top of page

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

গৰম বন্ধৰ সদ্ ব্যৱহাৰ

কুশদীপ হাটীমতা

delhi-school-calendar-2024-released-summer-vacation-dates-and-holiday-schedule-announced.w

 

'অ' তুলতুল, অ' বুলবুল

অ' সেউতী তৰা;

লুকা-ভাকু ভাল নালাগে

খেল কইনা দৰা।'

 

গৰম বন্ধ বা গ্ৰীষ্ম বন্ধ। যিবুলিয়েই নামকৰণ কৰা নহওক  কিয় প্ৰতিবছৰে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীসকলে লাভ কৰি অহা এমাহজোৰা এই বন্ধটোৰ গুৰুত্ব আৰু তাৎপৰ্য পূৰ্বৰ দৰেই একেই আছে। সাধাৰণতে জুন-জুলাই-আগষ্ট আদি মাহত গৰমৰ প্ৰকোপ অত্যধিক হোৱাৰ ফলতেই শিক্ষা বিভাগে সমগ্ৰ জুলাই মাহটো পৰম্পৰাগতভাৱে 'গৰম বন্ধ' মাহ হিচাপে বিবেচিত কৰি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ অতীজৰে পৰা বন্ধ ঘোষণা কৰি আহিছে। অৱশ্যে সময়ে সময়ে বিভিন্ন প্ৰাকৃতিক আৰু কাৰিকৰী কাৰণত এই বন্ধৰ দিন কেতিয়াবা দীঘলীয়া, কেতিয়াবা চুটি আৰু কেতিয়াবা কেতিয়াবা জুলাইৰ পৰিৱৰ্তে জুন অথবা আগষ্ট মাহত ঘোষিত হৈছেগৈ। সেই কাৰণসমূহৰ ভিতৰত বানপানী, কভিডকালীন পৰিস্থিতি আদিয়েই প্ৰধান। কথা হৈছে, ছাত্ৰ-ছাত্ৰীসকলে বছৰজোৰা শিক্ষাবৰ্ষটোৰ নৈমিত্তিক ক্লাছৰ পৰিৱৰ্তে প্ৰতিবছৰে এমাহকৈ লাভ কৰা বন্ধটো কিদৰে সদব্যৱহাৰ কৰিছে? এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো প্ৰতিগৰাকী সচেতন আৰু দায়িত্বশীল লোকে কৰা উচিত। যিসকল অভিভাৱক-অভিভাৱিকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদা সচেতন তেখেতসকলে নিজ নিজ সন্তানক বিভিন্ন ধৰণৰ শিক্ষাৰ উপযোগী কাম অথবা সহ-বিদ্যায়তনিক কাম-কাজত নিয়োজিত কৰি বন্ধটোৰ সদব্যৱহাৰ কৰে। ইয়াৰ বিপৰীতে যিসকল অভিভাৱক-অভিভাৱিকা ইমানখিনি সচেতন নহয় সেইসকলৰ সন্তানসকল (যিটো অংশৰ সংখ্যাই সৰ্বাধিক)ৰ বেলিকা কি কৰা উচিত অথবা সমাজে তেওঁলোকক কোনটো বাট দেখুওৱা উচিত সেই বিষয়ে আলোচনা হোৱাৰ দৰকাৰ আছে। অৱশ্যে, ইয়াৰ মাজতে ভাল কথাটো হ'ল বহু সামাজিক সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আদিয়ে ছাত্র-ছাত্ৰীৰ সহায়ক হোৱাকৈ এই সময়ছোৱাত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা কৰে। স্কুলৰ নিয়মীয়া পাঠদানৰ পৰিৱৰ্তে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান! আপাতত দুয়োটা কাম একে যেন লাগিলেও ইয়াৰ পিছফালে কিন্তু কিছু কিছু আন গুৰুত্বপূৰ্ণ দিশো সোমাই থাকে। যেনে-বিদ্যালয়ত প্ৰতিদিনে গতানুগতিকভাৱে পাঠদান কৰি থকা শিক্ষকসকলৰ পৰিৱৰ্তে আন শিক্ষকৰ পৰা লাভ কৰা শিক্ষাই ছাত্ৰ-ছাত্ৰীক কিছু পৰিমাণে মানসিক সন্তুষ্টি দিয়ে। সদায়েই নতুনত্বৰ সন্ধান কৰা মানৱ জাতিয়ে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰো ৰুচিবোধক উপলব্ধি কৰিলে এই কথাৰ সত্যাসত্য নিৰূপণ হ'ব। আনহাতেদি, নিকটৱৰ্তী আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সেই গ্ৰীষ্মকালীন পাঠদানত একেলগে অংশগ্ৰহণ কৰি ছাত্র-ছাত্ৰীসকলে এক নতুন পৰিৱেশ লাভ কৰে। অন্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰে পৰিচিত হৈও বহু ছাত্র-ছাত্ৰীয়ে ভালদৰে পঢ়িবলৈ প্ৰেৰণা লাভ কৰে। ইয়াৰোপৰি বিভিন্ন অনুষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ আদিয়ে চিত্ৰকলা, সংগীত, নাটক আদিৰ কৰ্মশালাৰ আয়োজন কৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ প্ৰয়াস কৰা দেখা যায়।

