মাজুলী
ISSUE - 01
VOL - 01
MAJULI
A Multi-Lingual Multi-Disciplinary e-Magazine
Digital Learning Cell UMK College, Majuli
Editors' Desk
শিক্ষণ আৰু শিকন কৌশল-কচৰৎ
GenZ পৰা GenA লৈ
বিশ্বৰ ভিন্ন প্ৰান্তৰৰ মনোবিজ্ঞানীকে ধৰি সমাজবিজ্ঞানী তথা গৱেষকসকলে পৰিৱৰ্তিত সময় তথা প্ৰযুক্তিনিৰ্দেশিত সামাজিক স্থিতিপ্ৰসূত মানুহৰ মগজুৰ গাঁঠনিগত স্থিতি অনুসৰি আচৰণ প্ৰক্ৰিয়া, পৰিৱেশ-পৰিস্থিতিসাপেক্ষ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিচাৰ-বিশ্লেষণ কৰি প্ৰজন্মৰ এক প্ৰকাৰভেদ নিৰ্ণয় কৰিছে৷ বিশেষকৈ বিজ্ঞানৰ অভূতপূৰ্ব, অভাৱনীয় উৎকৰ্ষ সাধন সংঘটিত বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজভাগলৈকে জন্মগ্ৰহণ কৰা প্ৰজন্মৰ লক্ষণ-বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ছটা প্ৰজন্মৰ কথা কৈছে৷ যথা–
ট্ৰেড্ছ-প্ৰজন্ম (Trads/Sleeper)ঃ জন্ম ১৯২৮-১৯৪৪ চন [আনু. বৰ্তমানৰ বয়স ৭৮-৯১বছৰ]৷
বোমাৰ-প্ৰজন্ম (Baby Boomer) ঃ জন্ম ১৯৪৫-১৯৬৪ চন [আনু. বৰ্তমানৰ বয়স ৫৭-৭৭বছৰ]৷
জেন-এক্স (Generation X) ঃ জন্ম ১৯৬৫-১৯৭৯ চন [আনু. বৰ্তমানৰ বয়স ৪২-৫৬ বছৰ]৷
জেন-ৱাই (Generation Y or Millennials) ঃ জন্ম ১৯৮০-১৯৯৪ চন [আনু. বৰ্তমানৰ বয়স ২৮-৪১ বছৰ]৷
জেন-জি (Generation Zoomer) ঃ জন্ম ১৯৯৫-২০১২ চন [বৰ্তমানৰ বয়স ১২-২৭ বছৰ]৷
জেন-এ (Generation Alpha) ঃ ২০১৩-২০২৫ চনৰ ভিতৰত জন্ম হোৱা বা হ’বলগীয়া প্ৰজন্ম৷
এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰজন্মৰ এটা গোট সংজ্ঞায়িত হোৱাৰ আঁৰত বিশ্বৰ বিভিন্ন পৰিঘটনা, দেশ, সংস্কৃতি তথা দেশ এখনৰ অৰ্থনৈতিক,¸ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে প্ৰযুক্তিগত বিকাশৰ স্তৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ অৰ্থাৎ প্ৰজন্মৰ এই প্ৰকাৰভেদত তেওঁলোকে জন্ম গ্ৰহণ কৰা বছৰটোৱেই একমাত্ৰ কাৰক নহয়৷ ট্ৰেড্ছ, বুমাৰ বা জেন এক্স বা মিলেনিয়াল প্ৰজন্মক তৎকালীন অৰ্থনৈতিক, ৰাজনৈতিক তথা সামাজিক পৰিঘটনাই যি পৰিমাণে প্ৰভাৱিত কৰিছে সেই পৰিমাণে জেন জি বা জেন আলফা প্ৰজন্মক তদানীন্তন অৰ্থনৈতিক, ৰাজনৈতিক তথা সামাজিক পৰিঘটনাহপ্ৰভাৱিত কৰা নাই৷ জেনজি বা জেন আলফা প্ৰজন্মৰ এই গোট দুটা প্ৰযুক্তিগত বিকাশ তথা সা-সৰঞ্জাম সুলভ ব্যৱহাৰৰ ক্ৰমবদ্ধমানতাৰ ফলত সৃষ্টি হোৱা প্ৰজন্ম৷ তেওঁলোক ডিজিটেল বিশ্বত জন্মগ্ৰহণ কৰা প্ৰথমটো প্ৰজন্ম, যিয়ে নিত্য নতুন প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণই নিজা ধৰণ-কৌশলেৰে জীৱন উদ্যাপন কৰিছে, শিকিছে আৰু বিশ্বৰ সৈতে¸ যোগাযোগ ৰক্ষা কৰি চলিছে৷ ট্ৰেডছ বা পৰম্পৰাবাদী প্ৰজন্মটোৰ ক্ষেত্ৰত বিজ্ঞান-প্ৰযুক্তিৰ প্ৰভাৱৰ কথা নাহে৷ যদিও তৎকালীন বিশ্বপৰিপ্ৰেক্ষাত আইনষ্টাইনৰ সাধাৰণ আৰু বিশেষ আপেক্ষিকতাবাদৰ দৰে বৈপ্লবিক চিন্তাসূত্ৰৰ আৰ্বিভাৱ হৈছিল৷ তৎকালীন বিশ্ব অৰ্থনীতি, সমাজনীতি তথা ৰাজনৈতিক পট্পৰিৱৰ্তনেহে ট্ৰেডছ প্ৰজন্মটোৰ চাৰিত্ৰিক আৰু মানিসিক চৰিত্ৰত গঠনত বিশেষ ক্ৰিয়া কৰিছিল ৷
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম বিশ্বযুদ্ধৰ পিছত শ্বেয়াৰ বজাৰৰ মহা মন্দাৱস্থাৰ ফলত পুঁজিপতিসকল নিঃস্ব হৈ পৰাৰ লগতে দেশৰ অৰ্ধাংশ বেংক হৈ পৰিছিল স্থবিৰ ৷ অৰ্থনৈতিক পুনৰোত্থানৰ সংগ্ৰামৰত এই প্ৰজন্মটোৱে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ অৰ্থনীতিৰ উত্থানৰ অভিজ্ঞতা লাভ কৰিছিল৷ ১৯৪০-১৯৫০ দশকৰ পম্পৰাবাদী আমেৰিকাৰ কিশোৰসকলৰ ক্ষেত্ৰত দেখা যায়, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্যাপকহাৰত বদ্ধমান অৰ্থ-ব্যৱস্থা তথা ব্যাপকহাৰত উপনগৰীৰ বিকাশ, উপভোগ্য বস্তুৰ সহজ উপলব্ধতা আৰু হোৱাইট কলাৰ বৃত্তিশালীৰ সংখ্যা বৃদ্ধি আদিৰ দৰে প্ৰেক্ষাপটে এইসকল কিশোৰৰ মানসিক আৰু চাৰিত্ৰিক বৈশিষ্ট্য গঠন কৰিছিল ৷ তেওঁলোকে প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাসভাজন হোৱাৰ লগতে পদানুক্ৰম তথা প্ৰশাসনিক অধিনিয়ম স্বীকাৰ কৰি লৈছিল ৷ ভাৰতৰ ক্ষেত্ৰত এক স্বতন্ত্ৰ ৰাষ্ট্ৰ ৰূপত ভাৰতে এক পৰিচয় লাভ কৰাৰ পথত অগ্ৰসৰ হওঁতে ভাৰতীয় কিশোৰসকলে প্ৰত্যেক্ষ কৰিছিল মহাত্মা গান্ধীৰ অহিংসা, আইন অমান্য আন্দোলন, ব্ৰিটিছৰাজৰ অন্ত আৰু গান্ধী হত্যাৰ দৰে ঘটনাৰ৷ আমেৰিকাৰ দৰে ভাৰতীয় পৰম্পৰবাদীসকলেও পুনৰুত্থান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ দৰে গণতান্ত্ৰিকভাৱে গণৰাজ্য প্ৰতিষ্ঠাৰ বাবে দেশভক্তিৰে গদ্ গদ্ হৈ আছিল যদিও এই সময়ত ভাৰতত শোচনীয় অৰ্থ-ব্যৱস্থা, হ্ৰাসমান গঢ় আয়ুস, সাক্ষৰতাৰ অভাৱ, দৰিদ্ৰতাৰ হাৰ বৃদ্ধি, ঔদৌাগিক বিকাশৰ ক্ষেত্ৰত স্থবিৰতা আৰু কৃষকৰ আশ্ৰয়হীনতা আদিৰ দৰে পৰিস্থিতিৰ ফলত ভাৰতীয় জনজীৱনৰ জীৱন-সংগ্ৰাম অধিক জটিল হৈ পৰিছিল৷ ১৯৪৭ চনত পাকিস্তানী যুদ্ধৰ ফলত [প্ৰথম কাশ্মীৰ যুদ্ধ] দীৰ্ঘদিনীয়া সীমা সংঘাতৰ আৰম্ভণী তথা স্বাধীনতাৰ লগে লগে ভাৰতীয় পৰম্পৰাৰ পুনৰুত্থান আৰু নিৰ্বাচনৰদ্বাৰা গণতান্ত্ৰিকগণৰাজ্য প্ৰতিষ্ঠা আদিৰ দৰে ঘটনাৰ সমান্তৰালভাৱে দুৰ্বল অৰ্থনীতি, নিৰক্ষৰতা, কৃষক-শ্ৰমিকৰ নিঃস্বতা, দৰিদ্ৰতা, ঔদৌগিক উন্নয়নৰ স্থবিৰতা আদিয়ে জুৰুলা কৰা ভাৰতত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ‘ট্ৰেড্ছ’ তথা ‘শ্লিপাৰ’ প্ৰজন্মটো আছিল মূলতঃ পৰম্পৰাবাদী৷ পৰম্পৰাবাদত বিশ্বাস আৰু গভীৰ আস্থা ৰক্ষা কৰি চলা এই প্ৰজন্মটোৱে কতৃৰ্ত্বৰ ক্ষেত্ৰত ঊৰ্ধতমৰ পৰা নিম্নতমলৈ চলা পৰিচালনা পদ্ধতিক অধিক মূল্য দি আহিছিল৷ কষ্টসহিষ্ণু চৰিত্ৰৰ লগতে মূল্যবোধ আধাৰিত জীৱন চৰ্যাৰ পোষকতা কৰাই আছিল এইশ্ৰেণী প্ৰজন্মৰ প্ৰধান চাৰিত্ৰিক লক্ষণ৷
