মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
এটি পৰিয়ালৰ সান্নিধ্যত ৰাভা দেৱৰ দুটিমান গীত
শান্তনু বৰুৱা
প্ৰতিভা থাকিলেই নহ'ব তাক প্ৰকাশ কৰাৰ সুবিধাও লাগিব আৰু সহযোগো লাগিব। অন্যথা প্ৰতিভাৰ স্ফূৰণ নহ'বও পাৰে। এই কথা মনলৈ এইকাৰণেই আহিছে যে তেজপুৰৰ মাজগাৱৰ ঘৰপৰা চুবুৰি নামে ঠাইত থকা এটি পৰিয়ালৰ প্ৰায় আটাইবোৰ সদস্যৰ প্ৰতিভা আৰু ধাউতি থকাৰ বাবেই বিষ্ণু প্ৰসাদ ৰাভাই বহু যুগমীয়া গীতৰ জন্ম দিয়াৰ উৎসাহ অনুভৱ কৰি অজস্ৰ গীতৰ জন্ম দিছিল আৰু সেই পৰিয়ালটোৰ মাধ্যমেৰে সেইবোৰ ছেনোলা, এইছ, এম, ভি, আদিত বাণীবদ্ধ কৰাই প্ৰচাৰ কৰিবলৈ সুবিধাও পাইছিল। আনকি সেই বিশেষ পৰিয়ালটোৰ এগৰাকী সম্পৰ্কীয় জীয়ৰী বিষ্ণু প্ৰসাদ ৰাভালৈ বিয়া দি সেই সাংগীতিক ব্যৱস্থাটোক অধিক গজ গজীয়াও কৰিছিল ।
তমোহৰ দেউ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ স্মৃতিত আজি তেনে এটি পৰিয়ালৰ কথাই আলোচনা কৰিব খুজি একেবাৰে বাহুল্য নকৰাকৈ তলৰ কথা খিনি উল্লেখ কৰিলোঁ। উদ্দেশ্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱ লৈ সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে তেওঁৰ সংগীত প্ৰতিভাৰ স্ফূৰণত সহযোগ কৰা সেই বিশেষ পৰিয়ালটোক সশ্ৰদ্ধ সোঁৱৰণ কৰা। সেইয়া আছিল তেজপুৰ মাজগাৱৰ ঘৰপৰা চুবুৰিৰ এটি বিখ্যাত পৰিয়াল চন্দ্ৰ হংস দাস নাজিৰৰ পৰিয়াল।
চন্দ্ৰ হংস দাস নাজিৰ আছিল কলিবাৰীত থকা তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ৰঙ্গ মঞ্চ পুৰণি বাণ থিয়েটাৰৰ আদি কালছোৱাৰ গ্ৰীন ৰূম মেনেজাৰ আৰু স্মাৰক। তেওঁৰ ছয় পুত্ৰ ক্ৰমে প্ৰবোধ বৰুৱা, যোগেন্দ্ৰ প্ৰসাদ বৰুৱা, গোপাল বৰুৱা, সুৰেন বৰুৱা, নগেন বৰুৱা, নৰেন বৰুৱা আৰু এগৰাকী জীয়ৰী গিৰিজা বৰুৱাৰ ভিতৰত কেইগৰাকী মান আছিল সংগীতৰ প্ৰতি বিশেষ ধাউতি থকা। সেই বাবেই ঘৰ খন আছিল সংগীত চৰ্চাৰ বাবে এক অনুকুল ঠাই । এক প্ৰকাৰ সংগীত চৰ্চাৰ পীঠস্থান স্বৰূপ। তেওঁ লোকৰ আটাইকেইগৰাকী ভাতৃ-ভগ্নী আৰু