মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
বড়োসকলৰ
সমাজ-সংস্কৃতি
ড০ বিমল বসুমতাৰী
ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অসম হ’ল বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি৷ ইয়াত বসবাস কৰা লোকসকল মূলত মঙ্গোলীয়, দ্ৰাবিড়ীয়, আষ্ট্ৰিক আৰু ককেচীয় নৃগোষ্ঠীৰ৷ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ভিতৰত বড়োসকল অন্যতম৷ অসমৰ আদিম অধিবাসী হিচাপে স্বীকৃত বড়োসকল অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে সহজ-সৰল আৰু সংস্কৃতিবান৷ বড়োসকল নৃগোষ্ঠীয় দিশৰ পৰা ইন্দো-মঙ্গোলীয় আৰু ভাষা পৰিয়ালৰ দিশৰ পৰা চীন তিৰ্ব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত৷ বড়োসকলৰ স্বকীয় ভাষা-সাহিত্য-সংস্কৃতিয়ে জনগোষ্ঠীটোৰ মৌলিক পৰিচয় দাঙি ধৰে৷ ‘বড়োসকলৰ সমাজ-সংস্কৃতি ঃ এক চমু অৱলোকন’ শীৰ্ষক প্ৰবন্ধটিৰ মাজেৰে বড়ো জনগোষ্ঠীটোৰ সম্যক পৰিচয় আগবঢ়াবলৈ যত্ন কৰা হ’ব৷ প্ৰস্তাৱিত বিষয়টিৰ আলোচনা কৰিবলৈ যাওঁতে ভাষা, সাহিত্য আৰু সংস্কৃতিক দিশসমূহৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব৷
বড়োসকলৰ পৰিচয়
অতি প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰি অহা বড়োসকল উত্তৰ-পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত এক লেখত ল’বলগীয়া জনগোষ্ঠী৷ নৃগোষ্ঠীয় পৰিয়ালৰ দিশৰ পৰা মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত বড়োসকল অতি প্ৰাচীন কালৰে পৰা যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা সেই কথা ৰামায়ণ, পুৰাণ- উপপুৰাণ আদিৰ পৰা জানিব পৰা যায়৷ বেদান্ত, ৰামায়ণ আৰু পিছৰ কালত ৰচিত কালিকাপুৰাণ আদিত মঙ্গোলীয় গোষ্ঠীৰ এই লোকসকলক কিৰাত, ম্লেচ আদি নামেৰে পৰিচয় দিয়া হৈছে৷ কালিকাপুৰাণত বড়োসকলৰ আচাৰ ব্যৱহাৰ জঘন্য, মদ-মাংসত আসক্ত, আৰু সুৰাপানত মত্ত এক জঘন্য জাতি আছিল বুলি উল্লেখ কৰিছে৷ৰ বড়ো জাতিৰ পৰিচয়ৰ ক্ষেত্ৰত উল্লেখপোৱা এনে মতামত প্ৰকৃততে কিমানদূৰ সত্য সেই কথা বিচাৰ কৰি চাবলগীয়া৷ বড়োসকলক একেষাৰে অসুৰ বা দানব বংশৰ নিচ জাতি বুলি কৈ দিব নোৱাৰি৷ প্ৰাক্ ঐতিহাসিক যুগৰে পৰা বড়োসকল সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সু-সভ্যভাৱে বসবাস কৰি অহা অতি উচ্ছ জাতি৷
এই প্ৰসঙ্গত ঊনবিংশ শতিকাৰ প্ৰাৰম্ভণিতে চাৰ এডবাৰ্ড গেইট চাহাবে বড়োসকলক সু-সভ্য জাতি হিচাপে অভিহিত কৰাতো অতি তাৎপৰ্যপূৰ্ণ৷ তেওঁৰ মতে–
‘The ruins of Dimapur, which are still in existence, show that at that period, the Kachari had attained a state of civilization considerably in advance of the Ahoms. The use of bricks for building purposes has been practically unknown to Ahoms and all their buildings were of timber or bamboo, with mud-plastered walls. Dimapur, on the other hand, was surrounded on three sides by a brick-wall of the aggregate length of nearly two miles, while the forth or southern side was bounded by the Dhanshree river’’২
বড়োসকলৰ আদিম বাসস্থান আৰু জাতীয় নামৰ অন্তৰালত বহুতো পুৰাকথা বা কিংবদন্তী পোৱা যায়৷ এই কিংবদন্তী সমূহৰ ভিত্তিত বড়োসকলে নিজকে অসমৰ ভূমিপুত্ৰ বুলি ক’ব বিচাৰে৷ বড়োসকলৰ আদি বাসস্থান আৰু জাতীয় নামৰ প্ৰসঙ্গত ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতামত লেখতলবলগীয়া৷ তেওঁলোকৰ মতে–
ইন্দো-মঙ্গোলীয়সকলে তিব্বতত বাস কৰা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ শাখাবোৰেদি উত্তৰ-পূব ভাৰতত সোমাই পাটৰ কপোৰৰ বেহা-বেপাৰ কৰিছিল৷ সেই সময়ত সিহঁতে নিজকে তি-বদ বা বদ নামে পৰিচয় দিছিল৷ পণ্ডিতসকলে ইন্দো-মঙ্গোলীয়ৰ এটা ঠাল তি-বদৰ পৰা বদ বা বডো, বড়ো নামৰ উৎপত্তি হোৱা বুলি ভাবে৷ ৩
অসমৰ বড়ো-কছাৰীসকলৰ মূল বাসস্থান তিব্বদ বা চীন দেশেই যে আছিল সেই কথা নৃতত্ত্ববিদ ভূবন মোহন দাসে তেওঁৰ ‘অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়’ নামৰ গ্ৰন্থত আলোচনা কৰি দেখুৱাইছে৷ ভাষাগোটৰ দিশৰ ভিত্তিত তেওঁ উল্লেখ কৰিছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, বিশেষকৈ নামনি আৰু মধ্য অসমত বিস্তাৰিত হৈ থকা বৃহত্তৰ বড়ো জাতিৰ ভিতৰত ৰাভা, মেচ, গাৰো, সোনোৱাল ঠেঙাল আদি লোকসকল পৰে৷চ্ছ্ৰ সেয়ে বৃহত্তৰ বড়ো জতিটোৱে এই সকলোবোৰ জনগোষ্ঠীৰ পৰিচয় বহন কৰে৷
ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৌদিশে সিঁচৰতি হৈ থকা বড়োসকল হৈছে অসমৰ এক বৃহত্তৰ জনগোষ্ঠী৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত বড়ো ভাষা কোৱা লোকৰ সংখ্যা মুঠ ১২,৯৬,১৬২ জন৷
সাংস্কৃতিক পৰিচয়
বড়োসকলৰ সাংস্কৃতিক ছবিখন দাঙিধৰে তেওঁলোকে আচৰণ কৰা জীৱন চৰ্যাৰ উপাদানসমূহে৷ যেনে- সামাজিক ৰীতি-নীতি, লোক বিশ্বাস, ধৰ্মীয় বিশ্বাস, কৃষি-প্ৰণালী, উৎসৱ-পাৰ্বন, গীত-নৃত্য-বাদ্য আদি৷ উল্লিখিত উপাদানসমূহে বড়োসকলৰ সাংস্কৃতিক বৈশিষ্ট্যৰাজি প্ৰতিফলিত কৰি আহিছে৷
বড়োসকলৰ সংস্কৃতি কৃষি কেন্দ্ৰিক৷ কৃষিক কেন্দ্ৰ কৰিয়ে বড়োসকলে বিভিন্ন পূজা-পাৰ্বন, উৎসৱ অনুষ্ঠান পালন কৰে৷ তেনে কিছুমান অনুষ্ঠান হ’ল- বৗইছাগু, দ’মাছী, মাইনাও খেৰাই ইত্যাদি৷ এই উৎসৱ অনুষ্ঠানসমূহৰ পৰম্পৰাগত ৰীতি-নীতি, লোক-বিশ্বাস আদি জড়িত হৈ থকা দেখা যায়৷ এনে অনুষ্ঠান তথা উৎসমূহত পৰিৱেশণ কৰা নৃত্য, গীত-পদ, মন্ত্ৰ আদিয়ে বড়োসকলৰ সাংস্কৃতিক দিশটো সজীৱ কৰি ৰাখিছে৷ অৰ্থাৎ বড়োসকলৰ লোক-সংস্কৃতি সামগ্ৰিক স্বৰূপটো ফুটাই তুলিছে বুলি ক’ব পাৰি৷ লোক-সাহিত্য, লোক পৰিৱেশ্য কলা, ভৌতিক সংস্কৃতি আৰু লোকায়ত সামাজিক ৰীতি-নীতি আদি দিশসমূহ বড়োসকলৰ জীৱনচৰ্যাৰ লগত ওত-প্ৰোতভাৱে জড়িত হৈ আছে৷
