top of page

অসমৰ সংবাদ জগতলৈ "আসামবিলাসিনী''ৰ অৱদান

সঞ্জীৱ কুমাৰ দত্ত

Assam Bilashini

   উনবিংশ শতিকাৰ মাজভাগতেই অসমীয়া সংবাদ পত্ৰৰ স্বৰ্নীল যাত্ৰা আৰম্ভ হয় ।১৮৪৬ চনত সুদূৰ সাত সাগৰ তেৰ নৈ পাৰ হৈ অহা আমেৰিকান বেপিষ্ট মিছনেৰী সকলে শিৱসাগৰত ছপাশাল স্হাপন কৰি অসমীয়া বাতৰি কাকত " অৰুণোদই''ৰ প্ৰকাশ কৰে ।আপাততে আমেৰিকাৰ বেপিষ্ট মিছনেৰী সকলে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিলেও ইয়াৰ অন্তৰালত আছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ।মিছনেৰী সকলে প্ৰকাশ কৰা "অৰুণোদয়''ৰ প্ৰথম সংখ্যাত কাকত খনৰ পৰিচয় দিছে এই দৰে --"THE ORUNODOI,A monthly ,devoted to Religion ,Science and General Intelligence '' উক্ত "Religion '' ক খ্ৰীষ্টধৰ্ম বুলিয়েই পণ্ডিত সকলে চিন্তিত কৰিছিল ।"অৰুণোদয় '' কাকতৰ এই ধৰ্ম প্ৰচাৰৰ ফলত সেই সময়ত বহু অসমীয়া খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল ।সেয়হে খ্ৰীষ্টধৰ্ম আগ্ৰাসনৰ পৰা হিন্দু ধর্ম সুৰক্ষাৰ স্বাৰ্থত সত্ৰপীঠ মাজুলীৰ পৰা চিন্তা চৰ্চা আৰম্ভ হৈছিল । ফলশ্ৰুতিত ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ একাদশ গৰাকী বৈকুণ্ঠ গামী সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামী (প্ৰকৃত নাম দেৱদত্ত গোস্বামী ) দেৱৰ উদ্যোগত আৰম্ভ হয় এক নতুন যাত্ৰাৰ । এই জনা আধুনিক মনস্কৰ অধিকাৰে সুদূৰ কলিকতাৰ পৰা ছপাশাল আনি ১৮৭১ চনত মাজুলীৰ দৰে আওহতীয়া স্হান  মাজুলীৰ পৰা প্ৰকাশ কৰিছিল " আসামবিলাসিনী'' সংবাদ পত্ৰ । 

       অসমৰ সংবাদ জগতৰ বাটকটীয়া প্ৰথম জন অসমীয়া হিচাপে দত্ত দেৱ গোস্বামী দেৱৰ অৱদান অসমীয়া সংবাদ সাহিত্যত সদায় চিৰস্মৰণীয় হৈ থাকিব ।      

উল্লেখ্য যে , ১৮৭১ চনত মাজুলীৰ পৰিবেশ পৰিস্থিতি আজি তুলনাত কল্পনাতীত । যাতায়ত যোগা যোগকে ধৰি বিভিন্ন সমস্যাই মাজুলীক জুৰুলা কৰিছিল । প্ৰতিকূল পৰিস্থিতিক প্ৰৱল প্ৰত্যাহ্বান গ্ৰহণ কৰি মাজুলীৰ দৰে অতি পিছপৰা  অঞ্চলৰ পৰা এখন সত্ৰৰ সত্ৰাধিকাৰে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছিল । সেই ফালৰ পৰা "আসামবিলাসিনী''ক অসমীয়া সংবাদ পত্ৰৰ মাইলৰ খুঁটি বুলি কলেও অত্যুক্তি কৰা নহয় । 

      শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ " ধৰ্ম প্ৰকাশ যন্ত্ৰ''ৰ  দ্বাৰা প্ৰকাশিত "আসামবিলাসিনী'' কাকত খন প্ৰকাৰ ক্ষেত্ৰত সত্ৰাধিকাৰ দত্ত দেৱ গোশ্বামীৰ সোঁহাত আছিল সত্ৰ খনৰ পপন্ন বৈষ্ণৱ শ্ৰীধৰ বৰুৱা ওজা । আজিৰ পৰা এশ তেপন্ন বছৰৰ পূৰ্বে অনগ্ৰসৰ মাজুলীৰ পৰা বাতৰি কাকত প্ৰকাশ হোৱাটো আছিল পৰম বিস্ময়কৰ ঘটনা ।বান আৰু গড়াখহনীয়াই জুৰুলা কৰা মাজুলীৰ বহুত ভৰুণ গাঁও ব্ৰহ্মপুত্ৰই ঠিকনা বিহীন কৰিলে ।১৮৮৩ খ্ৰীষ্টাব্দত আউনীআটী সত্ৰ খন মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি স্হানান্তৰিত হ'ব লগা হৈছিল । যাৰ পৰিপেক্ষিতত " অৰুণোদয়'' কাকতৰ ধৰ্মীয় আগ্ৰাসন প্ৰতিৰোধ কৰিবৰ বাবে প্ৰকাশ কৰা "আসামবিলাসিনী '' মাত্ৰ বাৰ বছৰ বয়সতে কাকত খনৰ প্ৰকাশ বন্ধ কৰিবলৈ বাধ্য হয় ।   

