top of page
পদ্মশ্ৰী সন্মানেৰে সন্মানিত  শিল্পী
হেমচন্দ্ৰ গোস্বামীৰ সৈতে কথা-বাৰ্তা

সাক্ষাত্গ্ৰহণঃ  সম্পাদক

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

Hemachandra Goswami

সম্পাদকঃ নমস্কাৰ জনালোঁ আপোনাক। আমি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমাৰ মহাবিদ্যালয়ৰ 'Digital Learning Cell' ৰ তৰফৰ পৰা 'মাজুলী' শীৰ্ষক এখনি দ্বিভাষিক ই-মেগাজিন প্ৰকাশ কৰিবলৈ মনস্থ কৰিছোঁ। উক্ত আলোচনীখনত আপোনাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে আপোনাৰ ওচৰলৈ আহিছোঁ।

গোস্বামীঃ বৰ ভাল খবৰ। অতিকে আনন্দিত হৈছোঁ । 

সম্পাদকঃ, মহোদয়,আপোনাৰ সৈতে আমাৰ কথাবাৰ্তাখিনি আমি তিনিটা পাৰ্যায়ত ভাগ কৰি লব খুজিছোঁ----- আপোনাৰ শৈশৱৰ শিল্প চৰ্চা, শিল্পচৰ্চাত বিদ্যায়তনিক শিক্ষা আৰু পদ্মশ্ৰী বঁটাপ্ৰাপক এগৰাকী প্ৰতিষ্ঠিত মুখা শিল্পী হিচাপে আপোনাৰ যাত্ৰা। প্ৰথমে আমি জানিব বিচাৰিছো শিল্প চৰ্চাত আপোনাৰ শৈশৱৰ অনুপ্ৰেৰণাৰ বিষয়ে।

গোস্বামীঃ হয়, মোৰ, শৈশৱত শিল্প চৰ্চাত অনুপ্ৰেৰণা হিচােপ কবলৈ গলে পিতৃ প্ৰয়াত সত্ৰাধিকাৰ ৰুদ্ৰকান্ত দেৱ গোস্বামীৰ পৰাই মই শিল্প সাধনাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আমাৰ পিতৃ আছিল এজন শিল্প সাধক, নৃত্য-গীত, বাদ্য-কলাৰ লগত জড়িত ব্যক্তি আৰু চামগুৰি সত্ৰখনৰ প্ৰতিষ্ঠা কালৰ পৰাই এই কলাৰ বৰগছ হৈ আজিও তাক ধৰি ৰাখিছে। এই বৰগছজোপাৰ তলতেই আমাৰ জন্ম। এটা বৰ সুন্দৰ পৰিৱেশ। এই পৰিবেশেই আমাক গীত, বাদ্য, নৃত্য, মুখা শিল্পৰ প্ৰতি আকৃষ্ট কৰিলে। আমাৰ দেউতাৰ পৰা পোৱা অনুপ্ৰেৰণাত মুখা শিল্পক হৃদয়ত লৈছোঁ আমাৰ জন্মৰ দহ বছৰৰ পৰাই। চামগুৰি সত্ৰখনে শৈশৱ কালৰ পৰাই আমি দেখা নৃত্য, গীত, বাদ্য সকলোতে সত্ৰীয়া পৰম্পৰা ধৰি ৰাখিছে। যি পৰম্পৰা আমাৰ গুৰুজনাই আমাক দি থৈ গৈছে। গুৰুজনাৰ পৰম্পৰাক আমি আদৰি ল'লো আৰু মাজুলীৰ কলা-সংস্কৃতিয়ে আমাক শৈশৱৰ পৰাই আকৃষ্ট কৰি আহিছে।

সম্পাদকঃ হয়। নিশ্চয়কৈ পৰম্পৰাই আপোনাক অনুপ্ৰেৰণা যোগাইছে। আমি জনাত আপুনি গুৱাহাটীত শিল্পকলাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে। কলাচৰ্চাৰ পৰম্পৰাৰ মাজত ডাঙৰ-দীঘল হৈয়ো শিল্পকলাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ আঁৰৰ কথাখিনি আমাক নিশ্চয়েই জনাব!

গোস্বামীঃ হয়, পৰম্পৰা আমাৰ বাবে এক উল্লেখযোগ্য অনুপ্ৰেৰণা। ইয়ে আগুৱাই যোৱাত আমাক সহায় কৰিলে । ইয়াৰ লগে লগে কিন্তু নিজৰ সৃষ্টিশীল মন এটাও লাগিব। সৃষ্টি শিল্পকলাৰ এক অন্যতম বিষয়। সৃষ্টি নাথাকিলে শিল্পকলা জীয়াই নাথাকে। আকৌ শিল্পকলা সৃষ্টিৰ মাজেৰে আগবাঢ়ি যায়। 