বড়োসকলে মূলত গাওঁপাতি বসবাস কৰে৷ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰে পৰিচালিত বড়ো সমাজত গোত্ৰ বা থূল দেখা নাযায়৷ গাঁওৰ বয়োজেষ্ঠ্যসকলৰ বিচাৰ বিবেচনা অনুসৰি সামাজিক কাৰ্যকলাপ সাধিত হয়৷ বড়োসমাজত প্ৰচলিত ধৰ্মীয় ব্যৱস্থালৈ চালে দেখা যায় যে, পৰম্পৰাগতভাৱে বড়োসকলে অতীজৰে পৰা বাথৌ ধৰ্ম পালন কৰি আহিছে৷ বাথৌ ধৰ্মত বৗৰাই বাথৌক ঘাই দেৱতা হিচাপে পূজা কৰে আৰু বৗৰাই বাথৌক কেন্দ্ৰত বহু দেৱ-দেৱী পূজা কৰা পৰম্পাও বড়ো সমাজত প্ৰচলিত৷ তেনে কিছুমান পূজা হ’ল- বাথৌ খেৰাই, মাইনাও খেৰাই, গাৰ্জ আদি৷
অতিসম্প্ৰতি বড়ো সমাজত কেৱল বাথৌ ধৰ্ম প্ৰচলিত হৈ আছে এনে নহয়৷ বড়ো সমাজত ব্ৰহ্ম ধৰ্মাৱলসম্বী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকো যথেষ্ট পৰিমানে আছে৷ ১৯০৫ চনত কালিচৰণ ব্ৰহ্মই বড়ো সমাজত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ কৰে আৰু অসমলৈ অহা খ্ৰীষ্টিয়ান মিছনেৰীসকলে বড়ো সমাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে৷
গতিকে বড়ো সমাজৰ সামাজিক পৰিকাঠমু অধিক বৈচিত্ৰময়৷ সেয়ে বৰ্তমান সময়ৰ প্ৰেক্ষাপটত বড়োসকলৰ সাংস্কৃতিক পৰিচয়ৰ সন্দৰ্ভত উল্লিখিত দিশসমূহ বিতংভাৱে আলোচনা কৰাৰ যথেষ্ট অৱকাশ আছে৷ এই আলোচনাত কেৱল এনে দিশসমূহৰ আভাসহে দিয়া হৈছে৷
ভাষা
বড়ো শব্দটিৰ দ্বাৰা বড়ো জনগোষ্ঠীটোৱে ব্যৱহাৰ কৰা ভাষাটোকো সূচোৱা হয়৷ অৰ্থাৎ বড়ো সকলে ব্যৱহাৰা কৰা ভাষাই বড়ো ভাষা৷ বড়ো ভাষা মূলত চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত৷ পৃথিৱীৰ বৃহৎ ভাষাপৰিয়ালসমূহৰ ভিতৰত চীন-তিব্বতীয় ভাষাপৰিয়াল অন্যতম৷ এই ভাষাপৰিয়ালৰ ভাষা বিশেষ ভাৰতবৰ্ষৰ উত্তৰ পূবৰ্াঞ্চলৰ আটাইকেইখন ৰাজ্যতে সিচঁৰতি হৈ আছে বুলি গ্ৰিয়াৰ্ছন, সুনীতি কুমাৰ চেটাজ¹ আদি পণ্ডিত তথা ভাষাবিদসকলে উল্লেখ কৰি গৈছে৷ বডে.া ভাষাটো যে চীন-তিব্বতীয় ভাষাপৰিয়ালৰ অন্তৰ্গত সেই কথা গ্ৰিয়াছেৰ্ন ‘The Liguistic Survey of India’ [Voll-III]ত উল্লেখ কৰি গৈছে৷ গ্ৰিয়াৰ্ছনৰ মতে চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বম¹ শাখাৰ এক উপশাখা হৈছে অসমবম¹ আৰু অসমবম¹ৰ অন্তৰ্গত বডে.া শাখাৰ উল্লেখনীয় এটা ভাষা হৈছে বডে.া ভাষা৷
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে বডে.া জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে৷ সেয়ে বডে.া ভাষাই এক ব্যাপক অঞ্চল আগুৰি আছে বুলি ক’ব পাৰি৷ অসমৰ বৃহত্তৰ জনজাতি হিচাপে পৰিচিত বড়োসকল ধুবুৰী, গোৱালপাৰা, কোকোৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, লক্ষীমপুৰ, ধেমাজী, কাৰ্বিআংলং আদি জিলাসমূহত বড়োভাষী লোকসকল বসবাস কৰি আহিছে৷ অসমত প্ৰচলিত বডে.া ভাষাৰ কিছুমান আঞ্চলিক ৰূপ পোৱা যায়৷প্ত সেইবোৰ হ’ল –
[ক] কোকৰাঝাৰ অঞ্চলৰ ভাষা
[খ] গোৱালপাৰা আৰু দক্ষিণ কামৰূপ অঞ্চলৰ ভাষা
[গ] উত্তৰ কামৰূপ আৰু বৰপেটা অঞ্চলৰ ভাষা
[ঘ] দৰং অঞ্চলৰ ভাষা
[ঙ] কাবিৰ্আংলং অঞ্চলৰ ভাষা
ঊনবিংশ শতিকাৰ শেষৰফালে বডে.া ভাষাটোৱে লিখিত ৰূপ লাভ কৰে৷ ইয়াৰ লগে লগে লিখিত বডে.া ভাষা-সাহিত্যৰ উত্থান ঘটে৷ ইয়াৰ পূবেৰ্ বডে.াসকলৰ নিজা লিপি আছিল বুলি জানিব পৰা নাযায়৷ অৱশ্যে প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই তেখেতৰ ‘ট্ট Description of The Bodo Language’ [২০০৭] গ্ৰন্থত বডে.াসকলৰ প্ৰাচীন লিপি সম্পক¹য় এক তথ্য উল্লেখ কৰিছে এনেদৰে –
‘Bishnu Prashad Rabha the famous artist of Assam, told me that in ancient times there was a kind of Deodhai scripts among the kacharis, Boro and Dimasas’.৬ পৃ-১৪
বিষ্ণুপ্ৰসাদ ৰাভাই উল্লেখ কৰি যোৱা ‘দেউধাই’ লিপিৰ কথা বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই৷ ডিমাপুৰত থকা বডে.া ৰজাসকলৰ কীৰ্তিচিহ্নসমূহৰ যি ধ্বংসাৱশেষ সেই ধ্বংসাৱশেষসমূহৰ মাজত এখন শিলালিপি উদ্ধাৰ কৰা হৈছে৷ পণ্ডিতসকলে শিলালিপিখন বডে.া ৰজা মেঘনাৰায়¸ণৰ সময়ৰ বুলি ঠাৱৰ কৰিছে৷৩ পণ্ডিতসকলৰ মতে এই শিলালিপিখনৰ লিপি বাংলা লিপিৰ কাষচপা৷
এনেধৰণৰ তথ্যই বডে.াসকলৰ প্ৰাচীন লিপি কি আছিল সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি কৰে৷ গৱেষক প্ৰমোদচন্দ্ৰ ভট্টচাৰ্যই এই সন্দৰ্ভত উল্লেখ কৰিছে যে –‘‘ বৰ্তমানৰ বডে.া ভাষাত পূবৰ্ৰ পৰা চলি অহা লিপিৰ ব্যৱহাৰ নাই৷’’জ্জ বডে.া ভাষাৰ পূবৰ্ৰে পৰা প্ৰচলিত নিজা লিপি নথকা বাবে ভাষাটোক লিখিত ৰূপ দিয়াৰ বেলিকা বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল বুলি নিসন্দেহে ক’ব পাৰি৷
উল্লেখযোগ্য যে, বডে.া ভাষাটোৱে লিখিত ৰূপ লাভ কৰে ঊনবিংশ শতিকাত৷ এই ক্ষেত্ৰত খ্ৰীষ্টান মিছনেৰীসকলৰ ভূমিকা প্ৰণিধানযোগ্য৷ খ্ৰীষ্টান মিছনেৰী ৰেভাৰেণ্ড ছিড্ নী এণ্ডেলে প্ৰণয়ন কৰা ‘An Outline Grammar of Kachari (Boro) Language’ নামৰ গ্ৰন্থখনেই বডে.া ভাষা সম্পক¹য় প্ৰথমখন গ্ৰন্থ৷ ইংৰাজী ভাষাত লিখা এই গ্ৰন্থখনত বডে.া শব্দবোৰ ৰোমান লিপিত লিখা হৈছিল৷ ১৯০৪ চনত ইংৰাজ চৰকাৰে ‘Cocari Reader’ নামৰ গ্ৰন্থ প্ৰণয়ন কৰে৷ ৰোমান লিপিত লিখা ‘Cocari Reader’ বডে.াসকলৰ পঢ.াশলীয়া পুথি হিচাপে ১৯৩১ চনত দক্ষিণ গোৱালপাৰা জিলাৰ পঢ.াশালিত প্ৰয়োগ হৈছিল৷জ্জ্ব
বডে.াসকলৰ প্ৰচেষ্টাত বডে.া ভাষাত ৰচনা হোৱা প্ৰথমখন গ্ৰন্থ হ’ল ‘বৰ’নি ফিচা অ আইন’ [১৯১৫]৷ সেই সময়ত গঠন হোৱা বডে.া ছাত্ৰ সন্মিলনীৰ উদে্যাগত আৰু গঙ্গাচৰণ কছাৰীৰ সম্পাদনাত এই গ্ৰন্থখন প্ৰকাশ পায়৷ বাংলা লিপিৰে লিখা এই গ্ৰন্থখন মূলত নীতিশিক্ষা বিষয়ক আছিল৷ ইয়াৰ কিছু বছৰ পিছতে ১৯২৪ চনত সতীশচন্দ্ৰ বসুমতাৰীৰ সম্পাদনাত ‘বিবাৰ’ নামৰ বডে.া সাহিত্যৰ প্ৰথমখন আলোচনী প্ৰকাশিত হয়þ৷ এই আলোচনীখনেই বডে.া সাহিত্যৰ উত্থানৰ মাইলৰ খুটি বুলি ক’ব পাৰি৷ ‘বিবাৰ’ আলোচনীখনত বডে.াভাষাৰ লগতে অসমীয়া আৰু বাংলা ভাষাৰ ৰচনা বিশেষ প্ৰকাশিত হৈছিল৷জ্ঝ গতিকে দেখা যায় যে, ৰোমান, অসমীয়া আৰু বাংলা—— এই তিনিওটা লিপিয়ে প্ৰথমাৱস্থাত বডে.া ভাষাৰ লিপি হিচাপে ব্যৱহাৰ হৈছিল৷ কেৱল এটা ভাষাতে দুই-তিনিধৰণৰ লিপিৰ প্ৰয়োগে সেই সময়ৰ সচেতন বডে.াসকলক চিন্তিত কৰিছিল৷ বডে.া ভাষাটোৰ এক নিৰ্দিষ্ট লিপি গ্ৰহণ কৰি লিপি সম্পক¹য় সমস্যা নিৰ্মূল কৰিবৰ নিমিত্তে জাতীয় চেতনাৰে উদ্বুদ্ধ সচেতন লোকসকল অগ্ৰসৰ হয়৷ এনে প্ৰচেষ্টাত ১৯৫২ চনত বডে.া সাহিত্য সভাৰ গঠন হয়৷ এই সভাৰ বিভিন্ন লক্ষ্য-উদ্দেশ্যসমূহৰ ভিতৰত লিপি সম্পক¹য় সমস্যা নিৰ্মূল কৰাটো আছিল অন্যতম৷