 

দেখা গৈছে যে আজিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা অতি নগণ্য। ই অতিশীয় চিন্তনীয় বিষয়। গ্ৰন্থই মানুহক পোহৰৰ বাট দেখায়। গ্ৰন্থই মানুহৰ জীৱনক নিয়ন্ত্ৰণ কৰে। মানুহক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰন্থই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইক্ষেত্ৰত মহামানৱ মহাত্মা গান্ধীৰ জীৱনত সৰুকালতে পঢ়া 'শ্ৰৱণৰ পিতৃ ভক্তি' আৰু 'হৰিশ্চন্দ্ৰ উপাখ্যান' গ্ৰন্থ দুখনৰ ভূমিকাৰ কথা উল্লেখ কৰিব পাৰি। গান্ধীজীয়ে নিজমুখে স্বীকাৰ কৰিছে যে, 'শ্ৰৱণৰ পিতৃ ভক্তি' কিতাপখন পঢ়ি তেখেত দয়ালু, পৰোপকাৰী, পিতৃ-মাতৃ তথা জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু ইশ্বৰৰ প্ৰতি ভক্তিবান হ'বলৈ শিকাৰ লগতে 'হৰিশ্চন্দ্ৰ উপাখ্যান' কিতাপখন পঢ়ি ৰজা হৰিশ্চন্দ্ৰৰ দৰে সত্যবাদী আৰু ন্যায়পৰায়ণ হ'বলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। যাৰফলত আমি সমগ্র ভাৰতবাসী তথা বিশ্ববাসীয়ে এগৰাকী 'মহামানৱ'ৰূপে মহাত্মা গান্ধীক পৰৱৰ্তী সময়ত পাবলৈ সক্ষম হ'লোঁ। গ্ৰন্থই মানৱ জীৱনত পেলোৱা অপৰিসীম প্ৰভাৱৰ উদাহৰণ হিচাপে গান্ধীজীৰ এই উদাহৰণটোৱেই এটি সৰ্বোকৃষ্ট উদাহৰণ। প্ৰতিগৰাকী অভিভাৱক-অভিভাৱিকাই নিজ নিজ সন্তানক গৰম বন্ধৰ এই কালছোৱাত কেইখনমান ভাল কিতাপ পঢ়িবলৈ উৎসাহ জন্মাব লাগে। কিয়নো বিদ্যালয়ত পুনৰাই নিয়মীয়া ক্লাছ আৰম্ভ হোৱাৰ পিছত সেই সুযোগ আৰু সুবিধা সুলভ নহ'ব।

