদে্যাগলৈ পৰিণত হৈ পৰা মাত্ৰকে যৌন-ক্ষুধা যৌন-বিলাসোন্মাদনাৰূপে ধৰা দিয়াত বিশ্বৰ ভিন্ন প্ৰান্তৰৰ নাৰী-মনোজগতত এই এটা চিৰন্তন প্ৰবৃত্তিৰ মুক্ত আৰু নিৰ্ভয়-নিৰলস ক্ৰিয়নে স্বামী তথা পুৰুষ প্ৰধান সমাজৰ স্নায়ুত সঘনাই ধ্বনিত কৰিছেহি নাৰীমনৰ সেই এটা নিৰ্দোষ আত্ৰাণি ৷
  শুনিলেনে, সিদিনা আপোনাৰ-মোৰ চকুৰ সন্মুখতেই সেই এজনী দামী লচ্‌পচী তিৰোতাই কি কলে? বোলে, হাচ্‌বেণ্ড বাহিৰত গৈছে, পাৰ্চনেল ৱৰ্কাৰজনৰো আজি চাৰিদিনেই নাই কোনো খবৰ৷ এক্‌ডম ব’ৰিং হৈ গৈছোঁ জানা, পাৰ নাইট টেন মানকৈয়ে ল’বা, আঁহাচোন– আঁহানা!
  নহয় নহয় বন্ধু, কথাবোৰ তেনেকুৱা নহ’বওতো পাৰে, সেয়াতো তোমাৰ আমাৰ লিবিড’ প্ৰবৃত্তিৰ অদমনীয় উদ্দাম বাসনাৰ এক চৰম সত্যৰে প্ৰকাশমাত্ৰ ৷ সত্য মানেইতো সৌন্দৰ্য! চোৱা, তুমি আইনষ্টাইনৰ জেনেৰেল-স্পেচিয়েল যি থিঅ’ৰিয়ে মানা অথবা চৰম বা পৰম বুলি প্ৰতিষ্ঠিত কোনো এটা সত্যৰ অৱস্থিতিকো লাগে অস্বীকাৰ কৰি চলা, কথা নাই – কোনো কথা নাই বন্ধ³৷ সত্য মানেই সৌন্দৰ্য৷ আকৌ সৌন্দৰ্য হেনো সদায়ে মুক্ত – আৰু এইটোওতো চোৱা কেনে এক দুৰ্দান্ত, অৱধাৰিত সত্য! মানি নলৈতো নোৱাৰি? সেই বুলি জানো বন্ধ³, সৌন্দৰ্যানুভুতিৰ খাতিৰতে জানো বাগিচাৰ ফুল গৱেষণাগাৰালৈ আনা! চোৱা, হয়তো তেওঁৰ স্বামী দুবৰ্ল, ৰোগীয়া, ক্ষীণাঙ্গ... অতৃপ্ত,.....৷
বচ্‌  বচ্‌  বচ মই জানো৷ মই বুজিলো৷ সৌন্দৰ্য মুক্ত৷ সৌন্দৰ্যই তেনে শেষ কথা৷
    অৱশ্যে কথাটো আপেক্ষিক৷ সৌন্দৰ্যই শেষ কথা নহ’বও পাৰে৷
নাই, আপোনাৰ কথাই ঠিক৷ সৌন্দৰ্যই হয়তো শেষ কথা৷ আমাৰ পুৰুষপ্ৰধান সমাজত নাৰীমনৰ এইধৰণৰ স্বাভাৱিক সত্য একোটা আবিষ্কাৰ কৰি ভাবিছিলো, সমাজ ব্যতিৰেকে – অৰ্থাৎ সমাজবদ্ধ আনুষ্ঠানিক অতিশৰ্যখিনিক বাদ দিলে আমাৰ প্ৰবৃত্তিগত ৰমণবিলাসী ক্ৰিয়াসঞ্চিত অহং তৃপ্তিবোধটোৱেই দেখোন বহুসময়ত এক নিৰপেক্ষ অৱস্থানৰ পৰা আমাক আঁতৰাই ৰাখে৷ ভাবিছিলো, পৃথিৱীৰ আদিম আৰণ্যক যুগৰে পৰা আজিৰ এই অতিসভ্যতাৰ তুংগত নচা একবিংশ শতিকাৰ এই নেন’টেকন’লজি কিম্বা ইনফ’ৰমেশ্যন যুগলৈকে গণিকাৰ ঐতিহাসিক বিৱৰ্তন উত্তৰণ ৰেখাৰ এক সম্যক অধ্যয়ন গৱেষণাৰে সৃষ্টিৰ উদ্দাম বাসনাৰ আওতাত মানৱ মনৰ সেই এটা চিৰন্তন প্ৰবৃত্তিৰ শ্বাশ্বত নৈসৰ্গিক সত্যৰে এখন মহাকাবি্যক উপন্যাস ৰচনা কৰিম!
 