বডে.া সাহিত্য সভাই ১৯৬২ চনত বডে.া ভাষাক প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়৷ সেই দাবী অনুসৰি ১৯৬৩ চনত কোকৰাঝাৰ মহকুমাত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে৷ ১৯৬৬ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বডে.া শাখা আৰু ‘ডিপ্লমা’ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়৷ এইখিনি সময়লৈকে বডে.া ভাষাৰ লিপিৰ সমস্যা সমাধান হোৱা নাছিল৷ ১৯৬৮ চনত উচ্ছ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মাধ্যম হিচাপে বড়ো ভাষাৰ গৃহীতকৰণ হয়৷ ১৯৭৭ চনত আধুনিক ভাৰতীয় ভাষা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ে স্বীকৃতি প্ৰদান কৰে৷ ১৯৮৪ চনত অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয়৷
১৯৫২ চনত গঠন হোৱা বডে.া সাহিত্য সভাই অসমীয়া লিপি গ্ৰহণ কৰিছিল যদিও সমান্তৰালভাৱে এচামলোকে ৰোমান লিপি গ্ৰহণ কৰাৰ পোষকতা কৰি আহিছিল৷ সেয়ে পঢ.াশালীয় পুথিসমূহত কোনটো লিপি ব্যৱহাৰ কৰা হ’ব বা সামগ্ৰিকভাৱে বডে.া ভাষা সাহিত্যক প্ৰকাশ কৰিবলৈ কি লিপি গ্ৰহণ কৰিলে সুবিধাজনক হ’ব ইত্যাদি বহু সমস্যাৰ সৃষ্টি হৈছিল৷ লিপিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাত আৰু সমস্যাক সমাধান কৰিৰবৰ বাবে ১৯৬৯ চনত বডে.া সাহিত্য সভাই ‘Bodo Script Sub-committee’ গঠন হয়৷ এই কমিটিয়ে ৰোমান লিপি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্তক বডে.া ছাত্ৰ সন্মিলনীয়েও সমৰ্থন জনাইছিল৷ ১৯৭৪ চনত বডে.া সাহিত্য সভাই তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বড়ো ভাষাৰ বাবে ৰোমান লিপি গ্ৰহণ সম্পক¹য় বিষয়টি অৱগত কৰে যদিও ৰোমান লিপিৰ ব্যৱহাৰৰ কথাটো চৰকাৰে নাকচ কৰে৷ বডে.াসকলে ৰোমান লিপিটো ব্যৱহাৰ কৰিবলৈ বিচৰা প্ৰস্তাৱক চৰকাৰে নাকচ কৰা বাবে লিপি সম্পক¹য় এক আন্দোলনৰ সূচনা হয়৷ এই আন্দোলনত কেইবাগৰাকী আন্দোলনকাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ ইয়াৰ পিছৰ বছৰত ১৯৭৫ চনত বডে.া সাহিত্য সভাই চৰকাৰৰ লগত আলোচনাত মিলিত হৈ বডে.া ভাষা সাহিত্যৰ বাবে দেৱনাগৰী লিপিৰ ব্যৱহাৰ তথা প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে দেৱনাগৰী লিপিত গ্ৰন্থ প্ৰণয়নৰ সিদ্ধান্ত লোৱা হয়৷ অৱশ্যে এই সিদ্ধান্তক সাধাৰণ বডে.াসকলে সহজে গ্ৰহণ কৰিব পৰা নাছিল৷ লিপি সম্পক¹য় আন্দোলন আৰু তাৰ পৰিণামে যি ৰাজনৈতিক আৰু সামাজিক বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত বড়ো জনসাধাৰণে দেৱনাগৰী লিপি গ্ৰহণ কৰাৰ পোষকতা কৰা নাছিল৷ সেয়ে পুনৰ ৰোমান লিপি গ্ৰহণৰ দাবী উত্থাপন হৈছিল যদিও বিভিন্ন তৰ্ক-বিতৰ্ক, আলোচনা, আন্দোলনৰ অন্তত দেৱনাগৰী লিপিকে বডে.া ভাষাৰ লিপি হিচাপে গ্ৰহণ কৰা হয়৷ এই সিদ্ধান্ত ২০০০ চনত হোৱা বডে.া সাহিত্য সভাই গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই বড়ো ভাষাৰ লিপি সমস্যা নিৰ্মূল হয়৷
এইদৰে বিচাৰ কৰিলে দেখা যায় যে, বডে.া ভাষাটোৱে লিখিত ৰূপ পৰিগ্ৰহ কৰা সময়ৰ পৰা ২০০০ চনলৈকে এক নিৰ্দিষ্ট লিপি ব্যৱহাৰৰ প্ৰসংগত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল৷ জাতীয় সত্ত্বাৰ আৱেগ আৰু কেতবোৰ ৰাজনৈতিক কাৰক বডে.া জনগোষ্ঠীটোৰ উন্নতিৰ ক্ষেত্ৰত সদায় সক্ৰিয় হৈ আছে৷ লিপি গ্ৰহণৰ দৰে স্পৰ্শকাতৰ বিষয় এটাৰ ক্ষেত্ৰত বিভিন্ন সামাজিক-ৰাজনৈতিক গোটৰ মাজত মতভেদ হোৱাতো স্বাভাৱিক৷ সেয়ে লিপি গ্ৰহণৰ ক্ষেত্ৰত এনে সামাজিক-ৰাজনৈতিক দ্বন্দ্বৰ মাজেৰে বড়ো ভাষাই এক দীঘলীয়া সময় অতিক্ৰম কৰিবলগীয়া হৈছিল বুলিব পাৰি৷
উল্লেখযোগ্য যে ১৯৫২ চনত গঠন হোৱা বডে.া সাহিত্য সভাই বডে.া ভাষা-সাহিত্যৰ উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াইছে৷ বডে.া সাহিত্য সভাৰ প্ৰচেষ্টাতে বডে.া ভাষাই প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে আৰু আধুনিক ভাৰতীয় ভাষাৰ মাৰ্যদা লাভ কৰি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত বডে.া শাখা হিচাপে বিদ্যায়তনিক ৰূপত স্বীকৃতি লাভ কৰিছে৷ ইয়াৰ উপৰিও ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বডে.া সাহিত্য সভা, বি.এল.টি., কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ আলোচনাৰ জডি.য়তে বডে.া ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্তি আৰু ভাৰতীয় ভাষাৰ মযাৰ্দা লাভ কৰে৷
বড়োসকল নিজা ভাষা-সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট চহকী৷ বিদ্যায়তনিক দিশতো এই ভাষা সাহিত্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে¸৷ অসমত বসবাস কৰা বড়োসকলক এক প্ৰকাৰে দ্বিভাষী বুলি ক’ব পাৰি৷ অসমত বাস কৰা বড়োসকলে বড়োভাষাৰ লগতে অসমীয়া ভাষাও ব্যৱহাৰ কৰা দেখা যায়৷ কোনো কোনো বড়োলোকে অসমীয়া ভাষাকে নিজৰ কৰি লৈছে৷
বডো সাহিত্যৰ ঐতিহাসিক ক্ৰমবিকাশৰ পৰিচয়
[অ] লোক সাহিত্য
বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত বৃহত্বৰ অসমীয়া জাতি গঢ় লৈ উঠা বাবে অসমক বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি বুলি অভিহিত কৰা হয়৷ অসমত বসবাস কৰা জাতি-জনগোষ্ঠী বিশেষৰ স্বকীয় ভাষিক, সাংস্কৃতিক আৰু লোক-সাহিত্য [folk literature]ৰ পৰম্পৰা আছে৷ এনে পৰম্পৰাৰ মাজেৰে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সাংস্কৃতিক স্বকীয়তা প্ৰকাশ কৰি আহিছে৷ সেই একেদৰে জাতি-জনগোষ্ঠীসমূহৰ মাজত সাংস্কৃতিক সমন্বয় সাধিত হৈ সামগ্ৰিকভাৱে অসমীয়া জতিটোৰ এক সুকীয়া পৰিচয়ো বহন কৰিছে৷ এইক্ষেত্ৰত লোক-সাহিত্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বড়ো লোকসাহিত্যৰ গৱেষক ড॰ অনিল বড়োৱে উল্লেখ কৰি গৈছে এনেদৰে --