   এটা কলাৰ লগত আমাৰ সম্পৰ্ক হওতে কিছুমান কথা থাকে। কলাৰ যি সুন্দৰতা তাৰ মাজলৈ সোমাবলৈ পৰম্পৰা বিশেষ হলেও কিন্তু আনুষ্ঠানিক শিক্ষাৰো প্ৰয়োজন আছে। কোনো বস্তুৰ ৰূপ, ভেদ, প্ৰমাণ হ'ল তাৰ নান্দনিক আৰু সেই নান্দনিকটো প্ৰকাশ কৰিবলৈ আমি অকণমান সময় পালোঁ যিকণ সময় আমি 'Assam Fine Arts & Crafts Society' ত অধ্যয়নৰত অৱস্থাত আছিলো। এই সময়ছোৱাত অসমৰ এজন স্বনামধন্য শিল্পী নীলপৱন বৰুৱাৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰিলোঁ। তেওঁৰ সান্নিধ্যতে কলা নিৰ্দেশনাৰ জ্ঞান লাভ কৰিলোঁ। আমাক পৰম্পৰাৰ লগতে আধুনিক পদ্ধতিগত শিক্ষাও লাগিব। যাৰ বাবে আমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলো।

সম্পাদকঃ  মাজতে আপোনাৰ পৰা অন্য এষাৰ কথা জানিব খোজা, যে, বাত্স্যানৰ কামসূত্ৰ তথা প্ৰাচীন ভাৰতৰ শিল্পকলাৰ যি ৰূপ, ভেদ, প্ৰমাণ, সাদৃশ্য, বৰ্ণিকাভঙ্গ লাৱণ্য-যোজনা আদি ছয় প্ৰকাৰ শিল্প ষড়ঙ্গ আছে, সদৃশ শিল্প ষড়ঙ্গ চীনতো আছে। বহুসময়ত বহুতে ক'ব খোজে যে, ভাৰতৰ পৰা চীনে সেইবোৰ ধাৰ কৰা আৰু আন এচামে বিচাৰে যে, চীনৰ পৰা ভাৰতে ধাৰ কৰা। এই সন্দৰ্ভত আপোনাৰ মতামত জনাব।

গোস্বামীঃ  আচলতে কলাৰ মনটো এনে নহয় যে সদায় এককভাৱে থাকিব। কলাই সদায় বুটলিব বিচাৰে আৰু সেই বুটলি অনা সম্পদবিলাক সদায় সংযোগ হয়। সেই লোক সংগ্ৰহৰ মাজেদি লোক ৰঞ্জন আৰু লোক স্থিতি ৰক্ষা কৰাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক বিশেষ অৱদান আছে। কলাৰ মাজত মিল থকাটো এক স্বাভাৱিক কথা। গতিকে আমি সম্পূৰ্ণৰূপে ক'ব নোৱাৰো যে, আমি কলাটো অন্যৰ পৰা ধাৰ কৰি আনিছোঁ। কলাক আপোন মনে নিজাববীয়াকৈ সৃষ্টি কৰি লোৱা হৈছে।

সম্পাদকঃ বাৰু সেয়া যি হওক, আমি জনামতে আপুনি শান্তি নিকেতনলৈ গৈছে। তাত শিল্পচৰ্চাৰ পৰিবেশ সম্পৰ্কে আমাক অলপ জনাওকচোন!

গোস্বামীঃ শান্তি নিকেতন শব্দটো আমাৰ খুবেই ভাল লাগে। শান্তি নিকেতনলৈ যোৱাৰ আমাৰ খুব ইচ্ছা আছিল। সেই সৌভাগ্য আমি লাভ কৰিলোঁ। ১৯৮৮ চনৰ কথা। শান্তি নিকেতনৰ অধ্যক্ষই আমাক জনালে যে, 'অসমৰ এক বিশেষ শিল্প যাক কোৱা হয় মুখা শিল্প, সেই শিল্পক বিশ্বৰ আগত চিনাকি কৰি দিবলৈ আপুনি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিল্পটোৰ বিষয়ে জনাব লাগে।' তেখেতৰ বাৰ্তাটোৱে মনটো উৎফুল্লিত কৰি তুলিলে কিয়নো শান্তি নিকেতন চোৱাৰ আমাৰ দুৰ্বাৰ হেঁপাহ আছিল। তাত তেওঁলোকে আমাৰ মুখা শিল্পত যে কোনো ৰাসায়নিক বস্তুৰ ব্যৱহাৰ নকৰি প্ৰাকৃতিক বস্তুৰ ব্যৱহাৰ কৰা হয় সেই কথাটোৱে তেওঁলোকক আকৃষ্ট কৰিলে। অসমৰ বাঁহ আৰু কলকাতাৰ বাঁহৰ মাজত পাৰ্থক্য আছে। কলকাতাৰ বাঁহবোৰ ক্ষীণ আৰু পাববোৰ চুটি। গতিকে আমি মুখা প্ৰস্তুতৰ প্ৰশিক্ষণ দিওতে যথেষ্ট অসুবিধা হৈছিল যদিও বাঁহ বিচাৰোতে শান্তি নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়-সহযোগিতাই আমাক আন্দিত কৰিছিল আৰু সেই বাঁহেৰে যেনেকৈ মুখা প্ৰস্তুত কৰিব পাৰি তেনেকৈয়ে আমি শিকাইছিলো। আমাৰ মুখা শিল্পৰ এক ৰূপ শান্তি নিকেতনৰ ভাস্কৰ্যসমূহৰ লগত সুন্দৰ মিল আছে। শান্তি নিকেতনৰ গীত, মাত, ভাস্কৰ্য আৰু শিল্পই আমাক কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি তুলিছিল।

 

Interview

সম্পাদকঃ বৰ্তমান আপোনাক এগৰাকী মুখা শিল্পী ৰূপে সকলোৱে জানে । কিন্তু আৰম্ভণিতে আপুনি এগৰাকী চিত্ৰশিল্পী আছিল। সেই বিষয়ে অলপ জনাব নেকি?