  আৰে’ বাবা, মহাকাব্যিক উপন্যাস! মই সাধাৰণ মহিলা পাঠক-উপস্থিতি হিচাপে কওঁ, তুমি গণিকাৰ ঐতিহাসিক বিৱৰ্তন উত্তৰণৰেখাৰ যি মহাকাব্যিক নে মহাজৈৱনিক উপন্যাস ৰচনাৰ কথা পাঙিছা, পুৰুষৰ– পুৰুষতান্ত্ৰিক সমাজৰ পুৰুষকেন্দ্ৰিক বীভৎসতাৰ ইতিহাস ৰচনাৰ কথা ভাবিব নোৱাৰা কিয়? নেপুৰুষ প্ৰতিনিধি হোৱা বাবেই তেনে তোমাৰ এয়া পুৰুষতান্ত্ৰিক উদ্ভণ্ডালি ?
  মোৰ কথাৰ আৰম্ভণিয়েই বা ক’ত, আৰু আপুনি বাইদেও সামৰণিৰ প্ৰতিক্ৰিয়াকে প্ৰকাশ কৰি পেলালে! ...কথা হ’ল, মই তেতিয়া কলেজীয়া ডেকাহে৷ তথাপি নিৰুৎসাহী নিঃশ্বাস নেপেলাই সেই সম্পক¹য় তত্ত্ব-তথ্যৰ উৎস, প্ৰবন্ধ-গ্ৰন্থাদিৰ সন্ধান-অনুসন্ধানাদি কৰি আছোঁ মাত্ৰ৷ তেনেতে মোৰ সমাজ জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাই দায়বদ্ধতাৰ জ্ঞান দি কলে কি সেয়া, বোলে সাহিত্য কিম্বা শিল্প হওক বুলি কৰা জবৰদস্ত সাহিত্য-শিল্প চৰ্চা এটা জাতিৰ সাহিত্যিক-ঐতিহাসিক পৰিক্ৰমাৰ গৰিমাময় ইতিহাসত এটা ডাঙৰ ক্ৰাইম৷
  সেইটোতো অৱশ্যেই এটা গাত পাতি ল’ব লগা একধৰণৰ কাঢ়া নিৰ্দেশ – তুমি কিন্তু অস্বীকাৰ কৰিব নোৱাৰিবা বন্ধ³ হে’ৰা!
  অৱশ্যেই নোৱাৰো৷ মই মাত্ৰ – মই মোৰ আনুভূতিক অভিজ্ঞতাপ্ৰসূত প্ৰত্যক্ষ জ্ঞানবোধনৰ পৰা বুজিছিলো মাত্ৰ, কিছুমান পাঠৰ পাঠক হোৱাৰ যোগ্যতাকণ সকলোৰে নেথাকে৷ কিছুমান ভাৱৰ, জীৱন-জগতৰ দোমোজাত কিছুমান উৎকট অভিজ্ঞতা-অভিজ্ঞানৰ প্ৰকাশ-প্ৰতিভা, দক্ষতা সকলোৰে নেথাকে৷ আৰু এই সাধাৰণ কথাটোকে আমাৰ এচাম আত্মম্ভৰী গোড়া শিল্প-সাহিত্য বিশ্লেষকৰ মানসিকতাই সহজে ঢুকি পাবগৈ নোৱাৰে মানে আমাৰ দৰে ন শিকাৰু, ন লেখাৰু মামুলি লিখকৰ কত আহুকাল৷
  চাল্লা বাঘ গঁৰালতে বাঘ চুপতি..... তুমি বন্ধু, সৌন্দৰ্যই শেষ কথা হয় নে নহয় তাকে থিৰাং কৰিব নোৱাৰিয়েই তেনে তোমাৰ এই বেবেৰিবাংখন? বোলো, শূন্যতে জানো গদা ঘূৰাই কিবা লাভ, মিছাতে শক্তিৰহে অপচয়!
আৰু তাৰপিছতো তুমি বাবা কলম কামূৰি বহি আছা টেবুলত?