লোকসাহিত্যৰ মাজেদিও প্ৰতি গোষ্ঠীৰ সাংস্কৃতিক স্বকীয়তাৰ নিদৰ্শন পোৱাৰ লগতে বৃহত্তৰ অসমীয়া সমাজৰ সংস্পৰ্শ আৰু সংযোগৰ মাজেদি তেওঁলোকৰ সংস্কৃতিলৈ অহা পৰিৱৰ্তনৰ সম্ভেদ পোৱা যায়৷ কিয়নো লোকসাহিত্য একোটা গোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক উপাদান বিশেষেই নহয়, গোষ্ঠীটোৰ দাপোন স্বৰূপো৷ ১০ ক
বড়ো জনগোষ্ঠীৰো লোক-সাহিত্য বা খুগা থুনলাই [খুগা- মুখ, থুনলাই- সাহিত্য; অৰ্থাৎ মৌখিক সাহিত্য]ৰ চহকী পৰম্পৰা আছে৷ ইয়াৰ যোগেদি বড়োসকলৰ সমাজ জীৱনৰ ধ্যানধাৰণা প্ৰতিফলিত হৈ আহিছে৷ সাধাৰণতে দৃষ্টিগোচৰ হোৱা লোক-সাহিত্যৰ উপশ্ৰেণীসমূৰ দৰে বড়ো লোক-সাহিত্যৰো কিছুমান উপশ্ৰেণী আছে সেইবোৰ হ’ল-- লোকগীত বা খুগা মেথায়, সাধুকথা বা স’ল বাথা, মন্ত্ৰ বা মৗন্থৗৰ ইত্যাদি৷ লোকসাহিত্যৰ ভেঁটিতেই যে সাহিত্যসমূহৰ উৎপত্তি সেই কথা পণ্ডিতসকলে উল্লেখ কৰি গৈছে৷ লোকসাহিত্যই লোকজীৱনৰ অভিজ্ঞতা, আৱেগ-অনুভূতি ইত্যাদি দিশসমূহৰ প্ৰকাশ কৰে৷ মুখে মুখে প্ৰবাহিত হোৱা লোকসাহিত্যই লোকসমাজৰ বহুবোৰ দিশ প্ৰকাশ কৰে৷ ফলস্বৰূপে লোকসাহিত্য অধ্যয়নৰ মাজেৰে বিশেষ সমাজ একোখনৰ স্বৰূপ সম্পৰ্কে জ্ঞাত হ’ব পাৰি৷
লিখিত সাহিত্য পৰম্পৰাৰ আগৰেপৰাই ৰচিত হোৱা লোকসাহিত্যত নিহিত হৈ থাকে অজান কবিৰ অভিজ্ঞতা পুষ্ট কিছুমান প্ৰসংগ৷ এই প্ৰসংগসমূহ লোকসমাজখনৰ মাজত প্ৰচলিত হৈ সাৰ্বজনীন ৰূপ লাভ কৰে৷ বড়ো সমাজক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বড়ো লোকসাহিত্য৷ গতিকে বড়ো লোকসাহিত্যই বড়ো সমাজখনৰো স্বৰূপ প্ৰকাশ কৰাৰ দিশত সামগ্ৰীক লোকসাহিত্যৰ সৈতে ব্যতিক্ৰম নহয়৷ আলোচনাৰ পৰিসৰলৈ লক্ষ্য ৰাখি বড়ো লোকসাহিত্যৰ আটাইবোৰ দিশ আলোচনা নকৰি এই আলোচনাত কেৱল বড়ো লোকসাহিত্যৰ কিয়দাংশ হিচাপে বড়ো লোকগীতসমূৰহে আলোকপাত কৰা হ’ব৷ এই লোকগীতসমূহে বড়ো সমাজখনৰ বহুবোৰ দিশ প্ৰকাশ কৰি আহিছে৷
বড়ো লোকগীত
মৌখিকৰূপত পৰম্পৰাগতভাৱে যিবোৰ গীত বা উক্তি প্ৰচলিত হৈ আহিছে সেইবোৰেই হ’ল লোকগীত৷ লোকসংগীত লোকজীৱনৰ লগত সবৰ্দা সম্পৰ্কিত৷ অতি প্ৰাচীন কালৰে পৰা মানুহৰ মনৰ অনুভূতিবোৰ ছন্দোময়ৰূপত মুখ বাগৰি প্ৰচলিত হৈ আহিছে আৰু কালক্ৰমত ছন্দোময় প্ৰকাশ পৰিশীলিত হৈ তাল,মান, লয়েৰে সুশৃংখলিত হৈ লোকসংগীত হিচাপে পৰিচিতি লাভ কৰিছে৷ লোকসংগীতত লোকজীৱনৰ সামগ্ৰিক স্বৰূপ প্ৰতিফলিত হয়৷ সেয়ে লোকগীতৰ মাজত যৌথ সমাজ জীৱন, জীৱন সংগ্ৰাম, কৃষি উৎপাদনৰ আকাংক্ষা আদিয়ে মূল উপজীৱ্য হিচাপে ধৰা দিয়ে৷ লোকসংগীত যুগ নিৰপেক্ষ; ই কেতিয়া আৰু কাৰ দ্বাৰা ৰচিত হৈছিল সেয়া জনা নাযায়৷ লোকজীৱনৰ পৰম্পৰাপ্ৰীতিৰ বাবে লোকগীতসমূহ জীৱন্ত হৈ থাকে৷ ১১
বডে.াভাষাত লোকগীতক খুগামেথায় বা সুবুংমেথায় বোলা হয়৷ খুগামেথায় [খুগা - মুখ, মেথায় - গীত]ৰ অৰ্থ মৌখিক গীত আৰু সুবুংমেথায় [সুবুং- জন বা লোক]ৰ অৰ্থ জনগীত বা লোকগীত৷ বডে.া লোকসমাজত লোকগীতসমূহ পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে৷ এই লোকগীতসমূহৰ মাজেৰে বডে.া লোকসকমাজত প্ৰচলিত বিভিন্ন উৎসৱ-পাবৰ্ণ, দৈনন্দিন ক্ৰিয়া-কৰ্ম, ধম¹য় ৰীতি-নীতি, জনবিশ্বাস, ঐতিসাসিক ঘটনা প্ৰবাহ আদিৰ প্ৰতিফলন ঘটি আহিছে বুলি ক’ব পাৰি৷ সেয়ে বডে.ালোকগীতসমূহক আলোচনাৰ সুবিধাৰ্থে প্ৰধানকৈ ধম¹য় অনুষংগ বা আচাৰ-নীতিৰ সেতে সম্পৰ্কযুক্ত গীত, উৎসৱ অনুষ্ঠানৰ গীত, জীৱন চক্ৰৰ বিভিন্ন পৰ্যায়ত গোৱা গীত, নিচুকনী গীত, কৰ্ম গীত, বেলাড আদিৰ উপশ্ৰেণীত ভাগ কৰিব পাৰি৷ ১২
ধৰ্মীয় অনুষংগ বা আচাৰ-নীতিৰ সৈতে সম্পৰ্কযুক্ত গীত
বডে.াসমাজত পৰম্পৰাগতভাৱে প্ৰলিত ধৰ্ম হ’ল- বাথৌ ধৰ্ম৷ এই ধৰ্মত বিভিন্ন দেৱ-দেৱীৰ পূজা কৰাৰ পৰম্পৰা আছে যদিও ঘাই দেৱতা হিচাপে বাথৌব্ৰাই বা শিব্ৰাইক আৰাধনা কৰা হয়৷ বাথৌব্ৰাই বা আন দেৱ-দেৱীক আৰাধনা কৰিবলৈ আয়োজন কৰা অনুষ্ঠানসমূহক বডে.াসকলে খেৰাই বুলি অভিহিত কৰে৷ খেৰাই বডে.াসকলৰ প্ৰধান ধম¹য় উৎসৱ৷ খেৰাইৰ অৰ্থ হ’ল পূজা৷ খেৰাইত মন্ত্ৰ আৰু গীত গোৱা হয়৷ খেৰাইৰ মন্ত্ৰ আৰু গীতসমূহ ভক্তি তথা আধ্যাত্মিক ভাৱপুষ্ট৷ বছৰটোত বডে.াসকলে মূলত চাৰিটা খেৰাই পাতে৷ সেইকেইটা হ’ল--
ন’নি খেৰাই -- বডে.াসকলে গাইগুটিয়াকৈ পৰিয়ালৰ মঙ্গলাথে এই খেৰাই পাতে৷
মাইনাও [লক্ষী] খেৰাই -- লক্ষ্মীদেৱীক আৰাধনা কৰিবলৈ মাইনাও খেৰাই পতা হয়৷ কাতিমাহৰ প্ৰথম সপ্তাহত সমূহীয়াকৈ এইউৎসৱ পালন কৰে৷
ওমৰাও খেৰাই বা আমথিচোৱা -- শস্য উৎপাদনৰ লগত সংগতি ৰাখি আহাৰ মাহত এই খেৰাই পতা হয়৷
ফালৗ খেৰাই -- বাথৌব্ৰাইৰ জন্মদিন হিচাপে মাঘ মাহৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়৷
উল্লিখিত খেৰাইসমূহৰ উপৰিও বডে.াসমাজত গাৰ্জা নামৰ আন এক ধম¹য় উৎসৱ পৰম্পৰাগতভাৱে প্ৰচসিত হৈ অহা দেখা যায়৷ খেৰাই আৰু গাৰ্জাত পৰিৱেশন কৰা গীতসমূহ অধ্যাত্মিক ভাৱ সম্পন্ন আৰু ধম¹য় অনুষঙ্গ, ৰীতি-নীতিৰে সংপৃক্ত৷ বডে.াসকলৰ ধম¹য় উৎসৱসমূহত দেৱ-দেৱীৰ বাবে আসন আৰু আসনত নৈবেদ্য, ভোগ আদি ৰাইজৰ মাজৰে যিকোনো এজন ওজাই প্ৰথমে মন্ত্ৰ মাতি পূজাৰ কাম সমাধা কৰে৷ পূজাত উপস্থিত থকা বাকী লোকসকলে ওজাৰ পিছে পিছে মন্ত্ৰসমূহ মাতিবলৈ আৰম্ভ কৰে৷ সেই একেদৰেই ধম¹য় গীতসমূহো গোৱা হয়৷ ধৰ্মীয় অনুষ্ঠান অনুসৰি মন্ত্ৰ-গীতসমূহ বেলেগ হয়৷
তলত বাথৌ পূজাৰ তেনে এক মন্ত্ৰ-গীতৰ উদাহৰণ দিয়া হ’ল --
আয়ফৗই, ফৗই, আফা ফৗই,
জৗংনি খৰোনি জাংছিখৌ বৗগাৰফৗই৷
ছিজৌনি ছিৰা ছিৰবা
বাথৌবা বান্দৗবা
থায়গিৰ বিখঙা খংবা
মৗন ছিং ছিং বৗড.াইনি
আছাৰবৗ ফংবা৷
আয় থৗইদৗং আয়খৌ গাৰদৗং
আফায়া থৗইদৗং আফাখৌ গাৰদৗং
থেওবৗ বৗৰাই বাথৌ মাহাৰাজখৌ
ফুজিনৗ গাৰাখৗই জৗংয়ৗ৷...
