top of page
বিশিষ্ট সাহিত্যিক-চিন্তাবিদ, গৱেষক-অধ্যাপক ড০ প্ৰণৱজ্যোতি ডেকালৈ শ্ৰদ্ধাৰ্ঘ্য

প্ৰণৱজ্যোতি ডেকাৰ গল্প
ৰূঢ় বাস্তৱৰ ব্যংগাত্মক কথকতা

জ্যোতিষ্মান দাস

pranabjyoti deka

     বিংশ শতিকাৰ সত্তৰ দশকৰপৰা অসমীয়া গল্প-সাহিত্যত ৰামধেনুৰ ঐতিহ্য-প্ৰৱাহী ধাৰাটোৰ সমান্তৰালকৈ একাংশ নবীন গল্পকাৰৰ আত্মপ্ৰকাশেৰে অসমীয়া গল্পৰ যি নতুন পৰিমণ্ডলৰ সূচনা হয়, তাৰ আধাৰত অসমীয়া গল্পৰ ‘ৰামধেনু-পৰৱৰ্তী যুগ’ নামৰ নতুন যুগ এটাৰ ধাৰণা একাংশ সমালোচক-আলোচকে আগবঢ়াইছে৷ ৰামধেনুৰ অৱলুপ্তিৰ পাছত সাহিত্যৰ নতুন যুগ সৃষ্টিকাৰী ৰামধেনুৰ স্থান আৰু ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলেও মণিদীপ [১৯৬০-], আমাৰ প্ৰতিনিধি [১৯৬০-], নৱযুগ [১৯৬৩-], নতুন প্ৰতিনিধি [১৯৬৫-], সংলাপ [১৯৭১-], নতুন পৃথিৱী [১৯৭১-], প্ৰকাশ [১৯৭৫-], সংজ্ঞা [১৯৭৫-]ৰ দৰে আলোচনীয়ে সৃষ্টি কৰা বৌদ্ধিক পৰিৱেশতেই এচাম গল্পকাৰে গল্পৰ বিষয়, আংগিক, প্ৰকাশভংগীত কৰা নতুন পৰীক্ষা-সম্পৰীক্ষাৰে ৰামধেনু-যুগীয় অসমীয়া গল্পৰ বলয়ৰ পৰা আঁতৰি অহাৰ যি সচেতন প্ৰয়াস কৰিছিল– সেই প্ৰয়াসেৰেই অসমীয়া সাহিত্যত কেইগৰাকীমান ব্যতিক্ৰম গল্প-কথকৰ আৱিৰ্ভাৱ হয়৷ সত্তৰ দশকৰ অসমীয়া গল্পৰ পটভূমি সন্দৰ্ভত উপেন্দ্ৰনাথ শৰ্মাই কৰা এটি মন্তব্য এই প্ৰসংগত প্ৰণিধানযোগ্য৷ তেখেতে লিখিছে–‘‘সত্তৰ দশকত পুৰণিচাম গল্পকাৰে নিজৰ সৃষ্টিকাৰ্যলৈ নতুনত্ব আনিব পৰা নাই৷ তৰুণসকলেও গোষ্ঠী আৰু গণ্ডীভুক্ত চিন্তা এৰি সাহিত্যৰ বহল পৰিধিত বিচৰণ কৰা নাই৷ ’’[‘‘চুটিগল্প-১৯৫০-১৯৯০’’, অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, এবিলেক, পৃ.৪৭৪] এনে প্ৰেক্ষাপটত প্ৰণৱজ্যোতি ডেকাই ব্যংগাত্মক কথন-শৈলীৰ দ্বাৰা ৰূঢ় বাস্তৱৰ কথকতাৰে বিচিত্ৰ অভিজ্ঞতালব্ধ যিখন সুকীয়া গল্পৰ জগত বিগত সময়ছোৱাত নিৰ্মাণ কৰিছে, সেয়া ৰামধেনু-পৰৱৰ্তী যুগৰ অসমীয়া গল্প-সাহিত্যৰ বাবে ইতিমধ্যে এক ঐশ্বৰ্যত পৰিণত হৈছে৷ হোমেন বৰগোহাঞিৰ ভাষাত–‘‘ষাঠিৰ দশকত অসমীয়া গল্প সাহিত্যৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হ’ল প্ৰণৱজ্যোতি ডেকা৷’’ [অসমীয়া গল্প সংকলন-দ্বিতীয় খণ্ডৰ পাতনি]৷

‘ৰজকিনী ৰূপ’ শীৰ্ষক আত্মজৈৱনিক গল্পটোত লেখকে প্ৰদান কৰিছে ৰামধেনুৰ ঐতিহ্য প্ৰৱাহী গল্পকাৰসকলৰ সৈতে থকা তেখেতৰ গল্পৰ পাৰ্থক্য আৰু ‘গল্পৰ জগৎ’ৰ ভিন্ন চৰিত্ৰৰ এক আভাস–‘‘ভবেন শইকীয়া, হোমেন বৰগোহাঁই, লক্ষ্মীনন্দন বৰা, এইবোৰ ডাঙৰ লিখক৷ তেখেতসকলৰ কেবাখনো পৃথিৱী আছে৷ এখন নিজৰ বাবে, আনখন পাঠক-পাঠিকা আৰু তৃতীয়খন গল্পৰ নায়ক-নায়িকাৰ বাবে৷ মোৰ মাত্ৰ এখন জগৎ৷ সেই জগতৰ মানুহবোৰ বৰ সুবিধাৰ নহয়৷ কামবোৰো উচিত অনুচিতৰ নিয়ম মানি নকৰে৷ ফলত সকলোৰে অসুবিধা৷’’ ৰামধেনুৰ ‘বাস্তৱতা’তকৈ ‘অধিক বাস্তৱবাদী’ হোৱাৰ এই প্ৰৱণতাটিয়েই প্ৰণৱজ্যোতি ডেকাৰ গল্পৰ জগতখনক প্ৰদান কৰিছে এক সুকীয়া আয়তন আৰু বিশিষ্টতা৷ বাস্তৱিক অভিজ্ঞতাকেই গল্প লিখনৰ প্ৰধান অৱলম্বন হিচাপে গ্ৰহণ কৰা গল্পকাৰৰ স্পষ্ট মত–‘‘বাস্তৱ অভিজ্ঞতাহীন লিখকৰ গল্প দুপাত পঢ়াৰ পাছতে আছল মুগা আৰু নাইলন মুগাৰ মাজৰ পাৰ্থক্যৰ দৰে জেল্‌-জেলাই ওলাই আহে৷’’ [বেওৱাৰিছ লাচ আৰু অন্য গল্পৰ পাতনি] কিন্তু গল্পকাৰৰ দ্বাৰা কথিত বাস্তৱৰ মাজত সততে অনুভূতিপ্ৰৱণ পাঠকে আশা কৰা ভাৱপ্ৰৱণতা বিচাৰি পোৱা নাযায়৷ পাঠক মুখামুখি হয–এনে এক বাস্তৱৰ, যি বাস্তৱ বহুসময়ত পাঠকৰ কাম্য নহয়৷ গল্পকাৰ প্ৰণৱজ্যোতি ডেকাই তেখেতৰ বিচিত্ৰ অভিজ্ঞতাপূৰ্ণ জীৱন পৰিক্ৰমাত প্ৰত্যক্ষ কৰা ৰূঢ় বাস্তৱ সাধাৰণ পাঠকৰ বাবে চমৎকাৰিত্য সৃষ্টিৰ সচেতন প্ৰয়াস বুলি ধাৰণা হোৱাটোও স্বাভাৱিক৷ উল্লিখিত গল্পসংকলনৰ পাতনিতে তেখেতে লিখিছে–‘‘...নাৰী নিৰ্যাতনৰ ওপৰত লিখা গল্পৰ যেতিয়া বজাৰত গৰম জিলাপি যেন চাহিদা, তেনে কালত কোনো কোনো নাৰীয়ে অনিচ্চুক পুৰুষৰ

mrytur kirili

শোৱনি কোঠাত ৰাতি প্ৰৱেশ কৰি, তেখেতৰ কামনা পূৰণ নকৰিলে, ‘হাল্লা লগাই দিব’ বুলি কৰা ভীতি প্ৰদৰ্শনৰ গল্পৰ চাহিদা ক’ত থাকিব? আমি সাত বছৰীয়া ছোৱালীয়ে, তেৰ বছৰৰ ককায়েকক দালাল ৰূপে ৰাখি যৌন বেশ্যালি কৰা কিশোৰ কালতে নিজ চকুৰে দেখিছোঁ৷’’ ‘নিজ চকুৰে দেখা’ এনে কিছুমান স্বল্পচৰ্চিত ঘটনা-পৰিঘটনাৰ অৱলম্বনেৰেই গল্পকাৰে গল্প লিখিছে–নিৰ্মাণ কৰিছে এখন বৰ্ণাঢ্য আৰু ব্যতিক্ৰম গল্পৰ বৈচিত্ৰ্যময় এখন জগৎ৷

