top of page

টি-২০ বিশ্বকাপৰ মহাৰণ

২২গজৰ যুঁজত মোহাচ্ছন্ন মহাশক্তিধৰ আমেৰিকা

দিগন্ত বৈৰাগী

96788-41515

ক্ৰিকেট মানেই উৎকণ্ঠা, উচাহ আৰু মনোৰঞ্জনৰ সমাহাৰ৷ সেয়া লাগিলে ২০০৭ চনৰ প্ৰথম টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ষ্টুৱাৰ্ট ব্ৰোডৰ অভাৰত যুৱৰাজ সিঙৰ ৬বলৰ ৬টা অভাৰ বাউণ্ডেৰীয়েই হওক অথবা চলিত বৰ্ষৰ নৱম সংস্কৰণত পাপুৱা নিউগিনিৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বলাৰ লকী ফাৰগুছনৰ ৪ অভাৰত কোনো ৰান নিদিয়াকৈ ৩ উইকেট দখলেই হওক৷

১৬০০শতিকাত ইংলেণ্ডত আৰম্ভ হোৱা ক্ৰিকেট খেলৰ ক্ৰীড়া শৈলী বছৰ বছৰ ধৰি সময়ৰ সোঁতত সলনি হৈ আহি বৰ্তমান পৰ্যায়ত উপনীত হৈছে৷ শেহতীয়া শৈলীসমূহৰ ভিতৰত আটাইতকৈ আকৰ্ষণী হৈছে টি২০ ক্ৰিকেট প্ৰতিযোগিতা৷ এই শৈলীয়ে ব্যস্ততাপূৰ্ণ সময়তো ক্ৰীড়াপ্ৰেমীক মনোৰঞ্জন প্ৰদান কৰাত নতুন মাত্ৰা বহন কৰিছে৷

১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাবে ক্ৰিকেটৰ চমু শৈলীটোৰ মহাৰণ চলি আছে৷ ২০খন দেশে অংশগ্ৰহণ কৰা তথা ২৯ জুনলৈকে চলিবলগীয়া ক্ৰিকেট মহাৰণত এইবাৰ প্ৰথমবাৰলৈ আয়োজক দেশ হিচাপে অংশগ্ৰহণৰ সুবিধা পাইছে আমেৰিকাই৷ তদুপৰি, কানাডা আৰু উগা্ণ্ডাইও প্ৰথমবাৰলৈ বিশ্বকাপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে৷ 

৪টা গ্ৰুপত বিভক্ত এইবাৰৰ টি২০ বিশ্বকাপত অংশগ্ৰহণকাৰী বাকী দেশসমূহ হৈছে-ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ, পাপুৱা নিউগিনি, আয়াৰলেণ্ড, স্কটলেণ্ড, ওমান, নামিবিয়া আৰু নেদাৰলেণ্ড৷ 

আমেৰিকাত ক্ৰিকেটৰ জনপ্ৰিয়তা অনাৰ বাবেই ৱেষ্ট ইণ্ডিজৰ সৈতে যুটীয়াভাৱে বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত কৰা হৈছে৷ একপ্ৰকাৰ ২২গজৰ যুঁজত মোহাচ্ছন্ন মহাশক্তিধৰ আমেৰিকা৷ মজাৰ কথা এই যে দেশখনৰ ৰাষ্ট্ৰীয় দলটো বিভিন্ন দেশৰ খেলুৱৈৰে গঠিত৷ ভাৰত, পাকিস্তান, ৱেষ্ট ইণ্ডিজকে ধৰি কেইবাখনো দেশৰ খেলুৱৈয়ে দেশখনক প্ৰতিনিধিত্ব কৰিছে৷ দলটোৰ অধিনায়জনো আনকি গুজৰাটৰ৷ 

ক্ৰিকেটৰ চালুকীয়া আন্তঃগাঁথনিৰে এখন বিশ্বকাপ খেলাবলৈ মৰসাহ যেন আমেৰিকাই হে কৰিব পাৰে৷ অস্থায়ী ষ্টেডিয়াম স্থাপন কৰি বিশ্বৰ চহকী দেশখনে পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে৷ মে’ মাহত বিশ্বৰ দ্ৰুত মানৱ উছেইন বল্টে উদ্বোধন কৰা ষ্টেডিয়ামখন ১২ জুনত ভাঙি পেলোৱা হয়৷ নিউয়ৰ্কত ৩৪,০০০ দৰ্শকে খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখনতে ৯ জুনত ভাৰত আৰু পাকিস্তানৰ আকৰ্ষণীয় মেচখন অনুষ্ঠিত হয়৷ 