[অৰ্থ ঃ ঐ, আই আহিবা, পিতা আহিবা৷ আমাৰ মূৰৰ জেং জাবৰবোৰ পেলাই দিয়াহি৷ শিজু গছৰ শিৰো পাঁচ শিৰ, আমাৰ বাথৌৰো পাঁচ বান্ধ, ঔফলৰ খোলাও পাঁচ খোলা, মৗন ছিং ছিং [বাথৌ] বুঢ.াৰ আচাৰো পাঁচ প্ৰকাৰৰ৷ আই মৰিছে আইক পেলাইছোঁ, পিতাই মৰিছে পিতাইক পেলাইছোঁ, তথাপিও বুঢ.া বাথৌ মহাৰাজক পূজিব এৰা নাই আমি৷] ১৩
উৎসৱ-অনুষ্ঠানাদিৰ গীত
বডে.াসমাজত প্ৰচলিত উৎসৱ অনুষ্ঠানাদিৰ গীত-মাতসমূহৰ গুৰুত্ব অপৰিসীম৷ এই শ্ৰেণীৰ গীতসমূহৰ মাজত বডে.াসমাজৰ সুখ-দুখ, হাঁহি-কন্দোন, সামাজিক ৰীতি-নীতি, নীতি শিক্ষা, কৰ্ম-জীৱন আদিৰ সম্ভেদ পোৱা যায়৷ উৎসৱ অনুষ্ঠানাদিৰ গীত-মাত বুলিলে Ùতুকালীন কৃষি উৎসৱ যেনে বৈশাগু, মাগৗদমাছি [মাঘ বিহু] আদি গীতসমূহৰ কথা উল্লেখ কৰিব পাৰি৷
[ক] ব’হাগ বিহুৰ গীতþ [বৈশাগু মেথায়]
বডে.াসকলৰ Ùতুকালীন উৎসৱসমূহৰ ভিতৰত বৈশাগু অন্যতম৷ বৈশাগু বা ব’হাগ যৌৱনৰ ৰং-ধেমালি আৰু বতৰৰ উৎসৱ৷ এই উৎসৱত গোৱ গীতসমূহেই হৈছে বৈশাগু মেথায়৷ ব’হাগ বিহুত থকা সাতবিহুৰ যি ধ্যান-ধাৰণা সেয়া বডে.াসকলৰ বৈশাগুতো প্ৰায় একেধৰণে প্ৰচলিত হোৱা পৰিলক্ষিত হয়৷ বডে.াসকলেও গৰু বিহুৰ পৰা আৰম্ভ কৰি সাতবিহুলৈকে অৰ্থাৎ ব’হাগ মাহৰ প্ৰথম সাত দিন বৈশাগু পালন কৰে৷ ব’হাগৰ প্ৰথম দিনটোত সমাজৰ তথা পৰিয়ালৰ যেষ্ঠ্যজনক সেৱা জনাই, বাথৌ দেৱতাক পূজা কৰি বছৰটো সুকলমে পাৰ হ’বৰ বাবে আৰ্শীবাদ লয়৷ তাৰ পাছত বড়ো ডেকা-গাভৰুসকলে বৈশাগু মাগিব [হুঁচৰি গাব]ওলাই যায়৷ বৈশাগুত খ্ৰাম, চিফুং, জথা, ছেৰজা, গংগণা আদি বাদ্য বজাই, গীত গায় ডেকা-গভৰুসকলোৱে মিলি ৰং-ধেমালি কৰে৷ বৈশাগুত গোৱা গীতসমূহ প্ৰেম আৰু যৌৱনৱৰ আকৃত্ৰিম অভিব্যক্তি৷ অৱশ্যে গৰু বিহু দিনা গৰুৰ মংগল কামনা কৰি গোৱ গীত, নতুন বছৰক আদৰি গোৱা গীত আদিও বৈশাগু মেথায়ৰ অন্যতম অংগ৷ বৈশাগুৰ বতৰত ডেকা গাভৰুৱে নতুন বছৰক আদৰি নাচি নাচি এইদৰে গায় --
বৈশাগু বৈশাগু বৈশাগু
চৌফৗইলায়বাই বৈশাগু বৗথৗৰা
চৌফৗইলায়বাই আফা
বৰ’ হাৰিনি আংগৗ মহৰ
বৈশাগু বৗথৗৰা চৌফৗইলায়বাই৷৷
[ব’হাগৰ বতৰ আহি পালেহি, আহি পালেহি দেউতা, বড়োসকলৰ হিয়াৰ আপোন, ব’হাগৰ বতৰ আহি পালেহি...]
বৈচাগু মেথায়ৰ সৰহ সংখ্যকেই প্ৰেম-প্ৰণয় সূচক৷ উদ্দাম যৌৱনৰ মনোভাৱ বৈচাগু বতৰতে ডেকা-গাভৰুৱে বিনিময় কৰে৷ তেনে এটি গীত হ’ল --
ছেংগ্ৰা [ডকা] ঃ হাজৗ খৰোনি হলোলখা
আংজৗং ৰায়জৗ জাগৗনা নং লখা৷
ছিখvা [গাভৰু] ঃ আদা হাথায় ছালিনি
থাও দিংগ্ৰিলো নৗং বায়খা
আছান মুঠা গৗজৗং
লৗ’লো নৗং দৗনখা৷৷ ১৪
[ডেকা ঃ ওখ পাহাৰৰ হলোলখা [শাক], মোৰ লগত সংসাৰ পাতিবলগা তুমিয়ে মাত্ৰ৷ গাভৰু ঃ হাট বজাৰৰ তেলৰ বটল, তুমি কিনি ৰাখিবা, মুঠিখাৰু, উজ্জ্বল মালা তুমি ৰাখিবা৷]
ইয়াৰ উপৰিও বৈশাগু গীত সমূহৰ মাজেৰে দৈনন্দিন জীৱনৰ হাঁহি-কন্দোন, হা-সূতাহ, হুমুনিয়া আদিও প্ৰকাশ পায়৷
[খ] মাঘ বিহু [মাগৗদমাছি]
মাঘ বিহু বা মাগৗ দমাছি বডে.াসকলৰ এক লেখত লব’লগীয়া লোকউৎসৱ৷ এই উৎসৱ পৰম্পৰাগত ৰীতি-নীতিৰে তেওঁলোকে পালন কৰে৷ এই উৎসৱত গৰখীয়াসকলৰ ভূমিকা অললপ বেছি৷ গৰখীয়াসকলেই মাঘ বিহুৰ ভেলাঘৰ [বেলাগুৰ] সজা, প্ৰীতি ভোজ খোৱা [লাওখাৰ ওংনায় য়ৗংখাম] আদি কাৰ্য এই উৎসৱৰ লগত সংগতি ৰাখি সাধিত কৰে৷ ৰাতিপুৱা ভেলাঘৰ জ্বলাই আৰু সেই জুইক সাক্ষী হিচাপে লৈ তেওঁলোকে ৰাইজৰ মংগলাৰ্থে সমস্বৰে প্ৰৰ্থনা জনায়৷
জৈ জৈ জৈ
জৌংনি লাগৗনি জৈ
[অৰ্থ ঃ জয় জয় জয়, আমাৰ সকলোৰে জয়]
......................................