গোস্বামীঃ মই সৰুৰে পৰাই কলাক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আমাৰ পিতৃয়েও ছবি আঁকিছিল। তেখেতৰ পৰাই আমি সেই অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। এই চিত্ৰকলাৰ যোগেদি আমি উপাৰ্জনো কৰিছিলোঁ। মুখা সাজিবলৈ বা কিবা এটা বস্তু বনাবলৈ প্ৰথমে তাৰ এক নক্সা তৈয়াৰ কৰি ল'ব লাগে। চিত্ৰশিল্পী আছিলোঁ বাবে এই ক্ষেত্ৰত আমাৰ বৰ সহায় হৈছিল। 

সম্পাদকঃ ডাঙৰীয়া, মুখা হৈছে এক বিমূৰ্ত বস্তু। মানুহৰ এটা পৰিচয়ক অন্য এটা পৰিচয়েৰে দাঙি ধৰাত ই সহায় কৰে। কিন্তু আমাৰ ভাওনাত ব্যৱহাৰ কৰা মুখাখনে আধ্যাত্মিক, সামাজিক বা নাটকীয় ৰূপ দিয়াত কেনেদৰে সহায় কৰে? আপুনি তাত কিবা নতুন ৰূপ দিছে নেকি?

গোস্বামীঃ বৰ ভাল প্ৰশ্ন এটা সুধিলে। গুৰুজনাই প্ৰথম চিহ্ন যাত্ৰা নাটক আৰম্ভ কৰিলে। তেতিয়া সকলোৱে ক'লে যে আপুনি যে কৃষ্ণৰ কথা কৈছে। আমাক কৃষ্ণক দেখুৱাব লাগে। তেতিয়াই গুৰুজনাই ৰং-তুলিকা তুলি লৈ এখন চিত্ৰ আঁকিলে আৰু সেই ছবিখনেই হ'ল চিহ্ন। তাৰ লগত সংগতি ৰাখি নাটক কৰিলে তাৰ নাম দিলে যাত্ৰা। গুৰুজনাই নাটক কৰোতে দেখিলে যে আমাৰ আপোন মুখখনে দুটা চৰিত্ৰত অভিনয় কৰিব নোৱাৰে। যেনেঃ ব্ৰহ্মাৰ চৰিত্ৰত প্ৰতিকী ৰূপত চাৰিখন মুখ থাকে। চাৰিখন মুখৰ ব্ৰহ্মা ৰূপ আমাৰ মানুহৰ নাথাকে। যাৰবাবে গুৰুজনাই চাৰিখন মুখৰ ব্ৰহ্মা বনালে। এয়াই হ'ল আমাৰ মুখাৰ আদি কথা। 

 মুখা শিল্পত নান্দনিকতা থাকিব লাগিবই। কুত্সিত্ মুখ এখনতো নান্দনিকতা থাকে। ভালতটো থাকিবই। এতিয়া অসুৰৰ মুখা, অসুৰৰ মুখা বুলি কওঁতে খুব ভয়ানক, দাঁত ওলোলা, দৈত্য়াকায় চকু আদিৰ ৰূপ দিয়া হয়।  ইয়াতো কিন্তু নান্দনিকতা এটা আছে।

 আজিৰ পৰা পাঁচশ বছৰৰ আগেয়ে গুৰুজনাই তৈয়াৰ কৰা মুখা আমি দেখা নাই। কিন্তু আজিও ই চলি আছে। এয়াই পৰম্পৰা। পৰম্পৰাৰ যোগেদি আহি আহি আজি এইখিনি পাইছেহি। আমিও এতিয়া কোনো এটা চৰিত্ৰৰ মুখা তৈয়াৰ কৰিবৰ বাবে তাৰ তাত্ত্বিকতাক জানি লওঁ যিটো শাস্ত্ৰৰ লগত সম্পৰ্ক আছে আৰু নিজৰ সৃষ্টি প্ৰয়োগ কৰি তাক গঢ় দিবলৈ চেষ্টা কৰোঁ। 

  মুখা অভিনয়ত যেতিয়া ব্যৱহাৰ হয়, গতিকে মুখাখন পিন্ধিবৰ উপযোগী হব লাগিব। উশাহ অকণমান লব পৰা হব লাগিব, নহলে গৰম উঠিব, মুখা ব্যাৱহাৰৰ প্ৰতি ভাৱৰীয়া ইচ্ছা প্ৰকাশ নকৰিব। সেয়েহ মই পৰম্পৰাগত মুখাত অকণ মান সংযোগ কৰি এইটো কৰিছো (তেখেতে অসুৰৰ মুখা এখন দেখুৱাই কৈছে) সংলাপ কওঁতে যাতে মুখাৰ মুখখনেও সংলাপৰ লগত সুৰ  মিলাই মুখখনো মেল খাব। 