প্ৰণৱজ্যোতি ডেকাৰ গল্পৰ বিচিত্ৰ, বৰ্ণাঢ্য আৰু ব্যতিক্ৰম জগতখনৰ লক্ষ্যণীয় বহু দিশৰ ভিতৰত এটা উল্লেখযোগ্য বিশেষত্ব হৈছে– তথাকথিত মূলসূঁতিৰ বাহিৰত ৰৈ যোৱা প্ৰান্তীয়, নিম্নবৰ্গীয় সমাজ বাস্তৱৰ জটিল জীৱনপ্ৰৱাহ, সংঘাত-সংশয়, অন্তৰ্দ্বন্দ্ব-বৰ্হিদ্বন্দ্ব, জীৱনবোধ আৰু সামাজিক প্ৰমূল্যৰ সাৰ্থক ৰূপায়ণ ঃ গল্পকাৰৰ গল্পত প্ৰাণ পাই উঠিছে ‘‘যোৱা কুৰি বছৰৰ ভিতৰত বেশ্যা-বস্তিত বাস কৰি, কট্টৰ বস্তুবাদী ‘কোঠাৱালী’, ‘বেগম’, ‘মাহীদেউ’ বা বেশ্যাগৃহৰ ‘বাইদেউ’ হৈ উঠা’’ ‘বেওৱাৰিছ লাছ’ৰ চাজিনা বেগম, চৰবাসী সন্মান-সচেতন দৰিদ্ৰ কৃষক চনু মিঞা [কাফন], মদপী ইমৰান পানী-মিস্ত্ৰীৰ ভাগিন বস্তিৰ কিশোৰ ‘নান্‌হা ফিৰিষ্টা’ আৰফানৰ কৈশোৰৰ ‘যৌন অন্বেষণৰ যাত্ৰা’[অনিৰ্গম পথ], প্ৰজন্মৰ পাছত প্ৰজন্ম জমিদাৰৰ বহতীয়া হৈ শেষত পকা বাঁহৰ এটা পূৰ্ণহতীয়া কোবেৰে যজ্ঞেশ্বৰ চৌধুৰীক বাগৰাই পেলোৱা ধনেশ্বৰৰ জীৱন-গাঁথা[বৈহ্‌তা]৷ গল্পকাৰে ব্যক্তি-জীৱন আৰু সমাজ-জীৱনৰ এনে কেতবোৰ ৰূঢ়  বাস্তৱিক অভিজ্ঞতা আৰু  পৰিৱেশৰ চিত্ৰায়ণ কৰিছে–যি বাস্তৱ পাঠকৰ বাবে হৈ পৰে চমৎকাৰী, বিস্ময়কৰ আৰু পীড়াদায়ক–  গল্পকাৰৰ ভাষাত তেখেতৰ গল্প ‘‘নাৰিকলৰ লাড়ুত কামোৰ মৰাত কটংকৈ দাঁতত শিল লগাৰ গল্প৷’’–কাৰণ গল্পকাৰে বাস্তৱক ৰঙীন কাঁচৰ মাজেৰে নাচাই  উদঙাই দিয়ে নগ্ন-বাস্তৱক, যি পাঠকক উপলব্ধিৰ এক গভীৰ স্তৰত দ্ৰৱীভূত কৰি চিন্তা-চেতনাক প্ৰৱলভাৱে জোকাৰি থৈ যায়৷

painting

গল্পকাৰৰ গল্পত সততে পৰিলক্ষিত হোৱা নঞাৰ্থক সমাপ্তিয়ে জীৱন আৰু বাস্তৱ সম্পৰ্কেও পাঠকক সজাগ আৰু সচেতন কৰি তোলে। গল্পৰ স্থান, পৰিৱেশ, চৰিত্ৰ অনুযায়ী উপযুক্ত ঔপভাষিক বা লোক কথন-ভংগীৰ প্ৰয়োগে প্ৰণৱজ্যোতি ডেকাৰ গল্পক প্ৰদান কৰিছে এক বিশিষ্ট ৰূপ–প্ৰয়োজনত গল্পকাৰে গল্পৰ যথোপযুক্ত পৰিৱেশ নিৰ্মাণৰ স্বাৰ্থত প্ৰয়োগ কৰিছে অসমীয়া-হিন্দী-বাংলা-মৈমনসিঙীয়াৰ মিশ্ৰ কথিত ৰূপৰো৷ উল্লেখযোগ্য যে গল্পকাৰে তেখেতৰ ‘ৰাজনীতি’[১৯৭৫]শীৰ্ষক গল্পত পোন প্ৰথমবাৰৰ বাবে কামৰূপ জিলাৰ সৰ্থেবাৰী অঞ্চলত ব্যৱহৃত উপভাষাৰ প্ৰয়োগ কৰে৷ গল্পকাৰ প্ৰণৱজ্যোতি ডেকা মধ্যবিত্তীয় দৃষ্টিভংগী আৰু মানসিকতাৰ এজন ক্ষুৰধাৰ সমালোচক৷ সেয়েহে মধ্যবিত্তীয় মানসিকতাৰ সংকীৰ্ণ নৈতিক-চৰিত্ৰৰ উন্মোচন তেখেতৰ গল্পৰাজিত বিশেষভাৱে লক্ষ্যণীয়৷ আনহাতে গল্প ক’বৰ বাবে গল্পকাৰে নিৰ্মাণ কৰিছে–বৌদ্ধিক শ্লেষাঘাত আৰু ব্যংগাত্মক ভাষাৰ এক ব্যতিক্ৰম আৰু নিৰ্মেদ কথনশৈলী, যি কথনশৈলীত লক্ষ্য কৰা যায় অজস্ৰ ভাৱ, চিন্তা, অনুভূতি, স্মৃতি আৰু খণ্ডিত অভিজ্ঞতাৰ বিচিত্ৰ সমাহাৰ–  আন্তৰিক উপলব্ধি আৰু বাস্তৱ অভিজ্ঞতাৰ সাৰ্থক ঐক্যসাধন৷ যি কথনশৈলীৰ মাজেৰে বিবৃত হৈছে–‘ৰামধেনু-যুগ’ৰ সচৰাচৰ পৰিচিত পৰিৱেশ আৰু সংঘাতৰ সলনি অপৰিচিত পৰিৱেশত অনালোচিত আৰু অল্পচৰ্চিত প্ৰসংগ কিছুমানৰ অৱতাৰণাৰে নিৰ্মাণ কৰা ভিন্ন স্বাদৰ-সুকীয়া বিষয়ৰ বহু কাহিনী-উপকাহিনী৷

pronabjyoti deka

 প্ৰণৱজ্যোতি ডেকাই প্ৰান্তীয় চৰিত্ৰৰ জীৱন-শৈলীৰ সূক্ষ্ম অধ্যয়ন, সমাজ-বাস্তৱৰ গভীৰ পৰ্যবেক্ষণ আৰু উল্লিখিত ব্যতিক্ৰম কথন-শৈলীৰ অৱলম্বনেৰে বৈচিত্ৰ্যপূৰ্ণ কাহিনী আৰু বৰ্ণাঢ্য চৰিত্ৰৰে ভৰা যিখন গল্পৰ জগতৰ নিৰ্মাণ কৰিছে সেয়া অসমীয়া গল্পসাহিত্যৰ ইতিহাসত এক বিস্ময়কৰ ব্যতিক্ৰম৷  ‘ৱেওৱাৰিছ লাছ’ গল্পকাৰৰ এটি উল্লেখযোগ্য আৰু বহু চৰ্চিত গল্প৷ গল্পটোৰ পটভূমি নিৰ্মিত হৈছে–বজাৰৰ কোণ এটাত পদপথত পৰি থকা এটা মৃতদেহক কেন্দ্ৰ কৰি৷ য’ত মুখ্য চৰিত্ৰ–‘চাজিনা বেগম’৷ অচিনাক্ত শৱদেহটোক কেন্দ্ৰ কৰি হোৱা কথোপকথনেৰে গল্পটোৰ কাহিনীভাগ আগবাঢ়িছে৷ কোনো চৰিত্ৰই ৰাষ্টাৰ সোমাজত পৰি থকা শৱদেহটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কোনোৱে শৱদেহটোৰ উপস্থিতিক সহজেই গ্ৰহণ কৰিছে, কোনোবা দুজনমানে কাৰোবাৰ প্ৰতি অভিযোগ আনিছে আৰু বেছিসংখ্যকে সময় নষ্ট নকৰি নিজা দৈনন্দিন কৰ্মত ব্যস্ত হৈ পৰিছে৷

‘‘এইটো কি লাছ নেকি?’’