ইয়াৰ পূৰ্বে একেখন ষ্টেডিয়ামতে পাকিস্তানক ৬ জুনত অনুষ্ঠিত এখন মেচত বিশ্বকাপ ক্ৰিকেটত অভিষেক ঘটোৱা আয়োজক দেশ আমেৰিকাই পৰাজিত কৰি টুৰ্ণামেণ্টৰ প্ৰথমটো অঘটন ঘটায়৷ ছুপাৰ অভাৰত বাবৰ বাহিনীক পৰাজিত কৰি ক্ৰিকেট বিশ্বত আলোড়ন সৃষ্টি কৰে মাৰ্কিন দলটোৱে৷ কেৱল ইমানেই নহয় ভাৰতৰ হাততো পৰাজিত হোৱাৰ ফলত পাকিস্তানে লীগৰ পৰাই বাহিৰ হয়৷

ইফালে, এদিন পাছতে বিশ্বকাপৰ আন এক অঘটন ঘটায় আফগানিস্তানে৷ বিশ্ব প্ৰসিদ্ধ স্পীনাৰ ৰছিদ খান নেতৃত্বাধীন আফগানিস্তানে নিউজিলেণ্ডক ৮৪ৰাণৰ ব্যৱধানত পৰাজিত কৰে৷ প্ৰথমে বেটিং কৰি আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ৰহমানউল্লাহ গুৰবাজৰ ৫৬ বলৰ বিস্ফোৰক ৮০ৰানৰ সহায়ত ১৫৯ সংগ্ৰহ কৰে৷ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলে ১৫.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৭৫ৰানহে কৰিবলৈ সক্ষম হয়৷ 

ক্ৰিকেট মানেই যেন অভিলেখ ভঙা পতাৰ খেল৷ তেনে এক বিৰল অভিলেখৰ গৰাকী হয় নিউজিলেণ্ডৰ বলাৰ লকী ফাৰগুছন৷ ১৭ জুনত পাপুৱা নিউগিনিৰ মাজত অনুষ্ঠিত মেচখনত লকী ফাৰগুছনে ৪ অভাৰ বলিং কৰি এটাও ৰান খৰচ নকৰাকৈ ৩টা উইকেট দখল কৰে৷ বিশ্বকাপৰ ইতিহাসত এয়া প্ৰথম ঘটনা৷ অৱশ্যে, ২০২১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় টি২০ত পানামাৰ বিৰুদ্ধে ছাদ বিন জাফৰেও ৪ অভাৰত কোনো ৰান নিদিয়াকৈ ২টা উইকেট দখল কৰিছিল৷ 

ভদ্ৰলোকৰ খেল হিচাপে পৰিগণিত ক্ৰিকেটৰ চলি বিশ্বকাপ প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে পুৰস্কাৰ হিচাপে ১১.২৫ মিলিয়ন ডলাৰৰ আবণ্টন দিছে৷ বিজয়ী দলে লাভ কৰি ২.৪৫ মিলিয়ন ডলাৰ৷ প্ৰতিযোগিতাখনৰ ইতিহাসত এয়াই সৰ্বাধিক ধনৰ পুৰস্কাৰ। তদুপৰি, প্ৰতিটো দলে ছেমি ফাইনেল আৰু ফাইনেল বাদ দি জয়ী হোৱা প্ৰতিখন মেচৰ বাবে অতিৰিক্ত ৩১,১৫৪ ডলাৰকৈ লাভ কৰিব।

ইতিমধ্যে চাৰিটা গ্ৰুপৰ ৮টা দল ক্ৰমে ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান আৰু বাংলাদেশে ছুপাৰ৮লৈ উন্নীত হৈছে৷ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা এই যুঁজত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব ২৯ জুনলৈ৷

Editing,  Planning, Website Designer, Web Developers, Website Administrator, Webmaster and System Administrator

Dr. Anupam Borah

Assistant Professor, Department of Assamese, UMK College, Majuli, Assam, India & Nodal Officer,

Digital Learning Cell, UMK College, Majuli, Assam

Contact No: +91 8011976792

e-mail: anupamborah@umkcollege.in

anupamborah2015@gmail.com

Publisher's details:

Responsible Person Name : Dr. Anupam Borah   
Publishing body :Digital Learning Cell, UMK College, Majuli-785105   

E-mail : anupamborah2015@gmail.com

Mobile :8011976792

Address line 1 : Digital Learning Cell, UMK College, Majuli-785105

Town : Nayabazar

Pin Code : 785105

State : Assam

Contact us:

Digital Learning Cell, UMK College, Majuli, Assam,

India-785 105

e-mail: digitallearningcell@umkcollege.in

majuliejournal@umkcollege.in

majuliemagazine@gmail.com

Contact No : +91 8011976792​​

bottom of page