বেবী বোমাৰ প্ৰজন্মৰ ক্ষেত্ৰতো বিজ্ঞান-প্ৰযুক্তিৰ প্ৰভাৱৰ তুলনাত তথাকথিত সমাজ, ৰাজনীতি আৰু বিশ্ব অৰ্থনৈতিক স্থিতিয়ে বিশেষ ক্ৰিয়া কৰিছিল৷ ভিয়েটনামৰ যুদ্ধ, নাগৰিক অধিকাৰ আন্দোলন, শাসনযন্ত্ৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ, জন এফ কেনেডি [প্ৰধানমন্ত্ৰী] আৰু মাৰ্টিন লুথাৰ কিং আৰু অনান্য আদৰ্শবাদী নেতাসকলৰ হত্যাকাণ্ড আৰু ৱাটাৰগেট আৰু নিস্কনৰ পদত্যাগ আদিৰ দৰে ঘটনাই সেইসময়ৰ আমেৰিকাৰ বেবী বোমাৰ প্ৰজন্মটোক৷ বেছিসংখ্যক বুমাৰ প্ৰজন্মৰ সদস্যই কতৃৰ্ত্বৰ প্ৰতি সন্দেহবাদী মানসিকতাৰ পোষণ তথা¸ পৃথিৱীত নিজা স্থিতি নিৰ্ণয়ৰ উদ্দেশ্যৰে আদৰ্শবাদী হৈ ওলাই আহিছিল৷ ভাৰতৰ ক্ষেত্ৰত, বিশেষকৈ ১৯৬০-১৯৭০ চনৰ ভিতৰত ইন্দিৰা গান্ধীৰ নেতৃত্বত সমাজবাদী আৰ্থিক আদৰ্শ, উদ্যোগসমূহৰ ৰাষ্ট্ৰীয়কৰণ, ৰাজহুৱা কাম-কাজ, সমাজ-সংস্কাৰ আৰু শিক্ষাত ৰাজহুৱা বিনিয়োগ আদিৰ লগতে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজন,ছোভিয়েট ইউনিয়নৰ সৈতে ২০ বছৰীয়া বন্ধুত্বৰ চুক্তি স্বাক্ষৰ, চীন-ভাৰতৰ যুদ্ধ, ১৯৬৫ চনত ভাৰত-পাকিস্তানৰ যুদ্ধ [দ্বিতীয় কাশ্মীৰ যুদ্ধ] আৰু ১৯৭১ চনত ভাৰত-পাকিস্তানৰ যুদ্ধ, বাংলাদেশৰ স্বাধীনতা, মুদ্ৰাৰ উদাৰীকৰণনীতি তথা¸ ভয়াবহ বিমুদ্ৰাকৰণ নীতি আদিয়ে ভাৰতীয়ক চিন্তান্বিত আৰু চিন্তাশীল কৰি তুলিছিল৷ সেইদৰে এটা সেউজ বিপ্লৱৰ ফলত কৃষি উৎপাদনশীলতাৰ উন্নতিকৰণৰ প্ৰয়াস, দুটা দশক ধৰি খাদ্য আমদানিৰ পিছত জনসাধাৰণক স্বাৱলম্বীভাৱে খাদ্য যোগান ধৰাত চৰকাৰৰ সফলতা, ১৯৭৫-৭৭ চনৰ ভাৰতীয় জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন, নিৰ্বাচন আৰু নাগৰিকৰ স্বাধীনতা স্থগিতকৰণ তথা ক্ষমতাচ্যুতকৰণআদি ঘটনা পৰিঘটনায়ো ভাৰতীয়বেবী বুমাৰসকলৰ মানসিকতাত বিশেষ সাঁচ বহুৱাইছিল৷ ভাৰতীয় জৰুৰীকালীন অৱস্থাই এই প্ৰজন্মক ৰাজনৈতিক নেতাৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিছিল৷ সেয়েহে বেবী বোমাৰ প্ৰজন্ম আছিল নিজা মতাদৰ্শত অগ্ৰাধিকাৰ প্ৰদান প্ৰয়াসী প্ৰজন্ম৷ কৰ্মপটু চৰিত্ৰৰ, আচৰণৰ ক্ষেত্ৰত তথাকথিত নিয়মৰ প্ৰতি প্ৰত্যাহ্বান, শিক্ষণৰ ক্ষেত্ৰত সুবিধা আদায় কৰা, যোগাযোগ ৰক্ষা কৰি চলা, নেতৃত্বৰ ক্ষেত্ৰত একপক্ষীয় আৰু সমস্যা সমাধানত আনুভূমিক ভূমিকা গ্ৰহণ আদি বেবী বুমাৰ-প্ৰজন্মৰ প্ৰধান বৈশিষ্ট্য৷
আনহাতে জেন এক্স প্ৰজন্মটোৰ জন্ম হৈছিল এক সমৃদ্ধিশালী বিশ্বত৷ ইলেক্টনিক্স্ গেম আৰু¸ ইKI×াৰনেট সেৱা, মহিলা সৱলীকৰণৰ প্ৰয়াস-প্ৰচেষ্টাৰ যুগত৷ অৱশ্যে চেলেঞ্জাৰৰ দুৰ্যোগ, উৰণৰ কিছু সময়ৰ পিছতে বিস্ফোৰণ হোৱা মহাকাশ যান, বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি, প্ৰতিকূল অৰ্থনৈতিক অৱস্থাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্তকৰণ আদিৰ দৰে ঘটনাৰো সাক্ষী হৈছিল আমেৰিকাৰ জেন এক্স প্ৰজন্মটো ৷ ভাৰতত এইখিনিসময়ত দেহৰক্ষীৰদ্বাৰা ইন্দিৰা গান্ধীৰ হত্যা, ৰাজনৈতিক সংঘাত, আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীৰ দায়িত্ব গ্ৰহণ, ব্যৱসায়িক নিয়ম শিথিলকৰণ, বিদেশী বিনিয়োগ, আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা তথা প্ৰশাসনতন্ত্ৰত আমোলাতন্ত্ৰ হ্ৰাসকৰণৰ লগতে দুৰসংযোগ উদ্যোগ, মহাকাশ কাৰ্যসূচী, চফট্ৱেৰ উদ্যোগ আৰু তথ্য-প্ৰযুক্তি খণ্ডৰ বৃহৎ সম্প্ৰসাৰণ আদি কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন আদিৰ দ্বাৰা সৎৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পিছতো বৰ্পছ কেলেংকাৰীৰ ফলত গান্ধীৰ ভাৱমূৰ্তি ছিন্ন ভিন্ন হোৱা আৰু পিছলৈ আত্মঘাতী বোমাৰদ্বাৰা ৰাজীৱ গান্ধীৰ হত্যা আদিৰ দৰে ঘটনা সংঘটিত হৈছিল৷ পৰৱৰ্তীসময়ত পি.ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈ থাকোতে অধিক অৰ্থনৈতিক উদাৰীকৰণ আৰু সংস্কাৰৰ সূচনা কৰিছিল যদিও ১৯৮০ চনত ইণ্ডিয়ান ইনষ্টিটিউড অৱ টেকন’লজিৰ স্নাতকসকলৰ ৭৫ শতাংশতকৈ অধিক আমেৰিকাৰলৈ প্ৰব্ৰজন কৰে৷ এনে অনেক ঘটনা পৰিঘটনা, উন্নতি অৱনতিৰ পৰিপ্ৰেক্ষাত ভাৰতৰ জেন এক্সৰ সদস্যসকেল এক সমৃদ্ধ, সজীৱ গণতন্ত্ৰৰ আৰ্হিত এটা মানসিক আৰ্হি প্ৰস্তুত কৰিছিল৷ ‘জেন এক্স’ প্ৰজন্মটোৱে কতৃৰ্পক্ষৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ লগতে জীৱন আৰু কৰ্ম-সংস্কৃতিৰ মাজত এটা ভাৰসাম্য বৰ্তাই ৰখাত দিছিল অধিক গুৰুত্ব ৷ উচ্ছ প্ৰতিষ্ঠানৰ প্ৰতি সন্দেহ আৰু প্ৰচলিত নিয়ম সলাই পেলোৱাৰ মানসিকতাৰ লগতে স্বাধীনচিতিয়া শিকন প্ৰক্ৰিয়াত বিশ্বাস আৰু আস্থা ৰখা এই প্ৰজন্মটোৱে সমস্যা সমাধানত আছিল দলীয় বিবেচনাপ্ৰসূত সিদ্ধান্তৰ পক্ষপাতী ৷