'কাইলৈ স্কুল বন্ধ ...গোলাপ ফুলৰ গোন্ধ'।

সোঁৱৰণীৰ ডেউকা ফালি এটি-এটিকৈ উৰি আহে ৯০ৰ দশকৰ আমাৰ গৰম বন্ধৰ দিনবোৰ। গৰম বন্ধ ঘোষণা কৰাৰ আগদিনা ৰাতিপুৱা ৭ বজাতে স্কুল আৰম্ভ হয়। প্ৰাথমিক বিদ্যালয়খনৰ গাতে লাগি থকা পথাৰখন পানীৰে উপচি থাকে। স্কুলৰ খিৰিকীৰে পানীডৰা দেখি মন চঞ্চল হৈ পৰে। গৰম বন্ধ আৰম্ভ হোৱাৰ লগে লগেই যে নাৱেৰে পথাৰ চাবলৈ যাব পাৰিম। সেই আনন্দত মনটোও দলদোপ-হেণ্ডোলদোপ হৈ থাকে। গাঁৱৰ বাটত থকা প্ৰকাণ্ড জামুগছজোপাৰ পৰা জামু পৰি কেঁচা আলিবাটটো বেঙুনীয়া হৈ থাকে। গৰম বন্ধৰ দিনবোৰত পুৱাই শোৱাপাটি এৰি সৰি থকা জামুবোৰ বুটলিবলৈ যাওঁ। বন্ধৰ দিনকেইটাত পুৱাতেই কৰা সেইয়া নিত্য নৈমিত্তিক কাম। বৰষুণৰ ফলত বোকা উঠি থকা ৰাস্তাটোত বোকাৰ মাজত সোমাই থকা ৰসাল জামুবোৰ বুটলি আনি ঘৰত ধুই সেইবোৰ পেট ভৰাই খাওঁ। আন এটা অতি গুৰুত্বপূৰ্ণ কাম আমি গৰম বন্ধৰ সময়ছোৱাত কৰিছিলোঁ। আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ সেই সময়ত বিদ্যালয়ৰ লাইব্ৰেৰীৰ পৰা গৰম বন্ধৰ সময়ছোৱাত পঢ়িবলৈ বুলি বহু কিতাপ ঘৰলৈ আনি পঢ়ি শেষ কৰিছিলোঁ। সেই সময়ত লাইব্ৰেৰী বুলিবলৈ এটা মাথো মজলীয়া আকাৰৰ কাঠৰ আলমাৰী। তাতেই ঠাহ খাই থকা কিতাপবোৰকে আনি পঢ়িছিলোঁ। এবছৰ পঢ়া কিতাপখনকে বেলেগ কিতাপৰ অভাৱত পিছৰ বছৰ পুনঃ আনি পঢ়িছিলোঁ। মন-মগজুত ৰেখাপাত কৰি যোৱা তেনে কেইখনমান কিতাপৰ ভিতৰত 'মৰমৰ দেউতা', 'শ্বিচকিন, মই আৰু বহুতো', 'ঈদগাহ', 'পঞ্চতন্ত্ৰৰ সাধু', 'মোৰা নামৰ হাতীটো', 'অজান দেশত এলিচ' (এলিচ ইন ওৱানডাৰলেণ্ডৰ অসমীয়া অনুবাদ) আদি অন্যতম।

ছাত্ৰ-ছাত্ৰীৰ উপযোগী এনে ধৰণৰ কিতাপৰ সৈতে নিজ নিজ সন্তানক পৰিচয় কৰি দিয়াতো প্ৰতিগৰাকী দায়িত্বশীল অভিভাৱকৰ কৰ্তব্য বুলি ভাবোঁ। উল্লেখ কৰিব পাৰি যে, ইউৰোপৰ এখন সৰু দেশ পৰ্তুগালৰ নাগৰিকে বন্ধৰ দিনত লাইব্ৰেৰীত গৈ কিতাপ পঢ়ি বন্ধ উদযাপন কৰে। সেইবাবেই পৰ্তুগীজসকল বিশ্বৰ বহু দেশৰ নাগৰিকতকৈ শিক্ষা-দীক্ষাত আগবঢ়া। অভিভাৱকসকলে গৰমৰ বন্ধত ছাত্ৰ- ছাত্ৰীক কিতাপ পঢ়িবলৈ উৎসাহিত কৰাৰ উপৰিও নিজ সন্তানক চিত্ৰকলাৰ প্ৰশিক্ষণো দিয়াব পাৰে। প্ৰচণ্ড ধৈৰ্যশীল, পৰিপাটি  আৰু সুন্দৰ হাতৰ আখৰৰ অধিকাৰী হ'বৰ বাবে ছবি অঁকাত দক্ষ হোৱাৰ প্ৰয়োজন আছে। সাধাৰণতে এগৰাকী চিত্ৰশিল্পী এইসমূহ গুণৰ অধিকাৰী হোৱা দেখা যায়। সেইবাবেই ছাত্ৰ অথবা ছাত্ৰী এগৰাকী ছবি অঁকাত দক্ষ হোৱাৰ প্ৰয়োজন। ইয়াৰ উপৰিও ভৱিষ্যতৰ দিনত বিজ্ঞান শিক্ষা লাভ কৰিবলগীয়া থাকিলে ছাত্ৰ এগৰাকী ছবি অঁকাত দক্ষ হোৱাৰ নিতান্তই দৰকাৰ আছে। গৰম বন্ধৰ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ বিভিন্ন ধৰণৰ উদ্ভাৱনীমূলক প্ৰকল্প প্ৰস্তুত কৰিবলৈও অভিভাৱকসকলে উৎসাহিত কৰিব পাৰে। গ্ৰীষ্মকালীন সময়ছোৱাত হোৱা বিভিন্ন ধৰণৰ ৰোগ-ব্যাধি, প্ৰতিদিনে ক্ৰমান্বয়ে বাঢ়ি যোৱা উষ্ণতা, বৰষুণৰ পৰিমাণ কম হোৱা, মহ-মাখিৰ উপদ্ৰৱ বৃদ্ধি আদি বিষয়বস্তু সামৰি তেওঁলোকে প্ৰকল্প প্ৰস্তুত কৰিব পাৰে। পৰাপক্ষত বিজ্ঞজনৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীৰ কল্পনাপ্ৰসূত মনেৰে এক বা ততোধিক প্ৰকল্প প্ৰস্তুত কৰি উলিয়ালে তেওঁলোকৰ মাজত সুপ্ত হৈ থকা বিজ্ঞানমনষ্কতাৰ বিকাশত প্ৰচুৰ সহায়ক

