মাজুলী
ISSN: 3049-0812
Starting Year : 2024
MAJULI :
A Multi-Lingual Multi-Disciplinary e-Magazine
MAJULI :
A Multi-Lingual Multi-Disciplinary e-Magazine
Vol:01 | Issue:01 |2024| April-June

ৰাজীৱ নাৰায়ণ কলিতাৰ কবিতা
নাৱৰীয়াৰ সাধু
পশ্চিম আকাশত তেতিয়া ৰামধেনু
সাতোৰঙী পথেৰে আমি আহি আছিলো
নৈৰ ঘাটত আমাৰ বাবে ৰৈ আছিল নাৱৰীয়া
পৰ হৈ সিপাৰে কহুৱা ফুলবোৰৰ মাজত
ভালপোৱাবোৰ বোটলাৰ কথা আছিল
কতবাৰ পাৰ হ'লো হেলাৰঙে এই নৈ
কতবাৰ সিপাৰত সপোনৰ ঘৰবোৰ সজিলো
কতবাৰ কঁহুৱা ফুলবোৰ ছিঙি ছিঙি
আকাশলৈ দলিয়াই দলিয়াই দৌৰি ফুৰিলো
কতবাৰ এইখন নৈয়েই ফেনে-ফোটোকাৰে বাঢ়ি আহি
তিয়াই পেলাইছিল জীৱনৰ দুপৰীয়াবোৰ
অথচ আজি এনেকুৱা লাগিছে
যেন এইখন নৈ মোৰ একেবাৰে অচিনাকি
নাৱৰীয়াজন চিন্তাত পৰিছিল আমাৰ বাবে
অকস্মাতে বৰষুণ আহিলে
ছাতি মেলি ধৰিব কোনে
অকস্মাতে আন্ধাৰ নামি আহিলে
পোহৰৰ বাট দেখুৱাব কোনে
আৰু যদি অকস্মাতে হেৰুৱাই পেলাও চিনাকি বাট
আমাক বিচাৰি উলিয়াব কোনে
আমি নাৱত উঠাৰ আগেয়েই
নাৱৰীয়াজন নাও লৈ গুচি গ'ল
গোটেই আবেলিটো আমি নাৱৰ বাবে ৰৈ থাকিলো
আমাৰ আৰু সিপাৰলৈ যোৱা নহ'ল
Address
000000000
Phone
700272136
000000000000000