জেন এক্স প্ৰজন্মৰ পৰৱৰ্তী প্ৰজন্মক নিৰ্দেশ কৰিবৰ বাবে লেক উইলিয়াম ষ্টাৰ্ছ আৰু নীল হোৱে জেন ৱাই পদটো ব্যৱহাৰ কৰিছিল ৷ হাওৱে এই প্ৰজন্মটোকে মিলেনিয়ালছ প্ৰজন্ম নামেৰেও অভিহিত কৰিছিল ৷ অৱশ্যে জেনেৰেশ্যন ৱাই শব্দটো জনপ্ৰিয় কৰি তুলিছিল কানাডাৰ এজন সাংবাদিক আৰু ঔপন্যাসিক ডগলাছ কাপলেণ্ডে ৷ ১৯৮৭ চনত ভেংকুৱাৰ মেগাজিনৰ বাবে লিখা এটা প্ৰবন্ধত এই শব্দটো ব্যৱহাৰ কৰিছিল৷ পিছত তেওঁ স্বীকাৰ কৰে যে, এই পদটো পল ফুছেলৰ ‘ক্লাছঃ এ গাইড থ্ৰ’ দা আমেৰিকান ষ্টেটাছ চিষ্টেম’[১৯৮৩] গ্ৰন্থৰ পৰা লোৱা হৈছে ৷ য’ত এক্স ব্যৱহাৰ কৰি সমাজৰ হেঁচা, ধনৰ প্ৰতি নিজকে চিন্তিত কৰিব নিবিচৰা মানুহৰ এটা দলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল৷ ১৯৯১ চনত কাপলেণ্ডৰ ‘জেনেৰেশ্যন এক্সঃ চেল্ছ ফৰ এ এক্সেলেটেড’ নামৰ উপন্যাসত এই শব্দটোক অধিক অধিক জনপ্ৰিয় কৰি তুলে ৷
জেন ৱাই প্ৰজন্মক বিশেষকৈ সন্ত্ৰাসবাদ, হিংসা, অভূতপূৰ্ব মহঙা বজাৰ, আৰু শক্তিশালী প্ৰচাইড সংস্কৃতি, উপনগৰীকৰণ, বদ্ধিত চাহিদা আৰু গ্ৰাহকক এউ এম চি জি সামগ্ৰীৰ যোগান, স্থিৰতা আৰু অৰ্থনৈতিক সমৃদ্ধি, আই টি প্ৰতিভাৰ সৈতে বিকশিত আৰু দ্ৰুত বিকাশশীল বিশ্বব্যাপী ৰেংকিং থকা কোম্পানীসমূহে ক্ৰিয়া কৰিছিল ৷
ভাৰতত ১৯৯০ আৰু ২০০০ দশকৰ শেষৰ ফালে এক বৃহৎ মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিল আৰু উপভোক্তা বস্তুৰ চাহিদা আৰু উৎপাদন বৃদ্ধি পালে৷ উদাৰীকৰণ আৰু সংস্কাৰনীতিৰ ফলত ভাৰতীয় অৰ্থ-ব্যৱস্থাই বিকাশ লাভ কৰাত দেশ স্থিৰ আৰু সমৃদ্ধ হ’ল৷ এক প্ৰতিষ্ঠিত শৈক্ষিক মহাশক্তি আৰু আইটি খণ্ড এক গুৰুত্বপূৰ্ণ সম্পদস্ৰোত হৈ পৰিল৷
GenZ বনাম শিক্ষণ আৰু শিকন কৌশল-কছৰৎঃ
১৯৯৫ চনৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকৰ ভিতৰত জন্ম লাভ কৰা GenZ বা জেনেৰেশ্যন ঝোমাৰ প্ৰজন্মটো আছিল টেক্-নেটিভ৷ গৱেষকসকলৰ তথ্য অনুসৰি GenZ-ৰ মগজু পূৰ্বৰ প্ৰজন্মৰ মগজুতকৈ গাঁথনিগতভাৱেই পৃথক ৷ এই পৃথকতা জিনীয় বিজ্ঞানৰ বিপৰীতে ব্যাহ্যিক পৰিৱেশ আৰু সিবোৰৰ প্ৰতি মগজুৰ প্ৰতিক্ৰিয়াৰ ফল ৷ বিজ্ঞানী ৰ’থমেনে কৈছে– ‘GenZৰ মগজু অত্যাধুনিক, জটিল দৃশ্যমান চিত্ৰকল্পৰ সৈতে নেটৱৰ্কযুক্ত৷ ফলত দৃষ্টিশক্তিৰ বাবে দায়বদ্ধ মগজুৰ অংশটো অত্যাধিক বিকশিত হোৱাত দৃশ্যমান ৰূপসমূহৰ মাধ্যমতহে ফলপ্ৰসূ শিক্ষণ আৰু শিকন কৌশলৰ সন্ধান কৰিব পাৰে ৷ প্ৰযুক্তিৰ সৈতে জন্মগ্ৰহণ কৰা ডিজিটেল নেটিভ GenZ-এ প্ৰযুক্তিৰ সৈতে নিতৌ সংযুক্ত তথা সিদ্ধান্তগ্ৰহণকে ধৰি সকলো কামতেই ক্ষীপ্ৰবেগী মানসিকতাৰ গৰাকী৷ তেওঁলোকৰ সৈতে প্ৰযুক্তি সংলগ্নতাৰ ফলত GenZ ক ইণ্টাৰনেট জেনেৰেশ্যন (IGen), জেন-টেক (GenTech) বুলিও জনা যায়৷
GenZ-ৰ শিক্ষাৰ্থীসকল আত্মবিশ্বাসী, প্ৰযুক্তিগতভাৱে বিশেষদক্ষ [Tech-Savvy] আৰু ব্যক্তিগত বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ৷ বেবী বুমাৰসকল GenZ-ৰ পিতৃ-মাতৃ, GenY-সকল Genদ্বৰ পিতৃ-মাতৃ৷ ইয়াৰে GenZ আৰু GenY-ৰ প্ৰজন্মক বিভিন্ন অৰ্থনৈতিক পৰিস্থিতিত বাস কৰা অভিভাৱকে শিক্ষা দিছিল ৷ GenZ-ৰ শিক্ষাৰ্থীসকল প্ৰযুক্তিগত শৈক্ষিক সম্পদৰ সুবিধা থকা স্ব-শিক্ষক ৷ প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটে বিভিন্ন প্ৰজন্মৰ আচৰণ, চিন্তা আৰু সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাইছে আৰু GenZ-ৰ পৰিৱৰ্তন ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিশেষভাৱে দেখা যায়৷ সাধাৰণতে, তেওঁলোকে ইণ্টাৰনেটক তথ্য আৰু জ্ঞানৰ আকৰ প্ৰদানকাৰী হিচাপে বিবেচনা কৰে আৰু সেয়ে শিকনৰ ক্ষেত্ৰত অনলাইনৰ ওপৰত অধিক নিৰ্ভৰ কৰে৷ Genদ্বয়ে দীঘলীয়া যোগাযোগৰ পৰৱিৰ্তে সঘনাই যোগাযোগৰ আচৰণ দেখুৱায় আৰু অধিক সময় অনলাইনত কটায় আৰু ইয়েই GenZ -ৰ শিকনৰ ধৰণো সলনি কৰিছে৷ কাৰণ তেওঁলোকে পূৰ্বৰ প্ৰজন্মৰ তুলনাত লিখাৰ পৰিৱৰ্তে ছবি, অডিঅ’-ভিজুৱেল মাধ্যমৰ জৰিয়তে নিজাববীয়াকৈ শিকিবলৈ চেষ্টা কৰে৷ GenZ ৰ শিক্ষাৰ্থীসকলে টোকা লিখাৰ পৰিৱৰ্তে PC-Recording ৰ ওপৰত অধিক নিৰ্ভৰ কৰা, অনলাইনত প্ৰশ্ন উত্থাপন কৰাৰ অত্যাধিক প্ৰৱণতা, তাৎক্ষণিক তথ্য আৰু যোগাযোগ মাধ্যমৰ আশ্ৰয় গ্ৰহণ আদিয়ে তথাকথিত শিকণ কৌশললৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ৷ বক্তৃতা তথা আলোচনাৰ দৰে শ্ৰৱ্য শিকন পদ্ধতি এই ডিজিটেল নেটিভ প্ৰজন্মটোৱে পছন্দ কৰিব নোখোজে৷ বৰ্তমান GenZৰ মাজত প্ৰযুক্তি ইমানেই সংযুক্ত হৈ পৰিছে যে, গৱেষকসকলৰ এক প্ৰতিবেদন অনুসৰি ১৩০০ মধ্য আৰু হাইস্কুলীয়া শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এক সমীক্ষাত ৮০ শতাংশ শিক্ষাৰ্থীয়ে প্ৰযুক্তিৰ সৈতে জড়িত এটা কেৰিয়াৰ প্ৰদৰ্শন কৰাৰ হাবিয়াসৰ ইংগিত দিছে ৷ নিতৌ ৯ ঘণ্টা ডিজিটেল বিশ্বত সময় কটায়, ইউটিউব প্লেটফৰ্মত মুকলি হোৱা ৭০ টাৰে গুগল গ্লাছ, গ্ৰেফিন, নেন’-
কম্পিউটিং, থ্ৰিডি প্ৰিণ্টিং, চালকবিহীন গাড়ী ৰেছ আদি৷ তেওঁলোক স্বতন্ত্ৰ আৰু সহযোগিতামূলকভাৱে তথা নিজা গতিৰেই শিকিবলৈ আগ্ৰহী ৷
