top of page

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

হাস্য-ব্যঙ্গ

ফেৰ

নাজিয়া হাচান

waight

    কিছুমান মানুহৰ আনৰ লগত ফেৰ মাৰি বা ভেদাভেদ ৰাখি চলাতো অভ্যাস।পিছে অবাক জীৱবোৰৰ মাজত এনেবোৰ অভ্যাস থকা চকুত নপৰে। কিন্তু,সেই অবাক জীৱবোৰ তেনে কিছুমান মানুহৰ পাল্লাত যদিহে কেনেবাকৈ পৰি যায়;তেতিয়া সিহঁতেও নিজৰ ৰং সলনি কৰিবলৈ বাধ্য হয়।মানুহৰ দৰে সিহঁতেও এটাই আনটোৰ লগত ফেৰ মাৰিবলৈ ধৰে বা সিহঁতৰ মাজত তফাৎ বুজিবলৈ শিকে, বুজিছা? এতিয়া আমালৈকে চোৱা, আমাক মানুহে আজি এইদৰে সজাত বন্দী কৰি ৰখাৰ বাবেইতো মুক্ত হৈ উৰি-ঘূৰি ফুৰা আন আন জীৱবোৰৰ দুখ-আনন্দবোৰক সাৰসিকতি কৰিব পাৰিছোঁ।সিহঁতৰ কোনোৱে কেতিয়াবা ক'তো একো এটা খাবলৈ নোপোৱাত আমি তেতিয়া সিহঁতৰ তুলনাত আমাৰ বন্দী জীৱনক লৈয়ে গৰব কৰিছোঁ,যে বন্দী হলেও আমাকতো মালিকে লঘুনে থাকিবলৈ দিয়া নাই! সেইদৰে, কেতিয়াবা সিহঁতেও তেনেকৈ আমাৰ বন্দী জীৱনক দেখি নিজে মুক্ত মনে বিচৰণ কৰাৰ গহত, আমাৰ আগেদি ভেমত উৰি-ঘূৰি থাকি, মনতে কৈছে,যে চা তহতৰ বন্দী জীৱনৰ তুলনাত আমাৰ জীৱন কিমান আজাদিৰ!এই সকলো বিলাক মানুহৰ বাবেইতো আমি বোধ কৰিবলৈ বাধ্য হৈছোঁ—এয়া সজাত বন্দী ভাটৌ চৰাই এহালৰ মতাটোৱে তাৰ লগৰীজনীক কোৱা কথন। উক্ত অনুভৱৰ উপৰিও সি তাৰ লগৰীজনীক তাৰ লক্ষ্যত পৰা আন কিছুমান কথাও গুৰুত্ব সহকাৰে তাইক কʼবলৈ ধৰিলে—

 

:জানা?সিদিনা বৰ মস্ত কাৰ এখনত কুকুৰ এটা কাষতে বহাই মানুহ এজন আমাৰ কাষতে আহি ৰৈছিলহি। সেই সময়ত আমাৰ পৰা কিছু দূৰত বান্দৰ এটাক তাৰ গৰাকীয়ে নচুৱাই, চাৰ্কাচ কৰোৱাই ধেৰ পইচা মানুহৰ পৰা বুটলি আছিল। তাকে দেখি গাড়ীত নিজৰ কাষত বহাই লৈ অহা কুকুৰটোক মালিকজনে ক'লে—দেখিছ বান্দৰৰ কি নাচ! কি তাৰ চাৰ্কাছ! তইতো তাতকৈ ভালকৈ নাচিব পাৰিবি হয়নে নহয়? চাওঁ নাচচোন চাওঁ; বাণ্ডৰেও গম পাওঁক যে সিয়ে কেৱল নাচিবলৈ জানে তেনে নহয়; তাক তক্কৰ দিব পৰা আন জীৱও আছে। যা যা বেতা যা। দেখাই থৈ আহ তাক।মালিকৰ কথাত প্ৰভুভক্ত কুকুৰে অনিচ্ছা সত্বেও নাচিবলৈ বুলি ফুটপাথত গৈ থিয় হ'ল আৰু সি যিমান পাৰে দেহে মনে ৰাস্তাৰ কাষত নাচিবলৈ মালিকৰ কথাত চেষ্টা কৰিলে৷ জীৱনত কেতিয়াও নাচৰ আওভাও নোপোৱা কুকুৰৰ সেই উভতগুৰ দেখি বান্দৰৰ বৰকৈ হাঁহি উঠিল!সি নাচ এৰি, গৰাকীৰ পৰা অনুমতি লৈ একে জাপে কুকুৰৰ কাষলৈ আহি,খেকখেকাই হাঁহি হাঁহি হাত চাপৰি বজাই বজাই ক'লে—