‘‘ইয়াত কিয় এনেকৈ পৰি আছে? most unhygienic

‘‘আমাৰ মিউনিচিপালিটিৰ কাম এনেকুৱাই৷’’

 যেতিয়া ‘কোঠাৱালী’ চাজিনা বেগমে আৱিষ্কাৰ কৰিছে সেই লাছটো একালৰ তাইৰে স্বামী মতি ড্ৰাইভাৰৰেই হয়– যি মতি ড্ৰাইভাৰে অবৈধ সম্পৰ্কেৰে নিজে চপাই লোৱা বিপদ আৰু বদ্‌নামৰ বাবে ‘‘জোৱান, খুবচুৰত-মাইকী মানুহ, কাচ্ছা-বাচ্ছা নাই, নিজৰ খানা উলিয়াই ল’ব’’ বুলি ঘৈনীয়েক চাজিনাক গলিৰ কুঠৰী এটাতে নিঃসহায় কৰি এৰি থৈ গুচি গৈছিল৷ তাৰ পাছত আৰম্ভ হৈছিল–চাজিনাৰ জীৱনৰ ‘কোঠাৱালী’-অধ্যায়৷ বস্তি অঞ্চলত নাৰীৰ অৱদমিত সামাজিক স্থানৰ ছবিখন গল্পটোত স্পষ্ট ৰূপত প্ৰকাশিত হৈছে আৰু এই সামাজিক অৱদমনক ‘‘আব্বাজানেও হেনো ডেকা কালত মাকক এনেদৰে মাৰ ধৰ কৰিছিল৷...কাম যেনেকৈ কৰিছিল, খঙো তেনেকৈ কৰিছিল’’ বুলি কৰা উপলব্ধিৰে স্বীকাৰ কৰি লোৱাৰ প্ৰৱণতাৰেই অধিকাৰী আছিল চাজিনা বেগম৷ মতি ড্ৰাইভাৰে চাজিনাক কৰা চৰম বিশ্বাসঘাতকতাৰ পিছতো মতিৰ লাচটোক হিন্দু নিয়মেৰে সৎকাৰ কৰি মুক্তি দিয়াৰ চিন্তা কৰা চাজিনাই কিন্তু যেতিয়া কনিষ্টবলৰ মুখেৰে ‘‘..লাছ যদি নালাগে হস্পিতালত বিক্ৰি কৰি দিবি’ বুলি শুনিছে, মৃতদেহটো হাস্পতালত বিক্ৰী কৰি দুটকা অৰ্জন কৰাৰেই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

প্ৰেম, আৱেগ, সম্পৰ্ক, আন্তৰিকতাৰ স্থানত সৰ্বশেষত আৰ্থিক প্ৰয়োজনীয়তাৰ বিষয়টোৱেই লাভ কৰিছে প্ৰাধান্য৷ দাৰিদ্ৰতা আৰু অভাৱগ্ৰস্ততাই কোঙা কৰা, চিৰদিন শোষণ আৰু নিষ্পেষণৰ বলি হৈ অহা এগৰাকী নিঃসহায় সৰ্বহাৰা নাৰীৰ এই উপলব্ধি পাঠকৰ বাবে অস্বাভাৱিক হৈ পৰা নাই, বৰঞ্চ হৈ উঠিছে অধিক গ্ৰহণযোগ্য আৰু তাৎপৰ্যপূৰ্ণ– ‘‘দশৰথে মাজে মাজে একো নাজানো বুলি কৈছিল যদিও চাজিনা বেগমে ওৰেবাটে সুধি গ’ল, হস্পিতালত কিমান টকা দিয়ে৷ লগে লগে দিয়ে নে পিছত গৈ আনিব লাগে৷ ডাক্তৰক কিবা দিবা লাগিব নেকি? দুব্লা মানুহ আৰু শকত মানুহৰ লাছৰ বাবে একে পইছাই দিয়ে নেকি?’’ [ৱেওৱাৰিছ লাচ] গল্পটোত উন্মোচিত হৈছে এখন প্ৰান্তীয় সমাজৰ সামাজিক বিন্যাস, নাৰীৰ নিম্ন স্থানিক অৱস্থান, নিম্নবৰ্গীয় নাৰীৰ মনস্তাত্বিক দ্বন্দ্ব আৰু অভাৱগ্ৰস্ত ব্যক্তিমনৰ ব্যৱহাৰিক[Practical] উপলব্ধি৷ দীঘল-গল্প ‘অনিৰ্গম পথ’ৰ প্ৰ’টাগনিষ্ট আৰফানৰ অভিজ্ঞতা আৰু উপলব্ধিৰ মাজেৰে প্ৰকাশিত হৈছে বস্তি অঞ্চলৰ জীৱন, যৌৱন, শিক্ষা, প্ৰতিবাদ, বিপ্লৱ, অন্যায়ৰ ঘটনাবহুল বহু অধ্যায়৷ আৰফান চৰিত্ৰটোৰ মাজেৰে কৈশোৰ-মনস্তত্ব, বিশেষকৈ যৌনতাকেন্দ্ৰিক অনুসন্ধিৎসাৰ ৰূপায়ণ স্পষ্ট ৰূপত হৈছে৷ যি আৰফানে, মোমায়েকৰ ‘গুদাৰ্ৰ অসুখ’ৰ হেতু ‘না মৰদ’ হৈ গ’লে মামীয়েকৰ শাৰিৰীক প্ৰয়োজন পূৰণৰ বাবে প্ৰয়োজনীয় ‘মৰদ’ৰ স্থানত নিজকে ভাৱি শিহৰিত হৈছে–‘ওবেদুৰ’ৰ পৰা শিকিছে পুৰুষবাদী যৌনশিক্ষাৰ আদিপাঠ৷ ওবেদুৰৰ ভাষাত–‘‘মাইকীৰ কিবা অভাৱ হৈছে নেকি দুনিয়াত? থাপ্‌ মাৰি ধৰিব লাগে, ধৰিবি চৰাই ভাঙিবি পাৰি, বঢ়া ভাত নথবি ৰাখি৷ আৰে দুনীয়াৰ এই মাইকী জাতটোৱেই ৰেণ্ডী হয়৷ মহা খচ্চৰ, নিজে জ্বলিব, কিন্তু তোক বেছি জ্বলাব৷ মুনাফা নেহিতো, মোহাব্বাত ভি নেহি৷’’

তথাকথিত মেইন্‌ষ্টিমত নাৰীবাদ, নাৰী স্বাধীনতাৰ চৰ্চাই ব্যাপক গুৰুত্ব লাভ কৰিলেও মহানগৰীৰ উপকণ্ঠত নাৰীৰ এই নিম্ন স্থান আৰু মানক গল্পকাৰে নিৰ্ভেজাল ৰূপত তুলি ধৰিছে৷ অন্যহাতে, এইক্ষেত্ৰত মহিলাৰ দৃষ্টিভংগীও পুৰুষবাদৰ সহায়ক৷ যিদৰে ‘বেওৱাৰিছ লাছ'ৰ চাজিনা বেগমে মতি ড্ৰাইভাৰে তাইক কৰা শাৰিৰীক অত্যাচাৰ স্বাভাৱিক বুলি পতিয়ন গৈছে, একেদৰে ‘অনিৰ্গম পথ'ত মদাহী স্বামীৰ মাৰ খাই বিচনাত পৰি থকা আৰফানৰ মামীয়েক আৰু ওচৰ-চুবুৰীয়া মহিলাই খবৰ ল’বলৈ অহা মানুহক কেন্দ্ৰ কৰি কৰা গুজব্‌ মনকৰিবলগীয়া–‘‘আকৌ মোকেই কয়–‘ইচ্‌ আৰু এনেকৈ মাৰিব লাগে নে? ৰাতি আমাৰ মাষ্টৰ নাছিল, নহ’লে মই তেতিয়াই পঠিয়াই দিলোঁ হয়৷’ মই আকৌ পেহীটি ৰ’ব নোৱাৰি শুনাই দিলোঁ দিয়া–‘নিকা কৰি অনা মৰদেহে মাৰিছে৷ পৰৰ মৰদে মৰা নাই নহয়৷’ তথাপি নামানে সেইজনীয়ে, চাওঁ চাওঁ বুলি বডিছটো দাঙি পিঠিৰ দাগকেইটাও চালে৷ তাতেই আকৌ কিমান ইচ্‌ ইচ্‌, উচ্‌ উচ্‌৷ কিবা মলম দিব লাগে হেনো৷ ‘কোবৰ দাগকেইটা দেখি বিবিজানৰ একেবাৰে গা পিৰ্‌পিৰাই গ’ল যেন পাওঁ৷ কোনোবা মৰদৰপৰা সেইকেইটা কোব খাবলৈ একেবাৰে পিঠি পাতো পিঠি পাতো লাগি গৈছে৷’ পেহীটিয়ে মন্তব্য দিলে৷’’ লেখকে গল্পটোত বহুতো খণ্ডিত ঘটনাক জোৰা লগাইছে৷ বস্তিৰ দৈনন্দিন জীৱন-প্ৰৱাহৰ ছবি এখন সাৰ্থক ৰূপত চিত্ৰিত হোৱাৰ লগতে গল্পটোত আছে নিকটৱৰ্তী শিক্ষানুষ্ঠানৰ পয়ালগা এখন ছবি–য’ত শিক্ষকৰ জাতিগত বৈষম্যমূলক আচৰণেই বস্তিৰ কিশোৰক স্কুল এৰিবলৈ উৎসাহিত কৰিছে৷