GenZৰ এনেবোৰ লক্ষণ-বৈশিষ্ট্যৰ প্ৰেক্ষাপট আগত ৰাখি চালে এইটো স্পষ্ট হৈ পৰিব যে, তেওঁলোকৰ মানসিক-বৌদ্ধিক স্থিতিৰ অনুকূলে শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে শিক্ষানুষ্ঠানসমূহে নিজ নিজ পাঠদান, শিক্ষণ কৌশলেই সলনি কৰিব লাগিব৷ অধিক দৃশ্যৰূপমান আৰু পাৰস্পৰিক ক্ৰিয়াশীল হ’ব লাগিব, তথ্যসহ নিমিষতে উপলব্ধ হোৱাকৈ প্ৰযুক্তি তথা ছ’ছিয়েল মিডিয়া, নেটৱৰ্কিং আদিৰ আশ্ৰয় গ্ৰহণ কৰোৱাত সহায় কৰিব লাগিব ৷ লগতে সহজ উপলব্ধ ডিজিটেল সঁজুলি আৰু অনলাইন মঞ্চ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগিব৷ মৌলিক শিক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত GenZ-ৰ পছন্দ ডিজিটেল সঁজুলীসমূহৰ ভিতৰত---Sound-Cloud, Pikochat, Canva, Twitter, Facebook, Wordpress, Educlihper, Prezi, Google sites, Tesmoz আদি ৷ তেওঁলোকে ইলেক্ট’নিক অধ্যয়ন সামগ্ৰী ব্যৱহাৰ কৰাটো পছন্দ কৰাৰ লগতে পাঠ্যক্ৰমত প্ৰযুক্তিৰ অধিক সুবিধা লাভ কৰিব বিচাৰে ৷ তেওঁলোকৰ মতে প্ৰযুক্তিয়ে পাঠদান আৰু শিক্ষণৰ মান বৃদ্ধি কৰে ৷ নিতৌ যোগাযোগৰ বাবে ছ’চিয়েল মিডিয়া তেওঁলোকৰ প্ৰিয় আহিলা৷ শিক্ষকতকৈ তেওঁলোকে প্ৰযুক্তি ব্যৱহাৰত নিজকে দক্ষ বুলি ভাৱে ৷ এতেকে পাঠদানৰ শিক্ষণ প্ৰক্ৰিয়াত প্ৰযুক্তি অন্তভূক্তিৰ্ৰ সৃষ্টিশীল উপায় বিচাৰি উলিয়াব লাগিব৷ প’ডকাষ্ট, ৱেবচাইট, চিমুলেশ্যন, ইউটিউবত ইণ্টাৰেক্টিভ টিউট’ৰিয়েল আৰু ইণ্টাৰনেটভিত্তিক শিক্ষামূলক গেমসমূহ হৈছে এনে কিছুমান প্ৰযুক্তি, যিয়ে GenZ-ৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে ৷ টুইটাৰ আৰু টাম্বলাৰৰ দৰে ছ’চিয়েল মিডিয়া যোগাযোগ আৰু বিনিময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে ফেচ্বুক শ্ৰেণীৰ কাৰ্যকলাপ সম্পৰ্কে আলোচনা বা আপডেট প’ষ্ট কৰাৰ বাবে এটা ভাল আহিলা হ’ব পাৰে ৷ আচলতে ফেচ্বুকৰ দৰে ছ’ছিয়েল মিডিয়াক শিকন ব্যৱস্থাপনা পদ্ধতি হিচাপেও বিবেচনা কৰিব পাৰি ৷
ডিজিটেল প্ৰযুক্তি আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনৰদ্বাৰা গঢ়লৈ উঠা জেনজিৰ শিক্ষাৰ্থীসকলে টেক-চেভিনেছ, অভিজ্ঞতাভিত্তিক শিক্ষণৰ প্ৰতি পছন্দ আৰু বিশ্বব্যাপী দৃষ্টিভঙ্গীৰ দৰে বৈশিষ্ট্য প্ৰদৰ্শন কৰি আহিছে আৰু শিক্ষাবিদসকলে এই বৈশিষ্ট্যসমূহৰ সৈতে খাপ খাব লাগিব৷ উদ্ভাৱনীমূলক শিক্ষাবিজ্ঞান আৰু প্ৰযুক্তিৰ সংহতি সাধন কৰি শিক্ষণ ফলাফল বৃদ্ধি কৰিব লাগিব ৷ শিক্ষণৰ ফলাফল নিৰ্ধাৰণ কৰি শিক্ষাৰ্থীসকলক প্ৰযুক্তি ব্যৱহাৰ কৰি কেনেকৈ সেইবোৰ লাভ কৰিব পাৰি এয়া নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ GenZৰ শিক্ষাৰ্থীক প্ৰযুক্তিৰদ্বাৰা ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিবলৈ যাওঁতে আমাৰ [শিক্ষক, অভিভাৱকশ্ৰেণীটোৰ] কিছুমান ধাৰণা থকাটো নিতান্ত প্ৰয়োজন৷ যেনে–
ক] প্ৰযুক্তিয়ে এনে ডিজাইন আৰু পৰিৱেশক সামৰি লয়, যিয়ে শিক্ষাৰ্থীসকলৰ শিকন প্ৰক্ৰিয়াত সহায় কৰে ৷
খ] শিক্ষণ প্ৰযুক্তিয়ে শিক্ষাৰ্থীসকলক সক্ৰিয়, গঠনমূলক, উদ্দেশ্যেপ্ৰণোদিত, প্ৰমাণিক আৰু সহযোগিতামূলক শিক্ষণত সহায় কৰিব ৷
গ] প্ৰযুক্তিসমূহ অৰ্থৰ যোগাযোগকাৰী নহয় ৷
ঘ] প্ৰযুক্তিয়ে অৰ্থপূৰ্ণ শিক্ষণকহে সমৰ্থন কৰে৷ এতেকে শিক্ষাৰ্থীসমূহ প্ৰযুক্তিগত পাৰস্পৰিক ক্ৰিয়া-কলাপত অধিক অভ্যস্ত হোৱাত সহজ হ’ব আৰু ইয়াৰ দ্বাৰাহে শিক্ষাৰ্থী নিয়ন্ত্ৰিত হয় ৷
ঙ] প্ৰযুক্তিয়ে শিক্ষাৰ্থীসকলক এটা বিষয়ৰ অধিক অৰ্থপূৰ্ণ ব্যাখ্যা বিকশিত কৰাত সহায় কৰে আৰু
চ] ডাটা বিজ্ঞান, এ-আই, ইণ্টাৰনেট আৰু ৰৱটিক্সৰ দৰে প্ৰযুক্তি সন্দৰ্ভত শিক্ষাৰ্থীসকলক বৌদ্ধিকভাৱে অংশীদাৰ কৰোৱাবলৈ প্ৰয়াস কৰিব লাগে ৷
শিক্ষণত কোনো এক প্ৰযুক্তিৰ ব্যৱহাৰৰ মূল লক্ষ্যই হৈছে, শিক্ষাৰ্থীৰ শিকনত ফলপ্ৰসূ প্ৰভাৱ বিস্তাৰ৷ শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলপ্ৰসূতা নিৰ্ণয়ৰ লক্ষ্যৰে কৰা বিভিন্ন অধ্যয়নত দেখা গৈছে যে, প্ৰযুক্তিৰ হস্তক্ষেপৰ সৈতে জড়িত শৈক্ষিক ফলাফলৰ ‘সামান্য’ উন্নতি হৈছে ৷ এই ফলাফলসমূহে পৰম্পৰাগত পাঠদান আৰু প্ৰযুক্তিগত পাঠদান ইটো-সিটোৰ পৰিপূৰক এই ধাৰণাটোকে সমৰ্থন কৰে৷ দুয়োটাৰে সংলগ্ন ব্যৱহাৰ, সঠিক শিক্ষা-নীতিৰ কৌশলৰ সৈতে প্ৰত্যেকৰে শক্তিৰ সুবিধা লৈ, নিশ্চিতভাৱে শিক্ষাক নতুন স্তৰলৈ লৈ যোৱাৰ সম্ভাৱনা আছে৷ GenYসকল টেক বিশেষজ্ঞ, কিন্তু GenZ শিক্ষাৰ্থীসকল টেক-নেটিভ (Tech-native)৷ GenZ-য়ে তেওঁলোকৰ বেছিভাগ বস্তু ব্যক্তিগতকৰণ কৰাত অভ্যস্ত৷ ইয়াৰ ফলত তেওঁলোকে বিচৰাখিনি বাচি ল’ব পাৰিব বুলি আশা কৰা হয় আৰু এই মনোভাৱে শিক্ষাক প্ৰভাৱিত কৰিব আৰু তাৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহে শিক্ষা প্ৰযুক্তিৰ সৈতে খাপ খুৱাই তথাকথিত শৈক্ষিক পৰিৱেশ পৰিৱৰ্তন কৰিব লাগিব ৷ যদিও GenZ প্ৰযুক্তিগতভাৱে বিশেষজ্ঞ হ’ব তথাপি তেওঁলোকৰ বহুতৰে বিবেকবান, দায়িত্বশীল সংবাদমাধ্যমৰ উপভোক্তা হ’ব পৰাকৈ ডিজিটেল সাক্ষৰতাৰ দিশত দক্ষতাৰ অভাৱ৷ শিক্ষাত বৰ্তমান ডিজিটেল স্বাক্ষৰতাৰ অগ্ৰাধিকাৰ অত্যাৱশ্যকীয় হৈ পৰিছে৷ GenZৰ বাবে প্ৰযুক্তিগত সঁজুলিসমূহ অবিচ্চেদ্য আৰু শক্তিশালী হাথিয়াৰস্বৰূপ৷ শিক্ষাৰ্থীকেন্দ্ৰিক পৰিৱেশ আৰু পাঠ্যক্ৰম সৃষ্টি কৰাত আমি প্ৰযুক্তিগতভাৱে মনোনিৱেশ কৰাটো অতীব প্ৰয়োজন হৈ পৰিছে আৰু GenZ শিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু পছন্দ অনুসৰি¸ তেওঁলোকক সক্ৰীয় অংশগ্ৰহণকাৰীৰূপে পাঠগ্ৰহণত নিয়োজিত কৰিব লাগিব ৷