সম্পাদকঃ মহোদয়, আপুনি এই মুখাখনত যি এক জীৱন্ত ৰূপ দিছে, পৰিধান কৰি সংলাপ দিয়াৰ লগে সংলাপৰ লগত মুখাৰ মুখখন মেল খাইছে, জাপ খাইছে, চকু হালৰ পিৰিকতি উঠা নমা কৰা এই যি জীৱন্ত ৰূপ, এই ৰূপটো দিয়াত আপোনাত শান্তিনিকেতনৰ কলা চৰ্চাৰ পৰিৱেশৰ ভূমিকা আছে নেকি। 

গোস্বামীঃ আচলতে মুখা ভিজুৱেল আৰ্ট, দৃষ্টিগত কলাৰূেপেই আছিল, মই অকণমান নতুন ৰূপ  দিছে। কিন্তু যেতিয়া আমি পৰিৱেশনলৈ গলো,  পৰিবেশনৰ বাবে যেতিয়া ব্যৱহাৰ কৰিবলৈ ললো, তেতিয়া এই প্ৰয়োজনটো আহি পৰিল। কাৰণ অভিনয়ত ব্যবহাৰ কৰোতে অভিনেতাই চোঁঘৰলৈ আহি ইমান গৰম উঠিছে বুলি মুখা খুলি পেলাই দিয়েহি, কাৰণ গৰম উঠিবই। সেইদেৰ সংলাপ মাতিছো, নাই ভিতৰতে আছে, দৰ্শক  শ্ৰোতাৰ কাণত পৰাগৈ নাই। এই কথবোৰ ভাবিয়েই এই কামটো কৰা হল। মানুহে মুখাক ভাল পাব পৰা হব লাগিব, মুখা ব্যৱহাৰ কিৰব পৰা হব লাগিব আৰু মুখাই অভিনয় কৰিব পৰা হব লাগিব। চৰিত্ৰ ৰস সঞ্চালন কৰিব পৰা হব লাগিব, ইত্যাদি কথাবোৰ িচন্তা কিৰ আপুিন কোৱাৰ দৰে জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰা হল। শান্তিনিকেতনে মোৰ  শিল্প চৰ্চাত সহায় কৰিছে, ৰং, ৰূপ ৰস ইত্যাদিৰ ক্ষেত্ৰত। কিন্তু  শিল্পৰ কলাৰ কাম কৰিবলৈ সৃষ্টি লাগিব। এই সৃষ্টি নহলে কলা চৰ্চাত অসুবিধা। গতিকে পৰম্পৰাগতভাৱে চলি অহা মুখা শিল্পত মই অকণমান সৃষ্টি সংযোগ কৰিছো।

সম্পাদকঃ এইখিনিতে এটা কথা জানিব খুজিছো, আপুনি দেখুওৱা এই  অসুৰৰ মুখাখন, কপালত পঠালিকৈ  তিলক ৰেখা আছে। সাধাৰণতে আমি প্ৰাচীন শিল্প-ভাস্কৰ্য অধ্যয়ন কৰোতে এই দিশবোৰো চাব লগীয়া হয়। কপালত চন্দ্ৰাংকিত তিলক ৰেখা হলে, চন্দ্ৰবংশীয়, সূৰ্যাংকিত ৰেখা হলে সূৰ্যবংশীয়। লগেত তত্কালীন কোনাে জাতিৰ ধৰ্মীয় তথা সাংস্কৃতিক আভাসো আমি এনেবোৰ দিশৰ পৰা জানিব পাৰো। এতেক মই জানিব খুজিছো, অসুৰৰ কপালত থকা পঠালি  তিলকোটাৱে কি নিৰ্দেশ কৰিছে, ।

গোস্বামীঃ এইটো এনেকুৱা ধৰণৰ কথা, প্ৰতি চৰিত্ৰৰে তাৰ নিৰ্দেশনা কিছুমান আছে। তাৰ লাইনৰ ৰেখাৰ কথা আছে। আৰু এই চৰিত্ৰৰ (অসুৰৰ) িতলক সদায়েই পথালিকৈ হয়, এইবিলাক নিৰ্দেশনা আমাক শাস্ত্ৰই দিছে, বা আমাৰ পৰম্পাই দিছে। আৰু এটা কথা অসুৰ, দৈত্য এইবিলাকৰ গুৰু হৈছে শুক্ৰাচাৰ্য, এতেকে শুক্ৰাচাৰ্যৰ  শিষ্যসকলৰ তিলক সদায়েই পথালিকৈ হয়। এইবিলাক কথাও ইয়াত জড়িত হৈ আছে। 

সম্পাদকঃ ৰাৱণৰ ক্ষেত্ৰত দেখা যায় যে, অসুৰৰ শিষ্যৰ যি পথালি তিলক আৰু ঊৰ্ধপূন্দ্ৰ দুয়োটা তিলকেই আছে।