শিক্ষকৰ দৃষ্টিত–‘‘আঠগাঁৱৰ ইমৰান আলি চাইকেল মিস্ত্ৰিৰ ভাগিনে কি পঢ়ি-শুনি হাকিম-মন্সুপ হ’ব, সেই চাইকেল মিস্ত্ৰিয়েই হ’ব৷’’ গল্পকাৰে গল্পটোত আগবঢ়োৱা ‘কমিউনিজম’ৰ বিদ্ৰুপাত্মক ব্যাখাও মনকৰিবলগীয়া–‘কমিউনিজম’ৰ অব্যৱহাৰিকতাৰ প্ৰতি গল্পকাৰ অতি সচেতন৷ সেয়েহে বহু গল্পতে তথাকথিত প্ৰগতিবাদক গল্পকাৰে ব্যংগ কৰিছে৷ এইক্ষেত্ৰত লেখকৰ স্থিতি আৰু যুক্তিও স্পষ্ট–‘‘আমাৰ দ্বাৰা শৈশৱ আৰু চেমনীয়া কালত কে’বাগৰাকী মুখেৰে অগ্নিবৰষা বিপ্লৱী, সামন্ত ভূস্বামী বিৰোধী, মাক্সৰ্বাদী ব্যক্তিক লগ পোৱা গৈছিল৷ আমাৰ প্ৰাপ্ত বয়সত, আৰু তেখেতসৱৰ মাজ বয়সত দেখো, প্ৰায় প্ৰতিজনেই একোজনকৈ ‘নগৰীয়া ভূস্বামী’ হৈ উঠিছে আৰু মাহৰ প্ৰথম সপ্তাহতে তেখেতৰ ভাৰালৈ দিয়া ঘৰৰ কেৰেয়া বিচাৰি ওলায়৷ ঘৰ কেৰেয়ালৈ দিয়া আৰু মাটি কেৰেয়ালৈ দিয়াৰ মাজত মাৰ্ক্সীয় দৰ্শনৰ যি সূক্ষ্ম পাৰ্থক্য আছে, তাকে চিন্তাৰে ধৰিব নোৱাৰাৰ হেতুকে আমাৰ দ্বাৰা ‘প্ৰগতিবাদী সাহিত্য’ সৃষ্টি কৰাটো সম্ভৱ হৈ নুঠিল৷’’ [বেওৱাৰিছ লাছ আৰু অন্য গল্পৰ পাতনি] ‘কমিনিউজম’ৰ তাত্ত্বিক দুৰ্বলতা, ব্যৱহাৰিক সীমাবদ্ধতা আৰু স্বাৰ্থজড়িত প্ৰয়োগ ‘আলী মাষ্টৰ’ চৰিত্ৰটোৰ মাজেৰে প্ৰকাশিত হৈছে৷ যি আলী মাষ্টৰে বস্তিৰ ‘গৰীৱ’ মানুহখিনিৰ আস্থা লাভ কৰাৰ বিপৰীতে ককৰ্থনাৰহে সন্মুখীন হৈছে–‘‘বেইমানী! বহুত দেখিছোঁ তেনে ইমানদাৰ৷ ইদ্ৰিছ চাচাই কি কয় জান? এই কমুনিচবোৰ বহি খোৱা বঙালীৰ বুধি..৷’’ শ্ৰমজীৱী মানুহৰ জীৱনবোধ,  বস্তিক কেন্দ্ৰ কৰি গঢ়ি উঠা বেআইনী কাম, বিপথে পৰিচালিত হোৱা এচাম নতুন পুৰুষৰ জীৱন-যাত্ৰা আদিৰ উপস্থাপনেৰে বস্তিৰ দৈনন্দিন জীৱন-প্ৰৱাহৰ এখন পূৰ্ণাংগ পট অংকন কৰাৰ লগতে গল্পকাৰে নিঁখুত ৰূপত বস্তিৰ কদৰ্য পৰিৱেশৰ আভাস দাঙি ধৰিছে–‘‘ভৰলুৰ পাৰৰ পৰা, তিনিদাল বাঁহৰ সাঁকোৰ ওপৰেৰে গেলা নলাটো পাৰ হৈ বস্তিত সোমাব লাগে৷ অলপ জোৰ বৰষুণ দিলেই সাঁকোৰ ওপৰেৰে পানী বয়৷ গোটেই গুৱাহাটীৰ নলাৰ গেলা পানী আহি ঘৰবোৰত সোমায়৷ ভৰলুৰ সিপাৰে গুৱাহাটী মিউনিছিপালিটিৰ গু পেলোৱা পথাৰ৷ কেতিয়াবা বেছি বৰষুণ দিলে বা হেলাতে জামাদাৰে গু বৈ অনা গৰু গাড়ীখন নৈৰ পাৰতে লুটিয়াই গুখিনি তাতেই পেলাই থৈ যায়৷’’

খাটিখোৱা মানুহৰ জীৱনৰ কিছুমান চৰম উপলব্ধিৰ সাৰ্থক উপস্থাপন প্ৰণৱজ্যোতি ডেকাৰ গল্পত মনকৰিবলগীয়া৷ ‘কাফন' গল্পৰ চুনু মিঞা চৰৰ পূৰ্ব-বংগমূলীয় মানুহ৷ ভায়েকৰ চিকিৎসাৰ বাবে চহৰলৈ আহিছে–ডাক্তৰ দত্তৰ পৰামৰ্শ অনুসৰি দৈনিক দৰৱ কিনি দিছে৷ কিন্তু কেইবাদিনৰ অন্ততো যেতিয়া ভায়েক আছ্‌মত ঠিক হোৱা নাই, ডাক্তৰৰ পৰামৰ্শক আওকান কৰি চুনু মিঞাই ভায়েকক লৈ যাবলৈ ওলাইছে৷ ডাক্তৰ যেতিয়া অমান্তি হৈছে–অৱশেষত চুনু মিঞাই এখন থান কাপোৰ কিনি আনি ডাক্তৰৰ হাতত দি যিটো মন্তব্য কৰিছে সেই মন্তব্যৰ মাজেৰে দাৰিদ্ৰতাৰ ভয়াবহ স্বৰূপ আৰু পেটৰ ভাত মুকলোৱাৰ তাড়না, আত্মসন্মান আৰু পাৰিবাৰিক দায়বদ্ধতাৰ সন্মুখত কেনেদৰে আত্মীয়জনৰ আগন্তুক মৃত্যুও স্বাভাৱিক হৈ পৰে সেয়া উন্মোচিত হৈছে –‘‘আমাৰ ভাই বাচবোনা৷ আল্লা ডাক্‌ছে তাৰে৷ পানী বাঢ়ছে, আমি এইখানে ৰৈতে পাৰব না৷ ই যাগাৰ মুল্লা কৈছে, মুফতে গোৰ দিব তোমাৰ ভাইৰে৷ তবে কাফনেৰ কাফৰটা দিয়া যাওঁ৷ আমাৰ কাছে ত্ৰিশটা টাহা আছে, দাৱাই কিনলে আৰ কাফনেৰ পইচা নাই৷ ঘৰেৰ লোগে কৈছে কাফনটা আগে কিনবাৰ লাইগা৷ আমাৰ ভাই মৈৰা গেলে মুল্লাৰে কাফৰটা দিয়া দিবেন৷ আমি যাইগা৷ চালাম বাবু৷’’ এফালে পানী বাঢ়িছে, আনফালে এয়া ‘ধান কাইট্‌বাৰ সময়’, এই সময়ত দৰিদ্ৰ চুনু মিঞাৰ বাবে ধান কটাতো বেছি জৰুৰী– পৰিয়াল, সন্তান-সন্ততিৰ ভৱিষ্যতৰ চিন্তাৰ সন্মুখত ৰুগীয়া ভায়েক আছ্‌মতৰ চিকিৎসাত সময় ব্যয় কৰি থকাটো চুনু মিঞাৰ বাবে জৰুৰী হৈ থকা নাই৷