:বোলো চাৰ! এয়া আপুনি জীৱনৰ আদ বয়সত আহি কি কৰিবলৈ বিছাৰিছে? —বান্দৰৰ কথাত কুকুৰে একো উত্তৰ নিদি ডিঙিটো বিশেষ ভংগীত আন দিশে ঘূৰাই বান্দৰক আওকাণ কৰিলে। বান্দৰেও কুকুৰৰ উপেক্ষাক পাত্তা নিদি,জপিয়াই আৰু অলপ কুকুৰৰ কাষলৈ গৈ পুনৰ সুধিলে—

 

:অ' চাৰ, মুখ ঘূৰাই মোক আৰু মোৰ কথাক ইগ্ন'ৰ কৰি আপোনাৰ একো লাভ নাই! আপুনিযে মোৰ নাচ, চাৰ্কাচ দেখি মোৰ সৈতে কম্পিটিশ্বনত নামিব বিছাৰিছে তাত মই হান্দ্ৰেড পাৰ্ছেন্ত চিৱ'ৰ; পিছে,তাৰ বাবে আপুনি যিমান ট্ৰাই কৰক প্ৰফিত একোডাল নহব! আপোনাৰ দ্বাৰা এইবোৰ প'ছিবলেই নহয়৷ আচ্ছা বাৰু, আপুনি এই কথাটো জানেনে,মইযে মানুহ নামৰ শ্ৰেষ্ঠ জীৱৰ আদি ৰূপ বুলি?তেন্তে, মোৰ লগত কম্পিটিশ্বন কৰি আপুনি জানো জিকিব পাৰিব? নেভাৰ; লাভৰ শেষত কি হব জানে? আপোনাৰ কঁকালটো যাব, চ' এইবোৰ বাদ দি আপুনি গুছি যাওঁক৷ আপুনি গাৰ্ড হওঁকগৈ যাওঁক। তাৰ বাহিৰে এক্সট্ৰা একো টেলেন্ট বোলা কেৰেক্তাৰ আপোনাৰ নাই৷

নাচ,চাৰ্কাচ আপোনাৰ বচকি বাতেই নহয়৷ আমাৰ টেলেন্ট ইউনিক৷ দেখিছেই নহয়,যে আমাৰ নাচ,চাৰ্কাচবোৰৰ কিমান দিমাণ্ড। সৌৱা চাওঁক;জীৱ শ্ৰেষ্ঠ মানুহে আমাৰ জৰিয়তেই কিদৰে পেটৰ যোগাৰকন উলিয়াইছে; আৰু আপোনাক ৰাখি মানুহে কি পাইছে? আপোনৰেই পেট ফোল কৰি কৰি ৰেষ্ট্ নাপাইছে,গৰাকীৰ একাউণ্ট খালি হৈ যাবলৈ ধৰিছে! গৌ গৌ৷ মিছাতে ৰাস্তাত দেঞ্চ কৰি নিজৰ যিকন ইমেজ আছে সেইকনো ক্ষয় কৰিব নালাগে, গৌ গৌ চাৰ—এইবুলি বান্দৰে কুকুৰটোলৈ চাই পুনৰ খেকখেকাই হাঁহি একে জাপে নিজৰ ঠাইলৈ পুনৰ গুচি গ'ল৷ বান্দৰৰ কথাত কুকুৰে একো উত্তৰ দিব নোৱাৰি জিভাখনক সি সুৱে-বাৱে কোৱাৰীটোত খৰকৈ এবাৰ ঘূৰাই, চহকী মালিকৰ গাড়ীখনত গপচত গৈ বহিলগৈ৷

কুকুৰৰ ভংগী দেখি মালিকৰ বুকুখন গৰ্বত ফুলি গ'ল। কুকুৰ আহি তেওঁৰ কাষত গপচত বহা দেখি তেওঁ তাৰ মূৰত আঙুলি কেইটা বুলাই ক'লে —

 

:আৰে ৱাহ্ টমি! বান্দৰক তই ঠিকছে ঝাৰি থৈ আহিলি যেন পাইছোঁ! তাৰ জাপ দেখিয়ে বুজিছোঁ। হা হা হা.. চাব্বাচ বেটা টমি চাব্বাচ!—বুলি মালিকে গাড়ীত চাবি ঘূৰালে। মালিকৰ কথাত কুকুৰে মনতে ভাবিলে, উফ!আজি মই ভাল বাছিলো ভাই..!