গোস্বামীঃ ৰাৱণৰ প্ৰসংগত কথাটো এনেকুৱা, অসুৰ হলেও বহুত জ্ঞানী। ৰাণৰ কথাখিনি গুৰুত্বপূৰ্ণ। দুয়োটা ভাগৰ তিলকেই আছে, কেলেই আছে, কাৰণ ৰাৱণ ঋষি পূত্ৰ। আৰু মানুহে যিধৰণে অসুৰ বাব ৰাক্ষস বুিল কয়, মই মোৰ পিতৃৰ পৰা পৰা পোৱা জ্ঞান অনুসৰি ৰাৱণ বহুত জ্ঞানী, ইমান জ্ঞানী তেওঁ, যে, আজিৰ  যি নাৰী সুৰক্ষা..... হয় তেও সীতাক হৰণ কৰিছে, এটা বৰ সুন্দৰ ব্য়ৱস্থা িদ ৰাখিছে। তেওঁ ঋষি পুত্ৰ, বিশ্বৱা ঋষিৰ পুত্ৰ, সেইকাৰণে আমি ৰাৱণক অসুৰ হিচাপে ৰাৱণৰ মুখা প্ৰস্তুত নকৰো, জ্ঞানী ৰূপে সুন্দৰ চেহেৰা কৰো। ৰঙৰো কথা আছে, এতেক আমি তাত্ত্বিকভাৱে ৰাৱণৰ চৰিত্ৰটো প্ৰকাশ কৰো।

ৰাৱণৰ মূখা মূিতৰ্ প্ৰস্তুতকৰণত আমাৰ অসমৰ নিজা শৈলী আছে। অন্য ঠাইত ৰাৱণৰ পাঁচখন মূৰ এফালে, পাঁচখন মূৰ আনফালে দিয়ে। আমাৰ অসমৰ ৰাৱণৰ মূৰ ডিজাইনৰ িনজস্বতা আছে। এয়া মল মুখখন মাজত দি মূৰৰ চাৰওফালে ন-খন মুখ সংযোগ কৰা এইেটা ডিজাইন অ আমাৰ অসমৰ শৈলী। এইশৈলীৰ মুখা আমাৰ অসমৰ গুৱাহাটী কলাক্ষেত্ৰত, তেজপুৰ বিশ্ববিদ্যালয়ত, দিল্লী চেন্নাই আৰু লণ্ডনতো সংৰক্ষণ হৈ আছে। 

সম্পাদকঃ মুখা শিল্প চৰ্চা পৰম্পৰাগতভাৱে চলি আহিছে আৰু আপুনি সমৃদ্ধ কৰি গৈ আছে। আপুনি উত্তৰ প্ৰজন্মক মুখা শিল্প চৰ্চাৰ ক্ষেত্ৰত কেনেদৰে অনুপ্ৰেৰণা যোগাইছে?

Hemachandra goswami

গোস্বামীঃ আমি সদায় এইখিনি কৰি থাকিব নোৱাৰোঁ। আমি এইখিনি থৈ যাব লাগিব। গতিকে এই শিল্পকৰ্মক জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোকে মুখা প্ৰস্তুতকৰণৰ শিক্ষা দি থৈ যাব লাগিব। বৰ্তমান নতুন প্ৰজন্মৰ বহুতে এই শিল্প শিকিছে। চামগুৰি সত্ৰখন সাংসাৰিক সত্ৰ। সেইবাবে এই শিল্পকৰ্মসমূহ বংশগতভাৱে উত্তৰ প্ৰজন্মলৈ অনায়সে গতি কৰে। ইয়াৰোপৰি বৰ্তমান অন্যান্য জনগোষ্ঠীৰ নৱ-প্ৰজন্মসকলেও এই মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈছে আৰু মুখাপ্ৰস্তুতৰ শিক্ষা গ্ৰহণ কৰিছে।

সম্পাদকঃ ডাঙৰীয়া, উত্তৰ-প্ৰজন্মক এই মুখা শিল্পৰ  শিক্ষা প্ৰদানৰ ক্ষেত্ৰত  আপোনাৰ শিল্পশালাত যাৱতীয় খা-খৰছ নিশ্চয় আছে। পৰিশ্ৰমৰ কথাটোও লগতে আহি পৰে। এই ক্ষেত্ৰত ন শিকাৰু সকলে কিবা শুল্ক আদায় দিব লাগে, নালাগে জানো!