  তাৰপিছতো.... নহয়, তাৰ পিছত হয়তো মই মোৰ সমস্ত জল্পনা-কল্পনা সামৰি সুতৰি এক প্ৰকাৰ শিতানৰ গাৰু কৰি পেলাইছোঁ ৷ কিন্তু সেইখিনিতে, কলাঘুমতিত ঢলি পৰোঁ কি নপৰো তেনেখিনিতে মোৰ সাঁচতীয়া ৰাতিৰ নিৰাপদ সপোন ভাঙি তাই আহি মোৰ পঢ়া-টেবুলত বহি ললেহি৷
  তাই??
  সেই এজনী ৰূপোপজীৱিনী৷
   !
  তাই কি কলে জানে? বোলে, কলমৰ শিকলি ছিঙি নেপেলাইনো কিয়, মিছাতে অকাৰণ এটা বোজা, সময়ৰ মিছা অপব্যয়৷ মই কলো, মইতো সামাজিক, মানৱ দৰদী– দায়বদ্ধতা মানি চলা মামুলি লেখক! বোলে, থওক হেৰ’ শিল্পত আক’ নিকা সামাজিকতা, শিল্পীবোৰে ভদ্ৰতাৰ খাতিৰতে মিছা মাতে৷ আৰে’ কোন শিল্পী, কি শিল্প? মই তাইৰ মুখতে ধৰিলো – চোৱা, মোক চুৱা নকৰিবা, প্লিজ তুমি গুছি যোৱা– তুমি গুছি যোৱা, গুছি যোৱা!
  তাই নগ’ল ৷ তাই কৰিলে কি, চকুহাল কিবা পকা অঙঠা হেন কৰি উলঙ্গ কিবাজনী হৈ নিজলৈকে আঙুলিয়াই মোক গৰজি ধৰিলে – মোক নাঙঠ কৰাসকল কি শিল্পী নহয়??
  কপালৰ বিন্দু বিন্দু ঘাম নিমিষতে নৈ হৈ  বৈ আহিল৷ ভৰি তলৰ মাটিডোখৰ যেন নাই নাই৷ শিল পৰা কপৌৰ দৰে মই মাথো তাইৰ চকুত ৰোমাঞ্চিত হৈ থৰ লাগিলো৷ আৰু এক কিবা বিকট চিঞৰে ৰগৰ তুলি তুলি তাই মোৰ চৌপাশে ঘূৰি ঘূৰি নৃত্য কৰাত লাগিল৷ মই কিংকতৰ্ব্যবিমূঢ. হৈ পৰিলো৷ তাইৰ দুচকুত মোৰ দুচকু নাঙঠ হৈ পৰিল৷ হঠাৎ তাই কিবা খৰলুটি মাৰি আসু্‌ৰিক উল্লাসেৰে দেও পাৰি পাৰি নাচি কিবা এক উদ্ভট সুৰৰ মূচ্চৰ্না তুলি মোক অট্টহাস কৰি কলে – সেয়াইতো, আপুনি ধৰা পৰি গ’ল সঁচাকৈ৷ এটা কবিতাই, এটা গীতে, এটা ভাস্কৰ্যই অথবা এখন চিত্ৰই, এখন উপন্যাসে প্ৰকাশ কৰিব নোৱৰা, প্ৰকাশ কৰিব নোখোজা আপোনাৰ চকুত সেয়াপুৰুষৰ উন্মুক্ত-উন্মত্ত ভদ্ৰতা!!
   হিঃ হিঃ হিঃ... মই.... মই দাদা.... মই ভাৰ্চিটিৰ– ভাৰ্চিটিৰ ছাত্ৰী পাঠক-উপস্থিতি হিচাপে কওঁ, পুৰুষ প্ৰতিনিধি হৈও... পুৰুষ প্ৰতিনিধি হৈও কি বিড.ম্বনা তোমাৰ দাদা– কি নিৰ্মম পৰিহাস! তুমিতো, তুমিতো সঁচাকৈ.... এক্কেবাৰে ধৰা পৰি গ’লা?