GenZ হৈছে ৱেৱ সন্ধানকাৰী৷ অৱশ্যে তেওঁলোকে ৱেৱ সন্ধান কৰি দৰকাৰী আৰু অতি দৰকাৰী তথ্যৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰে৷ অৰ্থাৎ কোনো এটা বিষয়ৰ তথ্য বিচাৰি ৱেৱ সন্ধান কৰিলে বিভিন্ন প্লেটফৰ্মত লাভ কৰা বিভিন্ন তথ্য পোৱা যায় আৰু জেন জিয়ে এই তথ্যসমূহৰ মাজৰ পৰা প্ৰকৃত তথ্যটো নিৰ্ণয় কৰি ল’ব নোৱাৰে তথা প্ৰশ্নৰ বিপৰীতে লাভ কৰা সকলো তথ্যই শুদ্ধ বুলি গণ্য কৰে৷ এতেকে শিক্ষণৰ সময়ত তেওঁলোকৰ আচৰণ আৰু পছন্দৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টি দানৰ প্ৰয়াস পৰিকল্পনা কৰিব পাৰে৷ শৈক্ষিক প্ৰযুক্তিৰ আশে-পাশে GenY আৰু GenZ -ৰ পছন্দৰ মাজত সাদৃশ্য আৰু পাথৰ্ক্য আছে৷ দুয়োটা প্ৰজন্মই স্বীকাৰ কৰে যে শিক্ষণ আৰু শিকন অভিজ্ঞতা বৃদ্ধিৰ বাবে প্ৰযুক্তি গুৰুত্বপূৰ্ণ ৷ কিন্তু GenZ প্ৰযুক্তিৰ লগত অতি স্বাভাৱিক সম্পৰ্ক ৷ নিতৌ প্ৰযুক্তিৰ লগতে উঠা বহা কৰা এই প্ৰজন্মটোৱে যিকোনো সিদ্ধান্ত গ্ৰহণত দেখুওৱা ক্ষীপ্ৰতা আৰু প্ৰযুক্তিৰ সৈতে অতিসংযুক্ত পৰায়ণ চাৰিত্ৰিক বৈশিষ্ট্যৰ ফলতেই নিয়মৰ কাষ্ট’মাইজকৰণ, প্ৰযুক্তিভিত্তিক শিক্ষণ আৰু শিকন কৌশলত ৰখা গভীৰ আস্থা স্থাপন কৰি আহিছে যদিও ই×ণ্টানেট সংযু্ক্ত পৃথিৱীত জন্ম গ্ৰহণ কৰা প্ৰথমটো প্ৰজন্ম হিচাপে এই ডিজিটেল নেটিভ প্ৰজন্মটোৱে অনিশ্চিত ভৱিষ্যতক লৈ ভয়ানক প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ বাধ্য হৈছে ৷
উচ্চ শিক্ষাৰ নিত্য পৰিৱৰ্তিত জগতখনৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰত GenZৰ এক সুকীয়া দৃষ্টিভঙ্গী থকাটো স্বাভাৱিক৷ পূৰ্ব প্ৰজন্মৰ তুলনাত জেন জিৰ শৈক্ষিক পৰিৱেশ অধিক জটিল আৰু বৈচিত্ৰ্যপূৰ্ণ ৷ অনলাইন পাঠ্যক্ৰম, নমনীয় শিক্ষণ কাঠামো আৰু বিশ্বব্যাপী সম্ভাৱনাৰ উপলব্ধতাৰ ফলত এই প্ৰজন্মই নিজৰ শিক্ষা পৰিকল্পনাক নিজৰ নিৰ্দিষ্ট লক্ষ্য আৰু উচ্ছাকাংক্ষাৰ লগত খাপ খুৱাবলৈ সক্ষম হৈছে৷ জেন জিয়ে সীমাবদ্ধতাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু কু-সংস্কাৰ বিৰোধী স্থিতি গ্ৰহণ কৰাৰ লগতে জেন জিৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ নেভিগেটিঙৰ সংগ্ৰাম কৰি আছে৷ প্ৰযুক্তিৰ উন্নতি, সমাজৰ প্ৰত্যাশাৰ পৰিৱৰ্তন, শিক্ষাৰ্থীৰ আশাৰ বিকাশ আৰু চাকৰিৰ বজাৰ বিকাশৰ লগে লগে জেন জি শিক্ষাৰ্থীসকলে উচ্ছ শিক্ষাৰ পথত আগবাঢ়ি যোৱাৰ সময়ত অনন্য সংগ্ৰামৰ সন্মুখীন হয় ৷
শৈক্ষিক প্ৰত্যাহ্বান আৰু সমস্যাঃ
বৰ্তমানৰ উচ্চ শিক্ষাৰ ৰেহৰূপ এটা দশকৰ পূৰ্বৰ তুলনাত ভালেমান ব্যৱধান দেখা যায়৷ বৰ্তমান সময়ত উচ্চ শিক্ষাৰ পৰিৱেশ সম্পূৰ্ণই সলনি হৈ পৰিল ৷ য’ত অনেক শিক্ষাৰ্থী আৰু শিক্ষাবিদে ভৱিষ্যতকলৈ উদ্বিগ্ন ৷ জেন জিৰ শিক্ষাৰ্থীয়ে এনে এক শৈক্ষিক পৃথিৱীত প্ৰৱেশ কৰিছে, য’ত অনলাইন শিক্ষা, দূৰৱৰ্তী শিক্ষা আৰু হাইব্ৰিড মডেল সাধাৰণ কথা হৈ পৰিছে ৷ পৰম্পৰাগত মডেলক ডিজিটেল প্লেটফৰ্ম, এম অ’ অ’ চি [ মেচিভ অপেন অনলাইন ক’ৰ্ছ] আৰু শৈক্ষিক এপছৰ দ্বাৰা প্ৰত্যাহাবান জনোৱা দেখা যায়৷ অনলাইন পাঠ্যক্ৰৰ বৃদ্ধি আৰু বিভিন্ন সামাজিক-আৰ্থিক পৃষ্ঠভূমিৰ শিক্ষাৰ্থীৰ বাবে ফলপ্ৰসু সুবিধাৰ লগতে মহাবিদ্যালয়ৰ পৰিসৰত বিবিধতা সম্বন্ধীয় চিন্তা বাবে বদ্ধমান সজাগ-সচেতনতাৰ লগত জেন জিৰ নতুন উৎসাহ লৈ কলেজলৈ আহে ৷
উচ্ছ শিক্ষাৰ ধাৰাবাহিক পৰিবৰ্তনৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এইটো আশ্চৰ্য নহয় যে, জেন জিৰ শিক্ষাৰ্থীয়ে শৈক্ষিক কেৰিয়াৰৰ আগবঢ়াই লৈ যাবৰ বাবে এক ব্যতিক্ৰম দৃষ্টিকোণ আগত ৰাখে ৷ পূৰ্বৰ প্ৰজন্মৰ তুলনাত এই প্ৰজন্মৰ বাবে শৈক্ষণিক জখলা অধিক জটিল আৰু বিবিধতাপূৰ্ণ ৷ অনলাইন পাঠ্যক্ৰমৰ উপলব্ধতা, লোভনীয় শিক্ষণ ৰূপৰেখাসমূহ আৰু বিশ্বব্যাপী সম্ভাৱনাসহ এই প্ৰজন্মই শিক্ষা যোজনাসমূহত নিজৰ বিশিষ্ট লক্ষ্য আৰু মহতাকাংক্ষাসমূহৰ অনুসাৰে অনুকূলন কৰিবৰ বাবে সক্ষম ৷ জেন জি উচ্চ শিক্ষাৰ বাবে নতুন পথ স্থাপিত কৰি পৰিধি আৰু বাধা ভাঙি আগুৱাই যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখে ৷
ঔদৌগিক প্ৰগতি, পৰিৱৰ্তিত সামাজিক স্থিতি, শিক্ষাৰ্থীৰ বদ্ধিৰ্ত প্ৰত্যাশা আৰু বিকশিত চাকৰিৰ বজাৰৰ লগত জেন জি শিক্ষাৰ্থীয়ে উচ্ছ শিক্ষা লাভৰ ক্ষেত্ৰত অদ্বিতীয় সংঘৰ্ষৰ সন্মুীন হ’বলগীয়া হয়৷ সেয়েহে জেন জিৰ বাবে উচ্ছ শিক্ষাৰ নতুন দৃষ্টিকোণক নেভিগেট কৰা সাধাৰণতঃ কঠিন হৈ পৰা দেখা যায়৷ প্ৰত্যাহ্বানসমূহ এনেধৰণৰঃ
ক] একাধিক প্ৰতিবদ্ধতা সন্তুলিত কৰাঃ