হ'ব। ছাত্র-ছাত্ৰীসকলে এনেধৰণে প্ৰস্তুত কৰি উলিওৱা প্ৰকল্প ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অথবা অসম  বিজ্ঞান সমিতিৰ মঞ্চত উপস্থাপন কৰি নিজকে একো-একোজন শিশু বিজ্ঞানী হিচাপেও প্ৰতিষ্ঠা কৰাৰ সুযোগ পাব পাৰে। শিশুসকলৰ মানসিক স্বাস্থ্যৰ উন্নতিৰ কথাও গৰম বন্ধৰ এই সময়ছোৱাতে অভিভাৱকে ভাবিব পাৰে।

অতি ব্যস্ত পৃথিৱীত সিহঁতক মানসিক শান্তি দিবলৈকে গাঁৱত এৰি অহা আপোন গাঁওখন অথবা নিকট সম্পৰ্কীয় লোকৰ গাঁৱৰ পৰিৱেশলৈ এপাক ফুৰাবলৈ নিব পাৰে। সিহঁতৰ পিতৃ, পিতামহহঁতে মূৰৰ ঘাম মাটিত পেলাই কাম কৰা পথাৰখনৰে সিহঁতক পৰিচিত কৰিব পাৰে। কিয়নো পথাৰতে আছে জীৱনৰ আদিপাঠ। পথাৰেই দিয়ে আমাক জীয়াই থকাৰ সম্বল। ইয়াৰ উপৰিও গৰম বন্ধৰ এই সময়ছোৱাত অভিভাৱক-অভিভাৱিকাসকলে ছাত্র-ছাত্ৰীক আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ পাঠ দিব পাৰে। আধ্যাত্মিক চেতনা আৰু নৈতিকতাবিহীন এখন সমাজ বিশৃংখল হোৱাটো স্বাভাৱিক। সমাজ এখন সুস্থ-সবল আৰু শান্তিপূৰ্ণ হ'বলৈ হ'লে এই দুবিধ উপাদান নিতান্তই প্ৰয়োজনীয়। তাৰ বাবেই অগ্ৰজসকলে বাট দেখুৱাব লাগিব। আশাকৰোঁ, গৰম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক এইসমূহ সৃষ্টিশীল কামত ব্যস্ত ৰাখি বন্ধৰ সদব্যৱহাৰ কৰাত সকলো অভিভাৱক-অভিভাৱিকা, শিক্ষক সমাজ আৰু সচেতন নাগৰিক আদিয়ে সহযোগিতা আগবঢ়াব।

Address

Purana Chamaguri Satra

Phone

9101028604

Email

Editing,  Planning, Website Designer, Web Developers, Website Administrator, Webmaster and System Administrator

Dr. Anupam Borah

Assistant Professor, Department of Assamese, UMK College, Majuli, Assam, India & Nodal Officer,

Digital Learning Cell, UMK College, Majuli, Assam

Contact No: +91 8011976792

e-mail: anupamborah@umkcollege.in

anupamborah2015@gmail.com

Publisher's details:

Responsible Person Name : Dr. Anupam Borah   
Publishing body :Digital Learning Cell, UMK College, Majuli-785105   

E-mail : anupamborah2015@gmail.com

Mobile :8011976792

Address line 1 : Digital Learning Cell, UMK College, Majuli-785105

Town : Nayabazar

Pin Code : 785105

State : Assam

Contact us:

Digital Learning Cell, UMK College, Majuli, Assam,

India-785 105

e-mail: digitallearningcell@umkcollege.in

majuliejournal@umkcollege.in

majuliemagazine@gmail.com

Contact No : +91 8011976792​​

bottom of page