     নাৰীবাদৰ তত্ব-মহত্ব পাওঁ কি নেপাও, সমৰ্থন কৰোঁ বা নকৰো, সাধাৰণ মহিলা পাঠক উপস্থিতি হিচাপে ময়ো কওঁ, তুমি বাবা তাইৰ কথাত, তাইৰ চকুত বৰ বেয়াকৈ নাঙঠ হৈ গ’লা৷ জোলোঙাৰ মেকুৰি ওলাই দৌৰ দিলে তোমাৰ হেঃ হেঃ হে হে!
মই নিৰৱে থাকিলো৷ মই নিৰূপায়৷ মই নিস্তব্ধ, মই নিৰাৱেগ৷ হয়তো মই তাইক সুধিব খুজিছিলোঁ, সুধিম সুধিম বুলিও –মই যেন সুৰুঙা এটা বিচাৰিয়েই তাইৰ দুচকুত হাবাথুৰি খাই ফুৰিছিলোঁ বহুসময়৷
কি সুধিলাহেঁতেন, উন্মুক্ত-উন্মত্ত ভদ্ৰতা বোলাৰ কৈফিয়ৎ?
হয়তো দাদা, তুমি সুধিলাহেঁতেন, পৃথিৱীৰ শেষ সৌন্দৰ্যটো – তাইৰ মতে?
হয়তো তাকে৷ তাকে সুধিলোহেঁতেন হয়তো৷ হয়তো মই সুধিলোহেঁতেন, জীৱনত কেতিয়াবা – কেতিয়াবা জীৱনত গৰ্ভধাৰণ কৰি পাইছানে? মাতৃত্বৰে জীৱন ধন্য কৰাৰ সপোন ৰচি পাইছা কেতিয়াবা?
অবান্তৰ৷ অবান্তৰ প্ৰশ্ন তোমাৰ এয়া৷ তোমোকতো কৈছোঁৱেই বন্ধ³, ধাতৱ পৃথিৱীৰ বন্ধ্যা সভ্যতা এয়া৷
নাই নাই মই তাইক সুধিলোহেঁতেন৷ তথাপি সুধিলোহেঁতেন মই৷ তাই গুছি গ’ল–তাই গুছি নোযোৱা হ’লে নি(য়কৈ সুধিলোহেঁতেন মই৷
তাই আৰু নাহে বন্ধু ৷
তাই আহিব, আকৌ আহিব এদিন৷
তাই নাহে, আকৌ কিয় আহিব?
নাই, তাই আহিবই৷
তাই নাহে৷
তাই আহিবই – কিয় নাহিব৷
নাহে৷ তাই আৰু নাহে কেতিয়াও৷
নাহে?
তাই আৰু কোনোদিনেই নাহে৷
আৰে’ কিয় নাহিব তাই – তাই আহিব৷ তাইক মই আৰু অনেক কিবা সুধিব লগীয়া আছে৷ তাই আহিব৷ মোৰ গোলকটো – মোৰ এই গোলকটো তুলি থৈ যাবলে’ তাই আহিব৷ তাই আহিবই৷ হয়তো এতিয়াই.... এই  অলপতে.....৷
তাই নাহে নাহে নাহে৷ আৰু গোলকটো – তোমাৰ এই গোলকটো তুলি থৈ যাবলে’? তাই নাহে বন্ধু৷ তোমাৰ  এই মৃতু্যৰ বাতৰিটো তাই তোমাক এবাৰেই দিলে৷
মোৰ মৃত্যু!!
হয়তো তোমাৰ মৃত্যুৰ অবিহনে তোমাৰ কলম স্থবিৰ হৈ পৰা কথাটো৷
হাঃ হাঃ হাঃ হা হা সেইটোতো, সেইটো সেই কোনোবা ৰঁলা বাৰ্থৰ কথাহে৷
পৃথিৱী ধ্বংস হৈ গৈছে তোমাৰ, তুমি মানি লোৱা৷ তুমি মানি লোৱা বন্ধ³  – তাই তোমাক তাকে কলে, ঠাঁৰে-চিঞাৰে তাকেতো বুজালে৷ তুমি মানি লোৱা – পৃথিৱী ধ্বংস হৈ গৈছে তোমাৰ, তুমি মানি লোৱা৷
সেইটোতো মোক ইণ্টাৰষ্টেলাৰৰ সেই পেৰেলেল গ্ৰহৰ কোনোবা দলুহাংগনাই– সেই কোনোবা দলুহাংগনাইহে দিছিলে কিবা, পৃথিৱী ধ্বংস হোৱাৰ বাতৰিটো!
তেন্তে সেই কোনোবা দলুহাংগনাৰ লগতেই  বা এই বেশ্যাজনীৰ আক’ কি পাৰ্থক্য? পাৰ্থক্য নাই৷
পাৰ্থক্য নাই? সেই কোনোবা দলুহাংগনাৰ সৈতে এই বেশ্যাজনীৰ কোনো পাৰ্থক্য নাই? আৰে’ কিয় পাথক্য নহ’ব৷ পাৰ্থক্য আছে৷ তাই মোৰ ৰাতিৰ টেবুলত অনাহুতভাৱেই বহিছিলহি৷ কিন্তু সেই কোনোবা দলুহাংগনা আছিল ইণ্টাৰষ্টেলাৰৰ....৷