জেন জি শিক্ষাৰ্থীসকলে প্ৰায়ে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত নিজকে অনেক প্ৰতিবদ্ধকতাৰ সৈতে যুঁজ কৰিবলগীয়া হয় ৷ পূৰ্বৰ প্ৰজন্মৰ বিপৰীতে তেওঁলোকে শিক্ষাবিদ, অংশকালীন চাকৰি, ইন্টাৰ্নশ্বিপ আৰু পাঠ্যন্তৰ গতিবিধি আদি সন্তুলিত কৰিবৰ বাবে ব্যাপক হেঁচাৰ সন্মুখীন হ’বলগীয়া হয়৷ এনেধৰণৰ সন্তুলিত প্ৰতিবদ্ধসমূহে মানসিক চাপ, হিংসা ভাৱ বৃদ্ধিৰ লগতে আত্মযত্ন আৰু ব্যক্তিগত বিকাশৰ বাবে সময়ৰ অভাৱৰ সন্মুখীন হ’বলগীয়াত পৰে ৷ তেওঁলোকে জীৱনৰ সামঞ্জস্যপূৰ্ণ সন্তুলন বিচাৰিবৰ বাবে সংঘৰ্ষই তেওঁলোকৰ সমগ্ৰ কল্যাণ আৰু শৈক্ষিক প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পেলায় ৷
খ] আৰ্থিক বোজা আৰু শিক্ষাৰ্থী-ঋণঃ
উচ্চ শিক্ষাৰ বাবে ধাৰাবাহিক হাৰত খৰছৰ মাত্ৰা বাঢ়ি গৈছে ৷ যাৰ ফলত জেন জি শিক্ষাৰ্থীৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰ্থিক বোজা হৈ ধৰা দিছে ৷ অনেক শিক্ষাৰ্থীয়ে শিক্ষাথ¹-ঋণ পাবৰ বাবে কঠিন কাৰ্যৰ মুখামুখী হ’বলগীয়া হয় ৷ স্নাতক হোৱাৰ পৰত পৰ্যাপ্তপৰিমাণৰ ঋণৰ বোজা বহন কৰিবলগীয়া হয়গৈ ৷ শিক্ষাৰ্থী ঋণৰ বোজাৰ ভয় আৰু ভৱিষতে সংস্থাপন আদায়ৰ সম্ভাৱনাৰ চিন্তাই অধিক মানসিক চাপ আৰু চিন্তাত পেলায় দিয়ে ৷ আৰ্থিক বাধাই শৈক্ষিক সংসাধন, পাঠ্যন্তাৰ কাৰ্যক্ৰমণিকা তথা ব্যক্তিগত কেৰিয়াৰ বিকাশৰ পথত অগ্ৰসৰ হোৱাত বাধাৰ সৃষ্টি কৰে ৷
গ] অনিশ্চিত চাকৰিৰ বজাৰ আৰু কেৰিয়াৰৰ প্ৰস্তুতিঃ
জেনজিৰ শিক্ষাৰ্থীসকলে অপ্ৰত্যাশিত চাকৰিৰ বজাৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অনেক প্ৰত্যাহ্বানৰ মুখামুখী হ’বলগীয়া হয় ৷ প্ৰাযৌক্তিক আৰু স্ব-সঞ্চালন ব্যৱস্থাৰ তীব্ৰ প্ৰগতিয়ে ঔদ্যোগিক ক্ষেত্ৰখনকে সলাই পেলালে ৷ য’ত ভৱিষ্যতৰ কেৰিয়াৰৰ সম্ভাৱনাক অনিশ্চিত পৰিল ৷ অনেক শিক্ষাৰ্থীয়ে এই প্ৰশ্নটোৰে সৈতে যুঁজি থাকে যে, তেওঁলোকৰ নিৰ্বাচিত ডিগ্ৰী প্ৰগেমে তেওঁলোকক ব্যৱহাৰিক কেৰিয়াৰ ফালে লৈ যাব নে ! এই অনিশ্চিততা তেওঁলোকৰ শৈক্ষিক আৰু কেৰিয়াৰ নিৰ্বাচনত ভ্ৰম, সন্দেহ আৰু অস্পষ্টতাৰ কাৰক হৈ পৰা দোখা যায়।
মানসিক স্বাস্থ্য আৰু কল্যাণঃ
জেন জি শিক্ষাৰ্থীসকলৰ মাজত মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যা বৃদ্ধি পোৱা দেখা যায়৷ উচ্চ শিক্ষাৰ হেঁচা, সামাজিক প্ৰত্যাশা আৰু ব্যক্তিগত প্ৰত্যাহ্বান আদিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৷ চিন্তা, অৱসাদ আৰু নিঃসঙ্গবোধ উদয় হোৱাত বিদ্যায়তনিকভাৱে ধ্যান কেন্দ্ৰিত কৰা, সংলগ্ন কৰা আৰু সফল হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত মানসিক স্বাস্থ্য সংসাধনী আৰু সহায়ক প্ৰণালীসমূহৰ অভাৱৰ ফলতো এই সংঘৰ্ষ বৃদ্ধিত ভূমিকা গ্ৰহণ কৰিব পাৰে, এই কথাটোত আমি সচৰাচৰ গুৰুত্ব দিয়া নহয়।
অনলাইন শিক্ষণ আৰু প্ৰযুক্তিগত ভাৱে দক্ষতাঃ
অনলাইন শিক্ষণৰ হাৰ বৃদ্ধিৰ লগতে জেন জি শিক্ষাৰ্থীয়ে শিক্ষাৰ নতুন ধৰণ আৰু কাৰিকৰি দক্ষতা অৰ্জন কৰিব লাগিব ৷ জেন জি শিক্ষাৰ্থীসকলক ডিজিটেল নেটিভ বা টেক-চেভি বুলি কোৱা হয় যদিও অনলাইন বা মিশ্ৰিত শিক্ষণ বাতাবৰণত পৰিৱৰ্তন এতিয়াও প্ৰত্যাহ্বান হৈয়ে আছে ৷ কাৰিকৰি জটিলতা, বিশ্বসনীয় ইণ্টাৰনেটৰ সহজ উপলব্ধতাৰ অভাৱ তথা আত্ম-অনুশাসন আৰু সময় ব্যৱস্থাপনাৰ আৱশ্যকতাৰ দিশটো ওলাই কৰিলে তেওঁলোকৰ শিক্ষণৰ অনুভৱ আৰু বিদ্যায়তনিক পাৰদৰ্শিতাত বাধা অহাটো স্বাভাৱিক।
সফলতাৰ কৌশলঃ
উচ্চ শিক্ষাৰ নতুন পৰিপ্ৰেক্ষাক সফলতাপূৰ্বকভাৱে নেভিগেট কৰিবলৈ হলে জেন জি শিক্ষাৰ্থীয়ে অনেক ৰণনীতি গ্ৰহণ কৰিব লাগিবঃ
ক] ডিজিটেল সাক্ষৰতাৰ বিকাশ সাধনঃ
অনলাইন শিক্ষণ প্লেটফৰ্ম, ডিজিটেল সাঁ-সৰঞ্জাম আৰু তথ্য-বিশ্লেষণত দক্ষতা বিকাশ কৰিবৰ বাবে সময় দিব লাগিব ৷ কাৰিকৰি কৌশল বৃদ্ধি বাবে শিক্ষকৰ দ্বাৰা শৈক্ষিক সম্পদ, টিউটৰিয়েল তথা অন্য সহায় আদায় কৰিব লাগিব ৷
খ] নমনীয়তা আৰু অনুকুলনশীলতাঃ
নতুন শিক্ষণ মডেল আৰু দৃষ্টিকোণৰ বাবে উৎসুক হৈ পৰাৰ লগতে গতিশীল চাকৰিৰ বজাৰত ব্যৱহাৰিক অনুভৱ আৰু অনুকুলনশীতা দখল কৰিবৰ বাবে মিশ্ৰিত শিকন সুবিধা আৰু ইণ্টাৰ্ণশ্বিপ আৰু সহ-পাঠ্যক্ৰম কাৰ্যক্ৰমৰ সুবিধা আদায় কৰা ৷
গ] পৰ্যবেক্ষণ আৰু নেটৱৰ্কিঙৰ সন্ধানঃ
নিজৰ ৰুচিৰ ক্ষেত্ৰখনৰ বাবে বিশেষজ্ঞ, অধ্যাপক আৰু পেছাদাৰীসকলৰ সৈতে সংযোগ ৰাখিব লাগে ৷ উদ্যোগ আৰু কেৰিয়াৰৰ পথত অন্তদৃষ্টি লাভ কৰিবলৈও মাগদৰ্শন কৰা আৰু অনুভৱৰ দ্বাৰ শিকণ কৌশল আয়ত্ত কৰিব লাগিব।
ঘ] আন্তঃ বিষয়ৰ অধ্যয়নঃ
এক সৰ্বাঙ্গীন কৌশল ছেট বিকশিত কৰিবৰ বাবে অধ্যয়নৰ বিবিধ ক্ষেত্ৰ সংযোজন কৰিব লাগিব ৷ এই আন্তঃবিষয়ৰ দৃষ্টিকোণে আলোচনাত্মক চিন্তা আৰু সমস্যা সমাধান ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব।
ঙ) চফ্ট স্কিল বিকাশৰ অগ্ৰাধিকাৰ প্ৰদানঃ
যোগাযোগ, সহযোগ, অনুকুলশীলতা আৰু সমালোচনাত্মক চিন্তা আদিৰ দৰে কৌশল বিকাশ কৰা ৷
সমস্যাঃ