গোস্বামীঃ ভাল প্ৰশ্ন। এটা কথা কৈ থও, ইয়াৰ বাবদ আমি এতিয়ালৈকে কোনো পাৰিতোষিক লোৱা হোৱা নাই। এইটো আমাৰ দায়িত্ব। এইটো সত্ৰৰ এটা দায়িত্ব। বিদ্যা এটা গ্ৰহণ কৰিলে সুন্দৰ মনেৰে আমি দিয়া মন থাকিব লাগিব। আৰুএই মনটো গৰুজনাই আমাক দি থৈ গৈছে। এতিয়া অসমত বিভিন্ন থাইত কৰ্মশালাসমূহ হৈ থাকে। নতুন প্ৰজন্মই শিকক। আমি এটাই কথা গুৰুত্ব দি আহিছো যে, গুৰুজনাৰ শিল্পকলাক আমি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। দেশ-বিদেশত প্ৰচাৰ কৰিব লাগে। তেনেকুৱা ইতিমধ্যে হৈছে, ২০১৬ চনত আমি আমাৰ হাতেদি প্ৰথমখন মুখা শিল্পৰ প্ৰদৰ্শনী লণ্ডনৰ বৃত্ৰিছ  মিউজীয়াম, যত আমাৰ এই গৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগী সংৰক্ষণ হৈ আছে। কৃষ্ণ ইন দ্য গাৰ্ডেন অৱ আসাম নামাকৰণেৰে প্ৰথমখন মুখাশিল্প প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত এই মুখা ( তেখেতে িকতাপত ছপা হোৱা মুখা শিল্পৰ ছবি আমাৰ আগত দাঙি ধৰে। এয়া হল বিদেশত আমাৰ মুখা িশল্পৰ প্ৰথম প্ৰদশৰ্নৰ কথা। এই প্ৰদৰ্শনীৰ বাবেই পৰ্যটকে আমাৰ মুখা লণ্ডনত দেখিছে, দেখি আমাৰ ইয়ালৈও পৰ্য়টক ঢপলিয়াই আহিছে, মুখাশিল্প চাবলৈ। ফ্ৰান্সৰ পৰা আহিছে, জাৰ্মানীৰ পৰা আহিছে, ইংলেণ্ডৰ পৰা আহিছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিছে। ভাৰতীয় শিল্পীয়েও শিকিছে, এনেকৈ বহুজনে শিকিছে, আমাৰ মুখা শিল্পৰ প্ৰিত এটা শ্ৰদ্ধা বাঢ়িছে, আমাৰ কাৰণে এইটো এটা ভাল খবৰ। 

    আমাৰ মুখাৰ যোগেদি, যিসকলে শিকিছে, মুখাৰ যোগেদি এটা চলিব পৰা যি অৰ্থনৈতিক পথ, সেই পথটোও মুকলাই দিছে আমাৰ মুখাশিল্পই। এতিয়া মুখা-শিল্প কেৱল ভাওনাতে সীমাবদ্ধ হৈ থকা নাই, এতিয়া ঘৰে ঘৰে একোখন মুখা সজাব পৰা হৈছে। অসমৰ এটা কলা পিৰচয় দিবলৈ সক্ষম হৈছে। বিবাহ ভৱনতো সজাই  মুখা সজাই দিয়া দেখা গৈছে। বিমান বন্দৰতো সজাই দিয়া হৈছে। সামগ্ৰিকভাৱে মুখাই এটা কলা হিচােপ প্ৰতিষ্ঠা লাভ কিৰবলৈ সক্ষম হৈছে।

সম্পাদকঃ মুখা শিল্পক লৈ পি.এইছ ডি  ডিগ্ৰীৰ বাবেও গৱেষণা কৰিছে বুিল আমি শুনিবলৈ পাইছোঁ, এই সম্পৰ্কে অলপ কওকচোন।

গোস্বামী মুখা শিল্পক লৈ কেইবাজনেও গৱেষণা কৰিছে,  ডিব্ৰুগড় বিশ্ববিদ্যালৰ আৰিফ জামান নামৰ এগৰাকীেক ধৰি কেইবাজনেও গৱেষণা কৰিছে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো মুখাশিল্পই স্থান লাভ কৰিছে।

সম্পাদকঃ আমাৰ মহাবিদ্যালয়তো আমাৰ  শিক্ষাৰ্থীসকলক এই কলা শিক্ষা প্ৰদানৰ বাবে আমি আপোনাক আহ্বান জনাবলৈ ইচ্ছা প্ৰকাশ কৰিছো। 

গোস্বামীঃ এইটো বৰ ভাল কথা, আমাৰ এইটো উদ্দেশ্য নহয় যে, আমি কেৱল সত্ৰতে বহি থাকিব লাগিব। বা সত্ৰলৈকে আহি শিকিবহি লাগিব সেইটো নহয়। আপোনালোক পদক্ষেপ লওক, আমি সদায়ে আছো, আৰু আমি শিক্ষা দিবলৈ আছো, মই আগতেও কৈছো আমি শিক্ষা দিবলৈ আগ্ৰহী। আৰু আমাৰ যুৱ সমাজৰ মাজত কলা জ্ঞান যেতিয়া থাকিব তেতিয়া স্বাভাৱিকতে মন বিলাক বহুত ভাল হয়, কলাৰ লগত লাগি থকা মানুহৰ মন বহুত ভাল হয়। এই কলাটোৰ মাজেদি  তেওঁলোকে চলিব পাৰিব, মই সেইটো কথা নকওৱেই, চলাটো চিলেয়ই আছে, সুন্দৰকৈ চলিয়েই আছে এতিয়া, মনটোও শান্ত আৰু সুন্দৰ কিৰ ৰখাত কলা চৰ্চাই সহায় কৰে। আপোনালোকে যদি তেনে  প্ৰচেষ্টা হাতত লয়, আমি সদায়ে আছো। আমি ভাবো, এই কলাৰ বিকাশ হওক, সকলোৱে জানি লওক,জনাৰ মাধ্যত সকলোকে আমি শিকাবলৈ সদায়েই আগ্ৰহী। আৰু এইটো আমাৰ কৰ্তব্য।