খৗলানি ৰোগ বিয়াদি খৗলাহা থাংথৗং,
ছৗনাব্নি ৰোগ বিয়াদি ছৗনাব্হা থাংথৗং৷
ছাহানি ৰোগ বিয়াদি ছাহা থাংথৗং
ছানজানি ৰোগ বিয়াদি ছানজাহা থাৗথৗং
জৗংনি লাগৗয়া মায়ৈ দৈয়ৈ জৈ জৈ মৈ মৈ জাথৗং৷
[অৰ্থ ঃ দক্ষিণ ফালৰ ৰোগব্যাধি দক্ষিণ ফালে যাওক, পশ্চিমফালৰ ৰোগব্যাধি পশ্চিমফালে যাওক, উত্তৰফালৰ ৰোগব্যাধি উত্তৰফালে যাওক, পূবফালৰ ৰোগব্যাধি পূবফালে যাওক, গাওঁৰ সকলোৰে ধনে ধানে জয় জয় ময় ময় হওক৷] ১৫
এই সকলো কাৰ্য সমাপন কৰাৰ পাছত ডেকাসকলে [বিশেষকৈ গৰখীয়া সকলে বছৰজোৰ গৰখীয়াৰ দায়িত্বৰ পৰা অব্যাহতি পোৱাৰ আনন্দত] গাওঁৰ ঘৰে ঘৰে জলপান খাবলৈ ওলাই যায় আৰু গাভৰু ছোৱালী থকা ঘৰত কিছুমান ধেমেলীয়া গীত গায়৷ এনে গীতৰ লগত প্ৰণয়ৰ ভাৱভংগীও নিহিত হৈ থকা দেখা যায়৷ এই গীতবোৰ জোৰা নামৰ দৰে বুলি ক’ব পাৰি৷
ছিখvা [গাভৰn]¸ ঃ উখুম বেছানি খাংখোমা,
হে দৗহৗৰৗম আয় লিংগ্ৰিখৌছৗ
লাংগৗন খৗমা৷
[অৰ্থ ঃ চালৰ বেছাৰ পইতাচোঁৰা
হে ভগবান আই লেঙেৰীকহে
নিব হ’বলা৷]
ছেংগ্ৰা [ডেকা] ঃ ছৗই... ছৗই... ছৗইমা দাদুৰি ৰি... ৰি... ৰি...
দৰ ফাংথে ফাংথে খনা লায়ৗই লায়ৗই
ছালিফ্ৰা উন্দু গাদুৰি
ছালিফ্ৰা উন্দু গাদুৰি৷
[অৰ্থ ঃ ছৈ... ছৈ... খৰেখোৱ
দুৱাগ জপাই জপাই চুক লৈ লৈ
ছালীহঁত ‘ঘুমাই গাদুৰি’
ছালীহঁত ‘ঘুমাই গাদুৰি’৷]১৬
জীৱন চক্ৰৰ বিভিন্ন পৰ্যায়ত গোৱা গীত
[ক] কৰ্ম গীত
বড়ো সমাজত শ্ৰমভিত্তিক বৰ্ণ বা বৰ্গীকৰণ প্ৰথা নাই যদিও বিভিন্ন শ্ৰমক কেন্দ্ৰ কৰি গোৱা কিছুমান গীত শুনিবলৈ পোৱা যায়৷ বড়ো বাষাত প্ৰচলিত তেনে কৰ্ম গীত কিছুমান হ’ল-- কৃষি কৰ্মৰ সৈতে জড়িত গীত, খৰিকটীয়াৰ গীত, শাক তুলিবলৈ যাওঁতে গোৱা গীত, শিপিনীয়ে গোৱা গীত, গৰখীয়াই গোৱা গীত আদি বিশেষভাৱে উল্লেখযোগ্য৷
বড়োসকলৰ জীৱন প্ৰণালী মূলত কৃষি কেন্দ্ৰিক৷ কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা বাবে বড়ো সমাজত কৃষি কেন্দ্ৰিক উৎসৱ অনুষ্ঠান আদি পৰম্পৰাগতভাৱে পালন কৰা দেখা যায়৷ এনে অনুষ্ঠানৰ লগত সম্পৰ্ক ৰাখি মন্ত্ৰ-গীত গোৱা হয়৷ বড়োসকলে কিদৰে কৃষি কৰ্ম কৰিবলৈ শিকিলে বা কাৰ নিৰ্দেশত ধৰাৰ বুকুত কৃষিকৰ্ম কৰিবলৈ [ধান খেতি কৰিবলৈ] সুবিধা পালে ইত্যাদি বিভিন্ন লোককথা বড়োসমাজত মুখে মুখে প্ৰচলিত হৈ আহিছে৷ তেনে গোটচেৰেক কাহিনীৰ লগত ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে৷ এনে বিশ্বাসৰ ভিত্তিতে তেওঁলোকে লক্ষীপূজা বা মাইনাও খেৰাই, ওমৰাও খেৰাই বা আমথিচোৱা পাতে৷
তদুপৰি কৃষি কৰ্মৰ বাবে বতৰৰ সুবিধা তথা মাটিৰ গুণাগুণ জনা অতিব প্ৰয়োজনীয়৷ বিশেষকৈ ধানখেতিৰ বেলিকা যদি সেয়া ভালদৰে আয়ত্ব কৰি লোৱা নহয় তেনেহলে ধান খেতি কৰি লোকচান হোৱাৰ সম্ভাৱনা অতি বেছি৷ কৃষি কৰ্মৰ লগত জড়ি এনে এক লোকগীতৰ উদাহৰণ তলত উল্লেখ কৰা হ’ল--
হালাদৗংমৗন আগিনি খনা,
মৗছৌ লাদৗংমৗন গং মেনা মেনা,
জামফাই দাৰিয়া দাৰিয়া মায় গায়নায়া৷
দাও জালাংবাই অমা জালাংবাই
মাখৌ জাবাওনৗ আলং লৗই
মাখৌ জাবাওনৗ আলং লৗই৷৷
[অৰ্থ ঃ মাটি লৈছিলো অগ্নিকোণাত, গৰু লৈছিলো শিঙাল, ডোঙাৰ কাণে কাণে ৰোৱা ধানবোৰ চৰাই চিৰিকটি গাহৰিয়ে খাই গ’ল, এতিয়া কি খাবা আলং [মৰমৰ মানুহজনী]৷ ১৭
আৰ্থিক সংস্থানৰ বাবে খেতিৰ বাহিৰেও অন্যান্য বৃত্তিত বড়োসকল জড়িত হ’ব লগা হৈছিল৷ কাঠৰ ব্যৱসায় তেনে এক বৃত্তিৰ অন্যতম নিদৰ্শন৷ তাৰ উমান তলত উল্লেখ কৰা শ্ৰমকেন্দ্ৰিক গীতটোৰ পৰা পাব পাৰি --
ছিখvা [গাভৰn]¸ ঃ অ’ আদা... আদা... ফৰ্বজোৰাও
বংফাং দান্নৗ থাংবৗলা
ফৈছা মৗনবৗলা,
ছাল, মাকো, গান্দাই, দান্না লাবৗ;
লাবৗ, আদা ফাব নাংগৗন হাই৷
[অৰ্থ ঃ অ’ ককাই.. পৰ্বতৰ ঝাৰণিত গছ কাটি পইচা পালে মোৰ কাৰণে শাল, মাকো, তুলুথা [গান্দাই] কাটি লৈ আহিবা৷ নহ’লে পাপে চুব৷]
ছেংগ্ৰা [ডেকা] ঃ দে লাবৗগৗন আগৗই বিবৗনাং গদায়,
দে লাবৗগৗন আগৗই বিবৗনাং গদায়৷
মায়ব্ৰানি জুমায়
নাগৗৰান, বেদৰগৗৰান
দৗনখা, দৗনখা নৗং
আগৗই বিবৗনাং গদায়৷৷
[অৰ্থ ঃ বাৰু লৈ আহিম সোণাই৷ বৰাধানৰ মদ, শুকান মঙহ, শুকান মাছ থৈ দিবা মোৰ কাৰণে তুমি৷]১৮
পূৰ্বৰে পৰা মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে জীৱন ধাৰণ কৰি আহিছে৷ খাদ্য-সম্ভাৰৰ আহৰণ তাৰ ব্যতিক্ৰম নহয়৷ জাকপাতি মাছ মাৰি বা চিকাৰ কৰি নাইবা শাক-পাত তুলি খায়৷ শাক তুলা তেনে এক গীত হ’ল--
ছিখvা [গাভৰn]¸ ঃ ঐ লেফৰ... ঐ লেফৰ
লেফৰ হাই
ফৈ হাই জৗংহা দৗইছা ছেৰাও
থাছ বিছং মেগং খাহৗনৗ৷৷
[অৰ্থ ঃ অ’ লগৰীহঁত আহা... আমি সকলোৱে জুৰিটিৰ কাণত থকা কছু ঠুৰি, শাক বুটলোগৈ৷]
বড়ো শিপিনীসকলৰ বোৱা কটা শিল্পক কেন্দ্ৰ কৰি বহুতো গীত ৰচিত হৈছে৷ তলৰ গীতটিৰ মাজেৰে বড়ো শিপিনীৰ কৰ্ম দক্ষতাৰ চিনাকি পোৱা যায় --
দেহাই লৗগৗ বিমা বুৰৈনি
দানায় লুনায় আখায় খৌ সৗলৗংদিনি
আগৰ এৰৈ এৰৈ বয়নিবৗ সিগাঙাও
খিন্থানি লৗগৗ খিন্থানি৷৷
[অৰ্থ ঃ ব’লা লগৰী, বুঢ়ী আইৰ পৰা বোৱা কটা, ফুল বছা শিকি লওঁগৈ ব’লা, ফুলৰ চানেকিসমূহ সকলোকে দেখুৱাওঁগৈ ব’ল৷] ১৯
[খ] বিয়া নাম বা (হাবা মেথায়]