জেন জিয়ে উচ্চ শিক্ষা গ্ৰহণৰ সময়ত একাধিক প্ৰতিশ্ৰুতিৰ সৈতে সহাৱস্থান কৰা দেখা যায় ৷ পূৰ্বৰ প্ৰজন্মৰ তুলনাত তেওঁলোকে শৈক্ষিক, অংশকালীন চাকৰি, ইণ্টাৰ্ণশ্বিপ আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কামকাজৰ মাজত ভৰসাম্য ৰক্ষা কৰিবলৈ বৰ্ধিত হেঁচা প্ৰয়োগ কৰে ৷ এই সূক্ষ্ম ভাৰসাম্যৰ ফলত মানসিক চাপ, বাৰ্নআউট, আত্ম-যত্ন আৰু ব্যক্তিগত কেৰিয়াৰৰ বাবে সময়ৰ অভাৱ হ’ব পাৰে৷ জীৱনত এক সুষম ভাৰসাম্য বিচাৰি উলিওৱাৰ সংঘাতে তেওঁলোকৰ সামগ্ৰিক কল্যাণ আৰু শৈক্ষিক পাৰদৰ্শিতা প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ দ্বিতীয়তে, আৰ্থিক বোজা তথা¸ উচ্ছ শিক্ষাৰ খৰচ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ ফলত জেন জি শিক্ষাৰ্থীসকলৰ যথেষ্ঠ আৰ্থিক বোজাৰ সন্মুখীন হ’বলৈ বাধ্য হোৱাৰ লগতে ঋণৰ বোজাৰ ভয় আৰু ভৱিষ্যতে চাকৰিৰ অনিশ্চয়তাৰ চিন্তাই অতিৰিক্ত মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰে৷ আৰ্থিক বাধাই শৈক্ষিক সম্পদ, পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ আৰু ব্যক্তিগত আৰু পেছাদাৰী মানসিকতা বৃদ্ধিৰ সুযোগৰ সুবিধা সীমিত কৰাৰ আশংকা হয় ৷
সংস্থাপনৰ অনিশ্চয়তা আৰু কেৰিয়াৰ বাচনিৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ জেন জিৰ শিক্ষাৰ্থীসকলে অভাৱনীয় চাকৰিৰ বজাৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেই৷ প্ৰযুক্তি আৰু স্বয়ংক্ৰিয়কৰণৰ দ্ৰুত উন্নতিয়ে উদ্যোগসমূহক ৰূপান্তৰিত কৰিছে যদিও ভৱিষ্যতৰ কেৰিয়াৰৰ সম্ভাৱনাৰ চাৰিওফালে অনিশ্চয়তাৰ সৃষ্টি কৰিছে ৷ বহু শিক্ষাৰ্থীয়ে এই প্ৰশ্নৰ সৈতে যুঁজি থাকে যে তেওঁলোকৰ নিৰ্বিাচিত ডিগ্ৰী প্ৰগেমে কাৰ্যক্ষম কেৰিয়াৰ পথৰ সূচনা কৰিবনে? এই অনিশ্চয়তাই তেওঁলোকৰ শৈক্ষিক আৰু কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত বিভ্ৰান্তি, সন্দেহ আৰু স্পষ্টতাৰ অভাৱৰ সৃষ্টি কৰিব পাৰে ৷ এই প্ৰসঙ্গতে জেন জি শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু সুস্থতাৰ কথাও উনুকিয়াব লাগিব ৷ উচ্চ শিক্ষাৰ হেঁচা, সমাজৰ আশা আৰু ব্যক্তিগত প্ৰত্যাহ্বানৰ সৈতে সংযুক্ত হৈ তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলাব পাৰে ৷ উদ্বেগ, হতাশা আৰু বিচ্চিন্নতাবোেধে তেওঁলোকৰ মনোযোগত ব্যাঘাত জন্মোৱাত¸ শৈক্ষিকভাৱে সফল হোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ শিক্ষানুষ্ঠানসমূহত মানসিক স্বাস্থ্যৰ সম্পদৰ সুবিধা তথা¸ সহায়ক ব্যৱস্থাৰ অভাৱে এই সংগ্ৰামসমূহ অধিক ভয়াৱহ কৰি তোলে ৷
সেইদৰে অনলাইন শিক্ষাৰ উত্থানৰ লগে লগে জেন জি শিক্ষাৰ্থীসকলে নতুন শিক্ষাৰ ধৰণ আৰু প্ৰযুক্তিগত মঞ্চৰ সৈতে খাপ খাব লাগিব ৷ বহু জেন জি শিক্ষাৰ্থীক ডিজিটেল নেটিভ বা টেক-চেভি বুলি গণ্য কৰা হয় যদিও সম্পূৰ্ণ অনলাইন বা মিশ্ৰিত শিক্ষণ পৰিৱেশত তেওঁলোকে প্ৰত্যাহ্বানৰ মুখামুখী হোৱা দেখা যায়৷ কাৰিকৰি অসুবিধা, নিৰ্ভৰযোগ্য ইণ্টাৰনেটৰ অভাৱ, আত্ম-অনুশাসন আৰু সময় ব্যৱস্থাপনাৰ অভাৱৰ ফলত তেওঁলোকৰ শিক্ষণ অভিজ্ঞতা আৰু শৈক্ষিক পাৰদৰ্শিতা প্ৰদৰ্শনত বাধাৰ সৃষ্টি কৰিব পাৰে ৷
জেন জিৰ পিছতে জেন আলফা প্ৰজন্মৰ শিক্ষাৰ্থীয়েও দুৰ্ভোগ নুভুগাকৈ নাথাকিব, যদিহে সময়ৰ শৰ সময়ত এৰিবলৈ শিক্ষানুষ্ঠান আৰু অভিভাৱক শ্ৰেণীটো সষ্টম হৈ নুঠে ।
GenA-ৰ ভৱিষ্যৎ আৰু সম্ভাৱনাঃ
২০১০-২০২৪ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্মটোক অষ্ট্ৰেলিয়াৰ কনছাল্টেন্সি ফাৰ্ম ৰিচাছৰ প্ৰতিষ্ঠাপক মাৰ্ক মেকক্ৰিণ্ডেলে ‘দ্য এবিচি অৱ এক্স ৱাই জেডঃ আণ্ডাৰষ্টেদিং দ্য গ্লবেল জেনেৰেশ্যন’ শীৰ্ষক গ্ৰন্থত ‘জেনেৰেশ্যেন আলফা’ নামেৰে অভিহিত কৰিছিল ৷ বিশ্বজুৰি অনুমান কৰা হৈছে যে প্ৰতি সপ্তাহত জেনেৰেশ্যন আলফাৰ ২৮ লাখতকৈও অধিক সদস্যৰ জন্ম গ্ৰহণ কৰিছে আৰু ২০২৫ চনৰ ভিতৰত তেওঁলোকৰ সংখ্যা হ’বগৈ ২ বিলিয়নতৈও অধিক ৷ যিহেতু জেনেৰেশ্যন আলফা সদস্যকল এতিয়াও শিশু, সেয়েহে তেওঁলোকৰ পিতৃ-মাতৃ তথা মিলেনিয়ামৰ প্ৰভাৱত আছে ৷ জেনেৰেশ্যন আলফা সৰুৰে পৰাই দূৰৱৰ্তী শ্ৰেণীকোঠা, টেবলেট কম্পিউটাৰ আৰু সৰ্বব্যাপী ষ্ট্ৰীমিং সেৱাৰ অভিজ্ঞতা লাভ কৰা প্ৰথমটো প্ৰজন্ম ৷ ছিৰি বা এলেক্সাৰ দৰে ভয়েচ্ এছিষ্টেণ্ট আৰু চিজিপিটিৰ দৰে প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ সঁজুলিৰ জৰিয়তেও কৃত্ৰিম বুদ্ধিমত্তাৰ [এআই] আশ্ৰয় গ্ৰহণৰদ্বাৰাও তেওঁলোক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে৷
জেনেৰেশ্যন আলফাৰ আচৰণ, মনোভাৱ, অভ্যাসত আন যিকোনো প্ৰজন্মৰ তুলনাত ক’ভিড-১৯ মহামাৰীৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ একাংশ গৱেষকে জেনেৰেশ্যন আলফাক জেন চি বা জেনেৰেশ্যন ক’ভিড নামেৰেও অভিহিত কৰিব খোজে ৷ মহামাৰীয়ে জেনেৰেশ্যন আলফাক প্ৰভাৱিত কৰা প্ৰযুক্তিৰ বৰ্তমানৰ ধাৰাসমূহক ত্বৰান্বিত কৰি তুলিছিল ৷ বিশেষকৈ ঔদৌগিক দেশসমূহত ভিডিঅ’ কল, সভা, দূৰৱৰ্তী শ্ৰেণীকোঠাৰ পৰিৱেশৰ ব্যৱহাৰৰ জৰিয়তে অধিক ডিজিটেল যোগাযোগক উৎসাহিত কৰিছিল ৷
জেনেৰেশ্যন আলফাই সামাজিক-মাধ্যমৰ এক উত্কট বস্তুবাদী সংস্কৃতিৰ জন্ম দিছে ৷ এতিয়ালৈকে আটাইতকৈ বস্তুগতভাৱে সমৃদ্ধ প্ৰজন্ম হিচাপে জেনেৰেশ্যন আলফা প্ৰযুক্তিগতভাৱে সচেতন প্ৰজন্ম আৰু তেওঁলোকৰ পূৰ্বৰ যিকোনো প্ৰজন্মতকৈ অধিক আয়ুস উপভোগ কৰিব বুলিও গৱেষকসকলে বৈজ্ঞানিক অনুমান কৰিছে । জেনেৰেশ্যন আলফা এনে এটা সময়ত জন্ম যি সময়ত আইপেড্ মুকলি কৰা হৈছিল, ইনষ্ট্ৰাগ্ৰাম সৃষ্টি কৰা হৈছিল ৷ এপ্ছৰ ব্যৱহাৰৰ পৰিৱেশ আহি পৰাৰ লগে লগেই জন্মৰ প্ৰথম বছৰ পৰাই তেওঁলোক ¦স্ক্ৰীণেজাৰ হৈ পৰিছে ৷