সম্পৰ্কীয় সকলোৰে আছিল সংগীতৰ প্ৰতি অসীম ধাউতি । তাতে আকৌ প্ৰবোধ বৰুৱাই বিয়া কৰাইছিল যোৰহাটৰ প্ৰফুল্লবালা বালা দত্তক। যি গৰাকী প্ৰফুল্ল বালা দত্তই ১৯২১ চনত গান্ধীজী যোৰহাটলৈ যাওতে " আজি বন্দোকি চন্দৰে "গীতটি গাই গান্ধীজীক আদৰণী জনাইছিল। এই প্ৰফুল্লবালা দত্তৰে ভনীয়েক আছিল প্ৰিয়বালা দত্ত। জন্মতেই লৈ আহিছিল এটি সুধা সনা কন্ঠ । গতিকে সহজেই অনুমান হয় যে চন্দ্ৰ হংস দাস নাজিৰৰ ঘৰ খন সেই সময়ত গীতৰ আচৰত সততেই মধুৰ হৈ পৰিছিল ! তদুপৰি নাজিৰৰ পৰিয়ালটো আছিল সেই সময়ত নৃত্য-গীত, গদ্য-পদ্য, নাটক-সংলাপ আদিৰে সততেই মুখৰ হৈ থকা কলিবাৰীৰ অ:ভা:উ:সা: সভাৰ ৰঙ্গমঞ্চ বাণ থিয়েটাৰৰে ওত:প্ৰোত সম্পৰ্ক। গতিকে অলিয়া বলিয়া কৃষ্ণ কলীয়া বিষ্ণু ৰাভাৰে সম্পৰ্ক নোহোৱাৰ কথা থাকিব পাৰেনে ? গতিকে চন্দ্ৰ হংস দাস নাজিৰৰ পুত্ৰ, বোৱাৰী, কন্যা সমন্বিতে সকলোৰে সৈতে লগ লাগি বিষ্ণু ৰাভাই সৃষ্টি কৰিলে এটাৰ পিছত আনটো সুমধুৰ গীত। শ্ৰোতা আছে, প্ৰতিভা আছে, সু-সংগঠিত এটা পৰিয়াল কেন্দ্ৰীক শক্তি আছে গতিকে গীতেই নে ? নাটৰো সৃষ্টি হ'ল ।
ছেনোলা মিউজিকেল প্ৰডাকছ কোম্পানীৰ পৰা সেইবোৰ এখন এখনকৈ প্ৰকাশো হ'ল , জনপ্ৰিয়ও হ'ল। অসমৰ প্ৰথম মহিলা শিল্পীৰ ৰেকৰ্ড, প্ৰথম শিশু কন্ঠৰ গীতৰ ৰেকৰ্ড, অভিলেখ ৰচনা কৰা চাৰিবছৰীয়া শিশুৰ কন্ঠত ৰেকৰ্ড আদি অনেক কথা আৰু সুৰৰ লগতে সেই বিশেষ পৰিয়ালটোৰ সদস্যৰে লগ লাগি তেওঁ ছেনোলা কোম্পানীৰ পৰা প্ৰকাশ কৰিলে 'বিহুৱতী' আৰু কণ ল'ৰাৰ উৰু ভংগ নামৰ দুখন নাটকৰো। উল্লেখযোগ্য যে বিহুৱতীৰ বিহু গীত বোৰে সেই সময়ত অবাইচ গীত মাত বুলি দূৰ কৰিব খোজা বিহু গীত বোৰ গাবলৈ মানুহক শাহস দিছিল।
এনে সাংগীতিক সম্পৰ্কতে এদিন ১৯৩৭ চনৰ ২৪ নবেম্বৰ তাৰিখে দুৰ্গাৱতী দত্তৰ আমন্ত্ৰণৰে আমন্ত্ৰিত হোৱা অতিথিৰ সমুখত কলকাতাৰ আমহাৰ্ষ্ট ষ্ট্ৰীটত প্ৰিয়বালা দত্তই মাহ হালধিৰ বোল সানি বিষ্ণু ৰাভাৰে একাত্ম হৈ প্ৰিয়বালা ৰাভাও হ'ল। গতিকে প্ৰিয়বালা আৰু প্ৰফুল্লবালা এওঁ লোক দুয়োকে