Mukha Silpa

মই সেই  ঠাইখনত সোমাবলৈ, উজনি মাজুলী আপোনাোলকৰ অঞ্চলটোলৈ যাবলৈ এটা মন আছে। মনটো কি জানে, আমাৰ বহুতে, আগৰ পৰা আমি দেখো, যে আমাৰ, ইয়াতে আমাৰ ভাই-ককাই মিচিংসকল, দেউৰীসকলৰ মাজত যদি আমি, আমাৰ এটা মনেৰে এক অসম ীয়া জাতি বুলি পৰিচয় দিবলৈ যাওঁ, তেতিয়া আমাক সকলোৰে এটা সংযোগ লাগিব। আৰু সকলোকে আমি আদৰিব লাগিব। গতিকে আপোনালোকৰ অঞ্চললৈ মোৰ যাবলৈ ইচ্ছা থকাৰ ইও এটা কাৰণ। আপোনােলাকৰ শিক্ষাৰ্থীসকলক কেৱল পাঠ্যক্ৰমৰ মাজতে সীমাবদ্ধ নাৰাখি কলা গীত নৃত্য বাদ্যৰ িশক্ষা দিবলৈ প্ৰচেষ্টা ললে মই আপোনালোকৰ প্ৰচেষ্টাক আদৰণি জনাবলৈ আগ্ৰহী।

সম্পাদকঃ হয়, আপুনি আগ্ৰহ প্ৰকাশ কৰাৰ বাবে আমি উত্ফুিল্লত। মহোদয়, আমি মুখাশিল্পৰ এটা চাৰ্টিফিকেট কৰ্চ খুলিম বুলি ভাবিছো। আমি এটা কাৰিকুলাম এটা থিক কৰিব লাগিব।

গোস্বামীঃ হয় সেইটো থিক কি কৰিব লাগিব। কিমানদিনীয়া ক'ৰ্চ হব। পাঠ্য়ক্ৰম আমাৰ আছে বাৰু, পাঠ্য়ক্ৰমক লৈ কোনো দিগদাৰ নাই, মাৰ্কিং কৰিব পৰা ব্যৱস্থাও আছে। পাঁচটা পৰ্যায়ত কামখিনি শেষ হব। (তেখেতে নিৰ্মিয়মান, অৰ্ধনিৰ্মিত, পূৰ্ণ ৰূপৰ মুখালৈ আঙুলিয়াই কয়)। প্ৰথম এই বাঁহৰ কাঠি তৈয়াৰ কৰা, কাঠিৰে মুখা তৈয়াৰ কৰা, কাঠিৰ মুখা কাপোৰেৰ প্ৰলেপ দিয়া, মাটিৰে প্ৰলেপ দিয়া, ৰং-ৰূপ প্ৰদান কৰা এই কোইটা পৰ্যায়ত এটা এটা পৰ্যায়ত কেইদিনীয়া কৰ্মশালা হব, প্ৰত্যেকটো পৰ্যায়েত মাৰ্কিং কৰিব পৰা সুবিধা আছে। পূণৰূপ সম্পন্ন হওঁতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ মাৰ্ক লাভ কৰিব। এইধৰণৰ পাঠ্যক্ৰম আমাৰ আছে।

সম্পাদকঃ হয়, এই কৰ্মশালটো কিমানদিনীয়া কৰিলে আপুনি ভাল হয় বুলি ভাবে।  

গোস্বামীঃ তিনিমহীয়াও কৰিব পাৰে, ছমহীয়াও কৰিব পাৰে। অৱশ্যে এটা কথ থিক য়ো, আপোনােলাকৰ বিদ্যায়তনিক ব্যৱস্থাৰ সুবিধাৰ্থে আপোনােলোকে সিদ্ধান্ত কৰক।

সম্পাদকঃ হয়, মহোদয়, আমি এইটো থিক কৰি আপোনাক জনাম। মহোদয়, (বিমূৰ্ত ৰূপ মুখা এখনলৈ আঙুলিয়াই), সেই মুখাখন তথাকিথত মুখাৰ ৰূপ ৰসৰ পৰা পৃথক, ইয়াত কিব পৰীক্ষা-নিৰীক্ষা কৰা হৈছে নেক।

গোস্বামীঃ হয়, সেইকেইখন মুখা মোৰ লৰাই কৰিছে। আপুনি পূৰ্বে উল্লেখ কৰাৰ দৰে ল'ৰাই বিমূৰ্ত ৰূপ দিবলৈ প্ৰয়াস কৰিছে। মই মোৰ প্ৰচেষ্টাত এইখিনিলৈকে মুখাশিল্পক আগবঢ়ালো। বাকীখিনি লৰাই নতুন ৰূপ দিব খুজিছে।