আলফা প্ৰজন্মটো নতুন প্ৰযুক্তিৰ সৈতে হাইপাৰকানেক্টটেড, নতুন প্ৰযুক্তিৰ প্ৰতি তেওঁলোকৰ মনোযোগ ইমানেই তীব্ৰ যে ই এক জীৱনশৈলীত পৰিণত হৈ পৰিছে৷ সিদ্ধান্ত গ্ৰহণ আৰু ডিজিটেল উপকৰণসমূহ পৰিচালনাৰ ক্ষেত্ৰত তেওঁলোক স্বাধীন আৰু ভিডিঅ’ তেওঁলোকৰ পছন্দৰ ফৰ্মেট ৷ আলফা প্ৰজন্মৰ শিশুৰ জন্ম এনে এটা সময়ত হৈছে যেতিয়া প্ৰযুক্তিগত সাঁ-সঁজুলিসমূহ স্মাৰ্ট হৈ অহাত প্ৰযুক্তিৰ সৈতে তেওঁলোকৰ সকলো অভিজ্ঞতা আৰু মনোভাৱ সংযুক্ত হৈ পৰিছে ৷ অৱশ্যে স্নায়ুবিজ্ঞানীসকলে আঙুলিয়াই দিছে যে ইয়াৰ বহুতো ইতিবাচক আৰু নেতিবাচক পৰিণতিও আছে ৷
মনোযোগৰ ক্ষমতা আৰু একাগ্ৰতা হ্ৰাস পাই অহাৰ লগতে একেলগে কেইবাখনো স্ক্ৰীণ ব্যৱহাৰ কৰি তথ্য দ্ৰুতভাৱে স্কেন কৰাত অভ্যস্ত হৈ পৰিছে ৷ সেয়েহে তেওঁলোকৰ মনোযোগৰ ক্ষমতা আৰু একাগ্ৰতা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ সামাজিক যোগাযোগৰ বিপৰীতে দিনটোৰ বেছিভাগ সময় ঘৰৰ ভিতৰত বা¸ বাহিৰত অনলাইনত কটোৱাৰ বাবে অধিক পৰম্পৰাগত শিক্ষণ, আৰু শিকন কৌশলৰ প্ৰতি অনীহা, খেলা আৰু সামাজিকভাৱে মিলা মিচা কৰাৰ বাবে সময় হ্ৰাস পাই আহিছে ৷ আচলতে সামাজিকীকৰণৰ বহুখিনি ছ’চিয়েল নেটৱৰ্কলৈ স্থানান্তৰিত হয়৷ সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰ বিকাশ কম ৷ মনোবিজ্ঞানী জিন এম টুৱেঞ্জে তেওঁৰ ‘আইজেন’ নামৰ কিতাপত কৈছে যে, স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ উত্থান আৰু আজিৰ যুৱক-যুৱতীসকলৰ হতাশা আৰু নিঃসংগতা বৃদ্ধিৰ মাজত এক সম্পৰ্ক আছে ৷
আলফা প্ৰজন্মক নতুন প্ৰযুক্তি আৰু সামাজিক নেটৱৰ্কৰদ্বাৰা গভীৰভাৱে প্ৰভাৱ পেলোৱা এটা প্ৰজন্ম হিচাপে চিনাক্ত কৰা হৈছে ৷ যিটো প্ৰজন্মৰ ভৱিষ্যত দ্ৰুত ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ চাকনৈয়াত অধিক অনিশ্চিত ৷
আমি শিক্ষক-অভিভাৱক শ্ৰেণীটোৱে এই প্ৰজন্ম দুটাৰ অনিশ্চিত ভৱিষ্যতক সুস্থিৰতা প্ৰদানৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিছোঁ, এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হাতত নাই । আমি মাথো কোনোবাই ইয়াৰ এটা উত্তৰ সৃষ্টি কৰিব, এই আশাত হাত সাবটি থাকিলো । অভিভাৱক প্ৰজন্ম হিচােপ উত্তৰ-প্ৰজন্মৰ প্ৰতি আমি এনেকৈয়ে দায় হাৰিম নে !
Meet our Editor
Professional Roles:
Assistant Professor, UMK College, Majuli
Researcher, Writer & Web Designer
Academic Contributions
Book Authored
1. "দেৱদাসী প্ৰথা:উৎপত্তিসূত্ৰ আৰু ইতিহাস"
(The Origin and History of Temple Slave)
- This book provides a comprehensive analysis of the historical and cultural origins of the Devadasi system, shedding light on its development and impact on society.
2. "মূৰ্তি-বিজ্ঞান"
(Iconography and Iconometry)
- This work delves into the study of icons, focusing on their symbolism and measurements, contributing significantly to the fields of Indian Iconology and Iconography.
Books in Press
1. "নামঘৰ-স্থাপত্যৰ কলা বিচাৰ"
(The Art and Architecture of Namghar)
- This book focuses on the architectural and artistic aspects of Namghars, the traditional prayer halls in Assam, highlighting their cultural and historical significance.
2. "কথাঃ হে কলা যৱনিকা"
(Katha: He Kala Yavanika)
- A creative narrative that showcases Dr. Borah's storytelling skills and cultural insights.
Research Publications
Dr. Borah has numerous major research articles published in reputed journals. His research covers various aspects of religion, society, and culture of Assam, with specific emphasis on: Indian Iconology, Iconography,Iconometry
Artistic Contributions
- Sculpting: Dr. Borah's sculptures integrate cultural and historical themes, reflecting his deep understanding of Assamese heritage and his artistic skill.
- Painting:His interest in painting adds another dimension to his artistic work.
Personal Interests
-Creative Writing: In addition to his academic and artistic endeavors, Dr. Borah is passionate about creative writing, often expressing his cultural knowledge and research findings through narrative forms.
Summary
Dr. Anupam Borah is a distinguished academic and artist dedicated to preserving and promoting the cultural heritage of Assam. Through his extensive research, numerous publications, and artistic creations, he has made significant contributions to understanding and appreciating Assamese culture and history. His work, spanning from academic studies to creative and visual arts, continues to inspire and educate a broad audience.