লগত লৈ বিষ্ণু ৰাভাই অসমৰ প্ৰথম মহিলা শিল্পীৰ গীতৰ ৰেকৰ্ড উলিয়াইছিল। ১৯৩৮ চনত ছেনোলা কোম্পানীয়ে প্ৰকাশ কৰা QS 260 আৰু QS 295 নং ৰেকৰ্ড কেইখনেই আছিল সেই বিশেষ ৰেকৰ্ড বা 'পালা'। এইয়া অৱশ্যেই ১৯৩৭ চনত বাণীবদ্ধ হৈ ১৯৩৮ ত প্ৰকাশ পাইছিল। কাৰণ ১৯৩৭ ৰ নৱেম্বৰত বিয়া হৈ মাত্ৰ এমাহৰ ভিতৰতে প্ৰিয়বালা ৰাভাৰ মৃত্যু হৈছিল। উক্ত পালা খনত বিষ্ণু ৰাভাই প্ৰফুল্লবালা বৰুৱাৰ সৈতে দ্বৈত কন্ঠত গাইছিল 'গুৰু মোৰ শংকৰ তৰিবৰে কি নো উপায়', 'অ'মোৰ আপোনাৰ দেশ' (বৰ্তমানৰ জাতীয় সংগীত), 'নাৱৰ ভৰষা নাই হে স্বামী', 'ৰঙতে বান্ধিছ ঘৰ আদি' আৰু প্ৰিয়বালা দত্তৰে গালে 'টিলাই টিলাই', 'কুৰুৱা বতাহে' আদি নজহা নপমা গীত বোৰ।
স্মৰণীয় যে এই প্ৰবোধ বৰুৱা আৰু প্ৰফুল্লবালা বৰুৱাৰে বৰ জীয়ৰী সাধনা বৰুৱাই মাত্ৰ ছয় বছৰ বয়সতে বিষ্ণু ৰাভাৰ পৰিচালনাত গীত গাই এইছ,এম,ভি,ত অসমৰ প্ৰথম শিশু কন্ঠ শিল্পী ৰূপে স্বীকৃত হৈছিলে । তেওঁ জগনী নামেও খ্যাত আছিল। তেওঁ গাইছিল 'ৰৈ ৰৈ কেতেকী বিনাই অ', 'অ' নাৱৰীয়া কাই', 'দেহা লাহি ৰাইজাই ফুলৰ নাছোন চাই' আদি গীতবোৰ । ১৯৩৫ চনত গোৱা সেই এইছ, এম, ভি, পালা খনৰ নম্বৰ আছিল N 7468. উল্লেখযোগ্য যে পাছলৈ তেওঁৰ ভনীয়েক মমতা বৰুৱাই মাত্ৰ চাৰি বছৰ বয়সতে 'পালা'ত গীত গাই সকলোকে তবধ খুৱাইছিল । সেই কণমানি মমতাই গাইছিল ছয় টাকৈ গীত। 'বিলতে হালিছে, 'অলিয়া বলিয়া কৃষ্ণ কলিয়া', 'জোনবাই এ তৰা এটি দিয়া', 'ৰ'দালী এ ৰ'দ দে,' কাৰণো বীণ ওৰে দিন বাজে গুণ গুণ গুণ, জোন বাই এ আদি অনেক ভিন্ন সুৰৰ মন মতলীয়া কৰা গীত । মাত্ৰ চাৰি বছৰ বয়সত এজনী কণমানি শিশুৱে ষ্টুডিঅ'ত গীত বাণীবদ্ধ কৰাটো কম কথা আছিল নে ? তাকো ১৯৩৭-৩৮ চননত ! এই মমতা ওৰফে পাৰুল বৰুৱাক বিয়া কৰাইছিল ৰাভা দেৱৰে ভাগিন তেজপুৰৰ বিজয় মেছে।
ইফালে প্ৰবোধ বৰুৱাৰ ভায়েক নৰেন বৰুৱা আৰু ভগ্নী গিৰিজা বৰুৱাও কম প্ৰতিভাশালী কন্ঠ শিল্পী নাছিল ! ৰাভা দেৱে তেওঁলোক দুয়োকে গোৱালে'ফুল কুৱৰীৰ ৰস চুমি লৈ' আৰু 'উটি যা ৰূপালী নাও' খ্যাত আজিও জনপ্ৰিয় হৈ থকা আৰু শুনিলে সদায় নতুনকৈ শুনা গীতৰ দৰে চিত্তাকৰ্ষক সেই গীত দুটি।