golpa samagra

শিক্ষকৰ দৃষ্টিত–‘‘আঠগাঁৱৰ ইমৰান আলি চাইকেল মিস্ত্ৰিৰ ভাগিনে কি পঢ়ি-শুনি হাকিম-মন্সুপ হ’ব, সেই চাইকেল মিস্ত্ৰিয়েই হ’ব৷’’ গল্পকাৰে গল্পটোত আগবঢ়োৱা ‘কমিউনিজম’ৰ বিদ্ৰুপাত্মক ব্যাখাও মনকৰিবলগীয়া–‘কমিউনিজম’ৰ অব্যৱহাৰিকতাৰ প্ৰতি গল্পকাৰ অতি সচেতন৷ সেয়েহে বহু গল্পতে তথাকথিত প্ৰগতিবাদক গল্পকাৰে ব্যংগ কৰিছে৷ এইক্ষেত্ৰত লেখকৰ স্থিতি আৰু যুক্তিও স্পষ্ট–‘‘আমাৰ দ্বাৰা শৈশৱ আৰু চেমনীয়া কালত কে’বাগৰাকী মুখেৰে অগ্নিবৰষা বিপ্লৱী, সামন্ত ভূস্বামী বিৰোধী, মাক্সৰ্বাদী ব্যক্তিক লগ পোৱা গৈছিল৷ আমাৰ প্ৰাপ্ত বয়সত, আৰু তেখেতসৱৰ মাজ বয়সত দেখো, প্ৰায় প্ৰতিজনেই একোজনকৈ ‘নগৰীয়া ভূস্বামী’ হৈ উঠিছে আৰু মাহৰ প্ৰথম সপ্তাহতে তেখেতৰ ভাৰালৈ দিয়া ঘৰৰ কেৰেয়া বিচাৰি ওলায়৷ ঘৰ কেৰেয়ালৈ দিয়া আৰু মাটি কেৰেয়ালৈ দিয়াৰ মাজত মাৰ্ক্সীয় দৰ্শনৰ যি সূক্ষ্ম পাৰ্থক্য আছে, তাকে চিন্তাৰে ধৰিব নোৱাৰাৰ হেতুকে আমাৰ দ্বাৰা ‘প্ৰগতিবাদী সাহিত্য’ সৃষ্টি কৰাটো সম্ভৱ হৈ নুঠিল৷’’ [বেওৱাৰিছ লাছ আৰু অন্য গল্পৰ পাতনি] ‘কমিনিউজম’ৰ তাত্ত্বিক দুৰ্বলতা, ব্যৱহাৰিক সীমাবদ্ধতা আৰু স্বাৰ্থজড়িত প্ৰয়োগ ‘আলী মাষ্টৰ’ চৰিত্ৰটোৰ মাজেৰে প্ৰকাশিত হৈছে৷ যি আলী মাষ্টৰে বস্তিৰ ‘গৰীৱ’ মানুহখিনিৰ আস্থা লাভ কৰাৰ বিপৰীতে ককৰ্থনাৰহে সন্মুখীন হৈছে–‘‘বেইমানী! বহুত দেখিছোঁ তেনে ইমানদাৰ৷ ইদ্ৰিছ চাচাই কি কয় জান? এই কমুনিচবোৰ বহি খোৱা বঙালীৰ বুধি..৷’’ শ্ৰমজীৱী মানুহৰ জীৱনবোধ,  বস্তিক কেন্দ্ৰ কৰি গঢ়ি উঠা বেআইনী কাম, বিপথে পৰিচালিত হোৱা এচাম নতুন পুৰুষৰ জীৱন-যাত্ৰা আদিৰ উপস্থাপনেৰে বস্তিৰ দৈনন্দিন জীৱন-প্ৰৱাহৰ এখন পূৰ্ণাংগ পট অংকন কৰাৰ লগতে গল্পকাৰে নিঁখুত ৰূপত বস্তিৰ কদৰ্য পৰিৱেশৰ আভাস দাঙি ধৰিছে–‘‘ভৰলুৰ পাৰৰ পৰা, তিনিদাল বাঁহৰ সাঁকোৰ ওপৰেৰে গেলা নলাটো পাৰ হৈ বস্তিত সোমাব লাগে৷ অলপ জোৰ বৰষুণ দিলেই সাঁকোৰ ওপৰেৰে পানী বয়৷ গোটেই গুৱাহাটীৰ নলাৰ গেলা পানী আহি ঘৰবোৰত সোমায়৷ ভৰলুৰ সিপাৰে গুৱাহাটী মিউনিছিপালিটিৰ গু পেলোৱা পথাৰ৷ কেতিয়াবা বেছি বৰষুণ দিলে বা হেলাতে জামাদাৰে গু বৈ অনা গৰু গাড়ীখন নৈৰ পাৰতে লুটিয়াই গুখিনি তাতেই পেলাই থৈ যায়৷’’

খাটিখোৱা মানুহৰ জীৱনৰ কিছুমান চৰম উপলব্ধিৰ সাৰ্থক উপস্থাপন প্ৰণৱজ্যোতি ডেকাৰ গল্পত মনকৰিবলগীয়া৷ ‘কাফন' গল্পৰ চুনু মিঞা চৰৰ পূৰ্ব-বংগমূলীয় মানুহ৷ ভায়েকৰ চিকিৎসাৰ বাবে চহৰলৈ আহিছে–ডাক্তৰ দত্তৰ পৰামৰ্শ অনুসৰি দৈনিক দৰৱ কিনি দিছে৷ কিন্তু কেইবাদিনৰ অন্ততো যেতিয়া ভায়েক আছ্‌মত ঠিক হোৱা নাই, ডাক্তৰৰ পৰামৰ্শক আওকান কৰি চুনু মিঞাই ভায়েকক লৈ যাবলৈ ওলাইছে৷ ডাক্তৰ যেতিয়া অমান্তি হৈছে–অৱশেষত চুনু মিঞাই এখন থান কাপোৰ কিনি আনি ডাক্তৰৰ হাতত দি যিটো মন্তব্য কৰিছে সেই মন্তব্যৰ মাজেৰে দাৰিদ্ৰতাৰ ভয়াবহ স্বৰূপ আৰু পেটৰ ভাত মুকলোৱাৰ তাড়না, আত্মসন্মান আৰু পাৰিবাৰিক দায়বদ্ধতাৰ সন্মুখত কেনেদৰে আত্মীয়জনৰ আগন্তুক মৃত্যুও স্বাভাৱিক হৈ পৰে সেয়া উন্মোচিত হৈছে –‘‘আমাৰ ভাই বাচবোনা৷ আল্লা ডাক্‌ছে তাৰে৷ পানী বাঢ়ছে, আমি এইখানে ৰৈতে পাৰব না৷ ই যাগাৰ মুল্লা কৈছে, মুফতে গোৰ দিব তোমাৰ ভাইৰে৷ তবে কাফনেৰ কাফৰটা দিয়া যাওঁ৷ আমাৰ কাছে ত্ৰিশটা টাহা আছে, দাৱাই কিনলে আৰ কাফনেৰ পইচা নাই৷ ঘৰেৰ লোগে কৈছে কাফনটা আগে কিনবাৰ লাইগা৷ আমাৰ ভাই মৈৰা গেলে মুল্লাৰে কাফৰটা দিয়া দিবেন৷ আমি যাইগা৷ চালাম বাবু৷’’ এফালে পানী বাঢ়িছে, আনফালে এয়া ‘ধান কাইট্‌বাৰ সময়’, এই সময়ত দৰিদ্ৰ চুনু মিঞাৰ বাবে ধান কটাতো বেছি জৰুৰী– পৰিয়াল, সন্তান-সন্ততিৰ ভৱিষ্যতৰ চিন্তাৰ সন্মুখত ৰুগীয়া ভায়েক আছ্‌মতৰ চিকিৎসাত সময় ব্যয় কৰি থকাটো চুনু মিঞাৰ বাবে জৰুৰী হৈ থকা নাই৷  যিদৰে চাজিনা বেগমে মতি ড্ৰাইভাৰৰ শৱদেহ বিক্ৰী কৰিবলৈ ওলাইছে, চুনু মিঞাই ভায়েকক হস্পিতালত মৰিবলৈ এৰি থৈ যাব ওলাইছে– ইয়াৰ কাৰণ চৰিত্ৰদুটাৰ আৱেগ-অনুভূতিহীন মন নহয়–বিবেকৰ তুলাচনীত, সন্মুখৰ প্ৰেক্টিকেল্‌ পৃথিৱীখনৰ প্ৰেক্ষাপটত, দাৰিদ্ৰতা আৰু দায়বদ্ধতাৰ গধুৰ ভৰৰ সন্মুখত আৱেগ-অনুভূতিৰ হ্ৰাসমান ওজনৰ স্বাভাৱিক ফলশ্ৰুতি৷ 