  আসামবিলাসিনীৰ প্ৰকাশ বন্ধ হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ প্ৰতিথযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগ দেৱে (অসমীয়া সাহিত্যৰ বুৰঞ্জী , ১৯৩৭)গুৰুত্বপূৰ্ণ মন্তব্য কৰি লিখিছিল " এই কাকত পৰম বৈষ্ণৱ সু পণ্ডিত ঁদত্তদেৱ গোস্বামীৰ এটা সুকীৰ্তি । তথাপি ইয়াৰ বাক্য বিন্যাস প্ৰণালী আৰু প্ৰৱন্ধ বাছনি আদিয়ে সৰ্বসাধাৰণ ঘাইকৈ ডেকাতৰপৰ মনত সন্তোষ দিব পৰা নাছিল ।আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰৱন্ধই ঠাই পোৱাত বয়সীয়াল সকলৰ মনতো এই কাকতে প্ৰতিকুষাৰিয়ে ঠাই পাইছিল ।গতিকে এই কাকতে স্বভাৱতে পৰবৰ্তী " আসাম নিউজ '' আদিলৈ  ঠাই এৰি দিব লগা হৈছিল ''। ৰসৰাজ বেজবৰুৱাই "আসামবিলাসিনী ''ৰ সন্দৰ্ভত তেখেতৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণত (পৃষ্ঠা ৭২)

  এই বুলি লিখিছিল " হেমচন্দ্ৰ বৰুৱাৰ কাপৰ গুণত "আসাম নিউজ '' এ অতি শীঘ্ৰে ওখঠাই অধিকাৰ কৰিলে ।আউনীআটী সত্ৰৰ অধিকাৰ অশেষ গুণসম্পন্ন প্ৰগাঢ় পণ্ডিত পৰম বৈষ্ণৱ দত্ত দেৱ

পুৰুষৰ "আসামবিলাসিনী''ৰ বাক্য বিন্যাস প্ৰণালী , বিষয় নিৰ্বাচন আদি কৰ্মই উঠি অহা শিক্ষিত ডেকাতৰপৰ মন জয় কৰিছিল বুলি ক'ব নোৱাৰি । তাত অনেক সময়ত ব্যক্তিগত আক্ৰমনে ঠাই পোৱাত প্ৰাচীন সকলৰ মনতো যে ,সি যথোচিত সমাদৰৰ ঠাই অধিকাৰ কৰিব পাৰিছিল এনে নহয় । অন্যহাতে আউনীআটী সত্ৰৰ "ধৰ্ম প্ৰকাশ যন্ত্ৰ''ৰ পৰাই ১৮৭৬ খ্ৰীষ্টাব্দত " আসাম দীপিকা '' আৰু ১৮৮৮ খ্ৰীষ্টাব্দত " আসাম তৰা '' নামৰ দুখন  আলোচনীৰ উপৰি আন আন গ্ৰন্থও প্ৰকাশ হৈছিল ।"আসামবিলাসিনী''ত ধৰ্মীয় বিষয়ৰ লিখনি প্ৰকাশ হোৱাৰ সমান্তৰালকৈ জ্ঞান বিজ্ঞানকে আদি কৰি বিভিন্ন ধৰণৰ লেখা আৰু বাতৰিৰ উপৰি বিজ্ঞাপনো প্ৰকাশ পাইছিল । অসমৰ সু সাহিত্যিক ভোলানাথ দাস , লম্বোদৰ বৰা আদি সাহিত্যিক সকলৰ লেখাই সংবাদ পত্ৰ খনত সোণত সুৱগা চৰাইছিল । অতি পৰিতাপৰ বিষয় "আসামবিলাসিনী ''ৰ এটা সংখ্যাও অসমত সংৰক্ষিত নহ'ল । মাত্ৰ এটা সংখ্যা লণ্ডনৰ ব্ৰিটিছ

মিউজিয়ামত সংৰক্ষিত হৈ আছে । "আসামবিলাসিনী''ৰ বন্ধ যি কাৰণতেই নহওক কিয় সেই সময়ৰ বঙলা ভাষাৰ বহুল প্ৰচলন আৰু "অৰুনোদইৰদই ''ৰ আমেৰিকান মিছনেৰিৰ দ্বাৰা  ব্যৱহৃত ভাষাৰ পৰিবৰ্তে থলুৱা প্ৰচলিত ভাষাৰ ব্যৱহাৰেৰে অসমীয়া জাতিক মূলৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত "আসামবিলাসিনী''য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।  উল্লেখযোগ্য যে মাজুলীৰ সত্ৰ সমূহত অতিতৰে পৰা সাহিত্য চৰ্চাৰ কেন্দ্ৰ আছিল সেই কথা "আসামবিলাসিনীয়ে''ই প্ৰমাণ কৰে । আসামবিলাসিনী প্ৰকাশ কৰি সত্ৰাধিকাৰ দত্ত দেৱ গোশ্বামীয়ে যি আদৰ্শ দাঙি ধৰিলে সেইয়া অসমীয়া ভাষা সাহিত্য আৰু সংবাদ জগতক সদায় উজ্জীৱিত কৰি ৰাখিব । 

 

বি: দ্ৰ : সহায়ক গ্ৰন্থ 

১/ বেজবৰুৱাৰ আত্মজীৱনী ,মোৰ জীৱন সোঁৱৰণ 

২/ডিম্বেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী , ১৯৩৭

৩ / মাজুলী মহকুমা সাংবাদিক সন্থা ৰূপালী জয়ন্তী উৎসৱৰ স্মাৰক গ্ৰন্থ , নিৰীক্ষণ , সম্পাদক অমৰজ্যোতি বৰা

Arunodoi

Writers Address

Borbil High School, Majuli

Phone

9101161525

Email

bottom of page