উল্লেখযোগ্য যে গিৰিজা বৰুৱা আছিল তেজপুৰ মহিলা অৰ্কেষ্ট্ৰা দলৰো সদস্যা। তেওঁ এচৰাজ বজাইছিল আৰু সেই আপাহতে তেওঁ আছিল অসমৰ প্ৰথম মহিলা অৰ্কেষ্ট্ৰা দলৰ এগৰাকী সদস্যা। আনহাতে যোগেন্দ্ৰ প্ৰসাদ বৰুৱা আছিল এজন সুদক্ষ অভিযন্তা । তেজপুৰ বাণ থিয়েটাৰৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহ নিৰ্মাণৰ আদি ছোৱাত উপেন বৰুৱাৰ লগতে এখেতৰ অৰিহণাও আছিল চকুত লগা। তদুপৰি জ্যোতিপ্ৰসাদৰ 'জয়মতী' বোলছবি খনৰ শব্দ বিভ্ৰান্তিৰ ভয়ঙ্কৰ সময় খিনিত এখেতেই জ্যোতিপ্ৰসাদক পুণৰ শব্দ গ্ৰহণ কৰা কৰ্ম যজ্ঞত বিশেষ অৰিহণা আগ বঢ়াইছিল ।
প্ৰবোধ বৰুৱা আৰু প্ৰফুল্লবালা বৰুৱাৰ উজ্বল ৰত্ন স্বৰূপা দুয়োগৰাকী কন্যা সন্তান সাধনী আৰু মমতাৰ পাছতে আন এগৰাকী ৰত্ন সম্ভৱা জীয়ৰীৰ জন্ম দিছিল । যাৰ নাম আছিল ৰুবী সিংহ । হয়, 'বন্ধু মেলিদে তোৰ দুখৰ দুখনি হাত' শীৰ্ষক গীতেৰে আজিও পৰিচয় বহন কৰি থকা দৰদী কন্ঠৰ অধিকাৰী ৰুবী সিংহ ডাঙৰীয়ানীৰ কথাই কৈছোঁ। বিশিষ্ট সংগীত শিল্পী অজিত সিংহ লৈ বীয়া হৈ যি গৰাকী কন্ঠ শিল্পীয়ে আজিও নিজৰ পৰিচয় বখানিব লাগিছে।
অনুভৱ কৰকচোন কলাগুৰু ৰাভা দেৱৰ সাংগীতিক যাত্ৰা পথত এই পৰিয়ালটোৰ সহযোগ কিমান যোগাত্মক আছিল আৰু কিমান সুগভীৰ আছিল ! সেয়েহে ভাবো আচলতে প্ৰতিভা থাকিলেই নহ'ব, তাক প্ৰকাশ কৰিবলৈ এটা পৰিবেশ লাগিব, সহযোগো লাগিব। যিটো ৰাভা দেৱে পাইছিল প্ৰবোধ বৰুৱাৰ ঘৰ খনত। হয়তো আমাৰ মাজত এনে বহু প্ৰতিভা আছে যি বোৰ ওপৰোক্ত কাৰকৰ অভাৱত আদ বাটতে শুকাই মৰহি গৈছে !
আহক বিষ্ণু প্ৰসাদ ৰাভাৰ আজিৰ এই ২০ জুনৰ পৱিত্ৰ তিথিত আমি বাহুল্য বৰ্জন কৰি এনে প্ৰতিভাৰ সন্ধান কৰো আৰু তাক প্ৰস্ফুটিত হোৱাত সহায় কৰো। কোনে জানে আমাৰ সৰু এটা চেষ্টাটো যদি আন এজন বিপ্লৱী শিল্পীৰ উত্তৰণ হয়।
writers Address
কলিবাৰী, ভৱানী চৰণ পথ, তেজপুৰ
Phone
9613004538
00000000