অৱশ্যে গল্পকাৰে যে চৰিত্ৰৰ এনে আৱেগ-অনুভূতিহীন কাৰ্যৰ উপস্থাপনেই কৰিছে তেনে নহয়–গল্পকাৰৰ গল্পত মানৱীয় আৱেগ-অনুভূতিৰে প্ৰোজ্জ্বল বহু চৰিত্ৰৰ সমাৱেশ লক্ষ্যণীয়৷ বন্যাপিড়িত এলেকাত ঘৰৰ ছালৰ ওপৰত থাকি অকলে গাওঁখন ৰখি থকা নিঃকিন মানুহজনে দূৰণিবটীয়া গাঁৱত জাহাজত উঠি ‘ৰিলিফ’ দিবলৈ যোৱা হাকিমজন ভোকত থকা বুলি বুজি কেইমুঠিমান চিৰা আন্তৰিকতাৰে আগবঢ়াইছে৷  [ৰিলিফ], পুতেক-বোৱাৰীয়েকে ট্ৰেইনত এৰি থৈ যোৱা পংগু বৃদ্ধা মাতৃগৰাকীক নিজা ঘৰত বিনা পইচাৰে থৈ অহা দায়িত্ব কান্ধ পাতি লৈছে ষ্টেচনৰ এজন দৰিদ্ৰ কুলীয়ে [নিলিখা গল্প]৷ এই গল্পবোৰত থকা গভীৰ মানৱীয়তাই পাঠকৰ অন্তৰত দ সাঁচ বহুৱাই থৈ যায়৷   জমিদাৰকালীন সময়ৰ এখন প্ৰান্তীয় সমাজৰ প্ৰেক্ষাপটত¸ নিম্নবৰ্গীয় বৈহ্‌তা-শ্ৰেণীৰ জীৱন-যন্ত্ৰণাৰ ৰূপায়ণেৰে লিখা ‘বৈহ্‌তা’ প্ৰণৱজ্যোতি ডেকাৰ এটা অতি গুৰুত্বপূৰ্ণ গল্প৷ গল্পটোত উন্মোচিত হৈছে মাটি দখলক কেন্দ্ৰ কৰি হোৱা ক্ষমতাৰ ৰাজনীতি, বাহুবলৰ যুঁজ, চৌধুৰী-বৈহ্‌তা[বহতীয়া]ৰ মাজৰ দমনমূলক সম্পৰ্ক, প্ৰতিশোধ আৰু প্ৰতিহিংসাৰ  সাৰ্থক উপস্থাপনেৰে কৰা জমিদাৰকালীন সময়ৰ সমাজজীৱনৰ এখন নিৰ্মম ছবি৷ ডাঙৰবাপা[চৌধুৰী]য়ে যেতিয়া বৈহ্‌তা[বহতীয়া] ধনেশ্বৰহঁতৰ ঘৰ-বাৰী উচন কৰাৰ পৰিকল্পনা কৰিছে তেতিয়া ধনেশ্বৰৰ পুতেক সৰ্বেৰ[নতুন প্ৰজন্মৰ প্ৰতিনিধি] দৰে এচাম স্বাভাৱিকতে উদ্বিগ্ন আৰু প্ৰতিবাদী হৈ পৰিছে৷ কিন্তু চৌধুৰী পৰিয়ালৰ দোষৰ ভাৰ নিজে বহন কৰি জেল খাটি অহা চৌধুৰী পৰিয়ালৰ বিশ্বস্ত আজ্ঞাবাহী ধনেশ্বৰ প্ৰথম অৱস্থাত নিজা সিদ্ধান্তত অটল–‘‘সাতপুৰুষ চধ্‌ৰী আঁহাৰ খাইছু৷ আজি ডাঙৰ বাপাৰ মানুহৰ লগত কাইজা নক্ৰু৷ গতে জীৱন অন্যৰ পাই চধ্‌ৰীথেৰ মাটি দখল লৈ দিছু৷ আজি যদি মই মোৰ মাটি এৰি নেদু, মোক পাপে চুব’’৷ কিন্তু মাটি দখল কৰিবলৈ আহি ধনেশ্বৰৰ পুতেক সৰ্বেলৈ বন্দুক টোৱোঁৱা চৌধুৰীক এটা ‘পকা বাঁহৰ টাঙোনৰ পূৰ্ণহতীয়া কোব’এৰে যেতিয়া বগৰাই পেলাইছে, তাৰ মাজেৰে ধনেশ্বৰৰ অজ্ঞাতেই মন-মগজুত প্ৰৱহিত হৈ থকা ক্ষোভ আৰু প্ৰতিবাদ তাৎপৰ্যপূৰ্ণৰূপত বহিঃপ্ৰকাশিত হৈছে৷ অনাকাংক্ষিত গুৰুতৰ ঘটনাটোৰ পাছতেই সমৱেত ৰাইজ তাৰ পৰা পলায়ন কৰা পৰত ‘‘নাযাউ যা৷ মই গেলি শটু কাউৰ শগুণে চুৱা কৰ্‌বো’ বুলি শটোক ৰক্ষণাবেক্ষণ দি থকা ধনেশ্বৰ চৰিত্ৰটো ‘বেওৰাৰিছ লাচ’ৰ ‘চাজিনা’ৰ দৰেই বিচিত্ৰ ৰূপত পাঠকৰ সমূখত ধৰা দিছে৷

ব্যক্তিমনৰ বিৰোধাভাষ[paradox]ৰ সাৰ্থক কথনেৰে পাঠকৰ মনত এই যি আনুভূতিক জোকাৰণি গল্পকাৰে সৃষ্টি কৰে–গল্পকাৰৰ কৃতিত্বও এইখিনিতেই৷ ধনেশ্বৰৰ এই মানসিক দ্বন্দ্ব আৰু প্ৰতিক্ৰিয়া সচৰাচৰ গল্পত পৰিলক্ষিত হোৱা শ্ৰেণীদ্বন্দ্বৰ প্ৰতিফলন নহৈ চৰিত্ৰটোৰ একক ব্যক্তিমনৰ জটিল মানসিকতাক প্ৰতিনিধিত্ব কৰিছে৷ বিশিষ্ট সমালোচক কৃষণ ৰায়ানে গল্পটোৰ এই সুকীয়া চৰিত্ৰৰ এক গভীৰ পৰ্যালোচনা তেখেতৰ গ্ৰন্থ The Burning Bush(New Delhi, ১৯৮৮) ত আগবঢ়াইছে৷ তেখেতৰ ভাষাত– Is the story just yet another dramatization of the rich versus poor conflict, a statement of the ineluctable predicament of the disadvantaged -- like Jogesh Das’s ‘The Death of the Underdog’ or Mahim Bora’s ‘Three Minus Three’? Oris it, like Lakshminath Bezbarua’s ‘The Hookah’, a footnote to the history of the decay of the Assamese gentry? I am afraid neither of these readings would do, because the focus in Deka’s story is throughout on Dhaneswar as a person and not on society or class. Despite the tittle of the story, Dhaneswar does not represent the serf class -- indeed he takes a line opposed to that of the other serfs and is contemptuous of them, he represents only himself. He, and not the class or the age to which he belongs, is the theme of the story. (p.115-116)

গল্পকাৰ ডেকাৰ গল্পৰ পৰিৱেশ প্ৰধানতঃ প্ৰান্তীয়, আৰু এই প্ৰান্তীয়তাৰ পটভূমিও বিশেষভাৱে লক্ষ্যণীয়৷ উদাহৰণস্বৰূপে বংগবিভাজনৰ পাছত পৰিত্যক্ত হোৱা এখন ‘অৰ্দ্ধ-চহৰ-অৰ্দ্ধ গাঁও’ৰ গল্প পোহা বাঘ বা নাগালেণ্ডৰ কোনোবা এটা কোণৰ এটা গীৰ্জাঘৰক কেন্দ্ৰ কৰি লিখা গল্প ইশ্বৰৰ মহিমা অথবা ‘বাট্টা, মুনাফা আৰু দাও’ৱে নিয়ন্ত্ৰণ কৰা ‘মোৰে চহৰ’৷ বেআইনী ব্যৱসায়ৰ নায়ক ‘পোহা বাঘ’ গল্পৰ প্ৰধান চৰিত্ৰ এসময়ৰ জমিদাৰ ৰায়-পৰিয়ালৰ মালী আৰু সম্প্ৰতি অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দশৰথ্‌ সিং হাজ্‌ৰা৷ জমিদাৰ তনয় অজয় প্ৰতাপ ৰয় আৰু দশৰথ্‌ সিং হাজ্‌ৰাৰ সম্পৰ্কৰ ব্যতিক্ৰম চৰিত্ৰই গল্পটোৰ মূল উপজীৱ্য৷ গল্পকাৰে লিখিছে–‘‘দশৰথ সিং আৰু ৰায় পৰিয়ালৰ সম্বন্ধটো ঠিক কিতাপত বৰ্ণনা কৰা জমিদাৰ ৰায়তৰ তিক্ত শোষণৰ সম্বন্ধ যেন নালাগিল৷ জমিদাৰৰ প্ৰতি অন্ধ সামন্ত আনুগত্য থকা যেনো নালাগিল, আকৌ প্ৰগতিবাদী সাহিত্যৰ অন্ধ ক্ৰোধো নেদেখিলো৷’’ এই সম্পৰ্ক এনে এক সম্পৰ্ক য’ত জমিদাৰ তনয় হৈ পৰিছে দশৰথ্‌ সিং হাজ্‌ৰাৰ ‘পোহা বাঘ’৷ পোহাত খৰচ আছে, কিন্তু লগতে আছে বাঘ পোহাৰ বিশেষ মৰ্যাদা৷ জমিদাৰ তনয়ৰ প্ৰতি বাহিৰত থকা দশৰথৰ অগাধ ভক্তি আৰু ভিতৰত থকা প্ৰতিশোধৰ ভাৱৰ দ্বাৰা এটা জটিল সম্পৰ্কক উপস্থাপন কৰা হৈছে৷