 

:এয়াই নহয়; সিদিনা মই দেখা আৰু এটা কাহিনী তোমাক কৈছোঁ শুনা—তাৰ পাছত ভাটৌৱে এইবাৰ আকৌ এটা সি দেখা কাহিনী লগৰীজনীক ক'বলৈ লাগিল—

 

:চোৱা,গৰু বিলাকৰ অৱস্থাটো তুমি আজিকালি দেখিছাই; কিযে দূৰ্দশা সিহঁতৰ! তাকেই! সিদিনা দেখিলোঁ গৰু এটাই একো খাবলৈ নাপায় ৰাস্তাৰ কাষত পলিথিন এটাকে টানি আজুৰি খাই আছিল।তাকে দেখি পঠা ছাগলী এটাৰ তাক দেখি বৰকৈ দুখ লাগিল, সি গৰুৰ দুখ বুজি মাইকী ছাগলীজনীক ক'বলৈ ধৰিলে,বোলে —

:এহ! চাচোন চা,এই গৰু বিলাকেও কিযে কপাল এখন লৈ এই মৰতলৈ আহিল চা, ইহঁতৰ অৱস্থা দেখিলে, ভাবিলে বৰকৈ দুখ লাগে হে মোৰ!—পঠাৰ কথা শুনি ছাগলী জনীয়ে ক'লে—

 

:হয়নে অ? এ.. হ'ল হ'ল! গৰুবিলাকৰ লাকৰ কথা ভাবি তই ইমান বেদনা উজাৰিব নালাগেহে পঠা; তই নিজৰ লাইফটোৰ কথাহে ভাব বুইছ!—ঘাঁহকিডাল পাগুলি পাগুলি মাইকীজনীয়ে পঠাটোক এইবুলি গপচত ক'লে। পিছে পঠাই মাইকীজনীৰ কথাৰ একো ভু নাপাই তাইক চকু পকাই সুধিলে—

 

:কি ক'ৱ অ তই?মোৰ অৱস্থাৰ কথা কি ভাবিলৈ আছে! গৰুৰ তুলনাত আমাৰ জীৱন ঠিকেই আছে দেচোন! আমাক মানুহে ইমান মৰম চেনেহেৰে খুৱাই-বোৱাই ঘৰতে ৰখা নাই জানো! আমাৰ ইমানো বেয়া দিন অহা নাই দে, যে খাবলৈ নাপাই ৰাস্তাৰ কাষৰ পলিথিন টানিম।পঠাৰ বুকু ফুলোৱা কথাত মাইকীজনীৰ খং ক্ষোভ আৰুহে বাঢ়িল।

তাই নিজৰ কাণদুখন খৰকৈ লৰাই লৰাই ক'লে—

 

:হয়নে অ পঠা? মানুহে আমাক মৰম-চেনেহ কৰি ৰাখিছে ন? ঐ,তোৰ চকু কেতিয়া খুলিব?হেৰৌ, তোৰ গম আছেনে কিবা? কালিলৈ গাঁওবুহাৰ(বুঢ়া) ঘৰতযে বিয়া? মালিকে গাঁওবুহাক তোক বেচিযে পকেট একেবাৰে হত(গৰম) কৰি থৈছে? কালিলৈ বিয়াৰ ভোজত তোক চৰুত উতলাই উতলাই মানুহে বেইছ মৰম চেনেহেৰে টমিত তোকযে ভৰাই ল'ব? আছে খবৰ? যা যা মানুহৰ মৰম আদৰবোৰ সামৰি ল'বলৈ ৰেডি হ গৈ যা! গৰুৰ লাইফৰ লগত নিজৰ লাইফৰ কম্পেয়াৰ কৰিবলৈ আহে ই! ইফালে নিজৰ জীৱনযে মৰাপাটৰ ৰছী এডালত ওলমি আছে সেয়া সি উঁহেই নাপায়! 

 

:কি? এইবোৰ তই কি বেবাইছ?—মাইকীজনীৰ কথাত পঠাৰ বকুখন উচপ খাই উঠিল!—সি সঁচাকৈ গম পোৱা নাছিল গৰুৰ জীৱনতকৈ তাৰ জীৱনৰ অবস্থাহেযে তেনেই এথানি-এবানি!

 

:ও, তোৰটো গৰুৰ লাইফৰ প্লাচ পইন্টবিলাকত নজৰেই নপৰে; সিহঁতৰ লাকৰ মাইনাচ পইন্ট বিলাককহে লৈহে ছেদ ফিল কৰাত লাগিছ!—এইবুলি তাই পোৱালীকেইটাৰ কাষলৈ বেজাৰ মনেৰে আগুৱাই গ'ল।

 

:ইচ! এইবোৰ কাহিনী মোক আপুনি আৰু কেতিয়াও নুশুনাব দেই। এনেই মই আমাৰ জীৱনটোক লৈ আংবাং বহু কথা ভাবি থাকোঁ। মাজে মাজে ডিপ্ৰেশ্বনত মই গুছি যাওঁ! সেয়ে এনেবোৰ কথা প্লিজ আপুনি মোক আৰু কেতিয়াও নকব।—এইবুলি ভাটৌজনীয়ে উদাস দৃষ্টিৰে মুক্ত মনে উৰি থকা আন আন চৰাইচিৰিকটিবোৰলৈ চাই থাকিল!

Writers Address

Calcutta, India

Phone

9417110178

Email

bottom of page