সম্পাদকঃ হয়, বৰ্তমান পৃথিৱীৰ কলাৰ ক্ষেত্ৰখলনৈ চালে দেখা যায় য়ে, বিমূৰ্ত কলাৰ গুৰুত্বই প্ৰাধান্য লাভ কৰিছে। এতিয়া মুখা শিল্পৰ যোগেদিয়ে, মুখা শিল্পৰ পৰম্পৰা ৰক্ষা কৰি আপুনি যেনেকৈ পৰম্পৰাগত মুখা শিল্পক জীৱন্ত ৰূপ দিছে, তেনেকৈ উত্তৰ প্ৰজন্মই মুখা শিল্পৰ পৰম্পৰা ৰক্ষা কৰি আধুনিক শিল্পৰ ৰূপ দিয়াত আপোনাৰ আপত্তি বোধ হয় নাই, কাৰণ আপোনাৰ উত্তৰসূৰী, আপোনাৰ সন্তােন এই মুখাক বিমবৰ্ত ৰূপ দিয়া দেখিছো।

গোস্বামীঃ হয়, মোৰ ল'ৰাই কৈছে, মই এইখিনি শিকিলো যেতিয়া মই মোৰ মনেৰে মুখা শিল্পক নতুন ৰূপ দি চাওঁ, মই বাধা দিয়া নাই। আপুনি কোৱাৰ দৰে সেইকেইখন মুখাত বিমূৰ্ত ৰূপ সোমাইছে, সময়ৰৰ লগে লগে ই অনায়াসে সোমাবই, আৰু সোমোৱাটো মই বেয়া বুলি নকও। 

সম্পাদকঃ হয়, কলাত বিমূৰ্ততা আগতেও আছিলে, ভাৰতীয় শিল্প-ষড়ঙ্গত সাদৃশ্য়ম বুলি এটা অঙ্গ আছে, তাত নাৰীৰ ভৰিখন আঁকিবলৈ লৈছে, বা খোদাই কৰিবলৈ লৈছে, তেতিয়া হুবহু ভৰিখন অঁকা নাই, পত্ৰ-পল্লৱ বুলি কৈ নাৰী গৰাকীৰ ভৰিখনৰ নিম্নাংশ কুঁহিপাতৰ ৰূপ দিছে। গতিকে ইও আিছল একপ্ৰকাৰৰ এৱছাৰ্ড কলাৰেই ৰূপান্তৰ।

গোস্বামীঃ হয়, প্ৰাচীন ভাৰতীয় কলাত বিমূৰ্ত ৰূপ প্ৰদান প্ৰয়াস প্ৰচেষ্টা নিশ্চয়েই হৈছিল। আমি কেৱল মুখা শিল্পৰ পৰম্পৰা ৰক্ষা কৰি নতুন নতুন  দিশ সংযোগ কৰি গৈ থাকিলেহে আমাৰ কলাটো নতুন প্ৰজন্মৰ মাজত জীয়াই থাকিব।

সম্পাদকঃ হয়, সদৌ শেষত আপোনাৰ পৰা জানিব খোজো, শিল্পকলা সন্দৰ্ভত আপোনাৰ   িনজা ধাৰণা কেনেধৰণৰ ?

গোস্বামীঃ নিজা ধাৰণা বুলি কবলৈ গলে কব লাগিব। মই চিত্ৰকলাৰ লগেতা সৰুৰে পৰা জড়িত আছিলো। চিত্ৰ এখনো চাব জানিব লাগিব। চাবলৈ শিকিব লাগিব। কলাত নান্দনিকতা লাগিবই। নান্দনিকতা অবিহনে কলা সম্ভৱ নহয়। ৰং ৰেখা ৰূপৰ মাজত নান্দনিকতা ফুটি উঠিলেহে কলা আচলতে কলাৰূপে প্ৰকাশ লাভ কৰে। নান্দনিকতা কলাত লাগিবই।

সম্পাদক হয় মহোদয়।  শিল্পকলা তথা মুখা শিল্প  বিষয়ক আমি আপোনাৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিলো। শিল্পকলা বিষয়টো ইমানেই গভীৰ যে, এই বিষয়ে কথা পাতি শেষ কৰা সম্ভৱেই নহয়। সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনাৰ সৈতে কথা বাৰ্তা ইমানতে সামৰিছো। আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছো। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ পৰা আমি আজিলৈ বিদায় মাগিছো। আপোনাৰ বহুমূলীয়া সময় অকণমান আমাক দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম। ধন্যবাদ মহোদয়।

গোস্বামীঃ নিশ্চয় লগ পাম। ধন্যবাদ।  

Editing,  Planning, Website Designer, Web Developers, Website Administrator, Webmaster and System Administrator

Dr. Anupam Borah

Assistant Professor, Department of Assamese, UMK College, Majuli, Assam, India & Nodal Officer,

Digital Learning Cell, UMK College, Majuli, Assam

Contact No: +91 8011976792

e-mail: anupamborah@umkcollege.in

anupamborah2015@gmail.com

Publisher's details:

Responsible Person Name : Dr. Anupam Borah   
Publishing body :Digital Learning Cell, UMK College, Majuli-785105   

E-mail : anupamborah2015@gmail.com

Mobile :8011976792

Address line 1 : Digital Learning Cell, UMK College, Majuli-785105

Town : Nayabazar

Pin Code : 785105

State : Assam

Contact us:

Digital Learning Cell, UMK College, Majuli, Assam,

India-785 105

e-mail: digitallearningcell@umkcollege.in

majuliejournal@umkcollege.in

majuliemagazine@gmail.com

Contact No : +91 8011976792​​

bottom of page