যদিও প্ৰণৱজ্যোতি ডেকাৰ অধিকাংশ গল্পত অসমৰ প্ৰান্তীয় সমাজ জীৱনে প্ৰাধান্য লাভ কৰিছে, কিন্তু অসমৰ বস্তি, চৰ, ৰেড্‌লাইট এৰিয়াৰ গল্পৰ কথক প্ৰণৱজ্যোতি ডেকাই ‘তিনিটা বীভৎস গল্প’ত কৈছে–ৰাছিয়াৰ লেনিনগ্ৰাডৰ দুৰ্ভিক্ষৰ কথা৷ ‘তিনিটা বীভৎস গল্প’ৰ প্ৰথম দুটা ক্ৰমে আগ্ৰাপীনা ইয়োচিপভ্‌না আৰু ভেলেন্টিনৰ কাহিনী৷ আগ্ৰাপীনা ইয়োচিপভ্‌নাৰ কাহিনী ঐতিহাসিক অক্টোবৰ বিপ্লৱৰ ‘মহান’ বৈপ্লৱিক ইতিহাসৰ আঁৰত ৰৈ অত্যাচাৰ-শোষণ, দুৰ্ভিক্ষৰ কাহিনী৷ বিপ্লৱৰ ফলশ্ৰুতিত সৰ্বহাৰা হোৱা, বিপ্লৱীৰ অত্যাচাৰ-উৎপীড়নৰ সন্মুখীন হোৱা ‘সদাগৰ শ্ৰেণী’ৰ আগ্ৰাপীনাৰ পৰিয়ালে কেনেদৰে পৰৱৰ্তী সময়ত চৰম দৰিদ্ৰতা আৰু দুৰ্ভিক্ষৰে যুঁজিব লগীয়া হৈছিল, ৰুটিৰ বাবে দেহ বিক্ৰী কৰিবলগীয়া হৈছিল, বিক্ৰী কৰিবলগীয়া হৈছিল বংশৰ শেষ চিহ্ন ‘সোণৰ হাঁতঘড়ী’টোও–তাৰ মৰ্মন্তুদ দলিল আৰু আৱেগিক কাহিনী গল্পটোত বিবৃত হৈছে৷ লেখকে ব্যক্ত কৰিছে ‘মহান অক্টোবৰ বিপ্লৱ’ৰ সেই প্ৰেক্ষাপটক যাৰ কথা ইতিহাসত লিখা হোৱা নাই, লিখা হোৱা নাই The 900 Daysত–‘‘আৰে সেইখন কিতাপ বীৰত্বব্যঞ্জক কিতাপ, তাত লিখা আছে জানো সেই অভাৱ-অনাটন দুৰ্ভিক্ষৰ দিনত, য’ত নগৰৰ এক তৃতীয়াংশ মানুহ অৱৰোধ কালত নাখাই মৰিছিল, সেইখন নগৰতে, একে সময়তে, চুৰি-ডকাইটি, লুট-পাট, ক’লা বজাৰ, বেশ্যালি চলি আছিল৷’’[তিনিটা বীভৎস গল্প]–এই বিভীষিকাময় পৰিস্থিতিৰেই স্বীকাৰ হৈছিল ভেলেন্টীন৷ লেনিনগ্ৰাডৰ দুৰ্ভিক্ষই ভেলেন্টীনৰ বায়েকলৈ কঢ়িয়াই আনিছিল অকাল মৃত্যু৷ যি সময়ত এচকল ৰুটিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল ভেলেন্টীনৰ পৰিয়াল৷ তদুপৰি অসমৰ সমাজ-ৰাজনীতিক জোকাৰি যোৱা ‘গুপ্তহত্যা’ৰ অনুসন্ধানৰ বাবে অহা এগৰাকী বহিৰাগত বিষয়াই সন্মুখীন হোৱা প্ৰত্যাহ্বান-প্ৰতিবন্ধকতাৰ উপস্থাপনেৰে লিখা ‘তিনিটা বীভৎস গল্প’ৰ ‘গুপ্তহত্যা’ শীৰ্ষক শেষৰটো গল্প গল্পকাৰৰ ভাষাত– ‘‘বীভৎস অসমৰ সৃষ্টিকৰ্তা ৰাজনৈতিক নেতা, পুলিচৰ বিষয়া আৰু তেখেতসকলে এৰি থৈ যোৱা লেদেনা উকটিব লগা হোৱা শান্তিৰক্ষক বিষয়াসৱৰ নামত উৎসৰ্গিত৷ ’

sunset

ক্ষমতাকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতিগ্ৰস্ততা আৰু তাত চেপা খাই বিপৰ্যস্ত হোৱা সাধাৰণ মানুহৰ জীৱনগাঁথাক খুউব সাৱলীল ৰূপত প্ৰণৱজ্যোতি ডেকাই ‘ৰাজনীতি’, ‘দলগুৰি গাঁৱৰ কুকুৰা চুৰিৰ কেচ’, ‘কৈলাসনাথ’ৰ দৰে গল্পত প্ৰকাশ কৰিছে৷ এটা শিৱলিংগক কেন্দ্ৰ কৰি হোৱা ক্ষমতা-ৰাজনীতিৰ জটিল সমীকৰণ উন্মোচিত হৈছে ‘কৈলাসনাথ’ গল্পত৷ মূলতঃ প্ৰভাৱশালী নেতা ৰমাকান্ত চৌধুৰী আৰু এম.এল.এ সোণেশ্বৰ দাসৰ ব্যক্তিগত স্বাৰ্থজড়িত শত্ৰুতাৰ বাবেই কেনেদৰে চহৰত নতুনকৈ গঢ়ি উঠা শিৱলিংগ এটাক কেন্দ্ৰ কৰি জনসাধাৰণ দুটা ভাগত ভাগ হৈ পৰিছে–তাৰ সাৰ্থক ৰূপায়ণ গল্পকাৰে কৰিছে৷ একেদৰে ‘দলগুৰি গাঁৱৰ কুকুৰা চুৰিৰ কেচ’ত প্ৰতিফলিত হৈছে ৰাজধানীৰ পৰা গাঁৱৰ তৃণমূল পৰ্যাললৈ শিপাই থকা দুৰ্নীতিগ্ৰস্ততা আৰু কুটিল ৰাজনীতিৰ স্বৰূপ৷ স্বাভাৱিক ব্যংগ আৰু শ্লেষৰ প্ৰয়োগেৰে গল্পকাৰে গল্পটোক সাৱলীল ৰূপত নিৰ্মাণ কৰিছে৷

        মধ্যবিত্তীয় জীৱনবোধ আৰু মানসিকতাৰ সমালোচক আৰু কথক হিচাপে প্ৰণৱজ্যোতি ডেকাৰ যে এক সুকীয়া স্থান আছে সেয়া ইতিমধ্যে কোৱা হৈছে৷ তেখেতে গল্প কিয় লিখে তাৰ কাৰণ বিশ্লেষণ কৰি লিখা আত্মজীৱনীৰ এটা অংশত লিখিছে–‘‘...গল্পৰ পাঠকক সকিয়াই দিবলৈ যে পৃথিৱীৰ সকলো মানুহেই, বুজন সংখ্যক অসমীয়া বুদ্ধিজীৱীৰ নৈতিকতা লৈ জীৱন যাপন নকৰে৷’’ [সোণৰ চামুচ মুখত লৈ, পৃ.৩৭৮] তথাকথিত ভদ্ৰলোকৰ ভণ্ডামিৰ প্ৰকাশ হৈছে ‘ভদ্ৰলোক’ গল্পত৷  ‘দে দে ৰাম দিলা দে ৰাম’ত বিবৃত হৈছে জেষ্ঠ নাগৰিকৰ বাৰৰ এটা আড্ডা৷ আত্মজৈৱনিক গল্পটোৰ মাজেৰে প্ৰকাশিত হৈছে গল্পকাৰৰ মধ্যবিত্তীয় মানসিকতাৰ চোকা সমালোচনা, নিজা যৌৱনৰ আদি পৰ্বৰ প্ৰেম-যৌনতামিশ্ৰিত অভিজ্ঞতাৰ প্ৰতিফলন৷ আনহাতে ‘ৰজকিনী ৰূপ’ প্ৰধানতঃ এটা প্ৰেম আৰু যৌৱন-বিষয়ক গল্প৷ নতুনকৈ প্ৰেমত পৰা এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ বৰ্ণাঢ্য অভিজ্ঞতাৰে পুষ্ট লেখকৰ প্ৰেম সম্পৰ্কীয় আলাপ গল্পটোৰ মাজেৰে প্ৰকাশিত হৈছে৷ মধ্যবিত্তীয় সংস্কাৰৰ সূক্ষ্ম বৰ্ণনা সততে গল্পকাৰৰ গল্পত পৰিলক্ষিত হয়–‘‘তাই ক’ত বহিব চাই, সুবিধাৰ আসন নেদেখি কোঠালীৰ ভিতৰলৈ গৈ মূঢ়া এটা উলিয়াই আনি, ফ্ৰকটো চান কৰি ভৰিৰ তললৈ আনি ভৰি দুখন লগ লগাই পোন হৈ বহিল৷ তাৰ পাছত ক’লে, ‘‘কওঁক’’৷ মই বুজিলো, প্ৰশান্তৰ ঘৈণীয়েকে জীয়েকক সংস্কাৰ মতেই ভালকৈ তুলিছে৷ ‘‘ডাঙৰৰ লগত সমান আসনত নবহিবা৷ ফ্ৰকটো টানি ল’বা৷ ভাল ছোৱালীয়ে ভৰি মেলি নবহে৷....ইত্যাদি ইত্যাদি৷’’ [ৰজকিনী ৰূপ] উল্লেখযোগ্য যে অসমৰ বৌদ্ধিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ দুৰৱস্থা অসমৰ এখন অন্যতম উচ্চ শিক্ষানুষ্ঠানত অধ্যাপনা কৰাৰ সুবাদত গল্পকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিছে৷ গতিকে তাৰ প্ৰতি বিষোদ্‌গাৰ আৰু কঠোৰ সমালোচনা বিভিন্ন গল্পত সততে পৰিলক্ষিত হয়৷–‘‘এম.এ পাছ কৰি সি কলেজত সোমাল৷ অধ্যাপক হৈ বিয়া কৰালে৷ আদহীয়া হ’ল, দুখনমান গল্প, উপন্যাসো লিখিছিল৷ তাৰ পাছত সেইবোৰ বাদ দি ছাত্ৰ টিউচন আৰু অৰ্থকাৰী ‘নোট’ লিখাত লাগিল৷ কলেজৰ বিভাগৰ মুৰব্বী হ’ল৷ এতিয়া অসমৰ কলেজীয়া অধ্যাপকৰ ৰাজনীতিত এজন লেখত ল’বলগীয়া নেতা৷’’ [ৰজকিনী ৰূপ]  উৰ্বশীৰ বৃত্তিত মধ্যবিত্তীয় জীৱনৰ অৰ্থনৈতিক প্ৰসংগ আৰু বিবাহ-বৰ্হিভূত সম্পৰ্কৰ জটিলতা, প্ৰতিশোধ-প্ৰতাৰণাৰ এখন বাস্তৱ ছবি প্ৰকাশিত হৈছে৷