বড়োসমাজত কেইবাটাও প্ৰকাৰৰ বিবাহ কাৰ্য সাধিত হয়৷ সেইবোৰ হ’স সমাজৰ দস্তুৰমতে নিয়ম কানুনৰ ভিতৰেদি ছোৱালী চাই কৰোৱা বিয়া, গা-যাচি সোমোৱা বিয়া, ফুচুলাই নি বিয়া কৰোৱা, টানি নি বিয়া কৰোৱা, ঘৰজোঁৱাই থাকি বিয়া কৰোৱা আদি৷ৰৰ উল্লিখিত বিবাহসমূহত ধৰ্মীয় ৰীতি-নীতি বিশেষৰ মাজেৰে সাধন হয়৷ তদুপৰি বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি বিয়া নাম বা হাবা মেথায় কিছুমানো গোৱা হয়৷ এই গীতসমূহ মূলত প্ৰকাৰ্যমূলক আৰু বিবাহ অনুষ্ঠানৰ নানা স্তৰত এই গীতসমূহ পৰিৱেশন কৰা হয়৷ কেতবোৰ বিয়ানাম অসমীয়া খিছা গীতৰ নিচিনা৷ এনে গীতত কেতিয়াবা দৰাক আৰু তাৰ প্ৰত্যুত্তৰৰূপে কইনাক জোকাই বিয়ানাম গোৱা হয়৷২০ কেতিয়াবা কইনাৰ সখীয়েক বা লগৰীয়া [বৈৰাথি]ক জোকাই গীত গোৱা হয় --
ঐ বৈৰাথি ললিয়া
নৗংনি বাবাংছিন গয় খাওনায়খৗ
জৗংলায় জালিয়া ঐ জালিয়া৷৷
[অৰ্থ ঃ হেৰা বৈৰাথি; কাটোঁ নেকাটোঁ কটা তোমাৰ হাতৰ তামোলখনি আমি নেখাওঁ]
কইনাক বিদায় দিয়াৰ সময়ত গোৱা বিয়ানাম বা হাবা মেথায়বোৰ সূক্ষ্ম অনুভূতিপূৰ্ণ, উপদেশমূলক আৰু হূদয়বিদাৰক৷ এইচোৱা সময়ত কইনাৰ সখীয়েক আত্মীয় বান্ধৱসকলে গোৱা তেনে এক গীতৰ নিদৰ্শন তলত উল্লেখ কৰা হ’ল --
আঠিং গাজৗৱ হাথায় অৰজৗৱ
আখায়নি ফাওয়া জায়াখৗই
আঠিংনি ফাওয়া জায়াখৗই
ৰায়জৗ ফাথালখৌ জাহৗইদৗ আয়ৗই
জাহৗইদৗ৷
খাইজিমা থৗবৗ খৌদৗই জৗং
মানসিয়া থায়ৗ গো গিয়াথিজৗং
দাগাবছৗই আয়ৗই দাগাবছৗই৷৷
[অৰ্থ ঃ ভৰিৰ খোজ সমানে দিবা, সমানে মিলি চলিবা৷ তালমান সকলো মিলাই সংসাৰ তৰাই খাবা আই৷ আমলৰি পৰুৱাই লালতিৰে টোপ বান্ধি সমিলমিলে থাকে, মানুহেও থাকে গো-জ্ঞাতি লৈ, নাকান্দিবা আই নাকান্দিবা৷] ২১
[গ] শিশু আৰু চেমনীয়াৰ গীত ঃ
সৰু ল’ৰা ছোৱালীক ওমলাবলৈ আৰু ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰোঁতে গোৱা ভালেখিনি গীত বড়োসমাজত প্ৰচলিত হৈ আছে৷ এনেধৰণৰ গীতৰ মাজেৰে শিশুৰ কল্পনা, সৰলতা আৰু ধেমালি আদি দিশবোৰৰ প্ৰতিফলন ঘটে৷ শিশুক ওমলাবলৈ বা নিচুকাবলৈ গোৱা গীতক বড়োসকলে গথ’ বুৰখায়নায় মেথায় বুলি কয়৷ তেনে
এটি গীত হ’ল --ঐ দুদু ফৈ ফৈঐ দুদু ফৈনৗং ফৈয়াবৗলা থালিৰ থাইছে হৰথালিৰ থাইছে হৰাবৗলা থালিৰ থাইনৈ হৰ৷[আহাঁ জোনবাই আহাঁ, তুমি যদি আহিব নোৱাৰা কল এটাকে দিয়া, এটা কল দিব নোৱাৰা যদি দুটা কল দিয়া৷]২২ ল’ৰা-ছোৱালীবিলাকৰ মাজত ধোপ, পানীখেল [গা ধওঁতে খেলা], ঘিলা, কইনা-দৰা আদি খেল-ধেমালিৰ কেইবা প্ৰাকাৰো গীত আৰু যোজনা আছে৷ এনে গীতবোৰ কেৱল ছন্দোবদ্ধহে তাত বিশেষ অৰ্থ বিচাৰি পোৱা নাযায়৷ খেলৰ গতি বা ছন্দৰ সৈতে তাল মিলাই এই গীতবোৰ গোৱা হয়৷ যেনে --আছৌ বিছৌ গাি¥্ৰ¤ বিছৌছালদাং মাদাং আওৱা দাংজুজায় ফানেও ছি}ংছায় গো৷৷ ২৩চ্ছ্ৰ বেলাড বা মালিতা [জৗহৗলাউ মেথায় ] ঃ জৗহৗলাউ মেথায় বা বেলাড বড়ো লোকগীতত বৰ বিশেষ পাবলৈ নাই৷ লোকগীতৰ সংগ্ৰহ আৰু সংৰক্ষণৰ অভাৱত এই শ্ৰেণী লোকগীত প্ৰায় নোহোৱা হৈ গৈছে৷ তথাপিও ইয়াৰ প্ৰাপ্ত গীতসমূহৰ ওপৰত ভিত্তি কৰি বেলাডসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি– ক] নৈদানিক মালিতা [Etiological Ballad] খ] ঐতিহাসিক মালিতা [Historical Ballad] গ] জনশ্ৰুতিমূলক মালিতা [Legendary Ballad]
ক] নৈদানিক মালিতা [Etiological Ballad] ঃ বড়ো লোকসমাজত প্ৰচলিত জগত সৃষ্টি বিভিন্ন বস্তু উৎপত্তি আদিৰ লগত জৰিত লোকবিশ্বাসৰ ভিত্তিত ৰচনা হোৱা এক শ্ৰেণী মালিতা পোৱা যায়৷ যাক নৈদানিক মালিতা [Etiological Ballad] বুলি অভিহিত কৰা হয়৷ লোকবিশ্বাস মতে দেৱতাসকলেই জগতৰ সকলোবোৰ বস্তু সৃষ্টি কৰিছে৷ সেয়ে দেৱতা সকলক কেন্দ্ৰ কৰিয়ে বিভিন পূজা-পাতল কৰা হয়৷ ধৰ্মীয় অনুষংগ নিহিত হৈ থকা কাহিনী গীতসমূহত মূলত জগত সৃষ্টি, ঈশ্বৰ [বাথৌ বৗৰায়] আৰু অন্যান্য দেৱ-দেৱী সম্পৰ্কীয়৷ সেয়ে এইশ্ৰেণীৰ কাহিনীগীতসমূহ আৰজ [প্ৰাৰ্থনা]ৰ লগত সংপৃক্ত হৈ আছে৷ সামগ্ৰীকভাৱে এই পূজা-পাতল সম্বন্ধীয় কথাক লৈ বড়ো সমাজত কিছুমান মালিতা বা বেলাড চৰ্চিত হোৱা দেখা যায়৷খ] ঐতিহাসিক মালিতা [Historical Ballad] ঃ কোনো এক ঐতিহাসিক ঘটনাৰ আধাৰতেই ঐতিহাসিক মালিতা ৰচিত হয়৷ এই মালিতাত বীৰত্বপূৰ্ণ কোনো নায়ক বা নায়িকাৰ জয় গান গোৱা হয়৷ বড়োসকলৰ তেনে ঐতিহাসিক বীৰ পুৰুষ বা নাৰীৰ [বাসিৰাম জৗহৗলাও, গাম্বাৰী চিখ্লা, থেং ফাখ্ৰি, বিৰগ’স্ৰি, জৗহৗলাও দৈমালু আদি] কৃতিত্বক কেন্দ্ৰ কৰি ৰচনা কৰা কাহিনী গীত গোটচেৰেক বড়ো লোকগীতত পোৱা যায়৷ এনে এক কাহিনীগীত হ’ল–
গ’ৰায়া দাব্ৰায়দৗ
বাসিৰাম জৗহৗলাও
গংগাৰ সুবাআ ফৈলাইগৌ
আখ্ৰায়া বুগদাও বাসিৰাম জৗহৗলাও
গংগাৰ সুবাআ শৈলাইগৌ
[ঘোঁৰা দৌৰোৱা বেগেৰে, বীৰ বাসিৰাম, ভূটিয়া সেনা পালেহি, আখ্ৰায় [অস্ত্ৰ] চলোৱা তীব্ৰ গতিৰে, ভূটিয়া সেনা পালেহি]২৪
গ] মিথ বা পুৰাকথা [Legendary Ballad] আশ্ৰিত বেলাড বৰ বড়ো বেলাডত বেছি পাবলৈ নাই৷ সংগ্ৰহ তথা চৰ্চাৰ অভাৱত প্ৰায়খিনি বেলাড হেৰাই গ’ল৷২৫
[আ] বড়ো লিখিত সাহিত্য ঃ