আৰে’ বাবা, শিল্প-সাহিত্যৰ উপস্থাপন-পৰিৱেশনৰ নামত এক্সট্ৰা কিবা এটা দেখুৱাবলৈ গৈ উদ্ভট চিনেমেটিক, আওপকীয়া কিবা কৰি পেলোৱা কাৰচাজিবোৰেতো তোমাকেই কেৱল নহয়, আমাৰ প্ৰতিষ্ঠিত লেখক-সাহিতি্যক সকলকোতো অপমান কৰিছে৷ বেছি দূৰ নেলাগে যাব বাবা তুমি, আমাৰ মালিক চাৰ, ভবেন শইকীয়া আদিৰ দৰে কথাশিল্পীৰ গল্প-উপন্যাসাদিকে পঢ়া– দেখিবা, সমাজ-বাস্তৱৰ ছবিখনকে, জীৱন-জগতৰ চিৰাচৰিত অনুভৱ-অনুভূতিখিনিকে কি সুন্দৰ, কি জীৱন্ত শৈল্পিক উপস্থাপন– যেনিবা একো একোটা ভিডিঅ’গ্ৰাফহে! তোমাৰ আক’ কি এই লাওখোলাখন!
নহয় নহয়, কোৱা দাদা গোলকটোৰ কথা কোৱা – গোলকটোৱেতো তোমাক নশ্চাৎ কৰা নাই কাহানিও?
গোলকটোৱেনে? নহয় নহয়, মই গোলকটোৰ লগ এৰা দিব নোৱাৰো কদাপি৷
তেন্তে দাদা, এই গোলকটোতে– গোলকটোৰ দূৰন্ত গতিতে ঘূৰি ফুৰিছিল তেন্তে তোমাৰ সেই এটা মযাৰ্দাপূৰ্ণ মৃতু্য?
মৰ্যাদাপূৰ্ণ মৃতু্য! সেই এটা মৰ্যাদাপূৰ্ণ মৃতু্য? হয়তো, হয়তো– হয়তো এই গোলকটোতে৷ গোলকটোৰ দূৰন্ত গতিতে ঘূৰি ফুৰিছিল আমাৰ ডি.এন.এ প্ৰ’ফাইলিঙৰ ৰিপৰ্টটো৷ গোলকটোতে আৱৰ্তিত হৈ ঘুৰিব লাগিছে এতিয়াও পৃথিৱীৰ শেষ সৌন্দৰ্যটোৰ খোলাখন৷ এই গোলকটোতে –গোলকটোতে মোৰ.... এই গোলকটোৰ বুকুতেইতো উদিত হৈছিল এদিন সেই এটা সত্তা– এই গোলকটোতে!
তোমাৰ অপৰসত্তা?
অপৰসত্তা?? ...হয়তো, হয়তো মোৰে অপৰসত্তা৷ সেই তাহানিতে – ম’নালিজাৰ ৰহস্যাচ্চন্ন হাঁহিটো আৰু মুমূষূৰ্ নিগনি পোৱালিটোৰ সৈতে, একেলগে!

             ক্ৰমশঃ

Address

Sivasagar, Assam

Phone

8011976792

Email

Editing,  Planning, Website Designer, Web Developers, Website Administrator, Webmaster and System Administrator

Dr. Anupam Borah

Assistant Professor, Department of Assamese, UMK College, Majuli, Assam, India & Nodal Officer,

Digital Learning Cell, UMK College, Majuli, Assam

Contact No: +91 8011976792

e-mail: anupamborah@umkcollege.in

anupamborah2015@gmail.com

Publisher's details:

Responsible Person Name : Dr. Anupam Borah   
Publishing body :Digital Learning Cell, UMK College, Majuli-785105   

E-mail : anupamborah2015@gmail.com

Mobile :8011976792

Address line 1 : Digital Learning Cell, UMK College, Majuli-785105

Town : Nayabazar

Pin Code : 785105

State : Assam

Contact us:

Digital Learning Cell, UMK College, Majuli, Assam,

India-785 105

e-mail: digitallearningcell@umkcollege.in

majuliejournal@umkcollege.in

majuliemagazine@gmail.com

Contact No : +91 8011976792​​

bottom of page