প্ৰণৱজ্যোতি ডেকাৰ গল্পৰ পৰিৱেশ-চিত্ৰণো মধ্যবিত্তীয়-নৈতিকতাৰ দৃষ্টিৰে অদৰ্শনীয়-অস্পৃশ্য৷ ইম্পিৰিয়েল বাৰৰ আন্ধাৰ চুক [উৰ্বশীৰ বৃত্তি] বা বয়োবৃদ্ধৰ মদৰ-আড্ডাস্থলী [দে দে ৰাম দিলা দে ৰাম]ৰ পৰিৱেশত গল্পৰ বৰ্ণনা কৰা প্ৰণৱজ্যোতি ডেকাই তেখেতৰ গল্পত পূৰ্বকালৰ গল্পকাৰৰ গল্পত স্থান নোপোৱা অনালোচিত বহু প্ৰসংগৰ অৱতাৰণা কৰিছে৷ ডেকাৰ গল্পত মুক্তভাৱে প্ৰকাশিত হৈছে– পৰ্ণগ্ৰাফীৰ মান বিচাৰ কৰা নিজা অভিজ্ঞতাৰ কথা [ইশ্বৰৰ মহিমা], এচকল ৰুটিৰ বাবে দেহ-ব্যৱসায়ত নামিবলগীয়া হোৱা উন্নত দেশৰ কোনো নাৰীৰ জীৱন-গাঁথা [তিনিটা বীভৎস গল্প], স্মাগলাৰৰ-পৃথিৱীত থকা মানৱীয়তাৰ কাহিনী [মোৰে চহৰ], অনাঘ্ৰাতা কুসুমৰ কুমাৰীত্ব মোচনৰ টোপ দি গুৱাহাটীৰ কোনো গলিলৈ নৈতিক চৰিত্ৰ হানিৰে ডকাইতি কৰাৰ সুযোগৰ অপেক্ষাত ৰৈ থকা কোনো যুৱকৰ কাহিনী [নাম-মাহাত্ম্য]৷ শক্তিশালী প্ৰকাশভংগীৰে আঢ্যৱন্ত মানুহৰ আধুনিক জীৱন-পৰিক্ৰমাৰ যন্ত্ৰণা আৰু নৈৰাশ্যৰ ৰূপায়ণেৰে লিখা ‘সোধা নহ’ল’ গল্পকাৰৰ আন এটা উল্লেখযোগ্য গল্প৷

        ‘শ্ৰীকৃষ্ণৰ শেষ দিনটো’ আৰু ‘এজাক এলেহুৱা কাউৰীৰ সাধু’ শীৰ্ষক গল্প দুটাত ক্ৰমে পুৰাকথা আৰু এটা সাধুকথাক আশ্ৰয় কৰি গল্পকাৰে একোটা নতুন কাহিনী কৈছে৷ ‘শ্ৰীকৃষ্ণৰ শেষ দিনটো’ত শ্ৰীকৃষ্ণৰ স্বগতোক্তিৰ মাজেৰে কুৰুক্ষেত্ৰ যুদ্ধৰ পৰৱৰ্তী কালত যাদৱ-বংশৰ অধঃপতনৰ কাহিনী প্ৰকাশিত হৈছে৷ পশু-পালন বৃত্তিত জড়িত যাদৱ বংশক আজীৱন কষ্ট-ত্যাগেৰে শ্ৰীকৃষ্ণই এটা উন্নত জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ পাছত উত্তৰসুৰীয়ে এতিয়া ‘আপোনালোকে গৰু চৰাইছিল’ বুলি কৰা অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ শত্ৰুবিহীন যাদৱবংশই দুই শিবিৰত বিভক্ত হৈ ভাতৃঘাতী সংঘৰ্ষ–ক্ষমতাৰ যুদ্ধত লিপ্ত হৈ আত্মধ্বংসী যজ্ঞৰ আৰম্ভ কৰিছে৷ ইয়াৰে কোনোবা এটা শিবিৰৰ চক্ৰান্ততেই ব্যাধৰ কাড়বিদ্ধ হৈ মৃত্যুবৰণ কৰা শ্ৰীকৃষ্ণৰ আত্মকথন, আত্মসমালোচনা আৰু আত্মোৎলব্ধিৰ মাজেৰে প্ৰজন্মৰ সংঘাত, ক্ষমতাৰ যুদ্ধই অনা কৰুণ পৰিসমাপ্তিৰ ৰূপায়ণ গল্পকাৰে কৰিছে৷ ‘এজাক এলেহুৱা কাউৰীৰ সাধু’য়েও বহন কৰিছে প্ৰজন্মৰ সংঘাতৰ চিত্ৰ৷ বৃদ্ধ অভিজ্ঞতাসমৃদ্ধ কাউৰী বায়সৰ দূৰদৰ্শী পৰামৰ্শ নামানি ‘প্ৰগতিবাদী’ কৰিৎকৰ্মা নিৰ্দেশিত সহজ পথেৰে আগবঢ়াৰ ফলশ্ৰুতিত অবন্তী ৰাজ্যৰ কাউৰী-সমাজলৈ আহি পৰা বিপদৰ মাজেৰে তথাকথিত সোৰোপা প্ৰগতিশীলতাক গল্পকাৰে সমালোচনাৰ কেন্দ্ৰ কৰি লৈছে৷ গল্পটোত  প্ৰজন্মৰ ব্যৱধানে অনা ৰুচিবোচৰ আৰু মূল্যবোধৰ পৰিৱৰ্তনৰো আভাস দাঙি দিয়া হৈছে৷ পুৰাকথা আৰু লোককথাৰ পুনৰকথনেৰে লিখা এই গল্পদুটাৰ সুকীয়া চৰিত্ৰই গল্পকাৰ হিচাপে প্ৰণৱজ্যোতি ডেকাৰ অসাধাৰণ দক্ষতা আৰু আংগিকগত বিচৰণ-পৰিসৰৰ ব্যাপকতাৰো প্ৰমাণ দাঙি ধৰে৷

সত্তৰ দশকৰ পৰা পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰেক্ষাপটত ৰামধেনু যুগৰ উদাৰতাবাদ কেনেদৰে গভীৰ অন্তৰ্মুখী, পীড়াদায়ক আৰু ৰহস্যময় ৰূপ পৰিগ্ৰহণ কৰিছে সেই সম্পৰ্কে হীৰেন গোহাঁয়ে ‘‘Assamese in 1971’’ শীৰ্ষক Indian Literature[অক্টোবৰ-ডিচেম্বৰ সংখ্যা, ১৯৭২]ত প্ৰকাশিত এটি নিবন্ধত সবিস্তাৰে আলোচনা কৰিছে৷ এই পৰিৱৰ্তিত পৰিস্থিতিয়ে মধ্যবিত্তীয় ভণ্ডামি আৰু নৈতিকতাৰ সংকীৰ্ণ স্বৰূপৰ প্ৰতি তীক্ষ্ণ ব্যংগাত্মক দৃষ্টিক যি অনুপ্ৰেৰণা প্ৰদান কৰিছে সেই প্ৰেক্ষাপটতেই প্ৰণৱজ্যোতি ডেকাই ব্যংগ-ভাষাক কলাত্মক আৰু কাৰিকৰী ভাৱে এক উন্নত স্তৰলৈ নি গল্প লিখিছে আৰু অসমীয়া গল্পসাহিত্যক প্ৰদান কৰিছে বিশেষ সমৃদ্ধি৷ হীৰেন গোহাঁইৰ ভাষাত–On the other hand, while the liberalism of the Ramdhenu period was not without broad, if confused social awareness and rich human sympathy, the liberalism of the present day is deeply introverted, anguished and mystical. It is verging on the borders of cynical despair ennui. On the other hand the new situation has also inspired the sharp satirical eye for hypocrisy and cant. Pranabjyoti Deka has brought the art of satire to a new level of technical excellence and perceptive power. Even the humanists of older generation cock a wary eye now and then at the scene before them. মানুহৰ মুখাপিন্ধা-চৰিত্ৰৰ নিৰ্দয় উন্মোচনৰ লগত অনুভূতিৰ নিয়ন্ত্ৰিত তিক্ততাৰ সমন্বয় সাধনেৰে[‘‘...combines ruthless exposure of pretense with a controlled bitterness of feeling.’’ , উল্লিখিত প্ৰবন্ধ] সামগ্ৰিকভাৱে প্ৰণৱজ্যোতি ডেকাৰ গল্প হৈ পৰিছে–ৰূঢ় বাস্তৱৰ ব্যংগাত্মক কথকতা৷  

book

Writers Address

Assistant Professor, Dept. OF Assamese, Tezpur University, 

Phone

86385-59074

Email

bottom of page