একবিংশ শতিকাৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্যৰ অন্যতম সাহিত্য হ’ল বড়ো সাহিত্য৷ মৌখিক সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট চহকী যদিও লিখিত সাহিত্যৰ ক্ষেত্ৰত ইয়াৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ বিংশ শতিকাৰ আৰম্ভণিৰপৰাহে বড়ো লিখিত সাহিত্যই সৰ্বভাৰতীয় প্ৰেক্ষাপটত পৰিচয় লাভ কৰি বৰ্তমান নিজস্ব আসন দখল কৰিবলৈ সক্ষম হৈছে৷
ঊনবিংশ শতিকাত অসমলৈ অহা খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ প্ৰচেষ্টাতেই বড়ো ভাষা-সাহিত্যই লিখিত ৰূপ পৰিগ্ৰহ কৰে৷ মিছনেৰী চাহাব ৰেভাৰেণ্ড চিডনি এণ্ডেলে ১৮৮৪ চনত ‘An Outline Grammar of The Kachari Language’ নামৰ গ্ৰন্থখনৰ যোগেদি ৰোমান লিপিত বড়ো ভাষাৰ চানেকি দাঙি ধৰে৷ এই গ্ৰন্থখনকে বড়ো ভাষা সম্পৰ্কে ৰচিত প্ৰথম প্ৰকাশিত গ্ৰন্থ বুলি গণ্য কৰা হয়৷চ্ছ মিচনেৰীসকলে আৰম্ভ কৰা বড়ো ভাষাৰ চৰ্চাৰ পিছৰ পৰাই বড়ো সাহিত্যৰ বিকাশ হ’বলৈ ধৰে৷ ইয়াৰ উপৰিও মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি ধৰ্ম বিষয়ক গ্ৰন্থ, মৌখিক সাহিত্য বিশেষৰ সংগ্ৰহ কৰি বড়ো ভাষৰ মাধ্যমত প্ৰকাশ কৰিছিল৷ মিছনেৰীসকলৰ এনে প্ৰচেষ্টাই বড়ো ভাষা¸-সাহিত্যৰ লিখিত ৰূপটো প্ৰতিষ্ঠা কৰে৷
বিংশ শতিকাৰ আৰম্ভণিতহে বড়ো লিখিত সাহিত্যই স্বকীয় ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰে বুলি ক’ব পাৰি৷ এই ক্ষেত্ৰত তদানীন্তন সময়ত কটন কলেজত অধ্যয়ন কৰি থকা বড়ো ছাত্ৰসকলৰ ভূমিকা মন কৰিবলগীয়া৷ তেওঁলোকৰ প্ৰচেষ্টাতেই ১৯১৯ চনত ‘বড়ো ছাত্ৰ সন্মিলনী’ৰ প্ৰথমখন আধিৱেশন হয়৷২৭ এই ছাত্ৰ সন্মিলনীৰ উদ্যোগতেই বড়ো ভাষা-সাহিত্যৰ প্ৰথম আলোচনী বিবাৰ [১৯২৫]এ প্ৰকাশ লাভ কৰে৷ ইয়াৰ পৰৱত¹ পৰ্যায়ত বড়ো ভাষা-সাহিত্য বিষয়ক অন্যান্য কিছুমান আলোচনী প্ৰকাশ হ’বলৈ ধৰে৷ তেনে কিছুমান আলোচনী হ’ল– জেনথ’খা [১৯২৫], অলংবাৰ [১৯৩৮], হাথৰ্খিহালা [১৯৪০] আদি৷
বড়ো ছাত্ৰ সন্মিলনী গঠন হোৱাৰ পূৰ্বে কালিচৰণ ব্ৰহ্মই বড়ো সমাজত প্ৰচাৰ কৰা ব্ৰহ্ম ধৰ্ময়ো বড়োসকলৰ মানসত সাহিত্য চেতনা জগাই তোলে৷ এনেধৰণৰ কাৰকৰ বাবেই বিংশ শতিকাৰ অসমৰ সামাজিক, সাংিস্কৃতিক, সাহিত্যিক প্ৰেক্ষাপটত বড়ো সাহিত্যই আধুনিক ৰূপ লাভ কৰে বুলি ক’ব পাৰি৷ মুঠৰ ওপৰত বড়োসকলে নিজৰ জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ ভাষা-সাহিত্যৰ সমৃদ্ধিত ব্ৰতী হ’বলৈ ধৰে আৰু স্বজাতিৰ কলা-সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে অগ্ৰসৰ হৈ ১৯৫২ চনত সাহিত্য সভা গঠন কৰি বড়ো সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰে৷ এই সভাৰ মূল লক্ষ্য উদ্দেশ্য আছিল এনেধৰণৰ–
ক] বড়ো জাতি, ভাষা-সাহিত্য আৰু কলা-সংস্কৃতিৰ উন্নতি সাধন কৰা৷
খ] বড়ো ভাষাক শিক্ষাৰ মাধ্যম ৰূপে প্ৰৱৰ্তন কৰা৷
গ] বড়ো সাহিত্যক এটি আদৰ্শ সাহিত্য হিচাপে মৰ্যাদা প্ৰদান কৰা৷২৮
এই সভাই উন্মোচন কৰি দিয়া পথ অনুসৰণ কৰিয়েই পৰৱত¹ পৰ্যায়ত বড়ো ভাষা-সাহিত্যই পৰিপুষ্টি লাভ কৰিবলৈ সক্ষম হয়৷ অৱধাৰিতভাৱে ১৯৬৩ চনত বড়ো ভাষাই প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰি ১৯৯৬ চনৰ পৰা উচ্ছমান [Major] বিষয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰে৷ বড়ো ভাষাৰ নিজা লিপিৰ সন্দৰ্ভতো বিভিন্ন সমস্যাই দেখা দিছিল; সেয়াও সমাধান কৰে ১৯৭৬ চনত৷ মিছনেৰীসকলে প্ৰচলন কৰা ৰোমান লিপি আৰু অসমীয়া লিপিৰে ভাষা-সাহিত্য চৰ্চা কৰা বড়োসকলে ১৯৭৬ চনৰ পৰা সাংবিধানিকভাৱে ‘দেৱনাগৰী’ লিপি গ্ৰহণ কৰি লিপিৰ সমস্যা দূৰ কৰে৷ ইয়াৰ উপৰিও ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বডে.া সাহিত্য সভা, বি.এল.টি., কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ আলোচনাৰ জডি.য়তে বডে.া ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্তি আৰু ভাৰতীয় ভাষাৰ মযাৰ্দা লাভ কৰে৷২৯
এনেদৰে চালে দেখা যায় যে, বড়ো ভাষা-সাহিত্যই ঊনবিংশ শতিকাৰ শেষৰ দশকত লিখিত ৰূপ লাভ কৰি বিকশিত হৈ [সাহিত্যৰ বিভিন্ন বিধাগত দিশেৰে] বৰ্তমান স্বকীয় ৰূপ পৰিগ্ৰহ কৰিছেহি৷ সেই একেদৰে বিদ্যায়তনিক দিশত প্ৰয়োজনীয় পাঠ্য-পুথি প্ৰণয়নৰ যোগেদিও ভাষা-সাহিত্যক স্বকীয় ৰূপত গঢ় দিবলৈ সক্ষম হৈছে৷
উপসংহাৰ
বড়োসকলৰ সমাজ-সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক৷ এই আলোচনাৰ মাজেৰে কেৱল বড়ো জনগোষ্ঠীটোৰ পৰিচয়সূচক এটি আলোচনাহে আগবঢ়োৱা হ’ল৷ বড়ো জনগোষ্ঠীটোৰ পৰিচয়ৰ লগত সংপৃক্ত হৈ থকা সমাজ, সংস্কৃতি, সাহিত্য এই দিশকেইটাৰ ঐতিহাসিক পৰিক্ৰমাৰ পদ্ধতিগতভাৱে আৰু বিশদভাৱে আলোচনা কৰাৰ যথেষ্ট অৱকাশ আছে৷ সেয়া যি কি নহওক এই আলোচনাৰ পৰা দেখা গ’ল যে, অসমৰ অন্যান্য জনগোষ্ঠী সমূহৰ ভিতৰত বৃহৎ জনগোষ্ঠী হিচাপে পৰিচিত বড়ো জনগোষ্ঠীটোৰ ভাষিক-সাহিত্যিক-সাংস্কৃতিক ক্ষত্ৰখন যথেষ্ট চহকী৷ বড়ো জনগোষ্ঠীৰ এই বৈচিত্ৰময় সংস্কৃতিয়ে সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিকো সমৃদ্ধিশালী কৰি তুলিছে৷
Address
Assistant Professor, Dept of Assamese, Bihpuria College,
Phone
9401108098